চকুৰে ধোঁৱা-কোঁৱা দেখা, মূৰৰ বিষ, অনবৰতে ভাগৰ লাগি থকা- এইসমূহ উচ্চ ৰক্তচাপৰ লক্ষণ। আজিকালি অতি কম বয়সীয়া যুৱক-যুৱতীও এই ৰোগৰ চিকাৰ হ’ব লগা হৈছে। আগেয়ে কম বয়সত উচ্চ ৰক্তচাপ হোৱাৰ কোনো সম্ভাৱনাই নাছিল। আমাৰ দেশত এসময়ত কেৱল এক চতুৰ্থাংশ বয়ষ্ক ব্যক্তিহে এই ৰোগত আক্ৰান্ত হৈছিল। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ এণ্ড ইনষ্টিটিউট অৱ হোম ইক’নমিক্সৰ দ্বাৰা প্ৰকাশিত ৰিপ’ৰ্টত যুৱ ব্যক্তিসকলৰ মাজত দ্ৰুত হাৰত বাঢ়ি অহা এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ কেইটামান উপায় আগবঢ়াইছে। ৱৰ্লড হেলথ অৰ্গেনাইজেচন, অৰ্থাৎ WHOৱেও উল্লেখ কৰিছে যে ব্যক্তিয়ে ৰক্তচাপক যত্ন্সহকাৰে নিয়ন্ত্ৰণত ৰাখিব পৰাটোৱে মহত্ত্বপূৰ্ণ কথা। WHOৰ মতে, যিসকলে উচ্চ ৰক্তচাপত ভুগিছে তেওঁলোকৰ আধাভাগৰহে চিকিৎসা ফলপ্ৰসূ হৈছে। আনহাতে বাকী আধাভাগ ৰোগীয়েই ৰক্তচাপৰ ফলত মৰণক সাবটি ল’ব লগা হৈছে। উচ্চ ৰক্তচাপক ‘চাইলেন্ট কিলাৰ’ বুলি ক’ব পাৰি। এই ৰোগৰ কাৰণ সম্পৰ্কে আজিও সঠিক ধাৰণা কৰিব পৰা হোৱা নাই। আনহাতে সম্পূৰ্ণৰূপে নিৰ্মূল কৰাও সম্ভৱ হৈ উঠা নাই, কিয়নো ব্যক্তিৰ স্বাভাৱিকতেই যদি সামান্য পৰিমাণে ৰক্তচাপ বাঢ়ে তথাপি শৰীৰত তাৰ কোনো লক্ষন স্পষ্ট নহয়। আনুষংগিক কিছুমান লক্ষণ যেনে- নিদ্ৰাহীনতা, মূৰৰ বিষ ইত্যাদি যে ৰক্তচাপৰ মূল কাৰণ সেই কথাও ন-দি ক’ব নোৱাৰি। বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি, কেৱল নিয়ন্ত্ৰণ কৰিবহে পাৰি, যাতে আনুষংগিক কেতবোৰ ৰোগ, যেনে- হৃদৰোগ, মূত্ৰ বিকাৰ, দৃষ্টিহীনতা অথবা মস্তিষ্কৰ বিকাৰ আদি আশংকা দূৰ হয়। পিছে চিকিৎসা লোৱাত পলম হ’লে হিতে বিপৰীতে হ’বও পাৰে। তদুপৰি শুদ্ধ ৰূপত চিকিৎসা লৈ নিয়মিত ঔষধ খোৱাৰ লগত অন্যান্য কিছুমান বিষয়ৰ প্ৰতিও ব্যক্তি সজাগ থাকিব লাগে। ৰক্তচাপ বৃদ্ধিৰ কাৰণ - সময়মতে আহাৰ গ্ৰহণ নকৰা। চিগাৰেট, মদ, ক’লড ড্ৰিংক অধিক সেৱন কৰা। সময়মতে শুবলৈ নোযোৱা আৰু একে সময়তে শুই নুঠা, হতাশা। মেদবহুলতা। কৰ্মহীন জীৱন। উপৰিউক্ত বিষয়সমূহৰ ক্ষেত্ৰত নিজৰ পৰিৱৰ্তন আনিব নোৱাৰিলে কেৱল ঔষধৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। কি কৰিব? বয়সৰ তুলনাত যদি আপোনাৰ ওজন বাঢ়িছে, তেনেহ’লে ওজন কমোৱাৰ যত্ন কৰক, কিয়নো