ধমনীত প্ৰবাহিত তেজে যি পাৰ্শ্বচাপৰ সৃষ্টি কৰে সেয়া হ’ল ৰক্তচাপ। হৃদযন্ত্ৰৰ নিলয়ৰ সংকোচন আৰু প্ৰসাৰৰ সময়ত এনে অৱস্থাৰ সৃষ্টি হয়। নিলয়ৰ সংকোচনৰ সময়ত তেজে যি চাপ ধমনীৰ বেৰৰ ওপৰত সৃষ্টি কৰে, সেয়াই হ’ল সংকোচনকালীন ৰক্তচাপ বা ছিষ্ট’লিক ব্লাড প্ৰেছাৰ।

আনহাতে, নিলয়ৰ প্ৰসাৰৰ সময়ত হোৱা ৰক্তচাপেই হ’ল প্ৰসাৰণকালীন ৰক্তচাপ বা ডায়েষ্ট’লিক ব্লাড প্ৰেছাৰ। দুয়োবিধ চাপেই নিয়ন্ত্ৰিত হৈ থাকিব লাগে। ৰক্তচাপ শব্দটো এতিয়া আৰু কাৰো বাবে অপৰিচিত নহয়।

কম বেছি পৰিমাণে প্ৰায়ভাগ লোকেই এই সমস্যাত বেছি পৰিমাণে প্ৰায়ভাগ লোকেই এই সমস্যাত আক্ৰান্ত। সমগ্ৰ বিশ্বতে ২৬ শতাংশ লোক উচ্চ ৰক্তচাপত আক্ৰান্ত বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। উন্নত আৰু অনুন্নত সকলো দেশতে এই সমস্যাত আক্ৰান্তৰ সংখ্যা দিনক দিনে অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

‘নেচনেল ব্ৰেণ্ড নিউট্ৰিচন এগজামিনেচন ছাৰ্ভে’ৰ তথ্য অনুসৰি সম্প্ৰতি ২০ শতাংশ কিশোৰ-কিশোৰী এনে সমস্যাত আক্ৰান্ত। উচ্চ ৰক্তচাপক ‘হাইপাৰটেনচন’ বুলিও কোৱা হয়।

ৰোগৰ জটিলতা -

উচ্চ ৰক্তচাপৰ ফলত বহুতো জটিল সমস্যাই দেখা দিয়ে। উচ্চ ৰক্তচাপৰ প্ৰভাৱ পৰে হৃদযন্ত্ৰৰ ওপৰত। হৃদযন্ত্ৰৰ আকৃতি বৃদ্ধি পোৱাৰ শংকা থাকে। কিছুমানৰ বুকুত বিষ অনুভৱ হোৱাৰ লগতে এঞ্জাইনাও হোৱা দেখা যায়। যদিহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া হ’লে হাৰ্ট এটেক বা হৃদযন্ত্ৰ বিকলো হ’ব পাৰে।

উচ্চ ৰক্তচাপত দীৰ্ঘদিন আক্ৰান্ত হৈ থাকিলে ইয়াৰ প্ৰভাৱ পৰে স্নায়ুতন্ত্ৰৰ ওপৰত। মস্তিষ্কৰ ৰক্তনলীসমূহ সৰু হ’বলৈ ধৰে। সেইবাবে এই ৰক্তনলীসমূহৰ ওপৰত চাপ বেছিকৈ পৰিবলৈ ধৰে। ফলত মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ অথবা তেজ জমা হৈ ষ্ট্ৰোক হোৱাৰো শংকা বৃদ্ধি পায়।

নিমখ কমকৈ খাওক -

উচ্চ ৰক্তচাপত আক্ৰান্ত লোকসকলে নিমখ কম পৰিমাণে খাব লাগে। এনে ৰোগীয়ে কেঁচা নিমখ খোৱাটো অনুচিত। ছ’ডিয়ামে শৰীৰত ইলেক্ট্ৰোলাইটৰ ভূমিকা পালন কৰে। অৰ্থাৎ শৰীৰত পানীৰ অংশ বা ফ্লুইডৰ ভাৰসাম্য ৰক্ষা কৰে ছ’ডিয়ামে, কিন্তু যেতিয়া ইয়াৰ পৰিমাণ বেছি তেতিয়া বিপদ হোৱা দেখা যায়।

