সাধাৰণতে মানুহে কোৱা “জণ্ডিচ” এবিধ বেমাৰ নহয়– ৰোগৰ লক্ষণহে৷ জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী “জৌনে” শব্দৰ পৰা – যাৰ অৰ্থ হ’ল হালধীয়া৷ চকুৰ বগা অংশ, শৰীৰৰ ছালৰ বৰণ হালধীয়া হলে; প্ৰসাবৰ ৰঙ হালধীয়া হলে সাধাৰণতে জণ্ডিচ হোৱা বুজায়৷ লিভাৰৰ, পিত্তথলীৰ(গলব্লাডাৰ) বা পেনক্ৰিয়াচৰ অসুখ হলে মানুহৰ জণ্ডিচে দেখা দিয়ে৷ ঠিক যি দৰে জ্বৰ এবিধ ৰোগ নহয় – ৰোগৰ লক্ষণহে৷

*মেলেৰিয়া,

*টাইফয়েড,

*টিবি,

*নিউমোনিয়া,

*খহু বা অইন যি কোনো বেমাৰৰ এটা লক্ষণ জ্বৰ হব পাৰে৷

জণ্ডিচ লিভাৰৰ ভাইৰেল হেপাটাইটিচ (তাৰো আকৌ এ,বি,চি আৰু বেলেগ কেইবাবিধো আছে), এলকহলিক লিভাৰৰ অসুখ, চিৰচিচ, লিভাৰৰ টিউমাৰ আদি হলে দেখা দিব পাৰে৷ পেনক্ৰিয়াচৰ অসুখ পেনক্ৰিয়াটাইটিচ নাইবা পেনক্ৰিয়াচত টিউমাৰ হলে জণ্ডিচ এটা লক্ষণ হব পাৰে৷

পিত্তথলীৰ বিভিন্ন অসুখ যেনে পিত্তত পাথৰ বা টিউমাৰ হলে জণ্ডিচ হব পাৰে৷

জণ্ডিচৰ কাৰণ জানিবলৈ আৰু ৰোগৰ গভীৰতা বুজিবলৈ ন্যুনতম কৰিবলগীয়া পৰীক্ষা সমূহ হ’ল -

*প্ৰসাবৰ পৰীক্ষা,

*তেজৰ তেজৰ ৰুটিন পৰীক্ষা (TC, DLC, ESR, Hemoglobin),

*বিলিৰুবিন,

*SGOT,

*SGPT,

*Alkaline phosphatase,

*serum Electrolytes,

*এমাইলেজ,

*লাইপেজ,

*Card test for Hepatitis-B,

*Hepatitis-C;

*বুকুৰ এক্সৰে আৰু পেটৰ আলট্ৰচাউণ্ড কৰোৱাটো অতি লাগতিয়াল৷

এই পৰীক্ষা সমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা হয় আৰু ৰোগৰ গভীৰতা ঠাৱৰ কৰা হয়৷ সচৰাচৰ কৰা এই পৰীক্ষাখিনিৰ বাহিৰেও পিত্তনলীৰ আৰু পেনক্ৰিয়াচৰ ৰোগৰ সবিশেষ জানিবলৈ চিটি স্কেন, এম আৰ আই স্কেন আৰু এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড ক’লেঞ্জিঅ’ পেনক্ৰিয়াটগ্ৰাফি (ERCP) আদি উন্নত পৰীক্ষাৰ সহায় লবলগীয়া হয়৷

লিভাৰৰ কেঞ্চাৰ সন্দেহ হলে লিভাৰৰ বায়প্সি কৰিলগীয়া হব পাৰে৷ এইখিনিতে কেৰোটিনেমিয়া (Catotenemia) নামৰ এক অৱস্থাৰ বিষয়ে পাঠকক অৱগত কৰাব খুজিছো৷গোটা খাদ্য খাবলৈ আৰম্ভ কৰা কিছুমান শিশুৰ এনে অৱস্থা দেখা দিব পাৰে৷

