জীৱনত কেতিয়াও কাহ নোহোৱা মানুহ বোধকৰো এজনো নোলাব। বিভিন্ন কাৰণত কাহ হয়। ধূমপান কৰা লোকসকলৰ কাহ হোৱাটো তেনেই স্বাভাৱিক। ধোঁৱা আৰু ধূলিৰ সংস্পৰ্শলৈ আহিলে বহুতৰে কাহ হয়। কাৰখানাত কাম কৰা লোকসকলৰ ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ ফলত কাহ হোৱাৰ আশংকা থাকে। কাহ তেনেই সাধাৰণ সমস্যা হ’লেও বহুদিন একেলেথাৰিয়ে কাহ হৈ থাকিলে বা সাময়িকভাৱে উপশম হ’লেও পুনৰ কাহ উক দিলে ই চিন্তাৰ বিষয় হৈ পৰে। দীৰ্ঘদিনীয়া কাহৰো বিভিন্ন কাৰণ থাকে, এইবোৰৰ ভিতৰত অন্যতম হ’ল- যক্ষ্মাৰ জীৱাণুৰ দ্বাৰা হাওঁফাওঁ আক্ৰান্ত হোৱা, ফেৰিংছ, লেৰিংছ(ভয়চ বক্স) ৰোগাক্ৰান্ত হোৱা, ভোকেল ক’ৰ্ডত টিউমাৰ হ’লে অথবা সংক্ৰমণ হ’লে ইত্যাদি। কিন্তু দীৰ্ঘদিনীয়া কাহৰ লগতে যদি উশাহ-নিশাহত কষ্ট পোৱা, কাহোঁতে তেজ ওলোৱা, খাওঁতে বা খাদ্য গিলোতে বিষোৱা, বাহিৰৰ যিকোনো দ্ৰব্য শৰীৰত প্ৰৱেশ কৰিলে সৃষ্টি হোৱা সংবেদনশীলতা, খাবলৈ মন নোযোৱা, বমি হোৱা, বমিৰ সৈতে তেজ নিৰ্গত হোৱা, শৰীৰৰ ওজন কমি যোৱা আদি উপসৰ্গবোৰৰ এক বা একাধিকে দেখা দিয়ে। তেন্তে সেয়া কেন্সাৰৰ লক্ষণ বুলি আশংকা কৰাৰ থল থাকে। সেয়েহে এনে পৰিস্থিতিত ততালিকে চিকিৎসকৰ ওচৰ চাপি ৰোগ চিনাক্ত কৰোৱা উচিত। উল্লিখিত লক্ষণবোৰ ডিঙি বা হাওঁফাওঁৰ বিভিন্ন অংশত উদ্ভৱ হোৱা কেন্সাৰ হ’ব পাৰে। লক্ষণবোৰৰ সাদৃশ্যৰ বাবে কেন্সাৰ ডিঙি বা হাওঁফাওঁৰ ঠিক কোনখিনিত হৈছে- সেয়া ঠাৱৰ কৰা কঠিন হৈ পৰে। এইবাৰ ঠাইত হোৱা কেন্সাৰ ধৰা পেলাবলৈ কেতবোৰ বিশেষ ধৰণৰ পৰীক্ষাৰ প্ৰয়োজন হয়।

হাওঁফাওঁত কেন্সাৰৰ টিউমাৰ আকাৰত ক্ষুদ্ৰ হৈ থকা অৱস্থাত, সেয়া চিনাক্ত কৰাটো যথেষ্ট কঠিন হয়। আনহাতেগ, এই ৰোগৰ উপসৰ্গই যেতিয়া দেখা দিয়ে, অৰ্থাৎ কাহ হয় আৰু কাহৰ সৈতে সামান্য তেজ ওলায়, তেতিয়ালৈ ৰোগৰ মাত্ৰা কিছু বৃদ্ধি পায়। বহু সময়ত বুকুৰ এক্স-ৰে কৰি হাওঁফাওঁত টিউমাৰ ধৰা পেলাব পৰা নাযায়। বুকুৰ এক্স-ৰেত হাওঁফাওঁত উদ্ভৱ হোৱা ডাঙৰ টিউমাৰ সহজে ধৰা পৰে যদিও বেছিভাগ ক্ষেত্ৰত সৰু টিউমাৰ ধৰা নপৰাকৈ, অথচ ৰোগীৰ কাহৰো উপশম নহ’ল- এনে পৰিস্থিতিত চিকিৎসকে ৰোগীৰ কেতবোৰ বিশেষ ধৰণৰ পৰীক্ষাবোৰৰ ভিতৰত চিটিস্কেন, ব্ৰংকোস্কোপী আদি অন্যতম। চিকিৎসকে কৰিবলৈ দিয়া পৰীক্ষাসমূহ কাৰো ক্ষেত্ৰতে হোহকা-পিছলা কৰা উচিত নহয়। কাৰণ প্ৰাথমিক পৰ্যায়ত কেন্সাএ চিনাক্ত কৰি চিকিৎসা কৰিলে যি ধৰণৰ সুফল পোৱা যায়, কেন্সাৰে অগ্ৰগামী পৰ্যায়(Advanced stage) পোৱাৰ পিছত সেই একেই চিকিৎসা কৰি অনুৰূপ ফল পোৱা নাযায়।

