নিচাযুক্ত দ্ৰব্য সেৱন কেৱল এজন ব্যক্তিৰ ক্ষতিৰ বিষয় নহয়, এই ভয়াৱহ সমস্যা হৈছে আধুনিক সমাজৰ পৰা ৰোধ কৰিব নোৱাৰা এক ব্যাধি। এই সমস্যাটো বৃহৎ সামাজিক জীৱনৰ ক্ষতিৰ এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই ভয়াৱহ ব্যাধিৰ পৰাই সৃষ্টি হয় জঘন্য অপৰাধ, সংঘটিত হয় বহু হিংসাজৰ্জৰিত ঘটনা, অকালতে ধ্বংস হয় উঠি অহা প্ৰজন্মৰ বহু জীৱন।

নিচাযুক্ত দ্ৰব্য সেৱন কেৱল এজন ব্যক্তিৰ ক্ষতিৰ বিষয় নহয়, এই ভয়াৱহ সমস্যা হৈছে আধুনিক সমাজৰ পৰা ৰোধ কৰিব নোৱাৰা এক ব্যাধি। এই সমস্যাটো বৃহৎ সামাজিক জীৱনৰ ক্ষতিৰ এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই ভয়াৱহ ব্যাধিৰ পৰাই সৃষ্টি হয় জঘন্য অপৰাধ, সংঘটিত হয় বহু হিংসাজৰ্জৰিত ঘটনা, অকালতে ধ্বংস হয় উঠি অহা প্ৰজন্মৰ বহু জীৱন। সমীক্ষা অনুসৰি অসম ভাৰতবৰ্ষৰ দ্বিতীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে নিচাযুক্ত দ্ৰব্য সেৱন আৰু ব্যৱসায়ত। বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত নিচাযুক্ত দ্ৰব্যৰ আসক্তি খুব বেছি পৰিমাণে দেখা যায়। এতিয়া প্ৰশ্ন হয় বহুলভাৱে প্ৰচলন হোৱা এই ভয়াৱহ ব্যাধি আমাৰ আধুনিক উন্নত শিক্ষিত সমাজখনৰ পৰা কেতিয়া নিৰ্মূল হ’ব? এইক্ষেত্ৰত আমি সকলো সজাগ হোৱাৰ সময় আহি পৰিছে। যদি নহওঁ তেনেহ’লে সমীক্ষা অনুসৰি ৫-৬ বছৰৰ ভিতৰত অসম ভাৰতবৰ্ষৰ ভিতৰত নিচা আসক্ত ৰাজ্য হিচাপে এক নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ’ব।

এতিয়া প্ৰশ্ন হয় আমি উঠা অহা প্ৰজন্মৰ পৰা নিচা আসক্তি কেনেদৰে নিৰ্মূল কৰিম? কেৱল অভিভাৱকে নহয়, প্ৰত্যেকজন নাগৰিক সজাগ হ’ব লাগিব আৰু দৃষ্টি নিক্ষেপ কৰিব লাগিব। চিকিৎসক হিচাপে মোৰো দায়িত্ব আছে যে যেতিয়াই নিচা আসক্তি কোনো ব্যক্তি মোৰ ওচৰলৈ আহে তেওঁলোকৰ অসুবিধাসমূহ ভালকৈ বুজি লোৱাটো খুব দৰকাৰ আৰু তাৰ পিছত সেই অনুসৰি সুপৰামৰ্শ আৰু চিকিৎসা প্ৰদান কৰাটো উচিত।

পোন প্ৰথমে নিচাসক্ত ব্যক্তিক(পুৰুষ-মহিলা-বৃদ্ধ, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী) সুপৰামৰ্শ বা উপদেশৰ যাক আমি Counselling বুলি কওঁ তাৰ অত্যন্ত প্ৰয়োজন। নিচাসক্ত ব্যক্তিজনৰ প্ৰায় ৩-৬ মাহৰ সাপ্তাহিক বা সপ্তাহত দুবাৰ Counselling ৰ প্ৰয়োজন। কিছুমানৰ ক্ষেত্ৰত কেতিয়াবা ১ বছৰৰ পৰা গোটেই জীৱনকাল Counselling ৰ প্ৰয়োজন হয়। আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰত নিচা আসক্তিক ‘মাদত্ব’ বুলি বৰ্ণনা কৰিছে। ‘মাদত্ব’ এনে এটা স্তৰ, য’ত এজন পুৰুষ বা মহিলাই নিয়মিত মাদক বা নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত মনৰ সন্তুলন হেৰুৱায়। ‘মাদত্ব’ শৰীৰৰ ওজা(Source Of Energy) ক্ষতি কৰে আৰু অৱশেষত ‘মাদত্ব’ৰ লক্ষণসমূহ এজনৰ শৰীৰত দেখা যায়। আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ চিকিৎসাৰ বিষয়ে বহুলভাৱে বৰ্ণনা কৰা আছে। উল্লেখ আছে যে নিয়মিত যোগ আৰু প্ৰণায়ামে নিচা আসক্তিৰ পৰা বিৰত থকাত বিশেষ অৱদান আগবঢ়াই আহিছে। যোগ প্ৰাচীন ভাৰতৰ পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। যোগ হৈছে শৰীৰ আৰু আত্মাৰ মিলন সাধনাৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষতা লাভ কৰাৰ এক সৰল প্ৰক্ৰিয়া। মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায় যোগে। যোগ অভ্যাসে শৰীৰ আৰু মন, বিচাৰ আৰু ধৰ্ম, আত্মসংযম, একাত্মতা বজাই ৰাখে। যোগ স্বাস্থ্য জীৱনৰ এটা কলা বা বিজ্ঞান।

নিতৌ যোগাভ্যাস কৰিলে শৰীৰ আৰু মনত ফুলৰ সুগন্ধিৰ দৰে শান্তিৰ অনুভৱ জাগি উঠে। যোগ আৰু প্ৰাণায়ামে স্নায়ু মণ্ডল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিতৌ যোগ আৰু প্ৰাণায়ামে মন নিয়ন্ত্ৰণ কৰে লাৰু নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত ৰখাত সহায় কৰে।

তলত উল্লেখ কৰা প্ৰক্ৰিয়াসমূহ নিতৌ নিচাযুক্ত দ্ৰব্য আসক্ত ব্যক্তিয়ে ৬০ মিনিট কৰাটো বাধ্যতামূলক -

১)ক্ৰিয়া- কপালভাটি আৰু ‘ঔম’ উচ্চাৰণ কৰিব লাগে।

২)প্ৰাৰ্থনা- মন্ত্ৰ যোগ কৰাটো বাধ্যতামূলক।

৩)আসন- সূৰ্য নমস্কাৰ, সশংকা আসন, সলাবা আসন, শৱাসন কৰিব লাগে।

৪)প্ৰণয়ন- সলা আসন, নাৰী শুদ্ধি, ভ্ৰমৰী প্ৰাণায়াম কৰিব লাগে।

৫)ধ্যান।

৬)সংকল্প।

৭)শান্তিপাঠ।

৮)সমানুপাত খাদ্য খোৱাটো খুব প্ৰয়োজন।

৯)মুদ্ৰা আৰু বন্ধন- সূৰ্য মুদ্ৰা আৰু প্ৰাণমুদ্ৰা নিতৌ কৰিব লাগে।

ক্ৰিয়াৰ পৰা ধ্যানলৈকে ‘ঔম’কাৰ উচ্চাৰণ নিয়মিত কৰিলে এজন নিচাসক্ত ব্যক্তিয়ে সহজে পৰিত্ৰাণ পাব পাৰে আৰু নিচাৰ পৰা বিৰত থাকিব পাৰে।

লেখিকা: ডাঃ কৰবী হাজৰীকা চৌধুৰী(নিয়মীয়া বাৰ্তা)