বিশেষকৈ নিমখ খালে শৰীৰত ছ’ডিয়ামৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰে ৰক্তচাপ। বিভিন্ন খাদ্যৰ মাধ্যমত শৰীৰত ছডিয়াম প্ৰৱেশ কৰে। যিসকলৰ পৰিয়ালত উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ ইতিহাস আছে, তেওঁলোকে পৰাপক্ষত নিমখ কমকৈ খোৱাটোৱে মংগলজনক।

শৰীৰে যি মাধ্যমেৰেই ছ’ডিয়াম লাভ নকৰক কিয়, ইয়াৰ পৰিমাণ দৈনিক চাৰিৰ পৰা ছয় গ্ৰামৰ মাজতে সীমাৱদ্ধ থকা উচিত। বহুতে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা সত্বেও প্ৰচুৰ পৰিমাণে কেঁচা নিমখ খোৱা পৰিলক্ষিত হয়।

তেওঁলোকৰ মনত ভ্ৰান্ত ধাৰণা আছে যে নিমখ বেছি পৰিমাণে খালেও বিশেষ ক্ষতি নহয়। দৰাচলতে সচেতনতাৰ অভাৱৰ বাবে সততে এনে সমস্যাৰ সৃষ্টি হয়। শৰীৰক ছ’ডিয়ামৰ প্ৰয়োজন বুলিয়ে যে বেছিকৈ খাব লাগে তেনে নহয়।

কেনেদৰে হৃদযন্ত্ৰৰ ক্ষতি কৰে -

এইটো সকলোৰে জ্ঞাত যে উচ্চ ৰক্তচাপৰ বাবে হৃদযন্ত্ৰৰ বিভিন্ন সমস্যাই সমান্তৰালভাৱে দেখা দিয়ে। আটাৰিঅ’ ভেনাছ ফিছচুলা, এডটিক ৰিগাৰজিটেচন, কোৱাৰ্কটেচন অব আওতা আদিৰ সমস্যা থাকিলে উচ্চ ৰক্তচাপ হোৱাৰ আশংকা অধিক হয়।

তেজত প্ৰচুৰ পৰিমাণে কলেষ্টেৰল বা ট্ৰাইগ্লিছাৰাইড থাকিলে ধমনীৰ তেজ চলাচলৰ পথত বাধাৰ সৃষ্টি কৰে। সেয়েহে হৃদযন্ত্ৰলৈ সোঁত প্ৰবাহিত কৰিব নোৱাৰাৰ ফলত অসুখ হয়। উচ্চ ৰক্তচাপৰ বাবে হৃদযন্ত্ৰৰ যিবোৰ অসুখ হয়, সেইবোৰৰ ভিতৰত অন্যতম হ’ল-

*কনজেছটিভ হাৰ্ট ফেইলিউৰ,

*মায়োকাৰ্ডিয়েল ইনফাৰ্কচন বা হাৰ্ট এটেক,

*লেফট ভেন্ট্ৰিকুলাৰ হাইপাৰট্ৰফি আৰু ৰক্তচাপ বৃদ্ধিৰ লগে লগে হৃদযন্ত্ৰই বেছি কাৰ্য সম্পাদন কৰিবলগীয়া হয়।

প্ৰতিটো মুহূৰ্ততে বেছি পৰিমাণে তেজ পাম্প কৰি উলিয়াবলগীয়া হয় লেফট ভেন্ট্ৰিকুলাৰেৰে। সেইবাবে ইয়াৰ আকাৰ বৃদ্ধি হৈ থাকে। এনে হ’লে চিকিৎসা বিজ্ঞানত কোৱা ‘লেফট ভেন্ট্ৰিকুলাৰ হাইপাৰট্ৰফি’।

যেতিয়া আকাৰ বৃদ্ধি পায়, তেতিয়া পাম্প কৰি তেজ উলিয়াই দিয়া ক্ষমতাও হ্ৰাস পাবলৈ ধৰে। সেইবাবে হাৰ্ট ফেইলিউৰ হয়। লেফট ভেন্ট্ৰিকুলাৰৰ আকাৰ বৃদ্ধিৰ ফলত হৃদযন্ত্ৰৰ আকাৰৰ পৰিৱৰ্তন ঘটে আৰু অতিৰিক্ত মায়োকাৰ্ডিয়েল মাছলৰ বাবে অক্সিজেনৰ প্ৰয়োজনো বৃদ্ধি পায়।

