কর্কট ৰোগ কর্কট ৰোগ হ’ল কোষৰ বেমাৰ। ইয়াৰ উৎপত্তি বিশেষকৈ কলাতন্ত্রত হয়। বিশেষকৈ ছাল, পৌষ্টিকতন্ত্ৰৰ নলীত, জননতন্ত্ৰ, হাওঁফাওঁ, যকৃত আদিত নিজে নিজে কোষ গঠন হয়। যিবিলাক কোষ সাধাৰণতে, নিয়মীয়াকৈ বাঢ়ে সেইবিলাক হঠাতে একেৰাহে বাঢ়ি টেমুনা হয়। ৰোগৰ কাৰণ তেজৰ দোষ, দুষিত পদার্থ শৰীৰত জমা হোৱা, অখাদ্য বস্তু খোৱা, বিৰুদ্ধ ভোজন কৰা, অতিপাত বিড়ি, চিগাৰেট, ধপাত আদি খোৱা, মদ খোৱা, বেছিকৈ তামোল বিশেষকৈ চুফাৰি খোৱা, দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ বিশেষকৈ খাদ্যপ্রাণ ‘গ’, ‘ক’ আৰু ‘খ’ৰ অভাব হলে এই মাৰাত্মক ৰোগ হ’ব পাৰে। বংশগত হিচাপেও এই ৰোগ হোৱা দেখা যায়। দূষিত বায়ু বা গেছ উশাহ-নিশাহত হাওঁফাওঁলৈ গ’লেও কর্কট ৰোগ হ'ব পাৰে। ৰোগৰ লক্ষণ যিকোনো বা খহু হব পাৰে যিটো সহজে নুশুকায়। বুকু বা শৰীৰৰ যিকোনো ঠাইত সোপা মাৰি বা গোট মাৰি ধৰিব পাৰে। যিকোনো সময়তে তেজ ওলায়। গাত থকা তিল বা কাঠ আচিনাৰ যিকোনো পৰিৱর্তন হব পাৰে। নেৰানেপেৰা অজীর্ণ বা অপৰিপাক। কোনো বস্তু গিলোতে কষ্ট হয়। নেৰানেপেৰা মাত ভঙা, গেনগেনীয়া মাত বা কাহ হয়। অভ্যন্তৰ ভাগৰ নিয়মীয়া অভ্যাসৰ যিকোনো পৰিৱর্তন হব পাৰে। চিকিৎসা সকলো প্ৰকাৰৰ কৰ্কট ৰোগ আৰোগ্য হ’ব পাৰে, যদিহে ৰোগৰ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই উপযুক্ত চিকিৎসা যথা সময়ত কৰা যায়। ১৯৬০ চনত বিশ্ব স্বাস্থ্য সংস্থাই দেখুওৱা প্ৰাৰম্ভণিত কৰ্কট ৰোগৰ চিকিৎসা লোৱাৰ মূল্যাঙ্কনৰ তালিকা তলত দিয়া হ’ল। কৰ্কট ৰোগৰ প্ৰকাৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভণিতে আৰু পলমকৈ চিকিৎসা লোৱা শতকৰা আৰোগ্য লোকৰ পৰিমাণ প্ৰাৰম্ভিক অৱস্থাত পলমকৈ ১) স্তনৰ কৰ্কট ৰোগ ৭৮ ৩৬ ২) জৰায়ুৰ কৰ্কট ৰোগ ৭০ ৩৫ ৩) থুতৰিৰ কৰ্কট ৰোগ ৯০ ১৫ ৪) ছালৰ কৰ্কট ৰোগ ৯৫ ৪০ ৫) মলধাৰ কৰ্কট ৰোগ ৪০ ৩ ৬) মূত্ৰস্থলিৰ কৰ্কট ৰোগ ৫৫ ৫ ৭) বৃহদান্ত্ৰৰ কৰ্কট ৰোগ ৮৫ ১৪ বন দৰব প্ৰথম অৱস্থাত ৰোগীক ২ দিন সম্পূৰ্ণ উপবাস কৰোৱাই দৈনিক ২০ গ্রাম আঙুৰৰ ৰস খাবলৈ দিলে (একেৰাহে এমাহ) এই ৰোগ প্রায় আৰোগ্যৰ পথলৈ আহে। নিয়মীয়াকৈ ৫/৬ ফুট নহৰু খালে পেটত কৰ্কট ৰোগ কেতিয়াও হব নোৱাৰে। পেটত এই ৰোগে আক্রমণ কৰাৰ প্রথম অৱস্থাত নহৰু ১ টা পিহি তাৰ ৰসত অলপ পানী মিহলি কৰি একেৰাহে ১৫/২০ দিন খালে পেটৰ কর্কট ৰোগ ভাল হয়। বেহুৰ পাত, ঠাৰি খুন্দি তাৰ ৰস এগিলাচকৈ ৰাতিপুৱা-গধূলি দিনে ২ বাৰকৈ একেৰাহে এমাহ খালে (কর্কট ৰোগ প্রাৰম্ভিক অৱস্থাত) কর্কট ৰোগ ভাল নোহোৱাৰ কাৰণ নাই। ৰসখিনি উলিয়াই বেছি সময় থৈ দিব নালাগে, লগে লগে খাব লাগে। আধা কাপ ঘেহু ধুই তাক ২ কাপ জোখৰ পানীত তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালি পেটত খালেও (ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত) এই ৰোগ ভাল হয়। নয়নতৰা বা পিয়ালী কুঁৱৰীৰ পাতৰ ৰস অতি উপকাৰী। নিতৌ ২০০ গ্ৰামকৈ কেচা গাজৰ খালেও যথেষ্ট উপকাৰ পোৱা যায়। কেঁচা হালধিৰ ও চামুচ ৰস সমান পৰিমাণৰ গাজৰৰ ৰসৰ সৈতে খাব লাগে। পথ্য আঙুৰ, আপেল, খেজুৰী, গাজৰ, ধাৰোঞ্চ দুগ্ধ, দৈ, সুমথিৰা টেঙাৰ বস, বিলাহী, ৰসাল ফল-মূল, আটা, ময়দা আদি উপকাৰী। নহৰু, মৌজোল সুপথ্য। ত্রিফল, অমিতা আৰু অমিতাৰ আঠা খালে যথেষ্ট উপকাৰ পোৱা যায়। পদিনাৰ ৰস, ফুলকবি, কলীয়া কচুৰ ঠাৰি আৰু পাত খোৱা ভাল। আমলখি, ত্ৰিফলা, গোলনেমু, ভাতঘিলা ছালৰ ৰস উপকাৰী। ক’লা তুলসীৰ ৰস, ছালকুঁৱৰী, গুলন্সৰ ৰস সুপথ্য। অপথ্য বিড়ি, চিগাৰেট, ধঁপাত, ভাং, মদ, চাহ, কফি খোৱা অত্যন্ত বেয়া। মাছ, মাংস, কোমোৰা, পিয়াজ, কেঁহা বস্তু, অধিক মছলা, আনাৰস খোৱা বেয়া। দূষিত বায়ু আৰু বিষাক্ত গেছৰ পৰা সদায় বিৰত থাকিব লাগে। পৰিশ্ৰম কৰিব নালাগে। তামোল খোৱা বেয়া। অনিদ্রা ৰোগ ৰোগৰ কাৰণ গভীৰ চিন্তা, হজম শক্তি কমিলে জ্বৰ আৰু কিছুমান জটিল ৰোগত অনিদ্ৰা ৰোগ হয়। তদুপৰি পেটত ভোক, অতিপাত গৰম বা ঠাণ্ডা