উচ্চ ৰক্তচাপ আধুনিক জগতৰ এক নীৰৱ ঘাতক ৰোগ। প্ৰাপ্তবয়স্ক লোকৰ এই ৰোগ সাধাৰণতে বেছিকৈ হোৱা দেখা যায়। বিশ্বৰ বহুলোক এই ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ ফলত অনেকেই অকালতে মৃত্যু মুখত পৰে। স্বাস্থ্যৰক্ষাৰ নীতি-নিয়ম আৰু উপযুক্ত চিকিৎসা সময়মতে কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ সহজে কৰিব পৰা হয়। স্বাভাৱিক ৰক্তচাপৰ মাপ কি? ইতিপূৰ্বে কোৱা হৈছে যে বয়স অনুসৰি ৰক্তচাপ ভিন ভিন হয়। ৪৫ বছৰৰ কম বয়সৰ লোকৰ সংকুচিত ৰক্তচাপ ১৪০ আৰু প্ৰসাৰিত ৰক্তচাপ ৯০। সেইদৰে এজন আদহীয়া মানুহৰ সংকুচিত ৰক্তচাপ ১৬০ আৰু প্ৰসাৰিত ৰক্তচাপ ৯০। উচ্চ ৰক্তচাপৰ মাপ কি? ওপৰত উল্লেখ কৰা বয়স অনুসৰি সংকুচিত আৰু প্ৰসাৰিত ৰক্তচাপ বৃদ্ধি হ’লেই তাক উচ্চ ৰক্তচাপ বুলি কোৱা হয়। অৰ্থাৎ ৪৫ বছৰৰ কম বয়সৰ লোকৰ সংকুচিত ৰক্তচাপ ১৪০ আৰু প্ৰসাৰিত ৰক্তচাপ ৯০। সেইদৰে এজন আদহীয়া মানুহৰ সংকুচিত ৰক্তচাপ ১৬০ আৰু প্ৰসাৰিত ৰক্তচাপ ৯০তকৈ বেছি হ’লেই তাক উচ্চ ৰক্তচাপ (High blood pressure) বুলি কোৱা হয়। সংকুচিত ৰক্তচাপ ১৮০ৰ পৰা ২০৯ আৰু প্ৰসাৰিত ৰক্তচাপ ১১০ৰ পৰা ১১৯ হ’লে প্ৰৱল(severe) উচ্চ ৰক্তচাপ বুলি কোৱা হয়। অতি প্ৰৱল উচ্চ ৰক্তচাপ হ’ল সংকুচিত ৰক্তচাপ ২১০তকৈ অধিক আৰু প্ৰসাৰিত ৰক্তচাপ ১২০তকৈ অধিক। উচ্চ ৰক্তচাপৰ লক্ষণ কি? ৰাতিপুৱা মূৰৰ তলৰ অংশ বা ডিঙিৰ পিছফালে গলধনৰ ওপৰত বিস অনুভৱ হয় আৰু সোনকালে বিষ নাইকিয়া হয়। ভৰি, বাহু, পিঠি আদিত বিষ হয়, ভৰি, হাতত জিন্জিননি হয়। বুকুত বিষ আৰু বুকু ধপধপনি হ’ব পাৰে। সঘনাই প্ৰস্ৰাৱ হ’ব পাৰে। ভাগৰ লাগে আৰু ৰোগীয়ে দুৰ্বল অনুভৱ কৰে। মূৰৰ বিষ আৰু মূৰ আচন্দ্ৰাই কৰিব পাৰে। বমি-বমি ভাৱ হ’ব পাৰে। টোপনি কম হয়। কামত অমনোযোগিতা। উচ্চ ৰক্তচাপৰ ফলত হ’ব পৰা ক্ষতি ৰক্তবাহী নলীৰ ভিতৰৰ অংশ ডাঠ হয়। চৰ্বি আৰু কলেষ্ট’ৰেল বৃদ্ধি পায়, যিয়ে তেজ চলাচলত বাধা জন্মায়। ইয়াৰ ফলত হৃদৰোগ হ’ব পাৰে। হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক বেছি। বিশেষকৈ হৃদযন্ত্ৰলৈ যোৱা তেজৰ ৰক্তবাহী নলী বন্ধ প্ৰায় হোৱাৰ ফলত হৃদযন্ত্ৰই যথেষ্ট পৰিমাণে অক্সিজেন পাব নোৱাৰে আৰু ৰক্ত সঞ্চালন হৃদযন্ত্ৰলৈ কম হোৱাৰ বাবে হৃদযন্ত্ৰত বিষ হয়। হৃদযন্ত্ৰ ডাঙৰ হয়। বৃক্ক বিকল হৈ যাব পাৰে। ষ্ট্ৰোক হ’ব পাৰে। ভৰিৰ মাংসপেশী গেলি পচি যাব পাৰে। হঠাতে ৰক্তচাপ বৃদ্ধি হৈ মগজুৰ ভিতৰত ৰক্তক্ষৰণ হ’ব পাৰে। মগজুৰ নাড়ী বন্ধ হ’ব পাৰে। হঠাতে অধিক ঠাণ্ডা লাগিব বা মূৰ ঘূৰাই পৰি যাব পাৰে বা পক্ষাঘাত হ’ব পাৰে। কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? খাদ্যত কমকৈ নিমখ ব্যৱহাৰ কৰিব লাগে। নিমখ কমকৈ খালে ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে। আমি ব্যৱহাৰ কৰা শাক-পাচলি আৰু ফল-মূল বিলাকত কম বেছি পৰিমাণে নিমখ পোৱা যায়। খাদ্যৰ ওপৰত ৰক্তচাপ বহুখিনি নিৰ্ভৰ কৰে। ফলমূলৰ ভিতৰত আমলখি, শিলিখা, গোলনেমু, কাজিনেমু, সুমথিৰা টেঙা, মৌচুমী টেঙা, তেতেলী টেঙা, মধুৰীআম আদিয়ে ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে। সেইদৰে নহৰুৱে ৰক্তচাপ নিয়মীয়া কৰে। পিয়াঁজেও ৰক্তচাপ নিয়মীয়া কৰাত সহায় কৰে। আঁহযুক্ত খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰিত কৰিব পাৰে। শাৰীৰিক পৰিশ্ৰম নিয়মীয়াকৈ কৰিব লাগে। ব্যায়াম নাইবা খেলা-ধূলা আদিয়ে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰে। চৰ্বিযুক্ত খাদ্য যেনে মাংস, মাছ, ঘি, মাখন, তেল, বাদাম, কণী, নাৰিকল আদি নোখোৱাই ভাল। সকলো প্ৰকাৰৰ ধূমপান বা ধপাতজাত সামগ্ৰী বৰ্জন কৰিব লাগে। আনকি তামোল আদিও খাব নালাগে। মাদকদ্ৰব্য বৰ্জন কৰিব লাগে। অধিক মানসিক চিন্তাৰ পৰা দূৰত থাকিব লাগে। নিয়মীয়াকৈ ৰাতিপুৱা আৰু সন্ধিয়া ঠাণ্ডা পানীৰে স্নান কৰিব লাগে। সোনকালে শুব লাগে আৰু সোনকালে উঠি মুকলি বতাহ পোৱাকৈ খোজ কাঢ়িব লাগে। কপাহী কাপোৰ ঢিলা কৰি পিন্ধিব লাগে। উচ্চ ৰক্তচাপ হ’লে কি খাদ্য খাব? সকলো প্ৰকাৰৰ নেমু, বিলাহী, মাটিকঁঠাল, সুমথিৰা টেঙা, নাচপতি, আম, মধুৰী, পকা তেতেলী, অৰ্জুন গছৰ ছাল(পানী বা গাখীৰত সিজাই খাব লাগে), তুলসী, নৰসিংহ, চজিনাৰ পাত, তিয়ঁহ, গাজৰ, নহৰু, পিয়াঁজ, বন্ধাকবি, শিলিখা, আমলখি খাব পাৰে। প্ৰতিসাজ আহাৰত ৩০/৪০ গ্ৰামকৈ আঁহজাতীয় শাক-পাচলি ভাজি নাখাই কেঁচাই বা সিজাই খাব পাৰিলে ভাল। সৰ তোলা গৰুৰ গাখীৰৰ দৈ উপকাৰী। নেফাফু আঞ্জা কৰি বা নহৰুৰ সৈতে চাটনি কৰি সপ্তাহত তিনি দিন খাব লাগে। পিয়াঁজৰ ওপৰৰ পাতল বাকলিৰ সৈতে খাব লাগে। পিয়াঁজৰ ওপৰৰ পাতল বাকলিৰ সৈতে খাব লাগে। কাঠফুলা উপকাৰী। ব্ৰাহ্মী শাক, মানিমুনি, টেঙেচি, মৰিচাশাক, পচলা, ছালকুঁৱৰীৰ বীজল সুপথ্য। পকা কল হিতকৰ। উচ্চ ৰক্তচাপত কি খাব নালাগে? তামোল, ধপাত, বিড়ি, চিগাৰেট, গুটখা, মদ, ভাং, কানি, কণী, ঘিউ, মাখন, মাছ, মাংস, বাদাম, সাধাৰণ নিমখ, ম’হৰ গাখীৰ, ম’হৰ দৈ, ক্ৰিম আদি খাব নালাগে। তিতাকেৰেলা, মহানিম, মেথি, নাৰিকল, আদা, জালুক, পিপলি, জলকীয়া, অন্য যিকোনো মছলা ক্ষতিকাৰক। চয়াবিন, বুটৰ দাইল অপকাৰী, বজাৰৰ জাম, জেলি আদি খাব নালাগে। আচাৰ, চাটনি, খাৰলি, কাহুদি আদি অপথ্য। মিঠা বা জৰ্দা পাণ ক্ষতিকাৰক। কলড্ড্ৰিংক খাব নালাগে। উচ্চ ৰক্তচাপ ৰোগীয়ে কি কৰিব লাগে? টোপনি ক্ষতি কৰিব নালাগে। ধোঁৱাৰ পৰা