*এই ভাইৰাছ বিধৰ আবিস্কাৰ চন 1973 চনত আফ্ৰিকাৰ ইবোলা নদীৰ পাৰত হৈছিল বাবে ইয়াৰ নাম ইবোলা ৰখা হৈছিল|

এই ভাইৰাছ বিধে আফ্ৰিকীয় দেশ সমুহ যেনে গিনি, নাইজেৰিয়া, চিয়েৰা লিয়ন আদি দেশ সমুহত বহু হাজাৰ মানুহক মৃত্যু মুখত পেলাই ধুমুহাৰ সৃষ্টি কৰিছিল|

এই ভাইৰাছবিধ ফল খোৱা বাদুলীৰ দ্ধাৰা মানুহৰ দেহলৈ বিয়পিছিল| বাদুলীৰ মাংস খোৱা বাবে|

*এই ভাইৰাছ বিধ মানুহৰ দেহত দুইৰ পৰা 21 দিনলৈ শৰীৰত সম্পুৰ্ন ৰূপে বিয়পি পৰে|

কেনেকৈ সংক্ৰমন হয়?

সংক্ৰমিত লোকজনৰ শৰীৰৰ পৰা সুস্হ মানুহৰ দেহলৈ ঘাম, হাতৰ সংস্পৰ্শ উশাহ নিশাহ আদিৰ জড়িয়তে বিয়পে|

আমাৰ দেশ এখনৰ যেনেকৈ প্ৰতিৰক্ষা বিভাগ টোৱে দেশখনক বাহিৰৰ শত্ৰুৰ পৰা দেশখনক ৰক্ষা কৰে, ঠিক তেনেদৰে আমাৰ শৰীৰৰ অসংক্ৰাম্যতন্ত্ৰ অৰ্থাত ৰোগ প্ৰতিৰোধী তন্ত্ৰ টোৱেও শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে|

এই ভাইৰাছবিধ ইমানেই চতুৰ যে আহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰত আক্ৰমন কৰে যাতে শৰীৰে ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে|

যদিহে ভাইৰাছবিধ শৰীৰত সংক্ৰমিত হোৱাৰ তিনিদিনৰ ভিতৰত ৰোগীক চিকিতসালয়লৈ লৈ যোৱা নহয়, তেতিয়া হলে ৰোগীৰ মৃত্যু হোৱাটো নিশ্চিত|

লক্ষনসমুহ -

তীব্ৰ জ্বৰ, কলেৰা, ডায়েৰিয়া, তীব্ৰ গাঠীৰ বিষ আৰু শৰীৰৰ বিভিন্ন অংগৰ পৰা ৰক্তক্ষৰন হয়|
2014 চনত উপৰত উল্লেখ কৰা তিনিওখন আফ্ৰিকীয় দেশত প্ৰায় 10k লোকৰ মৃত্যু হৈছিল|

2014 চনত কেনেকৈ এই ৰোগ বিধ অৰ্থাত ভাইৰাছবিধে মহামাৰী ৰূপ লৈছিল?

চিয়েৰা লিয়ন নামৰ দেশ খনৰ এখন গাওত এদিন কেচুৱা এটিৰ জ্বৰ আৰু শৰীৰৰ কিছু অংশৰ পৰা ৰক্তক্ষৰন হৈছিল| তাৰ পৰিয়ালৰ সদস্য অৰ্থাত আইতাকে তাক ওচৰৰ প্ৰাথমিক চিকিতসালয়ত ভৰ্তি কৰাই চিকিতসা আৰম্ভ কৰিছিল| তেজৰ নমুনা সংগ্ৰহ কৰি মেডিকেল কলেজলৈ পঠাই দিছিল| কিন্তু যিহেতু এই ভাইৰাছ বিধ ঘাম আৰু সংস্পৰ্শৰ জড়িয়তে বিয়পে, ইতিমধ্যে চিকিৎসক গৰাকী, তেজৰ নমুনা সংগ্ৰহ কৰা লেব টেকনিচিয়ান জন আৰু আইতাকৰ দেহলৈ সংক্ৰমিত হৈছিল|

দুদিন পিছত ৰিপৰ্ট আহিল যে কেচুৱাটিৰ ইবোলা সংক্ৰমন হৈছে, তেতিয়ালৈ বহু দেৰি হৈ গৈছিল| ইতিমধ্যেই তাৰ পৰিয়ালৰ সকলো সদস্যৰ গাত এই বেমাৰ বিধ বিয়পি পৰিছিল| আইতাক, চিকিৎসক জন লেব টেকনিচিয়ান জন আৰু কেচুৱাটিৰ প্ৰায় একেলগে মৃত্যু হৈছিল|

চিয়েৰা লিয়নৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত ভাইৰাছবিধে মহামাৰী ৰূপ লৈছিল|

গাওবাসীয়ে তেওলোকৰ অন্তিম সতকাৰ কৰিব যাওতে, গাওবাসীৰ দেহলৈও এই ভাইৰাছবিধ বিয়পি পৰিছিল, এনেকৈয়ে এখন গাও শেষ হল|

পিছত এখন গাওৰ পৰা আন এখন গাওলৈ আৰু পিছত গোটেই দেশ খনতে বিয়পি পৰিল|
আৰু চিয়েৰা লিয়নৰ পৰা পিছত নাইজেৰিয়া গিনি আদি দেশলৈ বিয়পি পৰিছিল|

পিছত বহু কষ্টৰ মুৰত পৃথিৱীৰ বহু দেশে একেলগ হৈ সহায় কৰি এই ভাইৰাছবিধৰ পৰা উক্ত দেশ সমুহক ৰক্ষা কৰিছিল| পৰিস্থিতি এনেকোৱা পৰ্যায়লৈ গৈছিল যে এই দেশ সমুহত থকা বেলেগ দেশ সমুহে তাত থকা দুতাবাস সমুহ বন্ধ কৰি দিছিল|

এই ভাইৰাছ বিধক কেনেকৈ মাৰিব পাৰি?

এই ভাইৰাছ বিধ ছাৰ্ফ আৰু চাধাৰ পাতেৰে মাৰিব পাৰি|

গতিকে বিজ্ঞানীসকলে এতিয়া চাধাৰ পাতেৰে তৈয়াৰী প্ৰতিষেধক তৈয়াৰ কৰিলে| আৰু এতিয়া তাৰে সকলো লোগকে বছৰি ইয়াৰ প্ৰতিষেধক দিয়া হয়| চিন্তা কৰিব নালাগে আমাৰ ভাৰতবৰ্ষত ইয়াৰ কোনো উপস্থিতি নাই|

লেখক: নৱজিত পল

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