আমি সাধাৰণতে মানুহৰ মুখত কিছুমান বেমাৰৰ নাম সঘনাই শুনি থাকো। যেনে- ফেৰিনজাইটিচ(Pheryngitis), আৰথ্ৰাইচিচ(Arthrisis), লেৰিনজাইটিচ(Leryngitis), এনকেফেলাইটিচ(Encephalitis), এপেণ্ডিচাইটিচ(Appendicitis) আদি। এই নামবোৰ যদিও সকলোৱে সঘনাই কৈ থাকে, তথাপি সৰহ সংখ্যকেই বেমাৰবোৰনো কি বুজি নাপায় বা অনুধাৱন কৰিব নোৱাৰে। এই বিভিন্ন বেমাৰবোৰৰ নামবোৰ লক্ষ্য কৰিলে দেখিব যে আমাৰ শৰীৰৰ একোটা অংগৰ লগত(আইটিচ/Itis) যোগ কৰা হৈছে। অৰ্থাৎ ফেৰিংৰ বাবে ফেৰিনজাইটিচ, এপেণ্ডিক্সৰ বাবে এপেণ্ডিচাইটিচ ইত্যাদি। এই আইটিচ থকা অসুখবোৰত নিৰ্দিষ্ট শৰীৰৰ অংগটো ৰঙা পৰে, উখহে আৰু বিষায়। এই প্ৰক্ৰিয়াটোক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘ইনফ্লেমেচন’(Inflammation) বুলি কোৱা হয়। গতিকে এনে ধৰণৰ নামৰ বেমাৰবোৰৰ অৰ্থ হ’ল নিৰ্দিষ্ট শৰীৰৰ অংগটোৰ ইনফ্লেমেচন হোৱা বা ৰঙা পৰি উখহি বিষোৱা।

এই যে প্ৰক্ৰিয়াটো যাক ইনফ্লেমেচন বুলি কোৱা হ’ল, তাৰ বিষয়ে প্ৰথমে আমি কিছু জনাৰ দৰকাৰ। ইনফ্লেমেচন শব্দটো এটা লেটিন শব্দ ইনফ্লেমেচিঅ’(Inflammation)ৰ পৰা অহা। ই শৰীৰৰ কলাৰ কোনো হানিকাৰক বীজাণু, আঘাত বা উত্তেজনাৰ বিপৰীতে গঢ়ি তোলা এক জটিল আত্মৰক্ষাকাৰী প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত শৰীৰৰ আত্মৰক্ষাকাৰী ইমিউন চিষ্টেম, তেজ চলাচলৰ সিৰা, ধমনীসমূহ আৰু কিছুমান সহযোগী জটিল ব্যৱস্থা জড়িত হৈ থাকে। এই ইনফ্লেমেচনৰ উদ্দেশ্য হৈছে হানিকাৰক বীজাণু বা তেজৰ উত্তেজকক বিনাশ কৰা। ইতিমধ্যে নষ্ট হোৱা শৰীৰৰ কলাসমূহক আঁতৰাই দিয়া আৰু ক্ষতি হোৱা অংশৰ পুনৰ মেৰামতি কৰে। অথাৎ আমি সততে শুনি থকা এপেণ্ডিচাইটিচ(Appendicitis), হিপাটাইটিচ(Hepatitis), আৰথ্ৰাইচিচ(Arthrisis),
লেৰিনজাইটিচ(Leryngitis), এনকেফেলাইটিচ(Encephalitis), ক’লিচিট্ৰাইটিচ(Cholecystitis) আদিবোৰৰ মূল কাম হৈছে উক্ত অংশবোৰত হোৱা ৰোগৰ বীজাণু বা অন্য কাৰকৰ ক্ষতিৰ পৰা শৰীৰৰ অংশক ৰক্ষা কৰা আৰু তাত হৈ যোৱা ক্ষতিসাধনৰ মেৰামতি কৰা।

ইনফ্লমেচনৰ লক্ষণ:

