যিসময়ত পৃথিৱীৰ অধিক দেশৰ জনসাধাৰণে উলঙ্গভাৱে থকাৰ উপৰিও গুহাত বসবাস কৰিছিল, সেই সময়ত আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞাণ ভোটা তৰাৰ দৰে উজ্বলি আছিল। হেজাৰ বছৰৰ আগতে ৰচিত বেদ, উপনিষদ, পুৰাণ , মহাভাৰত আদিত স্নানৰ উপকাৰী গুণগত বিশ্লেষণ লিপিবদ্ধ কৰিছিল।
ভালদৰ পুষ্টিকৰ খাদ্য খোৱাৰ উপৰিও আমাৰ শৰীৰটো পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিলেহে আমাৰ সুস্বাস্থ্য অটুট থাকিব। সদায় স্নান কৰিলে বা গা ধুলে শৰীৰৰ ঘাম, মল আৰু গন্ধ আতৰ হয়। গৰম দিনত ঠাণ্ডা পানী আৰু ঠাণ্ডা দিনত গৰম পানীৰে স্নান কৰি ভাল লাগে। স্নান কৰাৰ আগতে এক-দূই গিলাছ পানী খাব লাগে যাতে শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ তাপমাত্ৰাৰ তাৰতম্য নহয়। ৰদ বা গৰম পৰিবেশৰ পৰা আহি তৎমূহূৰ্ততে স্নান কৰিব নালাগে । কিছুসময় জিৰণি লৈহে স্নান কৰিব। আমাৰ শৰীৰটো ক্ৰমে তলৰপৰা ওপৰলৈ গৰম। আমাৰ ভৰিৰ তলুৱা আতাইতকৈ বেছি ঠাণ্ডা হোৱাৰ বিপৰীতে মূৰটো সৰ্বাধিক গৰম। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্নান কৰা বা গাধোৱাৰ সময়ত প্ৰথমে ভৰিত পানী ঢালি ক্ৰমান্বয়ে দেহ ,কান্ধ আৰু শেষত মূৰত পানী ঢালিব লাগে। এই দৰে স্নান কৰিলে দেহৰ বাত-পিত্ত-কফ দোষৰ ভাৰসাম্যতা ৰক্ষা পৰাৰ উপৰিও সপ্তধাতুৰ পৰিপুষ্টি সাধন হয় । সেয়েহে শৰীৰটো পৰিস্কাৰ-পৰিচন্ন হোৱাৰ উপৰিও নিৰোগী কৰি ৰাখে। তলত কিছুমান শ্লোক বাখ্যা কৰা হৈছে , যিবিলাক কেবাহেজাৰ বছৰৰ আগতে ৰচনা কৰা অথচ বিজ্ঞাণ সন্মত।
আমাৰ শৰীৰ পৰিস্কাৰ কৰি নিৰোগী কৰি ৰখাৰ উত্তম ব্যৱস্থা হৈছে স্নান। আয়ুৰ্বেদিক পদ্ধতিত বহুত প্ৰকাৰ স্নান উল্লেখ আছে। স্নানৰ মাহাত্ম্য সন্দৰ্ভত ভৱিষ্য পুৰাণত কোৱা হৈছে যে--
নৈৰ্মল্যং ভাৱশুদ্ধিশ্চ চিনা স্নানং ন যুজ্যতে।
তস্মাত্কাৰ্য বিশুদ্ধয়ৰ্থং স্নানামাদৌ বিধিয়তে ।।
অৰ্থাৎ শৰীৰৰ নিৰ্মলতা আৰু মনৰ শুদ্ধতা স্নান অবিহনে অসম্ভৱ। শৰীৰ আৰু মনৰ বিশুদ্ধিৰ কাৰণে সৰ্বপ্ৰথমে স্নান কৰা উচিত।
স্নান সম্পৰ্কে যাজ্ঞবল্ক্য নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে -সদায় স্নান কৰা ব্যক্তিৰ ধৈৰ্য্য, বুদ্ধি ,শ্ৰুতি, স্মৃতি বাঢ়ে। শৰীৰৰ শোভা বাঢ়ে, পুষ্টিসাধশ হয় আৰু স্বাস্থ্যৱান হয়।