আৰু বয়সস্থ লোকৰ সাধাৰণতে টোপনি কম হয়। লেতেৰা আৰু আৰামদায়ক নোহোৱা সাজ-পাচাক আৰু টান বিচনাৰ কাৰণেও অনিদ্রা ৰোগ হয়। স্নায় দুর্বল হলেও অনিদ্রা ৰোগ হয়। ৰোগৰ লক্ষণ টোপনি কম আৰু মূৰৰ বিষ হয়। বন-দৰব পিপলিৰ ২০ গ্রাম আৰু অলপ গুৰ মিহলি কৰি খালে ভাল টোপনি হয়। নেমুৰ ৰস ভাল সৰিয়হ তেল ভৰিৰ তলুৱাত সানিলে সুনিদ্ৰা হয়। দৈৰ লগত জালুক মিহলি কৰি অলপ চেনি দি খালে ৰাতি ভাল টোপনি আহে। ৫ চামুচ ৰঙা পিয়াঁজৰ ৰসেই অনিদ্রা ৰোগ আৰোগৰ কাৰণে যথেষ্ট। ১০০ গ্ৰাম চফগুটি আধা লিটাৰ পানীত উতলাই আধা ভাগ হ’লে তাক চেকি গৰুৰ গাখীৰ ২৫০ মি:লি: আৰু ১৫ গ্ৰাম ঘিউৰ লগত অলপ চেনি মিহলাই খালে অনিদ্রা ৰোগ নাশ হয়। জায়ফল পিহি ঘিউত মিহলি কৰি অলপ পানী দি লেপথেপিয়া কৰি কপালত লগালে টোপনি আহে। সৰ্পগন্ধাৰ শিপাৰ ৰস ২০ মি:লি: উলিয়াই তাত সামান্য পানী মিশ্ৰণ কৰি খাদ্য খোৱাৰ আধা ঘণ্টাৰ পাছতে খাব লাগে। মানিমুনি শাক দিনে ২০০ গ্রামকে আঞ্জা কৰি খোৱা ভাল। ২০০ মিঃ লিঃ টেঙেচি টেঙাৰ ৰস ১০০ মিঃ লিঃ গাখীৰত মিহলাই খাব লাগে। মেদেলুৱা গছৰ কুমলীয়া পাত ৩/৪ খনি পিহি ৰাতি শোৱাৰ আগতে খালে সুন্দৰ টোপনি আহে। পথ্য পূৰৈশাক, মানিমুনি, দোৰোণ বন, টেঙেচি টেঙা, ম’হৰ গাখীৰ সুপথ্য। ভাং গছৰ কোঁহ আঞ্জা কৰি খাব লাগে। পাতেগজাৰ পাত খুন্দি মূৰত প্ৰলেপ দিব লাগে। ভীমকল, অশ্বগন্ধা, মানিমুনি, কোমোৰা, মৰিচা শাক সুপথ্য। অপথ্য সহজে হজম নোহোৱা বস্তু টান বস্তু খাব নালাগে। মাদক দ্রব্য, ধপাত জাতায় বস্তু অপথ্য। বাত বিষ ৰোগৰ কাৰণ ই বংশগত ৰোগ বুলি বহু চিকিৎসকে কয়। দেহত ইউৰিক এচিদ জমা হ’লে হ’ব পাৰে। নিয়মীয়াকৈ পৰিশ্ৰম নকৰা লোকৰ এই ৰোগ বেছি। সাধাৰণতে পুৰুষতকৈ তিৰোতাৰ বাত বিষ বেছিকৈ হোৱা দেখা যায়। ৪০ বছৰৰ পাছত এই ৰোগে সাধাৰণতে দেখা দিয়ে। অধিক প্ৰটিনযুক্ত খাদ্য খালেও হ'ব পাৰে। ৰোগৰ লক্ষণ আঙুলিৰ গাঠিবোৰ উখহি পৰে, গাঁঠিয়ে গাঠিয়ে বিষ হয়। হাত কোচোৱা মেলাত