ইনফ্লেমেচন হ’লে তাৰ লক্ষণসমূহ পাঁচ প্ৰকাৰে দেখা পোৱা যায়-

১)ঠাইডোখৰ গৰম হয়,

২)নিৰ্দিষ্ট ঠাইডোখৰত বিষ হয়,

৩)ঠাই ডোখৰ ৰঙা হৈ পৰে,

৪)ঠাইডোখৰ উখহে আৰু

৫)ঠাইডোখৰ বা অংগটো অকামিলা হৈ পৰে।

এই গোটেই প্ৰক্ৰিয়াটো যদি আমি কোনো এখন দেশৰ প্ৰতিৰক্ষাৰ লগত তুলনা কৰোঁ, তেন্তে তাৰ কৰ্মব্যৱস্থা ভাবিলে আচৰিত লাগিব। ধৰি লওক, কোনো এখন দেশ বহিঃ শত্ৰুৱে আক্ৰমণ কৰি ক্ষতি কৰিছে। তেতিয়া উক্ত দেশখনৰ প্ৰতিৰক্ষা বিভাগে কি কৰিব? সেই ঠাইডোখৰ উদ্ধাৰ কৰি শত্ৰুক খেদি পথাবৰ বাবে কিছুমান ব্যৱস্থা ল’ব। তাৰ বাবে-

১)তালৈ সৈন্যবাহিনী পথাৰ,

২)সৈন্যবাহিনীৰ চলাচলৰ সুবিধাৰ বাবে বাট-পথ সুচল কৰিব,

৩)সৈন্যৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু ৰচদ-পাতি পথাব অৰ্থাৎ ঠাইডোখৰ উত্তেজনাময় হ’ব,

৪)যুদ্ধ-বিগ্ৰহ হৈ আতংকময় পৰিৱেশ হ’ব আৰু

৫)স্বাভাৱিক ব্যৱস্থাত ব্যাঘাত হ’ব।

একেদৰে ইফ্লেমেচন হোৱা অংশত এই ব্যৱস্থাৰ বাবে তেজত থকা শ্বেত ৰক্ত কণিকাবোৰ প্ৰেৰণ কৰিবৰ বাবে তেজ চলাচল বেছি হোৱাৰ প্ৰয়োজন হয়। সেয়ে উক্ত অংশৰ তেজৰ সিৰা-উপসিৰাবোৰ বহল হয় আৰু তেজ চলাচল বৃদ্ধি হয়। সেয়ে অংশটো ৰঙা হৈ পৰে আৰু উখহে। ৰক্ত কণিকা আৰু বীজাণু বা উত্তেজকৰ মাজত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে অংশটোৰ কোষসমূহ উত্তেজিত হৈ গৰম হৈ পৰে আৰু স্নায়ুবিলাক উত্তেজিত হোৱাৰ ফলত বিষ অনুভৱ হয়। এই ব্যৱস্থাৰ বাবে অংশটোৰ কোষবোৰৰ স্বাভাৱিক কৰ্মক্ষমতা লোপ পায়। এনে অৱস্থাত কেইদিনমান থকাৰ পাছত ঠাইডোখৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। যেনেকৈ যুদ্ধৰ শেষত পৰিস্থিতি শাম কাটিলে সৈন্য বাহিনী তাৰপৰা আঁতৰি যায়, তেনেকৈ ইনফ্লেমেচন নাইকিয়া হৈ অংশটো স্বাভাৱিক হৈ পৰে।

ইতিমধ্যে আমি উল্লেখ কৰিছো যে, ইনফ্লেমেচন এক শৰীৰৰ প্ৰতিৰক্ষাকাৰী প্ৰক্ৰিয়া আৰু ই যিকোনো ধৰণৰ হ’ব পৰা বা হৈ যোৱা ক্ষতিৰ পৰা শৰীৰৰ অংশটোক ৰক্ষা কৰে। এই ব্যৱস্থাটো কেইদিনমানৰ ভিতৰতে সমাপ্ত হয়। কিন্তু কেতিয়াবা এনে ব্যৱস্থাই সময় পাৰ হোৱাৰ লগে লগে ক্ৰমে পৰিৱৰ্তনশীল অৱস্থা পায় আৰু বহুদিন ব্যৱস্থাটো চলি থকাৰ ফলত শৰীৰৰ সেই বিশেষ অংশটোৰ অভাৱনীয় ক্ষতি হয়।