স্নানৰ দহটা উপকাৰীতা গুণ মহাভাৰতত উল্লেখ আছে যে স্নান কৰিলে দহ প্ৰকাৰে উপকৃত হ'ব পাৰে। গুণা দশ স্নানশীলং ভজন্তে বলং ৰূপং স্বৰবৰ্ণ প্ৰশুদ্ধি : ।
স্পৰ্শশ্চ গন্ধশ্চ বিশুদ্ধতা চ শ্ৰী: সৌকুমাৰ্য্যং প্ৰৱৰাশ্চ নাৰ্য্য:।
(১) বল:- সদায় স্নান কৰিলে শৰীৰৰ বল বাঢ়ে।
(২) ৰূপ:- শৰীৰৰ ৰূপ বৃদ্ধি হয় ।
(৩) স্বৰ:- মাত সুস্পষ্ট আৰু শুৱলা হয়
(৪) বৰ্ণ:- গাৰ বৰণ ধুনীয়া , মসৃন আৰু উজ্জ্বল হয়।
(৫) স্পৰ্শ:- স্পৰ্শ অনুভূতি বাঢ়ে।
(৬) গন্ধ:- গন্ধ অনুভূতি বাঢ়ে
(৭) শৰীৰ পৰিস্কাৰ:- শৰীৰৰ বেয়া গন্ধ আৰু মলি পৰিস্কাৰ হয় বাবে ৰোগৰ পৰা হাত সাৰিব পাৰি আৰু মনটো উৎফুল্লিত হয়।
(৮) মুখৰ শ্ৰী বৰ্দ্ধন :-মুখৰ কমনীয়তা বাঢ়ে, ছালখন মসৃণ আৰু উজ্জ্বল হয় বাবে সৌন্দৰ্য বাঢ়ে।
(৯) তাৰুণ্য :- শৰীৰ যৌৱনদীপ্ত হোৱা বাবে দীৰ্ঘকালীন তাৰুণ্য হৈ থাকিব পাৰে।
(১০) সুন্দৰী স্ত্ৰী লাভ :- সুস্বাস্থ্যৰ অধিকাৰী হ'ব পৰা গুণৰ কাৰণে সুন্দৰী স্ত্ৰীয়ে বিয়াৰ ক্ষেত্ৰত সহজেই সন্মতি দিয়ে।
চাণক্য তন্ত্ৰটো স্নানৰ গুণ বিশেষ ভাৱে উল্লেখ কৰিছে--
স্নানং নাম মন: প্ৰসাদজননং দু:স্বপ্নবিধ্বংসনং
শৌচস্যায়তনং মলাপহৰনং সংবৰ্ধনং তেজস: ।
ৰূপদ্যোতকৰং বিতুপ্ৰমংথনং কামাগ্নিসন্দীপনং
নীৰাণাং চ মনোহৰং শ্ৰমহৰং স্নানে দশৈতে গুণা:।।
অৰ্থাৎ চাণক্যই কৈছে যে সদায় স্নান কৰিলে এই দহটা সুফল পোৱা যায়।
(১) শৰীৰটো পৰিস্কাৰ হোৱাৰ ফলত মনলৈ প্ৰসন্নতা আহে।
(২) মনৰ দুস্বপ্ন বিনাশ হয়।
(৩) শৰীৰটো পৱিত্ৰতাৰ আধাৰ হৈ পৰে।
(৪) শৰীৰ আৰু মনৰ পৰা অপৱিত্ৰতা আতৰ হয়।
(৫) শৰীৰৰ শক্তি বৃদ্ধি হয়।
(৬) শৰীৰৰ সৌন্দৰ্য্য শ্ৰীবৃদ্ধি হয়।
(৭) শত্ৰু নাশক গুণৰ অধিকাৰী হয়।
(৮) কামভাৱ অধিক জাগ্ৰত হয়।
(৯) স্ত্ৰীৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
(১০) শৰীৰৰ ভাগৰুৱা ভাৱ আতৰ কৰে।।
আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞাণৰ প্ৰাচীনম গ্ৰন্থ অষ্টাঙ্গ হৃদয়ৰ দিনচৰ্য্যাত স্নানৰ বিষয়ে উল্লেখ কৰা আছে যে--
দীপনং বৃষ্যমায়ুষ্য়ং স্নানাপূজাং বলপ্ৰদমৃ।
কণ্ডু মল শ্ৰম স্বেদ তন্দ্ৰাতৃডৃদাহ পাম্মজিত।। (১৬)
অৰ্থাৎ, নিয়মিত ভাৱে স্নান কৰিলে