তেওঁবিলাকৰ ছালৰ বৰণ হালধীয়া হৈ পৰে, বিশেষকৈ হাতৰ আৰু ভৰিৰ তলুৱাৰ৷ কিন্তু চকুৰ পতা আৰু মুখৰ ভিতৰৰ ছাল (Mucus membrane) কেতিয়াও হালধীয়া নহয়৷ ই এক বিপদজনক অৱস্থা নহয়৷

অধিক বিটা-কেৰটিনযুক্ত খাদ্য খাদ্য খুউৱাৰ ফলত কেৰোটিনেমিয়া হয়৷ গাজৰ,ৰঙালাউ, মিঠা আলু, ব্ৰুকলি আৰু বিভিন্ন সেউজীয়া শাক-পাচলিত বিটা-কেৰটিন থাকে৷ বিটা-কেৰটিন হ’ল ভিটামিন-এৰ উৎস আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে এক অতি লাগতিয়াল তত্ব৷ কিন্তু অনিয়ন্ত্ৰিত ব্যৱহাৰো যে শৰীৰৰ উপযোগী নহয় ইয়েই প্ৰমাণ কৰে৷

মানুহৰ তেজৰ ৰক্ত কণিকাৰ(Red Blood Cell) উৎপত্তি হাড়ৰ মজ্জাত (Bone Marrow) হয়৷ আমাৰ শৰীৰৰ বৃক্কই (Kidney) এৰিথ্ৰপয়েটিন (Erythropoetin) নামৰ হৰমনৰ যোগান ধৰি হাড়ৰ মজ্জাক ৰক্ত কণিকা সৃষ্টিত অৰিহনা যোগায়৷ ৰক্ত কণিকাৰ আয়ুস ১২০ দিন৷ ৰক্ত কণিকাই শৰীৰৰ বিভিন্ন কোষক অক্সিজেনৰ যোগান ধৰে৷

ৰক্ত কণিকা লিভাৰ আৰু প্লীহাত (Spleen) ভাঙিলে তাৰ ‘হীম’ বা লৌহ অংশৰ পৰা পৰা ‘বিলিৰুবিন’ (Bilirubin) নামৰ হালধীয়া পদাৰ্থ বিধ বাহিৰ হয়৷ বিলিৰুবিন লিভাৰৰ পৰা নিৰ্গত হোৱা বাইল(Bile) ৰসৰ লগত ওলাই গৈ আমাৰ পাক-প্ৰণালীত পৰি শৌচৰ যোগেদি বাহিৰ হয়৷ বাইল ৰসে আমাৰ খাদ্যক হজম হোৱাত সহায় কৰে৷

লিভাৰৰ পৰা বিলিৰুবিন ওলোৱা বাধা প্ৰাপ্ত হলে শৰীৰৰ কোষত বিলিৰুবিন জমা হয়৷ তেজত সাধৰনতে ০.২ ৰ পৰা ০.৮ মিলিগ্ৰাম % বিলিৰুবিন থাকে৷ তেজত ১.৫ মিলিগ্ৰাম %ৰ ওপৰৰ পৰিমাণৰ বিলিৰুবিন হলে জণ্ডিচে দেখা দিয়ে৷

জণ্ডিচৰ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহক সাধাৰণতে এনেকুৱা –

১) ৰক্ত কণিকাৰ অতি মাত্ৰা ভংগুৰণ (Breakdown) হলে যেনে মেলেৰিয়া , কে্ঞ্চাৰ, ঔষধৰ বিষক্ৰিয়াৰ ফলত৷

২) লিভাৰ ভাইৰাচ ৰোগত আক্ৰান্ত হলে৷

৩) পিত্তত পাথৰ বা কেঞ্চাৰ হলে৷ পিত্তনলীত পেলু জাতীয় পৰাশ্ৰয়ী জীৱই প্ৰৱেশ কৰি বাইলৰ প্ৰবাহ বন্ধ কৰিলে, কোনো ৰোগৰ ফলত পিত্তনলী শুকাই সংকুচিত (Stricture) হলে৷

