আগকথা আমাৰ দেশ ভাৰতবৰ্ষৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ১৭শতাংশ৷ তাৰে ক্ৰনিক কিডনিৰ ৰোগীৰ সংখ্যা কিমান তাৰ সঠিক পৰিসংখ্যা কবলৈ টান৷ কিন্তু সমগ্ৰ বিশ্বতে ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাৰ ফলত ক্ৰনিক কিডনিৰ ৰোগীৰ (প্ৰচলিত চমু মেডিকেল নামাকৰণ হ'ল CKD) সংখ্যা আমাৰ দেশতো ভয়াবহভাবে বৃদ্ধি পাব ধৰিছে৷ ২০১০চনৰ এক সমীক্ষামতে বিলাতত ৬শতাংশ পুৰুষ আৰু ৭শতাংশ মহিলা হ'ল কিডনিৰ ৰোগী৷ আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ কিডনিৰ অসুখৰ ভুক্তভোগী৷ একেদৰেই অষ্ট্ৰেলিয়া মহাদেশতো প্ৰতি ১০জন নাগৰিকৰ এজন হ'ল কিডনিৰ ৰোগী৷ ২০১৬চনৰ আগষ্ট মাহত প্ৰকাশিত এক বাতৰিমতে বিগত দেড়টা দশকত ভাৰতবৰ্ষত কিডনি ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ ইণ্ডিয়ান মেডিকেল এচচিয়েচনৰ বিশেষজ্ঞই অৱগত কৰোৱামতে আমাৰ দেশত বৰ্তমান প্ৰতি এশজনৰ ভিতৰত ১৭জনেই কিডনিৰ অসুখৰ ৰোগী৷ এই পৰিপেক্ষিতত কিডনি ৰোগীৰ পথ্য আৰু কুপথ্যৰ বিষয়ে এটি আলোচনা আগবঢ়ালোঁ৷ কিয়নো মহাত্মা গান্ধীয়েই কৈ গৈছিল-স্বাস্থ্যই পৰম ধন৷ কিডনি, মূত্ৰ-প্ৰণালী (Urinary system) আৰু ইয়াৰ ক্ৰিয়াকলাপ : - কিডনি হ'ল মানৱ দেহৰ এক অতি লাগতিয়াল অংগ৷ প্ৰত্যেক মানুহৰে দুটাকৈ কিডনি থাকে৷ প্ৰতিটোৰ আকৃতি দেখিবলৈ বীনৰ দৰে আৰু ই দীঘলে ১০ৰ পৰা ১২চেন্টিমিটাৰ আৰু বহলে ৫ৰ পৰা ৭চেন্টিমিটাৰ আকাৰৰ হয়৷ এজন প্ৰাপ্তবয়স্ক লোকৰ একোটা কিডনিৰ ওজন প্ৰায় ১৬০গ্ৰাম - অৰ্থাৎ একোটা কিডনি হাতৰ মুঠিটোৰ সমান হব৷ কিডনিৰ অৱস্থান হ'ল পেটৰ গহ্বৰত দুয়ো পিনে কামিহাঁড় আৰু ডায়েফ্ৰামৰ তলত৷ সোঁফালৰ কিডনিৰ আকাৰ বাওঁফালৰ কিডনিৰ তুলনাত সামান্য সৰু৷ কিয়নো সোঁপিনে শৰীৰৰ আন এক লাগতিয়াল অংগ লিভাৰে ভালেখিনি ঠাই আৱৰি থাকে৷ কিডনিৰ আৱৰণি কেপচুলে কিডনিক সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে৷ কিডনিৰ ভিতৰৰ অংশ কৰ্টেস্ক আৰু মেডুলা দুটা ভাগত বিভক্ত৷ প্ৰতিটো কিডনিত এক নিযুতকৈ ক্ষুদ্ৰাকৃতিৰ ফিল্টাৰ থাকে সেইবিলাকক নেফ্ৰন (Nephron) বুলে৷ নেফ্ৰনৰ এটা অংশ হ'ল গ্লমেৰুলাচ (Glomerulus) আৰু আনটো Bowman's capsule ৷ নেফ্ৰনৰ কাম হ'ল শৰীৰৰ তেজক পৰিশোধন (ফিল্টাৰ) কৰা যাৰ দ্বাৰা শৰীৰত লাগতিয়াল তত্বসমূহ ৰৈ যায় আৰু অপ্ৰয়োজনীয় পদাৰ্থসমূহ (যেনে ইউৰিয়া, ক্ৰিয়েটিনিন,ইউৰিক এচিড) মূত্ৰৰ মাধ্যমত বাহিৰ হৈ যায়৷ এইদৰে ২৪ঘন্টাত দেড়ৰ পৰা দুই লিটাৰ প্ৰসাব নিৰ্গত হয়৷ একোডালকৈ ইউৰেটাৰ (Ureter) নামক নলী প্ৰতিটো কিডনিৰ লগত সংলগ্নহৈ থাকে আৰু ইউৰেটাৰ আহি মূত্ৰাশয়ৰ (Urinary Bladder) সৈতে যোগ হয়৷ মূত্ৰাশয়ৰ পৰা ইউৰেথ্ৰা(Urethra) নামক নলীয়েদি প্ৰসাব শৰীৰৰ বাহিৰ হয়৷ কিডনিয়ে আমাৰ শৰীৰৰ তেজৰ আয়তন আৰু ৰক্তচাপ সুস্থিৰভাবে নিয়ন্ত্ৰিত কৰি ৰাখে৷ লাগতিয়াল খনিজসমূহ যেনে চ'ডিয়াম,প'টেচিয়াম, ক্লৰাইড, কেলচিয়াম, মেগনেচিয়াম, ফচফ'ৰাচ,বাইকাৰ্বোনেট আদি সন্তুলিত পৰিমানত ৰখাত সহায় কৰে৷ তেজৰ স্বাভাবিক পিএইচ (Ph) ৭.৪ কিডনিয়েই নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিডনিয়ে ভিটামিন-ডি আৰু কেইবাবিধো হৰমোন উৎপন্ন কৰে৷ সেইকেইটা হ'ল -এৰিথ্ৰপ'য়েটিন (Erythropoietin), কেলচিট্ৰায়ল (Calcitriol) আৰু ৰেনিন (Renin)৷ এৰিথ্ৰপ'য়েটিন হৰমোনে হাঁড়ৰ মজ্জাৰ পৰা তেজৰ ৰক্তকণিকা নিৰ্মাণত উদগণি যোগায়৷ কেলচিট্ৰায়ল হ'ল ষ্টেৰয়েড হৰমোন আৰু ভিটামিন-ডিৰ সক্ৰিয় ৰূপ৷ হাঁড়ৰ কেলচিয়াম,ফচফৰাচ আদিৰ নিয়ন্ত্ৰণৰ বাবে ই প্ৰয়োজনীয়৷ ৰেনিনে লিভাৰৰ পৰা নিৰ্গত হোৱা এনজিয়টেনচিনজেৰ (angiotensinogen) লগ লাগি Angiotensin-II বনায় যাৰ দ্বাৰা তেজৰ নলীৰ সংকোচন হয় আৰু ফলত ৰক্তচাপ বাঢ়ে৷ কিডনিৰ অসুখ উৎপন্ন হোৱাৰ কেইটিমান উল্লেখযোগ্য কাৰক - ডায়েবেটিজ ৰোগ : নিৰন্তৰ তেজৰ উচ্চ চুগাৰে কৰা কিডনিৰ ক্ষতিৰ ফলত শৰীৰত পানী আৰু পেলনীয় পদাৰ্থ জমা হয় যাক ডায়েবেটিক নেফ্ৰপেথি (Diabetic Nephropathy) বুলি কয়৷ উচ্চ ৰক্তচাপ : কিডনিৰ ৰোগ আৰু উচ্চ ৰক্তচাপ(Hypertension/ HTN) এই দুয়োটা যেন একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি৷ ৰক্তচাপ যিমানে অনিয়ন্ত্ৰিতহৈ বাঢ়িব সিমানেই কিডনিৰ ৰোগ বেয়ালৈ অৱনমিত হব৷ বংশগতি বা জেনিটিক কাৰণ : ইয়াৰ এক উদাহৰণ হ'ল পলিচিষ্টিক কিডনি ডিজিজ৷ আকৌ ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ পৰিয়ালৰ কেইবাজনৰো একে সময়তে থকা দেখা যায়৷ লাইফষ্টাইলৰ প্ৰভাৱত: