আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি অনুযায়ী এজন ব্যক্তি শাৰীৰিক ( দোষ ধাতু মল মূলং হি শৰীৰং) আৰু মানসিক ভাৱে সুস্থ হলেহে স্বাস্থ্যৱান হয় । আয়ুৰ্বেদিক সিদ্ধান্ত মতে ত্ৰিদোষ, সপ্তধাতু , শৰীৰৰ অগ্নিৰ উপৰিও মল আৰু মূত্ৰৰ সাম্যতা ৰক্ষা কৰিব পৰাটোৱেই শাৰীৰিক সুস্বাস্থ্য। সেইদৰে সুস্থ মানসিকতা নিয়ন্ত্ৰণ কৰি ৰখাটোকেই মানসিক সুস্বাস্থ্য বোলা হয়। ত্ৰিদোষ , সপ্তধাতু ,অগ্নি আৰু মল-মূত্ৰৰ বিসমতা হলেই শাৰীৰিক ৰোগ উৎপন্ন হয়। কিন্তূ মানসিক ৰোগ উৎপন্নৰ ক্ষেত্ৰত ওপৰোক্ত কাৰকৰ প্ৰভাৱ নাথাকে। অধিক সংখ্যাক মানসিক ৰোগ নিজে সৃষ্টি কৰা। ঋণাত্মক চিন্তা ধাৰাও এই ৰোগৰ এক মূখ্য কাৰণ।
লোভ, মোহ, ঈৰ্ষা, দ্বেস, হিংসা আদিৰ পৰা নিজৰ মনটো সংযত কৰিব পাৰিলেই মানসিক ব্যাধিৰ পৰা ৰক্ষা পাব পাৰি। সুখ আৰু শান্তি দুটা বেলেগ বস্তু। ধনাত্মক চিন্তা ধাৰাৰ মাজেৰে আমি দুয়োটা পাব পাৰো। সেয়েহে প্ৰখ্যাত আয়ুৰ্বেদাচাৰ্য চৰক, বাগভট্টই মানসিক ব্যাধিৰ পৰা বিৰত থকাৰ বাবে কিছুমান উপদেশ দিছে যিবোৰ সম্পূৰ্ণ বাস্তৱ সম্পন্ন। ইয়াত অষ্টাঙ্গ হৃদয়ত থকা দহবিধ উপদেশৰ সংক্ষিপ্ত বিবৰণ উল্লেখ কৰা হৈছে ।
" হিংসা স্তেয়া অন্যথাকামং পৈশুন্য পৰুষানৃতে
সন্ভিন্নালাপং ব্যাপাদম্ অভিধ্যা দৃগ্বিপৰ্যয়ম্
পাপং কৰ্মেতি দশধা কায়বাঙ্ মানসৈস্তয়জেত্"
(১) হিংসা- হিংসা ভাৱ মনলৈ আনিব নালাগে। আন ব্যক্তিক আঘাত অথবা নিৰ্যাতন কৰিব নাপায়।
(২) স্তেয়া-চুৰি কাৰ্য্য আৰু ডকাইতিৰ পৰা বিৰত থাকিব লাগে।
(৩) অন্যথাকাম- অবৈধ যৌনাচাৰত লিপ্ত হব নালাগে।
(৪) পৈশুন্য- মুখেৰে ভালহৈ থাকি পিছফালৰ পৰা কাকো আক্ৰমণ কৰিব নালাগে।
(৫) পৰুষ- কেতিয়াও আনক বেয়া কথা কব বা কৰ্কথনা কৰিব নালাগে , যাৰ কাৰণে অন্তৰত আঘাত পাব পাৰে।
(৬) অনৃত ভাষণ- কেতিয়াও মিছা কথা কব বা ফাকি দিব নালাগে।
(৭) সংভিন্ন আলপ- সমাজত সংঘাত সৃষ্টি কৰিব পৰা, বিভ্ৰান্তিমূলক, অনৈকতা সৃষ্টি কৰিব পৰা কথা কেতিয়াও কব নালাগে।
(৮) ব্যাপদ- কাজিয়া আৰু ইচ্ছাকৃত অন্যায় কামৰ পৰা বিৰত থকা।
(৯) অভিধ্যা- ঈৰ্ষাপৰায়ন মনোভাৱ পৰিত্যাগ কৰিব লাগে। আনৰ উন্নতি দেখাপাই জ্বলি-পুৰি মৰিব নালাগে।
(১০) দৃগবিপৰ্যয়-বিজ্ঞ আৰু জ্যেষ্ঠসকলৰ ওচৰত বিশ্বাস ভঙ্গ, দোষণীয় আৰু ভুল বুজাবুজি সৃষ্টি হব পৰা ধৰণৰ কাম কৰিব নালাগে।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