শৰীৰত প্ৰৱেশ কৰা কিছুমান বীজাণু অতি লাহে লাহে বৃদ্ধি হয় আৰু ৰোগটোও অতি লাহে লাহে আৰম্ভ হয়। এনেবোৰ বীজাণুৰ বাবে হোৱা প্ৰতিৰক্ষা ব্যৱস্থাও বেলেগ বেলেগ হয়। আমাৰ শ্বেত ৰক্ত কণিকা তেজত কেইবাবিধো থাকে।

যেনে-

*নিউট্ৰ’ফিল(Neotrophil),

*লিমফ’চাইট(Lymphocytes),

*মনচাইট(Monocytes),

*ইয়’চিন’ফিল(Eosionophils),

*বেচ’ফিল(Basophils)।

এই পাঁচ বিধ শ্বেত ৰক্ত কণিকাৰ ভিতৰত নিউট্ৰ’ফিলবোৰেই প্ৰথমতে যিকোনো বেক্টেৰীয়া বা ভাইৰাচৰ বিপক্ষে যুদ্ধ কৰে। কিন্তু যিবোৰ ৰোগ অতি লাহে লাহে হয় যেনে- যক্ষ্মা(Tuberculosis) কুষ্ঠ(Leprosy) আদিৰ ক্ষেত্ৰত লিমফ’চাইটবোৰে ব্যৱস্থা লয়। ইয়াতো এক মন কৰিবলগীয়া অৱস্থা হয়। লিমফ’চাইটবোৰে পোনপটীয়াকৈ বীজাণুবোৰক আক্ৰমণ নকৰে। যিহেতু এনে ব্যৱস্থাৰে সেইবোৰ বীজাণু ধ্বংস কৰা অসম্ভৱ। সেয়েহে ইহঁতে বীজাণুৰ দ্বাৰা আক্ৰান্ত অঞ্চলটো চাৰিওফালৰ পৰা বেঢ়ি ধৰি ৰাখে। ফলস্বৰূপে লাহে লাহে অঞ্চলটোৰ ইনফ্লেমেচন হয় আৰু এই ব্যৱস্থা কেইবা মাহো বা বছৰো চলি থাকে। যেনেকৈ শত্ৰুক পোনপটীয়াকৈ প্ৰত্যাহ্বান নজনাই কেতিয়াবা প্ৰতিৰক্ষা বিভাগে সিহঁতক চাৰিওফালৰ পৰা বেঢ়ি ৰাখি থয়, এই ধৰণৰ দীৰ্ঘদিনীয়া লিম্পচাইটৰ কামটোও ঠিক তেনে এক ঘটনাই। আমি শুনি থকা যক্ষ্মাৰ মেনিনজাইটিচ(Tubercular Maningitis) বা তেনেধৰণৰ ইনফ্লেমেচনবোৰ এইধৰণৰ লাহে লাহে হোৱা অৰ্থাৎ Chronic Inflammationৰ উদাহৰণ।

আমাৰ বহুতৰে মুখত Sinusitis, Gastritis, Conjuctivitis আদি শব্দবোৰ শুনা যায়। কিন্তু আমি তাৰ অৰ্থ বুজি নোপোৱাকৈয়ে কৈ থাকো, অৰ্থাৎ গেষ্ট্ৰাইটিচ মেনিনজাইটিচ, ফেৰিনজাইটিচ, ব্ৰংকাইটিচ আদি যিমানবোৰ আইটিচ আছে, এইসকলোবোৰেই Inflemationৰ নাম মাথোন।

লেখক: ডাঃ অতুল খাউণ্ড(সাদিন)