ছাৰ’গেচি(Surrogacy) বা ‘বিকল্প মাতৃত্ব’এনে এক ব্যৱস্থা যাৰ সহায়ত এগৰাকী মহিলাই অন্য ব্যক্তি বা দম্পতীৰ হৈ গৰ্ভধাৰণ কৰে।সকলো চিকিৎসাৰ পিছতো সন্তানৰ মুখ নেদেখা বহু দম্পতীয়ে ছাৰ’গেচিৰ সহায়ত পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।বিকল্প মাতৃত্বৰ সহায়ত বহু অবিবাহিত পুৰুষে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰে।তেনেধৰণে পিতৃত্ব অৰ্জন কৰা দুজন বিশেষ ব্যক্তি হৈছে অভিনেতা তুষাৰ কাপুৰ আৰু প্ৰযোজক-পৰিচালক তথা অভিনেতা কৰণ জোহৰ।অৱশ্যে বিবাহিত দম্পতীয়েও এই পদ্ধতিৰ জৰিয়তে পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰে।তেনে এক জনপ্ৰিয় দম্পতী হৈছে অভিনেতা শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খান।

ছাৰ’গেচিৰ সহায়ত একক অভিভাৱক হোৱা তুসাৰ আৰু কৰণে ছাৰ’গেচিৰ সৈতে জড়িত আইনক পুনৰ চৰ্চালৈ আনে।তেওঁলোকৰ এই পদক্ষেপক লৈও বহুতো প্ৰশ্ন উঠিছে।কোৱা হৈছে যে ছাৰ’গেচিৰ সৈতে জড়িত বিধেয়কখন সংসদত গৃহীত হোৱাৰ পুৰ্বেই দুয়োজনে অতি চালাকিৰে নিজৰ পিতৃত্বৰ মনোকামনা পুৰণ কৰি লয়।

২০১৬ চনৰ নৱেম্বৰ মাহত লোকসভাত বিকল্প মাতৃত্ব (নিয়ন্ত্ৰণ)বিধেয়ক উত্থাপন কৰা হয় আৰু মন্ত্ৰীসভাই এই বিধেয়কত অনুমোদন জনায়।এই নতুন আইন ছাৰ’গেচি ব্যৱস্থাটোৰ ব্যৱসায়ীকৰণৰ তীব্ৰ বিৰোধী।এই বিধেয়কে বাণিজ্যিক ‘বিকল্প মাতৃত্ব’সম্পুৰ্ণৰুপে বিলোপ কৰিব বিচাৰিছে।এই বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছত বিদেশী,প্ৰবাসী ভাৰতীয়,সমকামী,একক অভিভাৱক তথা লিভ-ইনত থকা যুটীয়ে ছাৰ’গেচিৰ যোগেদি সুবিধা গ্ৰহণ কৰিব নোৱাৰিব।

ছাৰ’গেচিৰ সহায়ত এহাল যমজ সন্তান ৰুহি (কন্যা)আৰু যশ (পুত্ৰ) ৰ পিতৃ হোৱা কৰণ জোহৰে নিজৰ আত্মজীৱনী-“The Unsuitable Boy”ত নিজৰ সমকামী স্থিতি স্পষ্ট কৰিছে।কৰণে ভালদৰেই জানিছিল যে ছাৰ’গেচিৰ সৈতে জড়িত নতুন আইন সংসদত গৃহীত হৈ যোৱাৰ পিছত তেওঁৰ পিতৃত্বৰ সপোন কেতিয়াও পুৰণ নহ’ব।কৰণ আৰু তুষাৰৰ পিতৃত্ব লাভৰ পিছত ছাৰ’গেচিৰ মাধ্যমত অবিবাহিত যুৱকসকল একক অভিভাৱক হোৱাটো কিমান সঠিক আৰু কিমান ভুল সিদ্ধান্ত,ইও এক যুক্তি তৰ্কৰ বিষয় হৈ পৰিছে।

ভাৰতীয় সমাজত বৈবাহিক,পাৰিবাৰিক আৰু সামাজিক ব্যৱস্থাৰ শিপা অতি গভীৰ।

এনে এক অৱস্থাত ভাৰতৰ অধিকাংশ জনসাধাৰণৰ বাবে এই কথা বুজিবলৈ কঠিন হৈছে যে এনে শিশুৰ ভৱিষ্যত কি হ’ব?তেওঁলোকে ডাঙৰ হৈ এই কথা স্বীকাৰ কৰিব পাৰিবনে যে তেওঁলোকৰ জন্ম প্ৰক্ৰিয়াত মাতৃৰ কোনো অস্তিত্বই নাছিল।তেওঁলোক এনে এক ভাড়াত লোৱা গৰ্ভত আছিল,যাক তেওঁলোকৰ জন্মৰ পিছত নোটৰ বাণ্ডিল যাচি বিদায় দিয়া হৈছিল।