অসুবিধা হয়। পিছত ভৰিৰ গাঠিবোৰ উখহে আৰু বিষ হয়। বন দৰব নহৰু এটা থেতেলি মাখনৰ সৈতে খালে বাত ৰোগ নিৰাময় হয়। গাঁঠিৰ বিষ হ’লে তিনিটা কেৰেলা পিহি তাৰ ৰসেৰে মালিচ কৰিব লাগে। কেঁচা হালধিৰ ৰস দিনে বাত বিষৰ কাৰণে খুব উপকাৰী। বহুদিনীয়া পুৰণি বাত বিষো ভেদাইলতাৰ ৰসে ভাল কৰা দেখা গৈছে। এই ক্ষেত্ৰত ভেদাইলতাৰ তৰকাৰী খাব লাগে বা চাটনি কৰি খাব লাগে নহৰুৰ লগত। এৰা গছৰ সকলো অংশই বাত বিষৰ উত্তম বন দৰব। বাত বিষত এৰা গছৰ তেলেৰে মালিছ কৰিব লাগে। বাত বিষত ফুলি উঠিলে কপাহৰ পাত খুন্দি উখহা ঠাইত প্রলেপ দি কিছু সময় ৰাখিব লাগে। সিজু পাত থেতেলিয়াই এৰি তেল বা অন্য যিকোনো তেলৰ লগত মিহলাই প্রলেপ দিলে বাত বিষ বা ইয়াৰ ফলত হোৱা অন্যান্য ৰোগ আৰোগ্য হয়। কাটাহী বেঙেনাৰ ঠাৰিৰ লগত জালুকৰ গুড়া মিহলাই খালে বাত বিষ নাশ হয়। পাত খুন্দি প্রলেপ দিলেও বিষ কমে। চজিনা গছৰ ছালৰ গুড়া ৫ গ্রাম ব্যৱহাৰ কৰিলে বাত ৰোগ ভাল হয় আৰু ইয়াৰ গুটিৰ পৰা তৈয়াৰ কৰা তেলেৰে মালিচ কৰিলে পুৰণি বাত বিষো নাশ হয়। বাত বিষৰ কাৰণে কপৌফুল উত্তম মহৌষধি। দিনে একোটাকৈ ওলকচু তেতেলী পাতৰ সৈতে সিদ্ধ কৰি খালে পুৰণি বাতৰোগ ভাল হোৱা দেখা যায়। হাড়জোৰোৱা লতাৰ ওপৰৰ ছাল এৰুৱাই বাকী মাংসল অংশ ৰ’দত শুকুৱাই গুড়ি কৰি তাত যিকোনো দাইল বটি তাক তিল তেলত ভাজি কেইদিনমান খালেই সকলো প্ৰকাৰৰ বিষ নাইকিয়া হয়। শাওঁলতাৰ ৰস ২৫ মি:লি: দিনে ২ বাৰ খাব লাগে। নহৰু, শুকান আদা, পচতীয়া পাতৰ ক্কাথ কৰি এড়ি তেলৰ লগত ব্যৱহাৰ কৰিলে বাত বিষ ভাল হয়। প্ৰতিদিনে তিনি সাজকৈ ওলকচু খাব লাগে। চাউলৰ পৰা তৈয়াৰ কৰা পানীয় ৩০০ মি:লি:, কুচিয়াৰ সৈতে খাব লাগে। বচ তেলেৰে মালিচ কৰিব লাগে। আকণৰ পাতত ঘিউ সানি গৰম কৰি সেক দিব লাগে। পচতীয়াৰ পাত কেঁচা নহৰুৰ সৈতে চাটনি কৰি খাব লাগে। পথ্য চজিনা, জিলমিল, খুটুৰা, নৰসিংহৰ পাত, অমিতাৰ আঠা, থেকেৰা টেঙা, শেৱালী ফুল, আদা, জালুক, পিপলি, মৌ, হালধি, মহানিমৰ পাত, নিমপাত, অৰ্জুন গছৰ ছালৰ ৰস, শিঙাপাত উপকাৰী। অমৰা ছালৰ ৰস উপকাৰী। নহৰু পিহি সৰিয়হ তেলৰ সৈতে মালিচ কৰিব লাগে। ভেদাইলতা, পচতীয়া, হালধিৰ ৰস সুপথ্য। গা ধোওঁতে সদায় গৰম পানীৰে গা ধুব লাগে। গা ধোৱা পানী গৰম কৰোতে এমুঠি পচতীয়া পাত খুন্দি দিলে সুফল পোৱা যায়। অপথ্য খেচাৰী দাইল, উৰহী, কেৰেলা, শুকান মাছ, গাগল মাছ, কেহা বস্তু খোৱা বেয়া। মাংস একেবাৰে খাব নালাগে। মচুৰ দাইল, মাটি দাইল, বিলাহী, বন্ধাকবি, চয়াবিন অপথ্য। পুংশক্তিহীনতা বা নপুংশক ৰোগৰ কাৰণ এই ৰোগ আগছাল টিপা মৰা, থাইৰয়ড গ্ৰন্থি আৰু পিটুইটাৰী গ্ৰন্থি দোষৰ বাবে, স্নায়ুকেন্দ্ৰৰ ৰোগৰ বাবে বহুমূত্ৰ ৰোগ আদিৰ কাৰণে হ’ব পাৰে। শুক্ৰৰ পৰিমাণ কমি গ’লেও এই ৰোগ হয়। ৰোগৰ লক্ষণ লিংগ সৰু হৈ যায়। প্ৰজনন শক্তি নাথাকে। বন দৰব ৬২ গ্ৰাম নহৰু দেশী গৰুৰ ঘিউৰ লগত খালে নপুংশতা দূৰ হয়। এনেদৰে একেৰাহে এমাহ খাব লাগে। অশ্বগন্ধাৰ শিপা ১০ গ্ৰাম+শতমূলৰ আলু ২০ গ্ৰাম+বান্দৰ কেকোৰাৰ বীজ ১০ গ্ৰাম মিহলি কৰি খাব লাগে। গৰ্ভপাত কৰোৱাবলৈ চজিনা গছৰ ছাল খুন্দি তাৰ ৰস খুৱাব লাগে। লাটুমণি গুটি খুন্দি তাৰ ৰস খুৱালে ভ্ৰুণ নষ্ট হয়। অমিতাৰ আঠা বা কেঁচা অমিতা খালে ভ্ৰুণ নষ্ট হয়। শিলিখা ৬/৭ টা বা মাটিকঠাল খুৱাব লাগে। ভীমকলৰ খাৰ আধা কাপ খুৱাব লাগে। গল গণ্ড বা গলৰ ৰোগ বগা অপৰাজিতাৰ শিপাৰ ৰস ৬ গ্ৰাম আৰু গৰুৰ ঘিউ ৬ গ্ৰাম মিহলি কৰি দৈনিক ২ বাৰকৈ একেৰাহে এমাহ মান খাব লাগে। দিনে ৭৫ গ্ৰামকৈ পিয়াজ বা নহৰু একেৰাহে প্ৰায় এমাহ খাব লাগে। পথ্য পিয়াজ, নহৰু, আদা, কলীয়া কচুৰ ঠুৰি, মিছা মাছ উপকাৰী। চিটিকা ঘা এই ঘা খহুৰ দৰে হৈ এঠাইৰ পৰা আন এঠাইলৈ সহজে বিয়পে। ভোমোৰা গুটিৰ ওপৰৰ বাকলিটো ভালদৰে খুন্দি ঘাত প্ৰলেপ দিলে ঘা সহজে শুকায়। দুবৰি বন আৰু কেঁচা হালধি খুন্দি লগালে চিটিকা ঘা ভাল হয়। ভৰিৰ আঙুলিত পানীয়ে খোৱা জেতুকাৰ পাত আৰু হালধি খুন্দি