চাইনাচাইটিচ চাইনাচ হৈছে বতাহ থকা কিছুমান খোৰোং, যিবিলাকৰ স্বাভাৱিক ফুটাবোৰৰ জৰিয়তে নাকৰ লগত যোগাযোগ চলি থাকে। চাইনাচৰ বিভিন্ন কামৰ ভিতৰত অন্যতম হৈছে- আমি কোৱা কথাবোৰৰ প্ৰতিধ্বনি নিয়ন্ত্ৰণ কৰা, মগজুৰ সুৰক্ষা দিয়া আৰু নাকৰ বিভিন্ন কাৰ্য সম্পাদনত সহায় কৰে। চাইনাচাইটিচ অর্থাৎ চাইনাচৰ সংক্ৰমণ, পানীলগা জ্বৰ বা এলাৰ্জিৰপৰা পৃথক কৰাটো অসুবিধা। পানীলগা ভাল নহলেও বহুতে চিকিৎসকৰ ওচৰকে নাচাপে। বহুতে নিজে দবর কিনি খাই থাকে। বেক্টেৰীয়াৰপৰা হোৱা এনে চাইনাচৰ সংক্ৰমণ, পানীলগা জ্বব বা এলার্জিব দবে নহয় আৰু সেইবাবে এন্টিবায়টিক প্রয়োগেৰে চিকিৎসা কৰিব লাগে। চাইনাচাইটিচ বেক্টেৰীয়া, ভাইৰাচ, এলাৰ্জি বা ভেঁকুৰৰপৰাও হ'ব পাৰে। চাইনাচাইটিচৰ লক্ষণসমূহঃ ১. মূৰৰ বিষ বা কামোৰণি, বিশেষকৈ কপাল অংশৰ ২. চকুৰ চাৰিওদিশ, আগদাঁত আদিৰ বিষ ৩. নাক সোপা মাৰি ধৰা ৪. সামান্যভাৱে জ্বৰ হৈ থকা বা মুখৰপৰা বেয়া গোন্ধ ওলোৱা ৫. নাকৰ বাটেৰে ডিঙিলৈ শেঙুনজাতীয় পদাৰ্থবোৰ পৰি থকা পৰামৰ্শ যদি চাইনাচৰ সংক্ৰমণ তিনিমাহ বা ততোধিক সময়জুৰি থাকি যায়, তেতিয়া ই "ক্রনিক” অর্থাৎ পুৰণি হৈ পৰে। এন্টিবায়টিকৰ প্ৰয়োগেৰে এই সংক্ৰমণ ৰোধ কৰিব লাগে। নাকৰ সোপা খোলা ঔষধ অর্থাৎ ডিকনজেস্টান্টবোৰে চাইনাচবোৰৰ উপযুক্ত বায়ু চলাচলৰ ব্যৱস্থা আৰু নিঃসৰণ প্ৰক্ৰিয়াক উন্নত কৰে। চাইনাচৰ ভিতৰৰ ডাঠ শেঙুনজাতীয় বস্তুবোৰ পাতল কৰাৰ ঔষধ ব্যৱহাৰ কৰিব লাগে, যাতে এইবিলাক চাইনাচৰ ফুটাবোৰেৰে বাহিৰলৈ ওলাই যাব পৰা হয়। সেইবাবেই যথেষ্ট পৰিমাণৰ পানী খাবলৈ পৰামৰ্শ দিয়া হয়। যদি চাইনাচৰ সংক্ৰমণ নিয়ন্ত্রিত নহয়গৈ, তেতিয়া এই বিষয়ৰ এজন বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। চাইনাচৰ স্বাভাৱিক নিঃসৰণ কাৰ্য্য আৰু বায়ু চলাচল বন্ধ কৰাৰ প্ৰতিবন্ধকতা আঁতৰাবৰ বাবে কেতিয়াবা অস্ত্রোপচাৰৰ প্ৰয়োজন হয়। আজিকালি এণ্ড'স্কোপ নামৰ যন্ত্ৰটো ওলোৱাৰ পিছত নিচেই কম কটা-চিঙা কৰিও অস্ত্রোপচাৰ সম্ভৱ হৈ উঠিছে। ইয়াক এণ্ড'স্কপিক চাইনাচ চাৰ্জাৰী বোলা হয়। (কাণ, নাক আৰু ডিঙিৰ সহজ হাতপুথি)