খাদ্যনলীৰ(Alimentary Canal) নিম্নভাগৰ নাম ‘অন্ত্ৰ’(Inrestines)। পাকস্থলীৰ তলতে ইয়াৰ স্থিতি। অন্ত্ৰ হ’ল একা-বেঁকা দীৰ্ঘ নলী বিশেষ। এই কুটিল গতিবিশিষ্ট নলীডাল কেউফালেদি উদৰ গহ্বৰৰ বহু স্থান আগুৰি আছে। চলিত ভাষাত ইয়াকেই ‘নাডী-ভূড়ি’(Entrails) বোলা হয়। পূৰ্ণ বয়স্ক ব্যক্তিৰ অন্ত্ৰ প্ৰায় ১৮ হাত দীঘল।

আয়তন অনুসৰি অন্ত্ৰ দুই ভাগত বিভক্ত -

ক)ক্ষুদ্ৰ অন্ত্ৰ আৰু

খ)বৃহৎ অন্ত্ৰ।

এই অন্ত্ৰ আৰু মলদ্বাৰ ভাগত হোৱা কৃমি(Worms) ৰোগৰ কাৰণ, লক্ষণ আৰু হোমিওপেথি চিকিৎসাৰ বিষয়ে উল্লেখ কৰা হ’ল।

সাধাৰণতে শীত কালতেই আমি কৃমি ৰোগৰ ৰোগী বেছি সংখ্যক দেখিবলৈ পাওঁ। কৃমি একপ্ৰকাৰৰ পৰজীৱী কীট। ইয়াক মানুহৰ দেহৰ অভ্যন্তৰত পোৱা যায়। ইহঁতে অন্ত্ৰত বাস কৰি নানা প্ৰকাৰৰ ৰোগৰ সৃষ্টি কৰে। মানুহৰ অন্ত্ৰ আৰু মলদ্বাৰত থাকে আৰু বিভিন্ন ধৰণে মানুহক আক্ৰমণ কৰে।

ৰোগৰ বিশেষ কাৰণ -

আহাৰৰ বিশৃংখলতা, অধিক পৰিমাণৰ মিঠা খোৱা, পিত্ত বিকৃতি, অন্ত্ৰৰ ভিতৰত মল দীৰ্ঘসময় ধৰি আবদ্ধ থাকি পচিলে কৃমি ৰোগৰ সৃষ্টি হ’ব পাৰে। আৰু এটা বিশেষ কাৰণ হ’ল- শিশুৱে মাটিত পৰা বিভিন্ন বস্তু বুটলি খায়। সেই বস্তুবিলাকৰ লগত কৃমিৰ কণী মুখত দিয়ে। তেতিয়া পেটলৈ গৈ কৃমিৰ সৃষ্টি হয়। এনেদৰে ধীৰে ধীৰে বংশবিস্তাৰ কৰি অন্ত্ৰত থাকি ৰক্ত শোষণ কৰে। ইয়াৰ উপৰিও কেঁচা ফল-মূল, শাক-পাচলি, পচা মাংস, ৰোগাক্ৰান্ত পশুৰ মাংস ইত্যাদি খালেও কৃমিৰ কণী বা ‘লাৰ্ভা’ পেটত প্ৰৱেশ কৰে আৰু ইয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰিবলৈ সুবিধা পায়।

ইয়াৰ লক্ষণসমূহ -

পেটত কৃমি বেছি হ’লে সৰ্বশৰীৰতে দুৰ্বলতা, মূৰ ঘূৰণি, বমিৰ ভাবৰ লগতে বমিও হয়। কাম কৰাৰ স্পৃহা কমি যায়, শৰীৰ ক্ষীণাই জীৰ্ণ-শীৰ্ণ হয়, হজম শক্তিৰ বিঘিনি ঘটে। দাঁত কৰকৰ কৰে, ব্যক্তিক ৰোগীৰ দৰে দেখায় আৰু বগা শেঁতা পৰি যায়, নাক খজুৱায়, ঘনে ঘনে থুই পেলাই থাকে। বিশেষকৈ দুৰ্বলতা আৰু ৰক্তহীনতাৰ লক্ষণে দেখা দিয়ে।

ৰোগীৰ কৰণীয় -

পুৰণি চাউলৰ ভাত, মাছৰ পাতল জোল, পটল, নিমপাত ইত্যাদি পথ্য হিচাপে দিব পাৰে। যিমান দূৰ সম্ভৱ মিঠা কম খোৱা উচিত। এই ৰোগত সদায় শৌচ পৰিষ্কাৰ ৰখা দৰকাৰ।

এই ৰোগত ব্যৱহাৰ কৰিব পৰা হোমিও ঔষধসমূহ হ’ল -

*Cine:

নিদ্ৰিত অৱস্থাত হঠাৎ উচপ খাই উঠে, মূৰ্চ্ছিত হৈ পৰে, বমি বমিৰ ভাব দেখা যায়। নাক খজুৱাই থাকে, মলদ্বাৰ(শৌচদ্বাৰ) সুৰ সুৰ কৰে, পেট খামোচ মাৰি ধৰে, প্ৰস্ৰাৱ খুব কম হয় আৰু অধিক ক্ষুধাৰ(ভোক) সৃষ্টি হয়। শিশুৰ ৰোগত একপ্ৰকাৰৰ মহৌষধ। চকুৰ চাৰিওফালে ক’লা দাগ পৰে। নাকত আঙুলি দি খুচৰি খুচি থাকে। অস্থিৰ নিদ্ৰা। শিশুৰ জিভা পৰিষ্কাৰ হৈ থাকে।

*Santonine:

Cina ৰ লক্ষণ থাকে কিন্তু সেৱন কৰি কোনো উপকাৰ পোৱা নাই। সেই সময়ত Santonine ব্যৱহাৰ কৰিলে উপকাৰ পাব।

* Calcaria carb:

এই ঔষধটি পুৰণি কৃমি নিবাৰণৰ কাৰণে বিশেষ উপকাৰী। ৰোগী শকত-আৱত, চাপৰ, বগা ৰঙৰ লোদোৰ-পোদোৰ হয়। নিদ্ৰাৰ সময়ত মূৰত আৰু কপালত ঘাম ওলায়। ঘামত গাৰু তিতি যায়। ঘামত আকৌ টেঙা গোন্ধ থাকে। গাখীৰ খাবলৈ মন নকৰে। এই লক্ষণসমূহ দেখা পালে বিনাদ্বিধাই এই ঔষধটি ব্যৱহাৰ কৰিলে সুফল পাব।

*Ustic Indica:

জ্বৰ, উদৰাময় আৰু অমাশয়ৰ লগতে কৃমিৰ উপদ্ৰৱত এই ঔষধটি বিশেষ উপকাৰী। নাড়ীৰ চাৰিও দিশে বিষ আৰু খামুচি ধৰা যন্ত্ৰণা থাকে। ৰোগীয়ে নাক খুচৰি থাকে। পেট ফুলাৰ লগতে জিভা বগা পৰে। এনে লক্ষণত এই ঔষধ ব্যৱহাৰ কৰিলে ভাল ফল পাব।

ইয়াৰ উপৰিও Stanum, Spigelia, Podaphylum, Sicata Virusa, Sulphur, Mercuerius sol, Ignesia, Aconite naplus আদি কৃমি ৰোগৰ উল্লেখযোগ্য ঔষধ।

লেখিকা: সম্প্ৰীতিৰেখা শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)