অষ্টিওপোৰোচিচ হৈছে হাড়ৰ এবিধ ক্ষয়জনিত ৰোগ। অষ্টিও(osteo) আৰু পৰোচিচ(porosis) শব্দ দুটা লগ হৈ অষ্টিওপৰোচিচ হৈছে। অষ্টিও মানে হাড় আৰু পৰোচিছ মানে হৈছে বিন্ধা বা ফুটা। অৰ্থাৎ বিভিন্ন কাৰণত যেতিয়া হাঁড়বোৰ ক্ষয় যায় তেতিয়া হাঁড় বোৰ বিন্ধাযুক্ত বা ফুটা হৈ যায় তেতিয়া অষ্টিওপৰোচিচ হোৱা বুলি কোৱা হয়। জীৱনৰ আগ বয়সত পুৰণি অস্থিকোষসমূহ নষ্ট হৈ গ'লে তাৰ ঠাইত নতুন অস্থিকোষ সৃষ্টি হয়। এই প্ৰক্ৰিয়া মানুহৰ প্ৰায় 35 বছৰমান বয়সলৈকে চলি থাকে। কিন্তু তাৰ পিছত লাহে লাহে যিটো হাৰত অস্থিকোষ ধ্বংস হয় সেই হিচাপে সিহঁতৰ পুনৰ নিৰ্মাণ নহয়। অৰ্থাৎ হাড়ৰ ঘনত্ব কমি গৈ থাকে। ইয়াৰ ফলতেই অষ্টিওপৰোচিচ ৰোগৰ উৎপন্ন হয়। সাধাৰণতে পুৰুষতকৈ মহিলাসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। অষ্টিওপৰোচিচৰ কাৰণ 35বছৰৰ পিছত সাধাৰণতে এইৰোগত ভুগিব পাৰে। কিন্তু বিশেষকৈ মহিলাৰ ৰজোনিবৃত্তিৰ পিছত এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি।এষ্ট্ৰজেন নামৰ হৰ্মনে হাড়ৰ উৎপাদন কৰাত সহায় কৰে।বয়সৰ লগে লগে মহিলাৰ এষ্ট্ৰজেন নামৰ হৰমনবিধ কমি যায়। তেতিয়া অষ্টিও পৰোচিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বেছি ওখ পাখ মানুহৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। অতিপাত ধূম্ৰপান আৰু মদ্যপান কৰা সকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। খাদ্য তালিকাত যথেষ্ঠ পৰিমানে কেলচিয়াম, ভিটামিন ডি3, মেগনেচিয়াম আদি অন্তৰ্ভুক্ত নোহোৱা কিছুমান ৰোগ যেনে, কেঞ্চাৰ, ৰিউমেতইড আৰ্থৰাই টিছ, বৃক্কৰ ৰোগ আদিত ভুগি থকা লোকসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। কিছুমান ঔষধ যেনে গ্লুকোকৰটিকইড, থাইৰইদ হর্মন, বিভিন্ন ধৰণৰ গেষ্ট্ৰিকৰ ঔষধ, কেমথে ৰাপি আদি ঔষধে এই ৰোগ হোৱাৰ সম্ভাৱনা বহৰায়। আৰাম প্রিয়তা, আৰু শাৰিৰিক ব্যায়ামৰ অভাৱে এই ৰোগৰ সম্ভাৱনিয়তা বঢ়ায়। আনুবংশীক ভাৱেও এই ৰোগ হব পাৰে। লক্ষণ - হাড়ৰ ঘনত্ব কমা, বা হাঁড় ক্ষয় হোৱা প্ৰক্ৰিয়াটো লাহে লাহে হয়। কোনো বিষ দুখ অনুভৱ নহয় বাবে অষ্টিওপৰোচিচ ৰোগৰ কোনো ধৰণৰ বিশেষ লক্ষণ নাথাকে। সাধাৰণ আঘাততেই যেতিয়া হাঁড় ভাগে তেতিয়াহে এই ৰোগৰ উমান পোৱা যায়। কেতিয়াবা আনকি কাঁহ বা হাঁচি মাৰোতেও হাঁড় ভাঙিব পাৰে। হাড়ৰ দুৰ্বলতাৰ বাবে কেতিয়াবা শাৰিৰীক গঠনৰ বিসংগতি হব পাৰে, যেনে ৰাজহাঁড়ৰ দুৰ্বলতাৰ বাবে কিছুমান বয়সস্থ লোক হাউলি পৰা দেখা যায়। কেতিয়াবা ৰোগীয়ে বিষ অনুভৱ কৰিব পাৰে।। সাধাৰণতে এই ৰোগত ৰাজহাঁড়(spine), কামিহাঁড়(ribs), হাতৰ ঠাৰিৰ জোৰা(wrist joint), হিপজইন(hip joint) বেছিকৈ প্ৰভাৱিত হয়। অষ্টিওপৰোচিছ কেনেকৈ ৰোধ কৰিব পাৰি - যথেষ্ঠ পৰিমানে কেলচিয়াম যুক্ত খাদ্য খাব লাগে। গাখীৰ, পনীৰ, দৈ, সেউজীয়া শাক পাচলি, মাছ আৰু মাছৰ কোমল কাঁইট আদিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। ভিটামিন ডি য়ে অষ্টিওপৰোচিছ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই শৰীৰক কেলচিয়াম শোষণ কৰাত সহায় কৰে। সাগৰীয় মাছ, লিভাৰ আদিত ভিটামিন ডি পোৱা যায়। সূৰ্য্যৰ ৰশ্মি ভিটামিন ডিৰ এক প্ৰধান উৎস। খাদ্য বস্তুৰ পৰা ইমান ভিটামিন ডি পোৱা নাযায় যিমানখিনি সূৰ্য্যৰ ৰশ্মিৰ পৰা পোৱা যায়। সেইবাবে নিয়মীয়াকৈ ৰাতিপুৱাৰ ৰ'দ গাত লগাব পাৰিলে খুব ভাল। নিয়মিত শাৰীৰিক ব্যায়াম, যোগাসন আদি কৰিব লাগে। ধূম্ৰপান কৰাৰ পৰা বিৰত থাকিব লাগে। অত্যাধিক মাত্ৰাত মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে। অষ্টিওপৰোচিছৰ বাবে পৰীক্ষা - DEXA(Duel energy X-ray absorptiometry) নামৰ এবিধ বিশেষ ধৰণৰ এক্স-ৰ(X-ray)ৰ সহায়ত হাড়ৰ ঘনত্বৰ মান জুখি অষ্টিওপৰোচিছ হোৱা নোহোৱাটো গম পোৱা যায়। BMD (Bone mineral density) নামৰ পৰীক্ষাৰ দ্বাৰাও হাঁড়ৰ ঘনত্ব জুখি এই ৰোগৰ বিষয়ে গম পোৱা যায়। আধুনিকচিকিৎসা - আধুনিক চিকিৎসা বিজ্ঞানত হাঁড়ৰ ক্ষয় ৰোধ কৰিবলৈ বিছফছফনেত(Bisophosphonate) কেলসিটোনিন(Calcitonin), মহিলাৰ ক্ষেত্ৰত এষ্ট্ৰজেন হৰমন(estrogen hormone),পেৰাথাইৰইড হৰমন(parathyroid hormone) আদি ঔষধি প্ৰয়োগ কৰা হয়। অষ্টিওপৰোচিছৰ আয়ুৰ্বেদিক চিকিৎসা- আয়ুৰ্বেদত বৰ্ণিত অস্থিক্ষয় ৰোগৰ লগত অষ্টিওপৰোচিছক তুলনা কৰিব পৰা যায়। ইয়াক বাতজ ৰোগ বুলি কোৱা হৈছে। অৰ্থাৎ বাত বর্ধক আহাৰ আৰু বিহাৰৰ ফলত হাঁড়বোৰ ক্ৰমে ক্ষয় হবলৈ ধৰে। আকৌ বয়স বাঢ়ি অহাৰ লগে লগে স্বাভাৱিক ভাৱেই শৰীৰত বাত দোষ বৃদ্ধি পায়।মহিলাৰ ক্ষেত্ৰত ৰজোনিবৃত্তিৰ পিছত শৰীৰত বাতদোষ বৃদ্ধি পায়। ফলস্বৰূপে শৰীৰৰ হাঁড় ক্ৰমে ক্ষয় গৈ দুৰ্বল হবলৈ ধৰে। অষ্টিওপৰোচিছৰ বাবে আয়ুৰ্বেদত প্ৰধানকৈ বাতনাশক চিকিৎসা কৰা হয়। তাৰ বাবে অভ্যঙ্গ(ঔষধি দ্ৰব্য বা তেলেৰে শৰীৰৰ মালিচ), পঞ্চকৰ্ম চিকিৎসা অতি উপযোগী। ইয়াৰ উপৰিও ত্ৰিফলা, অশ্বগন্ধা, শতাবৰী, আমলখী, অস্থিশৃংখলা আদি বনৌষধিয়ে হাঁড়ৰ কেলচিয়ামৰ মাত্ৰা বঢ়ায় আৰু হাঁড় ক্ষয় হোৱা ৰোধ কৰে। অষ্টিওপৰোচিছ ৰোধ কৰাৰ বাবে কেতবোৰ প্ৰাকৃতিক বিধান তলত উল্লেখ কৰা হল- নিতৌ এমুঠি তিল খাওক। আপোনাৰ পছন্দ অনুসৰি ইয়াৰ চাটনি বনাইও খাব পাৰে। তিলত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। দৈনিক 4-5 টা কাঠ বাদাম বা এলমণ্ড খাওক। ইয়াত প্ৰচুৰ কেলচিয়াম থাকে। এলমণ্ড পানীত তিয়াই লৈ কোমল হোৱাৰ পিছত খাব লাগে। গাখীৰৰ লগত খাব পাৰিলে বেছি ভাল ফল পোৱা যায়। গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য যেনে পনীৰ, দৈ আদি খাওক। অনাৰস, পালেং শাক, গেহু, বিন আদিত যথেষ্ট পৰিমাণে মেংগানিজ থাকে। মেংগানিজ অষ্টিওপৰোচিছ ৰোধ কৰাৰ বাবে এক উত্তম খনিজ দ্ৰব্য। লেখিকা :- ডাঃ বন্দনা শৰ্মা উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