কিন্তু ৰক্তবাহিত অক্সিজেনৰ পৰিমাণ নিৰ্দিষ্ট হৈ থকাত বৃদ্ধি হোৱা অক্সিজেন হৃদযন্ত্ৰত প্ৰৱেশ কৰিব নোৱাৰে। সেয়ে বুকুৰ বিষ আৰম্ভ হয় হাৰ্ট মছলাৰ অক্সিজেনৰ অভাৱৰ বাবে। আনহাতে কিছুমান কাৰণত হেতুকে হাইপাৰটেনছন আৰু পৰৱৰ্তীকালত হাৰ্টৰ অসুখ- দুই ধৰণৰ হ’ব পাৰে। সেয়া হ’ল-

*এথেৰোছক্লে’ৰোছিছ আৰু

*হাইপাৰ লিপিডিমিয়া।

হাইপাৰটেনছিভ এনকেফেলোপেথী(কিডনী আক্ৰান্ত হয়)-

যেতিয়া ৰক্তচাপ অনিয়ন্ত্ৰিত হৈ পৰে অৰ্থাৎ বেছিকৈ বৃদ্ধি পায়, তেতিয়া আক্ৰান্ত লোকজন অজ্ঞান হৈ পৰিব পাৰে। এই অৱস্থাটোকে চিকিৎসা বিজ্ঞানত কোৱা হয় ‘হাইপাৰটেনছিভ এনকেফেলোপেথী’। চিকিৎসা কৰিলে আক্ৰান্তজনে সহজে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

দৰাচলতে ৰক্তচাপ অনিয়ন্ত্ৰিত হ’লেহে সততে এনে সমস্যাই দেখা দিয়ে। কিডনীৰ ওপৰতো উচ্চ ৰক্তচাপৰ প্ৰভাৱ পৰিলক্ষিত হয়। কিডনীৰ ৰক্তবাহী নলীসমূহ সৰু হ’বলৈ ধৰে বাবে ই স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰে। দৃষ্টিশক্তিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। বিভিন্ন পৰ্য্যায়ত ৰেটিনাৰ পৰিৱৰ্তন হ’বলৈ ধৰে।

কেনেধৰণৰ খাদ্য খাব -

উচ্চ ৰক্তচাপত আক্ৰান্তসকলে যিকোনো খাদ্য খাব নালাগে। কাৰণ খাদ্য গ্ৰহণত যদি সতৰ্কতা অৱলম্বন নকৰে, তেতিয়াহ’লে পৰৱৰ্তী সময়ত জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদিহে উচ্চ ৰক্তচাপত আক্ৰান্তজনৰ শৰীৰৰ ওজন বেছি অৰ্থাৎ মেদবহুল লোক, এনে সমস্যাত আক্ৰান্ত হ’লে কম কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰা উচিত। কম কেলৰিযুক্ত খাদ্য গ্ৰহণৰ লগতে নিয়মীয়াকৈ ব্যায়ামো কৰিব লাগে।

উচ্চ ৰক্তচাপত আক্ৰান্তসকলে যদিও প্ৰোটিনযুক্ত খাদ্য গ্ৰহণত বাধা নাই, তথাপি প্ৰয়োজনসাপেক্ষে এনে খাদ্য খোৱাতো সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। সমস্যাই জটিল ৰূপ ধাৰণ কৰিলে প্ৰোটিনযুক্ত খাদ্য গ্ৰহণৰ বাধা আৰোপ কৰে চিকিৎসকসকলে।

এইটো সকলোৰে জ্ঞাত যে হৃদযন্ত্ৰৰ ৰোগ আৰু উচ্চ ৰক্তচাপৰ মাজত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। সেইবাবে উচ্চ ৰক্তচাপত আক্ৰান্তসকলে প্ৰাণীজ চৰ্বি গ্ৰহণৰ পৰা আঁতৰি থকাটোৱেই মংগলজনক। তদুপৰি হাইড্ৰ’জেনেটেড ফেট বিশেষকৈ ঘিউ, বনস্পতি আদি চৰ্বিযুক্ত খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিব লাগে।

শৰ্কৰা শৰীৰত সহজে হজম হয়। সেইবাবে শৰ্কৰাযুক্ত খাদ্য গ্ৰহণত কোনো বাধা নাই। অৱশ্যে যদিহে কোনো এজন লোকৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ দুয়োবিধেই আছে, তেতিয়া হ’লে শৰ্কৰাযুক্ত খাদ্য গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