কিছুদিনৰ আগতে সংবাদ মাধ্যমৰ আগত কৰণ জোহৰে কৈছিল যে ৰুহি আৰু যশৰ কাৰণে তেওঁ পিতৃতকৈও বেছি হ’ব,তেওঁ সিহঁতৰ মাকৰ ভুমিকাও পালন কৰিব।নি:সন্দেহে এয়া কৰণৰ নিজস্ব অভিমত।জন্মদাত্ৰীয়ে হওক বা মাহীআয়ে হওক-এটি শিশুৰ বাবে মাকৰ স্থান সদায়েই ভগৱানতকৈও ওপৰত।আমি সকলোৱে নিজ নিজ জীৱনতো এই কথাৰ প্ৰমাণ পাইছো যে ‘আইৰ সমান হ’ব কোন,নৈৰ সমান বব কোন’।একক অভিভাৱক হোৱাৰ ইচ্ছা ৰখা পিতৃয়ে এই কথা কিয় পাহৰি গৈছে যে ,নি:স্বাৰ্থ মৰমৰ অন্য নাম হৈছে ‘মা’।সেইকাৰণেই পুব অথবা পশ্চিমৰ সকলো দেশৰে দেশবাসীয়ে নিজৰ ৰাষ্ট্ৰখনক মাতৃ বুলি সম্বোধন কৰে।আমিওতো আমাৰ ভাৰতবৰ্ষক ভাৰত মাতা বুলি কওঁ।আমাৰ ভাৰতবৰ্ষ অতীজৰে পৰা বিখ্যাত ইয়াৰ দৃঢ় পাৰিবাৰিক ব্যৱস্থাৰ বাবে।এক সুস্থ পাৰিবাৰিক ব্যৱস্থাৰ ভিতৰতহে শিশুৰ পুৰ্ণ বিকাশ সম্ভৱ বুলি ভাৰতবাসীয়ে বিশ্বাস কৰে।এই কথা আমি সকলোৱে জানো যে সামান্য জৈৱিক প্ৰক্ৰিয়াতে বিবাহিত দম্পতীয়ে জন্ম দিয়া শিশুৰ মানসিক আৰু পাৰিবাৰিক বিকাশ ভালদৰে হয়।আপোনালোকে জানেনে,ইংলেণ্ডত একক অভিভাৱকৰ বাবে ছাৰ’গেচি অবৈধ আৰু নিষিদ্ধ।

চল্লিছ পাৰ কৰা কৰণ জোহৰৰ মতে তেওঁ পৰিয়ালৰ বংশ পৰম্পৰা আগবঢ়াবলৈ পিতৃ হোৱা নাই।নিজৰ অন্তৰৰ ভাৱনাসমুহ নিজৰেই অংশত সমাহিত কৰিবলৈহে বোলে পিতৃ হৈছে।আনহাতে চল্লিছ পাৰ কৰা তুষাৰৰ মতে তেওঁ এতিয়া বিবাহপাশত আৱদ্ধ হ’ব বিচৰা নাই।যিহেতু তেওঁ চল্লিছ পাৰ কৰিছেই,সেইকাৰণে তেওঁ অনুভৱ কৰিলে যে পিতৃত্বৰ দায়িত্ব ল’বলৈ আৰু পলম কৰা উচিত নহ’ব।এই দুয়োজন মহানুভৱ আৰু তেওঁলোকৰ দৰে বিচাৰধাৰাত বিশ্বাসী প্ৰতিজন পুৰুষে এই কথা কিয় পাহৰি গৈছে যে তেওঁলোক পিতৃহে হ’ব পাৰিব।মাতৃ নহয়।কৰণ আৰু তুষাৰে পিতৃত্ব লাভ কৰি নিজৰ মানসিক সন্তুষ্টিতো লাভ কৰিলে,কিন্তু ভৱিষ্যতে নিজৰ সন্তানক তেওঁলোকে ‘মা’ শব্দৰ অৰ্থ কি বুলি বুজাব?