মেদবহুলতাই উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা ২-৫ গুণে বঢ়ায়। ব্যায়াম কৰিব। (কোনো ব্যায়াম বিশেষজ্ঞৰ পৰামৰ্শ লৈ) দিনে ৪-৫ কিলোমিটাৰ খোজ কাঢ়িব। দৈনিক আহাৰত চৰ্বিযুক্ত খাদ্য বিসৰ্জন দিয়ক। আঁহজাতীয় খাদ্য সৰহকৈ খাব। দিনটোৰ ভিতৰত কেৱল ছয় গ্ৰামতকৈ বেছি নিমখ নাখাব। চিগাৰেট আৰু মদ এৰি দিয়ক। উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীসকলৰ কাৰণে সকলোতকৈ উত্তম উপায় হৈছে বিশুদ্ধ বায়ু সেৱন কৰা আৰু হতাশা বৰ্জন কৰা। কিয়নো হতাশাই শৰীৰত তেজ চলাচলৰ গতি বৃদ্ধি কৰে, ফলত ৰক্তচাপ বাঢ়ি যায় আৰু হৃদৰোগ আশংকা প্ৰবল হয়। মনোবিজ্ঞানীসকলে হতাশা নিৰ্মূল কৰাৰ এটা সুন্দৰ উপায় আগবঢ়াইছে: যদি এই কথা স্বীকাৰ কৰি ল’বলৈ শিকে যে আপুনি যিকোনো পৰিৱেশ অথবা সকলো বিষয়তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব অথবা সকলো বিষয়তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে, তেন্তে আপুনি নিজৰ মনক পৰিস্থিতি অনুসাৰে পৰিচালিত কৰক। এনে কৰিলে হতাশা দূৰ হ’ব আৰু ৰক্তচাপো নিয়ন্ত্ৰিত হ’ব। মানসিক সফূৰ্তি অটুট ৰাখিবলৈ সহজ-সৰল আসন কৰা যুগুত। আৰম্ভণিতে পাঁচ-দহ মিনিটৰ শৱাসন কৰক, যাৰ দ্বাৰা হতাশামুক্ত হ’ব পৰা যায়। প্ৰাণায়াম কৰিব, যিয়ে আপোনাৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া স্বাভাৱিক কৰি ৰাখিব। ৰক্তচাপ সম্পৰ্কে ভুল ধাৰণা - ব্যায়াম কৰিলে ৰক্তচাপ বাঢ়ি গৈ বিপদৰ আশংকা হয়- ব্যায়াম কৰাৰ মুহূৰ্তত ৰক্তচাপ বাঢ়ে যদিও ব্যায়ামৰ পাছত কেইমিনিটমানৰ ভিতৰতে দৈহিক স্থিতি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। নিয়মিত ব্যায়ামৰ সুপ্ৰভাৱ ৪-৬ মাহৰ ভিতৰতে দেখা যায়। কম পৰিমাণে চিগাৰেট আৰু মদ্যপান কৰা উচিত- প্ৰকৃততে চিগাৰেট আৰু মদ দুয়োবিধেই ৰক্তচাপৰ ঘোৰ শত্ৰুহে। ৰোগীয়ে কম ছ’ডিয়ামযুক্ত নিমখ ইচ্ছানুসৰি খাব পাৰে- বজাৰত উপলব্ধ ছ’ডিয়ামযুক্ত নিমখত ছ’ডিয়াম ক্ল’ৰাইডৰ সলনি কিছু পৰিমাণে পটাছিয়াম ক্ল’ৰাইড মিহলি হৈ থাকে। গতিকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই নিমখ সেৱন নকৰিব। কিয়নো অতিৰিক্ত পটাছিয়ামৰ পৰিমাণ আপোনাৰ উচ্চ ৰক্তচাপৰ ঔষধবিধৰ অনুকূলে হোৱা উচিত। লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)