পানীয়ে খোৱা ঠাইত লগাই থ’ব লাগে। পুৰণি অমৰা লগাব লাগে। তপা শেৱালী গুটি ১০/১২ টা মান ভালদৰে খুন্দি মূৰত প্ৰলেপ দিলে তপা মূৰত চুলি গজে। গুহ্যদ্বাৰ বাহিৰ হৈ যোৱা পটলৰ পাত আৰু ষষ্টিমধু সম পৰিমাণৰ লৈ তাক ছাগলী গাখীৰৰ লগত বটি গুহ্যদ্বাৰত কিছু সময় প্ৰলেপ দিব থ’ব লাগে। ধতুৰা পাত খুন্দি গুহ্যদ্বাৰত প্ৰলেপ দিব লাগে। টেঙেচি টেঙাৰ পাত ১০০ গ্ৰামকৈ দিনে ২ বাৰকৈ খাব লাগে। আহুদি উলিওৱাৰ বন দৰব কণিবিহৰ গুটি এটাৰ তিনিভাগ কৰি এভাগত ২১ চকল মৰাণ আদা, ৩ খন পাণ আৰু ১ টা তামোল চকলিয়াই তিনি ভাগ, সূৰ্যকান্তি গছৰ আলু ২১ চকল লৈ মিশ্ৰণখিনি তিনিভাগ কৰিব লাগে। তাৰ পাছত তামোল পাণত ভাগ কৰি লোৱা তিনিও ভাগ ঔষধ এভাগ কৰি ইখনৰ পিছত সিখন খাব লাগে। খোৱাৰ আধা ঘন্টাৰ পাছত এগিলাচ গাখীৰ খোৱা উচিত। প্ৰস্ৰাৱ ৰৈ ৰৈ পৰিলে কেঁচা চালগোম আৰু মূলা ২/৩ একেলগে পিহি খাব লাগে। দুপৰীয়া টেঙাৰ পাতৰ ৰস ৫ চামুচকৈ দিনে ২ বাৰ খাব লাগে। শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ নাইকিয়া হয়। বাসক তিতাৰ পাতৰ ৰস সানিলে গৰম দিনত গাৰ পৰা ওলোৱা দুৰ্গন্ধ নাশ হয়। পদিনা চাটনি কৰি খালেও গাৰ পৰা ওলোৱা দুৰ্গন্ধ নাইকিয়া হয়। নাৰেঙা ৰোগ নাৰেঙাৰ বিষত জ্বৰ হ’লে চজিনাৰ ৰস ২৫ মি:লি: দিনে ১ বাৰ খালে জ্বৰ আৰু বিষ নাইকিয়া হয়। ধতুৰা পাত বা চজিনা ছাল খুন্দি গৰম পানীৰে সেক দিলে বিষ কমে আৰু ফুটি পূঁজ বাহিৰ হয়। বিহমইনাৰ গুটি, ছাল আৰু আগ খুন্দি প্ৰলেপ দিলে সকলো প্ৰকাৰৰ নাৰেঙা ৰোগ ভাল হয়। কলিজাৰ বিষ পকা তেতেলিৰ ৰস ১০ মি:লি: অলপ মিচিৰি মিহলাই খাব লাগে। দিনে ২/৩ বাৰখালে বিষ নাইকিয়া হয়। প্ৰস্ৰাৱত বীৰ্য যোৱা ছয় গ্ৰাম ঘেঁহু এবাতি পানীত তিয়াই ৰাখি পিছদিনা ৰাতিপুৱা অলপ চেনি দি খালে ভাল হয়। এনেদৰে একেৰাহে ৭ দিন খাব লাগে। বাদাম ৬ টা, জলকীয়া গুটি ৬ টা, মিচিৰি মিহলি কৰি ৰাতিপুৱা ২০০ মি:লি: গাখীৰ খোৱাৰ পাছতে খাব লাগে। নাড়ীৰ ৰোগ নাইত বা