(১) ক্ষুধা বাঢ়ে

(২) যৌনশক্তি বৃদ্ধি হয় (

৩) দীৰ্ঘায়ু প্ৰাপ্তি হয়

(৪) মনৰ একাগ্ৰতা বাঢ়ে

(৫) শৰীৰৰ দক্ষতা বাঢ়ে

(৬) শৰীৰত কণ্ডু বা চৰ্মৰোগ নহয়

(৭) শৰীৰৰ মল আতৰ হয়

(৮) শৰীৰৰ অৱশতা আতৰ হয়

(৯) ঘাম আতৰ হয়

(১০) নিদ্ৰাভাৱ নোহোৱা হয়

(১১) সঠিক ভাৱে পিয়াহ লাগে

(১২) শৰীৰৰ জ্বলন-পোৰণ নোহোৱা হয়।
গৰম পানীৰে স্নান কৰা সম্পৰ্কে অষ্টাঙ্গ হৃদয়ৰ দিনচৰ্য্যা অধ্যায়ত উল্লেখ কৰিছে যে--
উষ্ণাম্বুতাহধ: কায়স্য পৰিষেকো বলাবহ:।
তেনৈবতূন্তমাঙৃগস্য বলহৃত্কেশচক্ষুষাম্।।(১৭)
অৰ্থাৎ গৰম পানীৰে স্নান কৰোতে মূৰত গৰম পানী ঢালিলে চকুৰ দৃষ্টি শক্তি হ্ৰাস পায় আৰু চুলি দূৰ্বল হয়। কিন্তু গৰম পানীগাত ঢালিলে শৰীৰৰ শক্তি বাঢ়ে
স্নানমদ্ৰিতনেত্ৰাস্য কৰ্ণৰোগা অতিসাৰিষু । (১৮)
গ্ৰাধ্মান পীনস অজীৰ্ণ ভুক্তবত্সু চ গৰ্হিতম্।।
অৰ্দিত বা ফেচিয়েল পেৰালাইচিচ, চকুৰ ৰোগ,কাণৰ ৰোগ, মুখৰ ৰোগ,অতিসাৰ, পেটফুলা, নাকৰ পৰা দূৰ্গন্ধ পানী ওলাই থকা আৰু আহাৰ খাই উঠিয়েই স্নান কৰিব নালাগে। কেতিয়া স্নান কৰিব নালাগে ।
মণু সংহিতাত উল্লেখ আছে যে--
ন স্নানমাচৰেদ্ ভুক্তা নাতুৰো ন মহানিশি।
ন বাসোভি: মহাজস্ত্ৰং নাবিজ্ঞাতে জলাশয়ে।।
(১) ভুক্তা ;- আহাৰ খাই উঠিয়েই কেতিয়াও স্নান কৰিব নালাগে। এই সময়ত স্নান কৰিলে শৰীৰৰ জাঠৰাগ্নি কমাৰ ফলত হজম আৰু বিপাকত বাধা ওপজে।
(২) আতুৰ :- ৰোগত আক্ৰান্ত হৈ থকা সময়ত স্নান কৰিব নালাগে। উদাহৰণ স্বৰূপে ক'ব পাৰি যে , চৰ্দি-জ্বৰ হৈ থকা সময়ত ঠাণ্ডা পানীৰে স্নান কৰিলে স্বাভাৱিকতে ৰোগ বাঢ়িব।
(৩) মধ্যৰাত্ৰি :- মধ্যৰাত্ৰি স্নান কৰিলে নানা প্ৰকাৰ কফ আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ হয়।