প্ৰচুৰ ছ’ডিয়ামযুক্ত খাদ্য গ্ৰহণৰ পৰা আঁতৰি নাথাকিলে বিপদ হ’ব পাৰে। সেইবাবে মাংস, কণী আদি খাদ্য খাওঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। ৰেড মিট খাদ্য আদিত বেছিকৈ এইবিধ উপাদান থাকে। পালেং শাকত আন শাকৰ তুলনাত বেছি পৰিমাণে ছ’ডিয়াম পোৱা যায়।

*শুকান মাছ,

*আচাৰ,

*বিস্কুট,

*ছচ আদিতো এইবিধ উপাদান বেছি পৰিমাণে থাকে। ৰোগীয়ে সদায় সুষম আহাৰ খাব লাগে। সুষম আহাৰ খালে বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰি।

নিয়মীয়াকৈ ঔষধ খাওক -

উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে চিকিৎসকে ঔষধ খাবলৈ পৰামৰ্শ আগবঢ়ায়। আনহাতে, যদিহে এবাৰ এনে সমস্যাই দেখা দিয়ে, তেতিয়া হ’লে ই চিৰজীৱনৰ বাবে লগৰী হৈ পৰে। এনে সমস্যাৰ পৰা উপশম লাভ কৰাটো কাৰো বাবে সম্ভৱ নহয়। এনে ৰোগ নিয়ন্ত্ৰণহে কৰিব পাৰি।

ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়াকৈ ঔষধ খাব লাগে। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে সচেতনতাৰ অভাৱৰ বাবে এনে ৰোগত আক্ৰান্ত হোৱাৰ পিছতো নিয়মীয়াকৈ ঔষধ খাব নোখোজে।

কিছুমানে ৰক্তচাপ বৃদ্ধি হোৱা যেন অনুভৱ হ’লেহে ঔষধ খায়। কিন্তু এনে কৰাৰ ফলত আন বহুতো আনুষংগিক সমস্যাই পৰৱৰ্তী সময়ত দেখা দিব পাৰে।

আসন্ন মাতৃৰ ওপৰত কেনেকৈ ক্ৰিয়া কৰে -

ভাৰতৰ প্ৰতি দহগৰাকী মহিলাৰ ভিতৰত এগৰাকী আক্ৰান্ত হয় উচ্চ ৰক্তচাপত। গৰ্ভাৱস্থাত হোৱা এনে সমস্যাক ‘প্ৰেগনেন্সি ইনডিউচ হাইপাৰ টেনছন’ বুলি কোৱা হয়। ইয়াক সংক্ষেপে ‘পি আই এইছ’ বুলি কয়। গৰ্ভধাৰণৰ পাঁচমাহমান পিছৰ পৰাহে এনে সমস্যাই দেখা দিয়ে।

অৱশ্যে কিছুমান মহিলাৰ প্ৰেগনেন্সিৰ ক্ষেত্ৰত পাঁচ মাহ আগৰে পৰাই এনে সমস্যাই দেখা দিয়াৰ আশংকা থাকে। পি আই এইছৰ বাবে মাতৃ আৰু সন্তানৰ ওপৰত প্ৰভাৱ পৰে। অংগ-প্ৰত্যংগই স্বাভাৱিকভাৱে কাৰ্য সম্পাদনত ব্যাঘাত জন্মে। তেনে হোৱাটো স্বাভাৱিক।

বিভিন্ন অংগ-প্ৰত্যংগই স্বাভাৱিকভাৱে কাৰ্য সম্পাদন নকৰাৰ বাবে ৰক্ত সঞ্চালনো অস্বাভাৱিক হোৱা দেখা যায়। ৰক্ত সঞ্চালনো অস্বাভাৱিক হোৱা দেখা যায়। যেতিয়া এনে ধৰণৰ অৱস্থাৰ সৃষ্টি হয়, তেতিয়া কিডনীয়ে স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰে। এনে অৱস্থাত প্ৰস্ৰাৱত প্ৰোটিনৰ পৰিমাণ বৃদ্ধি পায়। এনেদৰে প্ৰস্ৰাৱত প্ৰোটিন বৃদ্ধি হ’লে চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ‘প্ৰি-ইক্লেমথিয়া’।

ইয়াৰ প্ৰভাৱ লিভাৰৰ ওপৰতো পৰে। লিভাৰৰ ওপৰত প্ৰভাৱ পৰিলে জণ্ডিত হোৱাৰ আশংকা থাকে। কেতিয়াবা লিভাৰ বিকলো হয়। এনে হ’লে ‘হেল্প ছিন্দ্ৰম’ বুলি কয়।

