২ য় খণ্ড সুস্থ্ দেহ মন আৰু দীৰ্ঘায়ু হোৱাৰ বাবে :-
এটি নিৰোগী দেহ আৰু সুস্থ মন অবিহনে এটি সুখী জীৱন যাপন কৰাৰ আশা কেতিয়াও কৰিব নোৱাৰি ।
মানুহ মাত্ৰেই বাহ্যিক বা আভ্যন্তৰীন ভাৱে দেহ বা মনত ৰোগ ব্যাধি দুখ শোক জ্বালা যন্ত্ৰণা বিদ্যমান । সেয়া কাৰোবাৰ কম বা কাৰোবাৰ বেচি ।
স্থুল আৰু সুক্ষ্ম দেহ আৰু মনৰ সমষ্ট বিকাৰ আতৰাবলৈ প্ৰাচীন ভাৰতীয় মহান যোগী ঋষি সকলে মানৱ কল্যানৰ হেতু আৱিস্কাৰ কৰিছে- যোগ আৰু আয়ুৰ্বেদ শাস্ত্ৰ । যোগবিদ্যাৰ আসন মুদ্ৰা আদিৰ লগতে প্ৰাণায়াম প্ৰক্ৰিয়া অধিক গুৰুত্বপুৰ্ন ।
প্ৰাণায়ামৰ গুৰুত্ব আৰু লাভালাভ:--
জীৱদেহ বাত(বায়ু), পিত্ত আৰু কফৰ দ্বাৰা পৰিচালিত । ইয়াৰ ভিতৰত দিনে ৰাতিয়ে মৃত্যুৰ পৰলৈকে সক্ৰিয় হৈ থকা তত্ব হল -বাত অৰ্থাত আমি নাকেৰে গ্ৰহন কৰা প্ৰাণ বায়ু - যিয়ে দেহৰ সকলো তত্বকে পৰিচালনা কৰে আৰু প্ৰানবায়ুৰ অবিহনে জীৱৰ সকলো শেষ অৰ্থাত জীৱনৰ অৱসান । যাৰ কোনো মুল্য নাই ।
জীৱিত কালত অ্দৃশ্য অমুল্য এই প্ৰাণক সুৰক্ষা আৰু নিয়ন্ত্ৰন কৰি ৰখা সঠিক শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটিৱেই হল প্ৰাণায়াম ।
দৈনন্দিন কাম,শাৰীৰিক পৰিশ্ৰম, যোগাসন, ব্যায়াম আদিৰ জিৰনীৰ সময়ত প্ৰাণায়াম কৰিলে দেহমন শুদ্ধ হয় ;
মনৰ দুখ ভাগৰ শোক-তাপ, চিন্তা ,উদ্বেগ, ভয় ,ক্ৰোধ ,হতাশা, নিৰাশা ,অস্থিৰতা ,কামুকতা আদি মনোবিকাৰ দুৰ হোৱাৰ লগতে শ্বাস তন্ত্ৰ সমুহ মজবুত কৰে । মনৰ অৱসাদ ,দেহৰ বিভিন্ন ৰোগ উপসম হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
নিয়মিত প্ৰাণায়াম অভ্যাসে অকাল মৃত্যু দুৰ কৰে । নিৰোগী আৰু দীৰ্ঘায়ু হয় । সেয়ে সিদ্ধ যোগী ঋষি সকলে যোগ প্ৰানায়াম সাধনাৰে ২০০ -- ৪০০ বা ততোধিক বছৰলৈ জীয়াই থাকিবলৈ সক্ষম হৈছিল ।
প্ৰাণায়াম নিয়মিত অভ্যাস কৰা ব্যক্তিৰ সাধাৰনতে শ্বাস গ্ৰহনৰ মাত্ৰা কমি আহে । অৰ্থাত এজন স্বাভাৱিক লোকে এক মিনিটত লবলগা শ্বাসৰ সংখ্যাতকৈ কিছু কমে । জীৱজগতত যি জীৱৰ উশাহ নিশাহৰ প্ৰক্ৰিয়া দীঘল আৰু কমকৈ লয় সেইবোৰ জীৱ দীৰ্ঘায়ু হয় । যেনে- মানুহ আৰু আন জীৱই ১মিনিটত শ্বাস গ্ৰহন কৰাৰ গড় সংখ্যা -
১। কাছ ------৫বাৰ
২। মানুহ---- ১৫ৰ পৰা ১৮ বাৰ
৩। সাপ--- ১৯ বাৰ
৪। হাতী , হাঁহ ---২২ বাৰ
৫। ছাগলী , মেকুৰী, ----২৪ বাৰ
৬। ঘোৰা -- ২৬ বাৰ ,

৭। কুকুৰ-২৮বাৰ
৮। চৰাই , বান্দৰ,গাহৰি -- ৩০ বাৰ
৯। পাৰ চৰাই -- ৩৪ বাৰ ইত্যাদি ।
তালিকা অনুসৰি কাছৰ জীৱন কাল মানুহতকৈ বহুত বেচি ; জনামতে প্ৰায় ৪০০ বছৰ । এজন সুস্থ লোকৰ আয়ুস ১২০ বছৰলৈ শুনা যায় যদিও সথিক খাদ্যনীতি,যোগ আৰু প্ৰাণায়াম অভাসেৰে শ্বাসৰ সংখ্যা কমাই কাছৰ লগত ফেৰ মৰাটো অসম্ভৱ নহয় ।
প্ৰাণায়াম চাৰি প্ৰকাৰৰ । যেনে-
১। সহজ প্ৰাণায়াম
২। লঘু প্ৰাণায়াম
৩। বৈদিক প্ৰাণায়াম
৪। ৰাজযোগ প্ৰাণায়াম
সাধাৰন লোকৰ বাবে প্ৰথম আৰু দ্বিতীযবিধ প্ৰাণায়াম প্ৰজোয্য । বাকী দুবিধ অভ্যস্থ যোগী সাধকৰ দীক্ষা মতেহে কৰাতো যুগুত ।

লেখক- যতীন দাস