বিৰত থাকিব লাগে। ওখ গাৰু ব্যৱহাৰ কৰিব নালাগে। প্লাষ্টিক বা ৰবৰৰ ফণি ব্যৱহাৰ কৰা অনুচিত। ম’হৰ শিঙৰ বা কাঠ-বাঁহৰ ফণি ব্যৱহাৰ কৰা উচিত। টানকৈ কাপোৰ পিন্ধিব নালাগে, নাইলনৰ কাপোৰ ব্যৱহাৰ নকৰাই ভাল। বহি-শুই অনবৰত আৰাম কৰি থাকিব নালাগে। অধিক চিন্তা, দুখ-বেজাৰ, খং আদি কৰিব নালাগে। বনৌষধিৰে উচ্চ ৰক্তচাপৰ চিকিৎসা নেফাফু গছৰ কোমল আগ ৫টা, ৫ ফোটা নহৰুৰ লগত পিহি ভাতৰ লগত চাটনি কৰি ২ দিনৰ অন্তৰে অন্তৰে এবাৰকৈ খাব লাগে। নেফাফু আঞ্জা কৰি সপ্তাহত তিনিদিনকৈ খালেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে। নেফাফু গছৰ পৰিচয় নেফাফু জোপোহা জাতীয় গছ, ইয়াৰ গা-গছ গোলাকাৰ যদিও ঠাল-ঠেঙুলি চাৰিসিৰিয়া। পাত ডাঙৰ। পাতৰ পৰা অকটা গোন্ধ ওলায়, পাত আৰু ঠাৰিৰ সংযোগ স্থলত পাতৰ তলৰ ফালে চেনিৰ দানা থাকে কাৰণে ক’লা পৰুৱা প্ৰায়ে এই অংশত বগাই ফুৰা দেখা যায়। পাতৰ ঠাৰি দীঘল, ফুল থোপা বান্ধি ফুলে। ফুল বগা, ফল গোলাকাৰ। প্ৰথমে ফল সেউজীয়া আৰু পকিলে ৰঙা-ক’লা বৰণীয়া হয়। সৰ্পগন্ধা শিপাৰ পৰা চাহ চামুচেৰে এচামুচ ৰস উলিয়াই তাত সমান পৰিমাণৰ পানী মিশ্ৰণ কৰি দিনে এবাৰকৈ খাব লাগে। সৰ্পগন্ধা শিপাৰ পৰা প্ৰস্তুত কৰা সৰ্পগন্ধাৰিষ্ট বা বড়ি, উচ্চ ৰক্তচাপ ৰোগীৰ কাৰণে উৎকৃষ্ট। সৰ্পগন্ধা গছৰ পৰিচয় ই জোপোহা জাতীয় উদ্ভিদ, পাত বিলাক মালতী ফুলৰ পাতৰ দৰে। পাতৰ আগবিলাক সৰু আৰু জোঙা আকৃতিৰ। সৰ্পগন্ধা শব্দটিৰ অৰ্থ হ’ল সাপৰ আকৃতিৰ দৰে গোন্ধ। ফুল গুলপীয়া বা বগা। থোপা বান্ধি ফুলে। গুটি গোলাকাৰ। গুটি প্ৰথম অৱস্থাত সেউজীয়া, পকিলে বেঙুনীয়া ক’লা হয়। বীজ যোৰা বান্ধি থাকে। ইয়াৰ শিপাৰ পৰাই প্ৰধানকৈ ঔষধ হয়। শিপা দেখাত শকত, চনকা। গছৰ প্ৰতিটো অংশই তিতা, শিপা শাখাযুক্ত। শিপাৰ ৰস পকা তেতেলীৰ দৰে গোন্ধায়। অৰ্জুন গছৰ ছাল ৫০ গ্ৰাম, আমলখি ৫টা, ২ গিলাচ গাখীৰত সিজাই তাত তেজপাত দুটা দি সামান্য চেনি প্ৰয়োগ কৰি দিনে দুবাৰকৈ একেৰাহে এমাহ খাব লাগে। এনেদৰে খালে ৰক্তচাপ স্বাভাৱিক হয়। হৃদপিণ্ড শক্তিশালী হোৱাৰ লগতে বুকুৰ ধপধপনি ৰোগ প্ৰতিৰোধ হয়। অৰ্জুন গছৰ পৰিচয় ই চিৰ সেউজীয়া ডাঙৰ গছ। গছৰ ছাল আৰু পাত খহটা। ছাল আৰু পাতৰ ৰং মুগা বৰণৰ। পাতত সৰু সৰু শুং থাকে, ফল পকিলে ৰঙা হয়। ফুল হালধীয়া, বগা, সৰু আৰু থোপাথোপে ফুলে। ফল চাৰিসিৰিয়া, দেখাত প্ৰায় কৰদৈ ফলৰ দৰে। পুৰঠ গছৰ ছাল ঔষধ প্ৰস্তুতৰ কাৰণে ব্যৱহাৰ হয়। এক চামুচ পিয়াঁজৰ ৰসত সমান পৰিমাণত মৌ মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে ১৫/২০ দিন খাব লাগে। লিখক: ভেষজৰত্ন ড° গুণাৰাম খনিকৰ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।