৪) পেনক্ৰিয়াচৰ অসুখ বা টিউমাৰ হলে৷ এইবিলাকৰ ওপৰিও কেতিয়াবা গৰ্ভৱস্থাত মহিলা গৰাকীৰ জণ্ডিচে দেখা দিব পাৰে৷ তেতিয়া চিকিৎসক কাষ চপাটো অত্যন্ত আৱশ্যকীয়, কিয়নো ই সদায় সাধাৰণ নহৈ কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷

আনহাতে নৱজাতকৰ জণ্ডিচ সাধাৰণতে দুসপ্তাহৰ ভিতৰত নাইকীয়া হব লাগে৷ নৱজাতকৰ জণ্ডিচত কেতিয়াবা ফটো-থেৰাপি দিবলগীয়া হয়৷এটা কথা মনত ৰাখিবলগীয়া – মাতৃ আৰু সন্তানৰ তেজৰ আৰ এইচ ফেক্টৰৰ অমিল হলে নৱজাতকৰ গুৰতৰ জণ্ডিচ হয়৷কিছুমান বংশগত বা জন্মগত এনিমিয়া ৰোগতো জণ্ডিচে দেখা দিয়ে৷ এইবিলাকৰ ভিতৰত থেলাচেমিয়া, চিকল চেলএনিমিয়া , জি৬পিডিৰ অভাৱ আদি হ’ল প্ৰমুখ৷

জণ্ডিচৰ লগত যুক্তহৈ পৰিব পৰা জটিলতাবিলাকৰ এক চমু আভাস ডাঙি ধৰিব খুজিছো – সেইবিলাক হ’ল -

হেপাটিক এনকেফাল’পেথি –

অৰ্থাত অতিমাত্ৰা বিলিৰুবিনৰ ফলত মস্তিষ্ক বিকল হোৱা; হেপাট’- ৰেনেল চিনড্ৰম -অতিমাত্ৰা বিলিৰুবিনৰ ফলত কিডনি বিকল হোৱা ; এচাইটিচ – অৰ্থাত উদৰত পানী জমা হোৱা; হেমাটমেচিচ আৰু মেলিনা – তেজ বমি আৰু কলা পাইখানা হোৱা৷ এজন জণ্ডিচত ভোগা ৰোগীৰ লক্ষণসমূহ আৰম্ভণীতেই উল্লেখ কৰা হৈছে৷

লগত দুটামান কথা আৰু যোগ দিব খুজিছো৷ খোৱাৰ আভোক বা অৰুচি এনে এটা পৰ্য্যায় পাবগৈ পাৰে যে এজন ধূম্ৰপায়ী ব্যক্তিৰ চিগাৰেটৰ প্ৰতীও অনীহা ওপজে৷

তেজত বিলিৰুবিন বঢ়াত বহুতো ৰোগীৰ শৰীৰত খজুৱতিৰ অনুভৱ হয়৷

জণ্ডিচত ভোগা ৰোগীৰ চিকিৎসাত খাদ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ -

*তেল,

*ঘিউ,

*মাখন,

*গাখীৰ,

*পনীৰ,

*মাংস,

*কণী সম্পূৰ্ণ বৰ্জিত কৰা ভাল৷

*গ্লুক’জ,

*মিচিৰি,

*ফল-মূল,

*শাক পাচলি,

*কুহিয়াৰৰ ৰস,

*ডাবৰ পানী আদি হ’ল উপকাৰী খাদ্য৷

গ্লুকোজৰ ড্ৰিপ আৰু কিছু লাগতিয়াল ঔষধ চিকিৎসকে ৰোগীৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে৷

লেখক: ডাঃ ভূপেন্দ্ৰ শইকীয়া

উৎস: সাহিত্য.অৰ্গ