মেদবহুলতা,আলস্যভৰা জীৱন আদিৰ অন্তিম গন্তব্যস্থান হ'ল ক্ৰনিক কিডনি ডিজিজ৷ মদ্যপান : এলক'হলৰ কুপ্ৰভাৱত কিডনিৰ ফিল্টাৰ কৰাৰ ক্ষমতা হ্ৰাস পায়৷ ধূম্ৰপান : ধূম্ৰপানে কিডনিৰ ক্ষতিসাধন কৰে৷ এই ক্ষতি তীব্ৰতৰ হয় যদি একে সময়তে ডায়েবেটিজ বা উচ্চ ৰক্তচাপ ৰোগীজনৰ থাকে৷ শাৰীৰিক নিস্ক্ৰিয়তাৰ পৰিণাম : শৰীৰ ভালে ৰাখিবলৈ প্ৰতিজন লোকে সপ্তাহত ৬দিন নিতৌ ৩০৷৪০মিনিট সময় ব্যায়াম কৰিব লাগে৷ অৱশ্যে যি সকল লোকৰ তেজত ক্ৰিয়েটিনিনৰ পৰিমান বেচি,তেনেলোকে কঠোৰ শাৰীৰিক কছৰৎ কৰা অনুচিত৷ শাৰীৰিক আলস্যই কিডনি, হৃদয় আৰু শৰীৰৰ আন লাগতিয়াল অংগৰ বিজুতি ঘটাব পাৰে৷ জাংক ফুডৰ আধিক্য : জাংক ফুডে শৰীৰক কিডনিৰ অসুখ আৰু ডায়েবেটিজ ৰোগলৈ ঠেলি দিয়ে বুলি এক সদ্য প্ৰকাশিত চিকিৎসা বাৰ্তাত কোৱা হৈছে৷ অতিমাত্ৰা কেফেইনৰ প্ৰভাৱ : শৰীৰ ভালে ৰাখিবলৈ হলে দিনটোত সৰ্বোচ্চ ৩পিয়লা চাহ নাইবা ২পিয়লা কফিৰ সীমা অতিক্ৰম নকৰিব৷ নিদ্ৰাহীনতাৰ পৰিনাম (অৰ্থাৎ নিয়মিয়াকৈ বেচি টোপনি ক্ষতিৰ অপকাৰিতা) : আমাৰ শৰীৰক অন্তত: ৭ ঘন্টাৰ ৰাত্ৰিনিদ্ৰাৰ প্ৰয়োজন। কৃত্ৰিম মিঠাস্বাদ (Artificial sweetner) গ্ৰহণ : নানা বিধ এনে পদাৰ্থ যেনে Saccharin, Aspartame (Sweet'N Low), Sucralose (Splenda) আদিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়ায়৷ ডায়েবেটিজ, হৃদৰোগ,উচ্চ ৰক্তচাপ আৰু কিডনিৰ অসুখ কৰিব পাৰে৷ অতিমাত্ৰা মাংসাহাৰী খাদ্যৰ প্ৰভাৱ : চিংগাপুৰৰ পৰা অলপতে প্ৰকাশিত মেডিকেল বুলেটিন মতে ৰঙা মাংস (যেনে পৰ্ক,বিফ) কিডনিৰ ৰোগৰ কাৰক হব পাৰে৷ খাদ্যত এনে মাংসৰ পৰিমান যিমানে বেচি হব,ৰোগৰ সম্ভাৱনাও সিমানে বেচি হব৷ ২০১৫চনত বিশ্ব স্বাস্থ্য সংস্থাই জনোৱামতে বেচি উত্তাপত সিজোৱা ৰঙা মাংস কিডনিৰ আৰু আন অংগৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে৷ উচিত মাত্ৰাত দৈনিক পানী গ্ৰহণ নকৰাৰ ফল : শৰীৰ স্বস্থ্য ৰাখিবলৈ ২৪ঘন্টাত আমি নিয়মিত খাবলগীয়া পানীৰ পৰিমান হ'ল: পুৰুষে ১৫কাপ (৩.৭লিটাৰ) আৰু মহিলাই ১১কাপ (২.