হাওঁফাওঁৰ কেন্সাৰত আক্ৰান্তসকলৰ ক্ষেত্ৰত দেখা দিয়া আন এটা প্ৰধান লক্ষণ হ’ল শাৰীৰিক দুৰ্বলতা। শাৰীৰিক দুৰ্বলতাৰ বিভিন্ন কাৰণ থাকে। হাওঁফাওঁৰ কেন্সাৰত আক্ৰান্ত হোৱাসকলৰ দুৰ্বলতা হ’ল- একেৰাহে কেইবামাহ ধৰি কাহত ভুগি থকা সত্ত্বেও চিকিৎসা গ্ৰহণ নকৰে অথবা চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজেই ফাৰ্মাচীৰ পৰা ঔষধ আনি খই কাম দমাই ৰখাৰ বৃথা চেষ্টা কৰে, তেওঁলোকৰ ক্ষেত্ৰত দুৰ্বলতাকে ধৰি কেতবোৰ উপসৰ্গই দেখা দিয়াটো নিতান্তই স্বাভাৱিক। এনে লোকক কাহে কাহিল কৰি পেলায়। হাওঁফাওঁৰ কেন্সাৰত আক্ৰান্তসকলৰ বহুতৰে তেজত হিম’গ্ল’বিনৰ মাত্ৰাও কমি যায়।

কেন্সাৰৰ দুই শ্ৰেণীৰ উপসৰ্গ থাকে। ইয়াৰে এটা হ’ল স্থানীয় উপসৰ্গ, অৰ্থাৎ টিউমাৰ হোৱা অংশটোৰ পৰা পোনপটীয়াকৈ উদ্ভৱ হোৱা উপসৰ্গ। আনটো হ’ল সাধাৰণ উপসৰ্গ, দুৰ্বলতা সাধাৰণ শ্ৰেণীত অন্তৰ্গত এটা উপসৰ্গ। সাধাৰণ শ্ৰেণীৰ আন এটা অন্যতম উপসৰ্গ হ’ল ভোক নগলা হোৱা শৰীৰৰ ওজন কমি যোৱা। ৰোগীৰ শৰীৰৰ ওজন অভাৱনীয়ভাৱে কমি যায়, ছমাহৰ ভিতৰতে ৰোগীৰ ওজন প্ৰায় ১০ শতাংশ কমি যায়। কাহ কমিছে, আকৌ হৈছে- এই প্ৰক্ৰিয়া চলি থকাৰ লগতে যদি শৰীৰৰ ওজনো অস্বাভাৱিকভাৱে কমি যায়, তেন্তে সেয়া অতি গুৰুত্ব সহকাৰে ল’বলগীয়া বিষয় হৈ পৰে।

থাইৰয়ডৰ কেন্সাৰৰ সৈতেও কাহৰ সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে। প্ৰাথমিক অৱস্থাত থাইৰয়ডৰ কেন্সাৰৰ বিশেষ কোনো উপসৰ্গ নাথাকে, কিন্তু থাইৰয়ডৰ টিউমাৰ ডাঙৰ হ’লে, তাত থকা স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত কাহ হ’ব পাৰে। এই স্নায়ুকেন্দ্ৰই ভোকেল ক’ৰ্ডৰ সঞ্চালনত সহায় কৰে, ইয়াক ‘ৰেকাৰেন্ট লেৰিঞ্চিয়েল নাৰ্ভ’ বোলে। এই স্নায়ু ক্ষতিগ্ৰস্ত হ’লে ভোকেল ক’ৰ্ডৰ লৰচৰ কৰাৰ সামৰ্থ নোহোৱা হয়। ভোকেল ক’ৰ্ডৰ এটা অংশ ক্ষতিগ্ৰস্ত হ’লেও কন্ঠস্বৰৰ পৰিৱৰ্তন হয়। এই ধৰণৰ সমস্যা চিনাক্ত কৰাৰ বাবেও বিশেষ ধৰণৰ পৰীক্ষাৰ প্ৰয়োজন হয়।

মুঠ কথা, কাহ হোৱাটো তেনেই স্বাভাৱিক তথা সাধাৰণ পৰিঘটনা হ’লেও সকলো সময়তে কাহৰ প্ৰতি অমনোযোগী হৈ থাকিব নোৱাৰি। সাধাৰণ কাহ প্ৰায়েই ৫-৭ দিনৰ ভিতৰত নাইকিয়া হৈ যায়। কিন্তু কাহ যদি দীৰ্ঘদিন নিৰাময় নোহোৱাকৈ থাকে বা কমি গৈ আকৌ হয় আৰু এই অৱস্থা ৩-৬ মাহ পৰ্যন্ত অব্যাহত থাকে, তেন্তে বিষয়টো চিন্তনীয় হৈ পৰে। গতিকে কাহক উপেক্ষা কৰা উচিত নহয়।

লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)