<div id="MiddleColumn_internal"> <p style="text-align: justify; ">ঈশ্বৰক প্ৰাৰ্থনা কৰি কেৱল মানসিক প্ৰশান্তি লাভ কৰাই নহয়, ৰোগমুক্ত হৈ থাকিবও পাৰি। জামা ইণ্টাৰনেচনেল মেডিচিনত শেহতীয়াভাৱে প্ৰকাশিত এক গৱেষণাৰ তথ্য অনুসৰি যিসকল মহিলাই সঘনাই ধৰ্মীয় কাম-কাজত অংশ লয় তেওঁলোকৰ হৃদ সম্বন্ধীয় ৰোগ, কৰ্কটকে ধৰি যিকোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা কম। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ১৬ বছৰ ধৰি ৭৪,৫৩৪ গৰাকী মহিলাৰ তথ্য পৰীক্ষা কৰি গৱেষকসকলে এই কথা সদৰী কৰিছে। যিসকল মহিলাই ধৰ্মীয় কাম-কাজত অংশ নলয়, তেওলোকৰ তুলনাত যিসকলে সপ্তাহত এদিনতকৈ বেছি এনে অনুষ্ঠানত ভাগ লয় তেওঁলোকৰ মৃত্যুৰ শংকা ৩৩ শতাংশ হ্ৰাস পায়। তেনে মহিলাৰ হৃদ সম্বন্ধীয় ৰোগত মৃত্যুৰ শংকা ২৭ শতাংশ আৰু কৰ্কটত আক্ৰান্ত হৈ মৃত্যুৰ শংকা ২১ শতাংশ হ্ৰাস পায়। বিবাহিত মহিলাৰ সংসাৰ সম্পৰ্কীয় সমস্যাৰ পৰা সৃষ্টি হোৱা হতাশা আৰু চিগাৰেটৰ প্ৰতি আসক্তি হ্ৰাস কৰাতো ধৰ্মীয় কাম-কাজৰ গুৰুত্ব আছে। ধৰ্মীয় কাম-কাজত অংশ লোৱা মহিলাসকলে সামাজিক সমৰ্থন লাভ কৰাৰ বাবে তেওঁ প্ৰচুৰ আশাবাদী আৰু নিয়মানুৱৰ্তী হয়। গৱেষণাৰ মতে ধৰ্ম আৰু ভক্তি ভাবৰ দ্বাৰা চিকিৎসকসকলে প্ৰয়োজন অনুসাৰে ৰোগীক চিকিৎসা কৰি শীঘ্ৰে সুফল লাভ কৰিব পাৰে।</p> <p style="text-align: justify; "><i><b>উৎস: নিয়মীয়া বাৰ্তা।</b></i></p> </div>