নাড়ীৰ যিকোনো ৰোগ হ’লে বিশুদ্ধ সৰিয়হ তেল গৰম কৰি লগালে ভাল হয়। আঙুল হাড়া আঙুল হাড়া পকাবৰ কাৰণে সৰু সোণবৰিয়ালৰ ৪/৫ খন পাত খুন্দি আঙুলিত এৰাতি বান্ধি ৰাখিব লাগে। পকিলে ১০/১৫ খন মহানিমৰ পাত গৰুৰ ঘিউত ভাজি সেই ঘিউ আক্ৰান্ত অংশত লগাব লাগে। সৰ্বসিদ্ধি পাত খুন্দি লগালে বিষ কমে। শামুকীয়া গোৰোহা গৰম পানীৰে ধুই তাত নাৰিকল তেল সানিব লাগে। নাক সোপা মাৰি ধৰা বক ফুল আৰু পাত ২৫ গ্ৰাম ভালদৰে খুন্দি নাকেৰে শুঙিব লাগে। এনেদৰে কেইবাৰ মান শুঙিলে নাক সোপা মাৰি ধৰা ৰোগ ভাল হয়। দোৰোণ বনৰ পাতৰ ৰস নাকত টোপ-টোপকৈ পৰিবলৈ দিলে নাক সোপা মাৰি ধৰা ৰোগ আৰোগ্য হয়। মৰাণ আদা, মৌজোল আৰু তুলসীৰ ৰস খাব লাগে। লাইজাবৰি পাতত দি তাৰ ভাপ নাকেৰে শুঙিব লাগে। গাৰ ছালৰ ওকণি ধতুৰা পাতৰ ৰস ঘঁহিলে গাৰ ছালত হোৱা ওকণি সহজে মৰে। শৰীৰৰ ভিতৰত ফোঁহা চজিনাৰ শিপাৰ ৰস ২৫ মি:লি: সম পৰিমাণৰ মৌজোল মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়। মেদ ৰোগ এই ৰোগত শৰীৰ অস্বাভাৱিকভাৱে শকত হয়। অলপ কষ্টকৰ কাম কৰিলেই ভাগৰ লাগে। এৰাপাতৰ খাৰ, খোৱা হিংৰ লগত ব্যৱহাৰ কৰিলে মেদ কমি শৰীৰৰ গঠন স্বাভাৱিক হয়। ফিটা পেলু ডালিম গছৰ শিপাৰ ছাল খুন্দি তাক গৰম কৰি খাব লাগে। দিনে তিনিবাৰ খালেই ফিটা পেলু মৰি শৌচৰ লগত বাহিৰ হৈ যায়। পলাশৰ বীজ খুন্দি তাৰ ৰস ৫ মি:লি: দিনে ২ বাৰ খাব লাগে। দহি কচুৰ ঠাৰি আঞ্জা কৰি খোৱা ভাল। অমিতা গুটিৰ গুড়া অলপ মৌৰ সৈতে খালে ফিটা পেলু মৰে। দন্তক্ষয় ৰোগ দোৰোণ পাতৰ ৰসেৰে দিনে তিনিবাৰকৈ মুখ কুলকুলিয়াব লাগে। কামোত্তেজনা হ্ৰাস কৰিবলৈ কাম উত্তেজনা হ্ৰাস কৰিবলৈ হ’লে ৰাতিপুৱা তিনিটা কেঁচা বেলপাত চোবাই খাব লাগে। অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাৱ হ’লে তুলসী পাতৰ ৰস ২৫ মি:লি: মিচিৰি গুড়া মিহলি কৰি খাব লাগে। দিনটোত এনেদৰে তিনিবাৰ খালে ৰোগ ভাল হয়। কাণত ঘা হৈ পোক হ’লে পদিনাৰ ৰস কাণত