যেতিয়া ৰক্তচাপ বেছি পৰিমাণে বৃদ্ধি হয় তেতিয়া আক্ৰান্ত মহিলাগৰাকীৰ হাত-ভৰি কঁপিবলৈ ধৰে। সাধাৰণতে এনে সমস্যাই গৰ্ভাৱস্থা, প্ৰসৱৰ সময়ত অথবা প্ৰসৱৰ পিছতো দেখা দিব পাৰে। কিছুমানৰ আকৌ মস্তিষ্ক ৰক্তক্ষৰণ অথবা আন কাৰণতো হাত-ভৰি কঁপে।

যদিও ইয়াক গৰ্ভাৱস্থাৰ সমস্যা বুলি কোৱা হয়, তথাপি সকলোৰে ক্ষেত্ৰত এনে সমস্যাই দেখা নিদিবও পাৰে। প্ৰথমটো সন্তান প্ৰসৱৰ সমতৰ এনে ধৰণৰ সমস্যাই বেছিকৈ হোৱা দেখা যায়। তুলনামূলকভাৱে কম বয়সতে মাতৃত্বৰ বোজা কঢ়িয়ালেও এনে সমস্যাই দেখা দিব পাৰে।

এনেদৰে বেছি বয়সত মাতৃত্বৰ বিজা কঢ়িয়ালেও এনে হয়। যমজ সন্তান, ডায়েবেটিছ, ক্ৰ’নিক হাইপাৰটেনছন হ’লেও এনে সমস্যাই দেখা দিয়া আশংকা নুই কৰিব নোৱাৰি।

যদিহে গৰ্ভাৱস্থাৰ আগৰে পৰাই মহিলাগৰাকী উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থাকে, তেতিয়া তেনে অৱস্থাক ‘ক্ৰ’নিক হাইপাৰটেনছন’ বুলি কোৱা হয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে যদিহে সময়মতে উপযুক্ত চিকিৎসা নকৰে, তেতিয়া হ’লে বিপদ হোৱাটো নিশ্চিত। ইক্লেম্পছিয়া হ’লে আক্ৰান্তজনৰ জীৱনলৈ বিপদ আহিব পাৰে। কিয়নো এনে ৰোগী অচেতন হৈ পৰিব পাৰে।

এই অৱস্থাত অচেতন হৈ পৰিলে গৰ্ভস্থ সন্তানৰ ওপৰত প্ৰভাৱ পৰিবলৈ ধৰে। অচেতন হোৱা মানে মস্তিষ্কই স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰা অৱস্থা হয়। এনে হ’লে ওকালি ভাব অহাৰ লগতে-

*বমি হোৱা,

*মূৰৰ বিষ হোৱা,

*দৃষ্টিশক্তিত ব্যাঘাত জন্মাৰ সমস্যাই দেখা দিয়ে।

সেইবাবে এই সময়ত মহিলাসকলে সাৱধানতা অৱলম্বন কৰা উচিত। অৱশ্যে গৰ্ভাৱস্থাত যে সকলো মহিলাৰে এনে সমস্যাই দেখা দিয়ে, সেয়া নিশ্চয়কৈ ক’ব নোৱাৰি। বহুতে কিন্তু এনে সমস্যাৰ সৃষ্টি হোৱাৰ পিছতো বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে।

সেইবাবে সময়ত বিপদত পৰা যেন দেখা যায়। যদিহে গৰ্ভাৱস্থাৰ আগৰে পৰাই মহিলাগৰাকী উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থাকে, তেতিয়া ক্ৰ’মিক হাইপাৰটেনছন বুলি কোৱা হয়। অৱশ্যে যদিহে উপযুক্ত চিকিৎসা বা সাৱধানতা অৱলম্বনেৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা হয়, তেতিয়া হ’লে এনে ধৰণৰ বিপদৰ পৰা হাত সাৰিব পাৰি।

যেতিয়া কোনো এগৰাকী মহিলা উচ্চ ৰক্তচাপত আক্ৰান্ত আৰু তেওঁ যদি গৰ্ভধাৰণ কৰে, তেতিয়া হ’লে আক্ৰান্ত মহিলাগৰাকীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলে সতৰ্কতা অৱলম্বন কৰা উচিত। নিয়মিতভাৱে এন্টিনাটেল চেকআপ কৰাৰ উপৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে।