যশোদা-শ্ৰীকৃষ্ণৰ নিজা মাতৃ নাছিল যদিও যশোদাই হৈছে শ্ৰীকৃষ্ণৰ আটাইতকৈ ডাঙৰ পৰিচয়।কৰ্ণ যদিও কুন্তীৰ বিবাহ পুৰ্ব সন্তান আছিল তথাপিও কৰ্ণৰ পৰিচয় কুন্তীপুত্ৰ ৰুপেহে হয়।মাতৃ গৌৰীৰ আজ্ঞা পালন কৰিবলৈ গৈ গণেশে পিতৃ মহাদেৱৰ বিৰুদ্ধেই যুদ্ধ কৰিছিল।মাতৃৰ মমতা পিতৃৰ পালনকৰ্তা স্বৰুপৰ সৈতে তুলনা কৰাটো ভুল।সন্তানৰ জীৱনত পিতৃ-মাতৃ দুয়োৰে উপস্থিতি অতি জৰুৰী।পিছে পিতৃত্বৰ মনোকামনা পুৰণ কৰিবলৈ গৈ মাতৃৰ অস্তিত্বক প্ৰত্যাহবান জনোৱাটো সমাজৰ বাবে অতি ভয়াৱহ।কাৰণ এই ব্যৱস্থাই এনে এখন সমাজৰ নিৰ্মাণ কৰিবলৈ গৈ আছে,য’ত সন্তান মমতাৰ অবিহনে ডাঙৰ হ’ব লাগিব।মাতৃৰ মমতা হৈছে শিশুৰ পাঠশালাৰ প্ৰথম পাঠ।যদি তেওঁলোকে এই পাঠেই পঢ়িবলৈ নাপায়,তেন্তে পিছলৈ তেওঁলোক মৰমৰ বান্ধোনত কেনেকৈ বান্ধ খাব পাৰিব?

নি:সন্তান দম্পতীক সন্তানৰ সুখ দিবলৈ বৰদান হৈ অহা এই ছাৰ’গেচি বা বিকল্প মাতৃত্ব ব্যৱস্থা কেতিয়া পথভ্ৰষ্ট হৈ গ’ল গমেই পোৱা নগ’ল।বয়সীয়াল দম্পতীক সন্তান দিয়াৰ কাৰণেও ছাৰ’গেচিৰ দৰে চিকিৎসা ব্যৱস্থা বহু বিবাদিত হৈ পৰিছে।সত্তৰ বছৰৰ অধিক বয়সৰ দম্পতীয়ে যেতিয়া বিকল্প মাতৃত্বৰ ব্যৱস্থাৰে সন্তানৰ মুখ দেখিবলৈ পাইছিল,তেতিয়াই সমাজ বিজ্ঞানী,চিকিৎসক আদিয়ে এই ব্যৱস্থাৰ প্ৰতি আঙুলি তুলি প্ৰশ্ন তুলিছিল।

বাণিজ্যিক বিকল্প গৰ্ভধাৰণ ২০০২ চনৰ পৰাই ভাৰতত আইনসিদ্ধ।ভাৰতৰ হিন্দী চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক তাৰকাই এই আইনৰ সুবিধাৰে পিতৃমাতৃ হৈছে।বিকল্প মাতৃত্বৰ সুযোগ ল’বলৈ দেশীয় দম্পতীৰ উপৰি বিশ্বৰ ভিন ভিন দেশৰ সন্তানহীন দম্পতী ভাৰতলৈ আহে।এই পৰ্যন্ত আমাৰ দেশত এই বিষয়ত কোনো কঠোৰ আইন বলৱৎ হোৱা নাই।বহু প্ৰতীক্ষিত নতুন ছাৰ’গেচি আইন অনুসৰি কোনো একক বা সমকামী ব্যক্তি শিশুৰ অভিভাৱক হ’ব নোৱাৰিব।এই আইন সংসদত গৃহীত হোৱাৰ পুৰ্বেই কৰণ জোহৰে অতি কৌশলেৰে নিজৰ মনোকামনা পুৰণ কৰি ল’লে।

নতুন প্ৰজন্মৰ একক অভিভাৱক হ’বলৈ ইচ্ছা ৰখা যুৱকসকলে এই কথা মনত ৰখা উচিত যে মাতৃৰ মমতাক প্ৰত্যাহ্বান জনাবলৈ যাওঁতে তেওঁলোকে এই কথা এবাৰ দকৈ ভাবক যে মাতৃ অবিহনে তেওঁলোকৰ জীৱনৰ ৰুপ কি হ’লহেতেঁন?

উৎস: স্বাস্থ আৰু দীৰ্ঘজীৱন ,নাজৰিণ ৰহমান