৭লিটাৰ)৷ কম পানী খালে কিডনিৰ ক্ষতিসাধন হয় আকৌ জোখতকৈ বেচি পানী নিয়মিত খালেও কামৰ অভাৰলোডৰ কুপ্ৰভাৱ কিডনিৰ ওপৰত পৰে৷ ভিটামিন বি গোট আৰু ভিটামিন-ডিৰ অভাৱৰ পৰিনাম স্বৰূপে কিডনি অস্বস্থ হব পাৰে৷ স্বাস্থ্যৰ প্ৰতি অৱহেলা – যেনে প্ৰসাবৰ সংক্ৰমণ বা কিডনিৰ পাথৰ ধৰা পৰাৰ পিছতো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰা৷ যধেমধে যি কোনো দৰব বিশেষকৈ বিষহাৰক দৰব, এন্টিবায়টিক আদি সঘনাই সেৱন কৰাৰ কুপৰিনাম হবগৈ পাৰে কিডনিৰ ৰোগ৷ শেহতীয়াকৈ প্ৰকাশিত বৈজ্ঞানিক তথ্যমতে আজিকালি সঘনাই ব্যৱহৃত হোৱা এচিডিটি কমোৱা দৰব অমিপ্ৰাজল,পেন্টপ্ৰাজল আদিয়ে কিডনিৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা ৰাখে৷ প্ৰদূষিত বাতাবৰণৰ প্ৰভাৱ : কিডনিৰ ওপৰত দূষিত বায়ু,জল আৰু মাটিৰ প্ৰভাৱ অৱশ্যই পৰে৷ মাৰকিউৰি, লিড, আৰ্চেনিক, কেডমিয়াম আদি ধাতু, পেষ্টিচাইড আদি ৰাসায়নিকৰ কুপ্ৰভাৱত হাওঁফাওঁৰ ৰোগ, হৃদৰোগ, কৰ্কট ৰোগ আদিৰ ওপৰিও ক্ৰনিক কিডনিৰ ৰোগ হব পাৰে৷ কিডনি অস্বস্থ হৈছে বুলি কেনেকৈ জানিব? কিছুমান বিপদ সংকেতলৈ লক্ষ্য ৰাখক (পিছে দূৰ্ভাগ্যৰ কথা কিডনিৰ ক্ষতিসাধন হোৱাৰ বেচ পিছতহে এই লক্ষণসমূহ চকুত পৰে৷): প্ৰসাবৰ ক্ষেত্ৰত চকু দিবলগীয়া - সঘনাই কিন্তু কম পৰিমানত প্ৰসাব হোৱা৷ বিশেষকৈ নিশাৰ ভাগত৷ প্ৰসাব কৰোতে কষ্ট বা বিষ অনুভৱ কৰা৷ প্ৰসাবৰ ৰং সলনি হোৱা৷ প্ৰসাবত তেজ যোৱা৷ প্ৰসাবত ফেন পৰা৷ ভৰি-হাত-মুখমণ্ডল বা শৰীৰ ফুলিব ধৰা (Oedema)। এনিমিয়া,শাৰীৰিক দূৰ্বলতা, অলপতে ক্লান্তিবোধ হোৱা। ছালত সঘন খজুৱতি। মুখৰ দূৰ্গন্ধ, খাদ্যৰ অৰুচি। ওকালি আৰু বমি। ৰক্তচাপ বাঢ়ি যোৱা। গাঁঠিৰ বিষ, কঁকালৰ বিষ। ঠাণ্ডাৰ বেচি অনুভৱ হোৱা(ৰক্তকণিকা কমি যোৱাৰ বাবে)। নিশ্বাসত কষ্ট অনুভৱ হোৱা (অক্সিজেন হ্ৰাস পোৱাৰ বাবে)। বুকুৰ বিষ। টোপনি কম অহা। মগজুৰ তীক্ষ্ণতা হ্ৰাস পোৱা। মাংসপেশীৰ বিষ হোৱা। কিডনিৰ অসুখক সোনকালে চিনাক্ত কৰাৰ অতীব প্ৰয়োজন৷ অন্যথাই এটা সময়ত সহজে চিকিৎসাধীন ৰোগ ক্ৰনিক কিডনি ৰোগলৈ ৰূপান্তৰিত হবগৈ পাৰে৷ Glomerular filtration rate (GFR) নামক পৰীক্ষা কৰি কিডনিৰ সক্ৰিয়তা অনুধাৱন কৰিব পাৰি৷ আকৌ প্ৰসাবত সকলো সময়তে প্ৰটিন নিৰ্গত হোৱাটোৱে ক্ৰনিক কিডনি ৰোগ সূচায়৷ GFR গণনা কৰিবৰ বাবে তেজৰ ক্ৰিয়েটিনিনৰ পৰিমান, ৰোগীৰ বয়স, উচ্চতা আৰু লিংগ জনাৰ প্ৰয়োজন৷ GFR স্বাভাবিক যদি ৯০ৰ পৰা ১০০শতাংশ ফলাফল দেখা যায়৷ একেদৰে ৫০শতাংশ ফলাফল দেখা গ'লে কিডনিৰ ৫০শতাংশই কাম কৰি থকা বুজাব৷ GFR ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কিডনিৰ অসুখ পাঁচটা পৰ্য্যায়ত বিভক্ত কৰিব পাৰি - প্ৰথম পৰ্যায় (First stage) - সুস্থ কিডনি, GFR ৯০বা ততোধিক দ্বিতীয় পৰ্যায়- GFR ৬০ৰ পৰা ৮৯ৰ ভিতৰত তৃতীয় পৰ্যায় (3A & 3B) - GFR ৩০ৰ পৰা ৫৯ৰ ভিতৰত চতুৰ্থ পৰ্যায় - GFR ১৫ৰপৰা ২৯ৰ ভিতৰত পঞ্চম পৰ্যায় - GFR১৫ৰ তল, কিডনি ফেইলাৰ,ৰোগী ডায়েলাইচিচত৷ ক্ৰিয়েটিনিনৰ স্বাভাবিক পৰিমান হ'ল পুৰুষৰ ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম% আৰু মহিলাৰ ০.৬ ৰ পৰা ১.১ মিলিগ্ৰাম%৷ ক্ৰিয়েটিনিনৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি কিডনিৰ সক্ৰিয়তা থাৱৰ কৰিব পাৰি৷ ক্ৰিয়েটিনিনৰ পৰিমান ১.৫ মিলিগ্ৰাম% হ'লে ৭৫% কিডনি সক্ৰিয় ক্ৰিয়েটিনিনৰ পৰিমান ২ মিলিগ্ৰাম% হ'লে ৫০% কিডনি সক্ৰিয় ক্ৰিয়েটিনিনৰ পৰিমান ৩.৫ মিলিগ্ৰাম % হ'লে ২৫% কিডনি সক্ৰিয় ক্ৰিয়েটিনিনৰ পৰিমান ৫ মিলিগ্ৰাম % হ'লে ১০% কিডনি সক্ৰিয় ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮ মিলিগ্ৰাম % হ'লে ৫% কিডনিহে সক্ৰিয়। ৰোগৰ চিনাক্তকৰণৰ বাবে কি কি পৰীক্ষা প্ৰয়োজনীয়? প্ৰসাবৰ সম্পূৰ্ণ পৰীক্ষা (ৰুটিন আৰু মাইক্ৰএলবুমিন)৷ ২৪ঘন্টাৰ প্ৰসাবৰ পৰিমান জোখা৷ তেজৰ ক্ৰিয়েটিনিন, ইউৰিয়া, ইউৰিক এচিড,হিমগ্লবিন,চুগাৰ পৰীক্ষা কৰা৷ প্ৰয়োজন অনুসৰি এক্সৰে,আলট্ৰাচাউণ্ড,চিটি স্কেন,এম আৰ আই কৰা৷ প্ৰয়োজন সাপেক্ষে কিডনি বায়স্পি৷ প্ৰাপ্তবয়স্ক বিশেষকৈ ৪০বছৰৰ উৰ্ধৰ সকলো পুৰুষ মহিলাই বছৰত এবাৰ কিডনিৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ লাগতিয়াল পৰীক্ষা সমূহ কৰা ভাল৷ বিপদৰ আগজাননী পালে কি কি সতৰ্কতামূলক ব্যৱস্থা লব? এনে ধৰণৰ সন্তুলিত খাদ্য গ্ৰহণ কৰক যাতে শৰীৰত চুগাৰ,ক'লেষ্টৰলৰ পৰিমান আৰু ৰক্তচাপ নাবাঢ়ে৷ মনত ৰাখিব সঠিক খাদ্যই কিডনিৰ অসুখ ৫০শতাংশৰো অধিক নিয়ন্ত্ৰণ কৰে৷ কিছুমান টিপচ আগবঢ়াম : প্ৰচুৰ সতেজ পাচলি আৰু ফলমূল গ্ৰহণ কৰক৷ গছত লগা পাচলিক অগ্ৰাধিকাৰ দিব৷ যেনে ভেন্দি,পটল,লাউ, কোমোৰা,কেপচিকাম,বেঙেনা, ভাত কেৰেলা, তিতা কেৰেলা,অমিতা, চজিনা ৷ বিলাহী