মহিলাগৰাকীৰ আন আনুষংগিক সমস্যা যেনে ইক্লেম্পছিয়া হৈছে নে নাই সেয়া নিৰীক্ষণ কৰা উচিত। মহিলাগৰাকীক সুষম আহাৰ যোগানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে।

ঔষধৰ ক্ষেত্ৰত নিষেধাজ্ঞ মানিব -

গৰ্ভাৱস্থাত কোনোৱে যাতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ ঔষধ নাখায়, তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা উচিত। কাৰণ এই সময়ত যিকোনো ঔষধ খোৱাৰ ক্ষেত্ৰত কিছু বাধা আছে। যদিহে চিকিৎসকৰ উপদেশ গ্ৰহণ নকৰে, তেতিয়া হ’লে ইয়াৰ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ পৰাৰ আশংকা থাকে সন্তানৰ ওপৰতো।

গৰ্ভাৱস্থাত যিকোনো ঔষধ সাৱধানে প্ৰয়োজনত কেতিয়াবা কিছুমান বিশেষ ঔষধৰ প্ৰয়োগ কৰিবলগীয়া হয় যদিও এই ক্ষেত্ৰত চিকিৎসকে খুব সতৰ্কতাৰে আগবাঢ়ে। মনত ৰাখিব- গৰ্ভাৱস্থাত মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ আয়তন বৃদ্ধি পায়। সেইবাবে বেছি পৰিমাণে তেজ সঞ্চালন কৰিবলগীয়া হয় আৰু বেছি প্ৰয়োজনো হয়।

ৰক্তচাপ বৃদ্ধি পালেও হৃদযন্ত্ৰই স্বাভাৱিক অৱস্থাতকৈ বেছি কাৰ্য সম্পাদন কৰিব লাগে। গৰ্ভাৱস্থাত মহিলাগৰাকীয়ে মানসিক দুশ্চিন্তামুক্ত হৈ থকাটো খুবেই জৰুৰী বিষয়।

পৰিত্ৰাণ পাব কেনেকৈ -

*উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰাখিব লাগিব। শৰীৰত জমা হোৱা অতিৰিক্ত ওজনে যিবোৰ সমস্যাৰ সৃষ্টিত ভূমিকা গ্ৰহণ কৰে, সেইবোৰৰ ভিতৰত অন্যতম হ’ল উচ্চ ৰক্তচাপ।

শৰীৰৰ ওজন, উচ্চতা আৰু বয়স অনুযায়ী ভাৰসাম্য হোৱা উচিত। অৱশ্যে শৰীৰৰ অতিৰিক্ত ওজনে উচ্চ ৰক্তচাপ সৃষ্টিত প্ৰত্যক্ষ ভূমিকাৰ পৰিৱৰ্তে পৰোক্ষ ভূমিকাহে গ্ৰহণ কৰে।

*কম পৰিমাণে ছ’ডিয়ামযুক্ত খাদ্য খোৱা উচিত। বিশেষকৈ নিমখ বেছি পৰিমাণে খালে উচ্চ ৰক্তচাপৰ প্ৰৱণতা বৃদ্ধি পায়। কেঁচা নিমখ কমকৈ খাব লাগে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে কেঁচা নিমখ বা আঞ্জাত নিমখ মিহলাই খোৱা দুয়োবিধেই সমানেই হানিকাৰক। কেতিয়াও বেছি অথবা কম পৰিমাণে নিমখ খাব নালাগে।

*উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ধূমপানৰ অভ্যাস ত্যাগ কৰিবই লাগিব। তদুপৰি মাদক দ্ৰব্য সেৱনৰ পৰাও আঁতৰি থকা উচিত। দুয়োবিধ নিয়মীয়াকৈ সেৱনকাৰীৰ উচ্চ ৰক্তচাপ্ৰ প্ৰৱণতা তুলনামূলকভাৱে বেছি। ছিষ্ট’লিক ৰক্তচাপৰ ক্ষেত্ৰত দেখা যায় যে মাদক দ্ৰব্য সেৱন আৰু ধুম্ৰপানৰ পিছত ইয়াৰ প্ৰৱণতা বৃদ্ধি পায়।