(৪)বাসোভি মহাজস্ত্ৰং :- বেছিকৈ কাপোৰ পিন্ধি স্নান কৰিহ নালাগে।
(৫) অজ্ঞাত জলাশয় :- অজ্ঞাত জলাশয়ত নামি কেতিয়াও স্নান কৰিব নালাগে। এনে জলাশয়ত নামি স্নান কৰিলে বিপল হোৱাৰ সম্ভাৱনা।
স্নান সাত প্ৰকাৰৰ:-
যাজ্ঞবল্ক্য গ্ৰন্থখনত সুস্পষ্ট ভাৱে উল্লেখ কৰিছে যে স্নান সাত প্ৰকাৰৰ।
মান্ত্ৰং ভৌমং তথা আগ্নেয়ং বায়ব্যং দিব্যমেব চ ।
বাৰুণম্ মানসং চৈব সপ্ত স্নানান্যনুক্ৰমাত্।।
(১) মান্ত্ৰ ;- শৰীৰ ৰোগাক্ৰান্ত হৈ থকা অৱস্থাত পানীৰে স্নান কৰিব নোৱাৰি। তেনেক্ষেত্ৰত মন্ত্ৰপুত পানী গাত চতিয়াই পৱিত্ৰ হোৱাকে মন্ত্ৰ স্নান বোলা হয়।
শৌনক ঋষিৰ মতেও শৰীৰ দূৰ্বল বা ৰোগ হৈ থকা সময়ত মন্ত্ৰাদি স্নান কৰা উচিত।
(২) ভৌমস্নান ;- শৰীৰত মাটিৰ প্ৰলেপ দিয়াক ভৌমস্নান বোলা হয়।
(৩) আগ্নেয় স্নান ;- শৰীৰত ভষ্ম সানি পৱিত্ৰ হোৱাকে আগ্নেয় স্নান বোলা হয়। মস্কৰিভাষ্য নামৰ মুণিয়ে কৈছে যে - "অশকৌ বাৰুণে স্নানে আগ্নেয়াদি সমাচৰেত্ " অৰ্থাৎ ৰোগাক্ৰান্ত সময়ত জলস্নান কৰিবলৈ অসমৰ্থ হ'লে আগ্নেয় স্নান কৰিলেও হয়।
(৪) বায়ব্য স্নান :- গৰুৰ জাক গৈ থকা সময়ত খুৰাৰ পৰা ধূলি উৰে। এই ধূলি গাত লাগিলে বায়ব্য স্নান বোলা হয়।
(৫) দিব্য স্নান :- কেতিয়াবা একেটা সময়তে ৰ'দ আৰু বৰষুণ দি থাকে। এই সময়ত বৰষুণৰ পানীত স্নান কৰাকেই দিব্যস্নান।বোলা হয়।
(৬) বাৰুণস্নান :- পানীৰে স্নান কৰাক বাৰুণ স্নান বোলা হয়। মহাভাৰতত উল্লেখ আছে যে - "সৰ্বেংষামেব স্নানানাং বিশিষ্টম্ তত্ৰ বাৰুণম্"। অৰ্থাৎ সকলো স্নানৰ ভিতৰত জলস্নানৰ মহত্ব আছে বাবে এই স্নান সৰ্বশ্ৰেষ্ঠ।
(৭) মানস স্নান :- আত্ম চিন্তনৰ দ্বাৰা শুদ্ধি হোৱাক মানস স্নান বোলা হয়।

লেখক :-ডা:মনোজ কুমাৰ শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