কেঁচাই চালাডৰূপে নাখাই সিজাই খাব পাৰিব৷ গোমধান এবিধ উপযোগী খাদ্য৷ গোমধানত লাগি থকা চুলিৰ দৰে আঁহবোৰ উতলাই চুপৰ দৰে খালে তেজত চুগাৰৰপৰিমান কমে৷ মাটিৰ তলৰ খাব পৰা পাচলি হ'ল - পিঁয়াজ,আদা,বিট, গাজৰ, মূলা,চালগোম৷ কিডনিৰ ৰোগীয়ে খৰিছা খাব পাৰিব৷ ৰাজমাহ, বীন, ধনিয়া, ডালচেনি, ফুলকবি, বন্ধাকবি, নহৰু, আভাকাডো, কেনবেৰী, চেৰি হ'ল কিডনিৰ বাবে উপকাৰী৷ অৱশ্যে তেজৰ ইউৰিক এচিড বেচি থাকিলে বীন,ৰাজমাহ আদি শস্য এৰাই চলিব৷ টেঙা ফল পৰিহাৰ কৰিব৷ অৱশ্যে নেমুৰ ৰস মৌজোলৰ সৈতে উপকাৰী৷ জামু, আনাৰচ কিডনিৰ বাবে উপকাৰী৷ কম প'টেচিয়াম থকা এই কেইবিধ ফল খাব পাৰিব- আপেল, ৰঙা আঙুৰ, ষ্ট্ৰবেৰী, ব্লোবেৰী,পকা অমিতা, তিয়ঁহ৷ ড্ৰাইফ্ৰোটচ কমকৈ লব৷ চিৰা,অটচ,ডালিয়া, চাটু, চাবুদানা, পাষ্টা, নুডলচ, ব্ৰাউন ব্ৰেড খাব পাৰিব৷ ময়দাৰ সলনি আটা বাচি লব৷ চাউল সিদ্ধ কৰাৰ আগতে ৬ঘন্টা তিয়াই ৰাখিব৷ চচ, চুপ,জুচ আৰু গ্ৰেভি এৰাই চলিব৷ প্ৰিজাৰভেটিভ বা কৃত্ৰিম ৰং দিয়া সকলো গোটা বা জুলীয়া খাদ্য এৰাই চলিব৷ ডায়েট পেপচি বা ডায়েট কোলাও নাখাব৷ গাখীৰ কম চৰ্বিযুক্ত বাচি লব৷ দৈ উপকাৰী খাদ্যৰ ভিতৰত পৰে৷ ডায়েৰী প্ৰডাক্ট বাদ দিব৷ ডালডা বা তেনে চৰ্বিৰে বনোৱা খাদ্য পৰিহাৰ কৰিব৷ মাংস, মাছ,কণীৰ পৰিবৰ্তে প্ৰটিনৰ বাবে দাইল (বিশেষকৈ গোটা মগু), চয়াবিন ব্যৱহাৰ কৰিব৷ তেলৰ ভিতৰত অলিভ অইল বাচি লব৷ চেনি খোৱা বাদ দিব৷ চেনিতকৈ ভাল কুঁহিয়াৰ ৰস,গুড়, মৌ-জোল, খেজুৰ আদি প্ৰাকৃতিক বিকল্প৷ ষ্টেভিয়া বা মিঠাপাতৰে নিৰ্মিত প্ৰাকৃতিক স্বাদ ব্যৱহাৰ কৰিব পাৰে৷ চেনিৰ সলনি আন কৃত্ৰিম স্বাদৰ কথা মনতো নাভাবিব৷ নিমখো খোৱা একেবাৰে কমাই দিব -দিনটোত মাত্ৰ এচিকুটহে গ্ৰহণ কৰিব৷ ৰন্ধনত কিছু মছলা নিয়মিত ব্যৱহাৰ কৰা ভাল৷ মদ, চিগাৰেট আদিৰ অপকাৰৰ কথা আগতেই কোৱা হৈছে৷ গতিকে দৃঢ়মনেৰে সকলো ৰাগিয়াল তত্বৰ সংগ এৰাই চলক৷ চিকিৎসকৰ পৰামৰ্শৰ অবিহনে যিকোনো দৰবেই নিজে লোৱাৰ অভ্যাস সমুলঞ্চে বাদ দিয়ক৷ ৰংচঙীয়া বিজ্ঞাপনত ভোলগৈ স্বাস্থ্যবৰ্ধক টনিক বা ফুড চাপ্লিমেন্ট আৰু যৌন শক্তিবৰ্ধক ঔষধ ব্য়ৱহাৰ নকৰাই মংগলজনক৷ লিখক: ডাঃ ভূপেন শইকীয়া উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ ফোন নং: ০৯৭৪৩৩৭৩৮৭২২