চিগাৰেট সেৱনৰ পৰা আঁতৰি থাকিলে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ পৰাও বহুলাংশে হাত সাৰিব পাৰি। এইখিনিতে উল্লেখ কৰিব পাৰি যে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সৈতে উচ্চ ৰক্তচাপৰ সম্পৰ্ক আছে। উচ্চ ৰক্তচাপ নাথাকিলে এই দুয়োটাৰ শংকা হ্ৰাস পায়।

*সদায় চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। প্ৰাত্যহিক জীৱনত কোনো লোকেই সম্পূৰ্ণৰূপে চাপমুক্ত হৈ থাকিব নোৱাৰে। থকাটো সম্ভৱো নহয়। তথাপি নিজকে যিমান পাৰি সিমান চাপমুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে সুফল লাভ কৰিব পাৰি।

অত্যধিক মানসিক চাপে উচ্চ ৰক্তচাপ বৃদ্ধিৰ সমান্তৰালভাৱে আন বহুতো আনুষংগিক সমস্যাৰ সৃষ্টি কৰে। এনেদৰে চাপমুক্ত হৈ থাকিবলৈ ধ্যান, যোগাসন আদি কৰিব লাগে। অত্যধিক শব্দ অথবা পোহৰৰ মাজত থাকিলেও এনে সমস্যাই দেখা দিব পাৰে।

*ওমেগা-৩ ফেটি এচিডমুক্ত খাদ্য খালে উচ্চ ৰক্তচাপ হ্ৰাস পায়। বিশেষকৈ সাগৰীয় মাজ আদি বেছিকৈ খালে এনে ফেটি এচিড প্ৰচুৰ পৰিমাণে লাভ কৰাটো সম্ভৱ।

*জীৱন-যাপনৰ পদ্ধতি সলনি কৰিব লাগে। উচ্ছৃংখল জীৱনৰ পৰিৱৰ্তে শৃংখলিত জীৱন-যাপনৰ ওপৰত গুৰুত্ব দিলেহে সুফল পোৱা যায়। সময়মতে খোৱা-বোৱা, শোৱা আদি কৰিব লাগে।

*নিয়মীয়াকৈ ব্যায়াম কৰিলে যে কেৱল শৰীৰৰ ওজন স্বাভাৱিক হৈ থাকে, তেনে নহয়, সমান্তৰালভাৱে আন বহুতো সমস্যাৰ পৰাও হাত সাৰিব পাৰি।

চহৰীয়া জীৱন-যাপনত কায়িক শ্ৰম কৰাটো সম্ভৱ নহয়। আজিকালি চহৰাঞ্চলত ব্যাপক হাৰত গঢ়ি উঠা বৃহৎ অট্টালিকাসমূহত কোনেও কায়িক শ্ৰম কৰাৰ সুযোগ নাপায়। তদুপৰি কৰ্মব্যস্ততা বৃদ্ধি পালেও সেই অনুপাতে কায়িক শ্ৰম নহয়। এজন লোকে পুৱা শুই উঠাৰে পৰা নিশা দুপৰলৈ ব্যস্ত থাকে।

কাৰ্যালয়তে হওক অথবা নিজ গৃহতে হওক, সকলোৰে কেৱল কামৰ পৰিসৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ। সেয়েহে কায়িক পৰিশ্ৰম কৰাটো সম্ভৱ নহয়। ইয়াৰ পৰিৱৰ্তে নিয়মীয়াকৈ নিৰ্দিষ্ট সময় ধৰি খোজকঢ়াৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা উচিত। খোজকঢ়াটো হ’ল সৰ্বোত্তম ব্যায়াম।

*দিনটোৰ যিকোনো সময়তে খোজকাঢ়িব পাৰি। এই ক্ষেত্ৰত কোনো বাধা নাই। অৱশ্যে পুৱা আৰু আবেলি সময়ত খোজ কাঢ়িলেহে বেছি উপকাৰ পোৱা যায়।

*কম ছ’ডিয়ামযুক্ত খাদ্য গ্ৰহণৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা উচিত।

*যোগাসম বা ধ্যান কৰিলেও উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। আজিকালি ধ্যানৰ প্ৰতি প্ৰায়ভাগ লোকেই আকৰ্ষিত হৈছে। আজি আৰু কেৱল ভাৰতবৰ্ষতে ধ্যান কৰিলে শৰীৰৰ অংগ-প্ৰত্যংগসমূহে স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

লেখক: ডাঃ প্ৰবীন কুমাৰ বৰদলৈ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)