দিলে পোক সহজে মৰে। ভেড়াৰ মূত আৰু সৈন্ধৱ লৱণ মিহলি কৰি কাণত দিলে কাণৰ পোক মৰে। গুল্ম ৰোগ দুশ গ্ৰাম পৰিমাণৰ গৰম গাখীৰত ১৫ মি:লি: নহৰুৰ ৰস মিহলাই খাব লাগে। ২৫০ গ্ৰাম গৰম গৰুৰ গাখীৰত ২০ গ্ৰাম ক’লা তিল পিহি তাত অলপ চেনি মিহলি কৰি কিছুদিন খালে গুল্মৰোগ ভাল হয়। পিপলি আৰু ইয়াৰ শিপা, আঞ্জাচিতা, বগা বীজ আৰু সৈন্ধৱ লৱণ এই আটাইকেইটা বস্তু ভালদৰে খুন্দি খাদ্যৰ লগত ব্যৱহাৰ কৰিলে গুল্মৰোগ উপশম হয়। যোনিৰ ঘা ডালিমৰ ৰসেৰে যোনি ভালদৰে ধুব লাগে। যোনিত খজুৱতী হ’লে আমলখিৰ ৰসত চেনি মিহলি কৰি খাব লাগে আৰু আমলখিৰ ৰসেৰে যোনি ধুব লাগে। নিমপাত সৰিয়হৰ তেলত ভাজি যোনি মালিচ কৰিলে যোনিৰ খজুৱতী ভাল হয়। অনন্তমূলৰ পাতৰ ৰসেৰে যোনি ধুলে যোনিত হোৱা ঘা ভাল হয়। মজ্জাগত বিষ পিপলিৰ গুড়াৰ লগতে অপৰাজিতাৰ শিপাৰ ৰস খালে বিষ নাইকিয়া হয়। নখচুকীয়া জেতুকা পাতৰ ক্কাথ, কেঁচা গোঁৱৰৰ সৈতে মিহলি কৰি লগালে নখচুকীয়া ৰোগ ভাল হয়। শুকান শিলিখা গুড়ি অলপ পানীত তিয়াই নখৰ গুৰিত বান্ধি থ’ব লাগে। কণিবিহৰ গুটি এফাল খুন্দি নখত কিছু সময় লগাই থ’লে ভাল হয়। বেত এডোখৰ ফালি এটা মূৰ জোঙা কৰি নখৰ গুৰিত লগাই আনটো মূৰত জুই জ্বলাই দিলেও নখচুকীয়া ভাল হয়। নখত হোৱা খৰ দুই ফুটা নহৰু খুব মিহিকৈ খুন্দি নখৰ ওপাৰত সানি এৰাতি তাক বান্ধি ৰাখিব লাগে। কণিবিহৰ গুটি এটাৰ চাৰি ভাগৰ এক ভাগ ভালদৰে খুন্দি নখত কিছু সময় বান্ধি থ’লে নখৰ খৰ ভাল হয়। মলৰোধ ৰোগ দোৰোণ বন, অমিতা, কচুৰ পাত, কোমোৰা, মাটি কঠাল, আমলখি, শিলিখা, ত্ৰিফলা, আমৈলতাৰ ক্কাথ গুৰৰ লগত খাব লাগে। টুবুকী লতাৰ ৰস ১০ মি:লি: দিনে ২ বাৰকৈ খাব লাগে। আমৰ ৰস, আমলখি, ক’লাজামু, বিলাহীৰ ৰস, নহৰু উপকাৰী। ই পাচন শক্তি বৰ্দ্ধক। ২ টা লং পিহি একাপ পানীত মিশ্ৰণ কৰি খাব লাগে। আহাৰ খোৱাৰ পাছত ৫ খিলা তুলসীৰ পাত খালে পেট খোলোচা হয়। প্ৰসূতিৰ নাড়ীৰ বিষ পচতীয়াৰ পাতৰ ক্কাথ কৰি দিনে ২ বাৰকৈ খাব লাগে।