আজিৰ এই লিখনিটোৰে চিকিৎসা জীৱনৰ মোৰ বিশ বছৰীয়া অভিজ্ঞতাৰে কবলৈ ওলাইছোঁ যে আয়ুৰ্বেদিক চিকিৎসাৰে কঁকালৰ বিষ আৰোগ্য হয়। পোনতে ককালৰ বিষৰ বিষয়ে জানিবলৈ হলে আমাৰ ৰাজহাড়ডালৰ গঠন সম্পৰ্কে এক সম্যক ধাৰণা লব লাগিব।

আমাৰ ৰাজহাড় ডাল 33 ডাল হাৰেৰে গঠিত। এই হাৰ বোৰৰ মাজেৰে আমাৰ মস্তিষ্কৰ পৰা নাৰ্ভ ৰ এক গুচ্ছ (যাক আমি spinal cord বুলি কওঁ)ওলাই আহে।

spinal cord ৰ পৰা 33 জোৰা nerve যাক আমি spinal Nerve বুলি কওঁ ওলাই গৈ আমাৰ শৰীৰৰ বিভিন্ন অংশত ক্রিয়াশীল কৰি তোলে। দুডাল ৰাজহাড়ৰ টুকুৰাৰৰ মাজত স্পঞ্জৰ দৰে এবিধ বস্তু থাকে যাক intervertebral disc বুলি কোৱা হয়।

যিয়ে দুডাল হাঁড়ৰ মাজত ঘঁহনি খোৱাত বাধাৰ সৃষ্টি কৰে আৰু আৰু হাঁড়ৰ লগতে নাৰ্ভ সমূহক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে।

আমাৰ যিকোনো কৰ্মত যদি এই অংশবোৰত হেঁচা পাৰে তেন্তে ৰাজহাড় পৰা ওলাই অহা নাৰ্ভ বোৰত হেঁচা প্ৰয়োগ কৰে যাৰ ফলত আমি কঁকালত বিষ অনুভৱ কাৰো।

ৰাজহাড়ডালৰ কঁকালৰ অংশক lumbosacral region বুলি কয়। ইয়াত পাছডাল lumber vertebrae নামৰ হাড় থাকে। এই হাৰকেইডাল লৰচৰ কৰিব পাৰে।

সাধাৰণতে সন্মুখৰ পিনে হাউলি দিয়া, পিছলৈ ভাজকৰা, সোঁফালে বাওঁফালে ভাঁজ কৰা আৰু কিছুপৰিমানে ঘুৰণীয়াকৈ ঘড়ীৰ কটাৰ দিশত বা বিপৰীত দিশত শৰীৰটো ঘূৰাওঁতে এই হাৰকেইডালে সহায় কৰে।

lumber vertebrae ৰ তলত পাছডাল sacral vertebrae নামৰ হাৰ একগোট হৈ থাকে।এই হাৰকেইডালে লৰচৰ কৰিব নোৱাৰে। এই হাঁড়ডালৰ তলৰ অংশক coccyx বুলি কয়।

coccyx হাড়ডাল sacral vertebrae ৰ লগত সংযুক্ত যদিও ই লৰচৰ কৰিব পাৰে।কোনো ব্যক্তি থেকেছা খাই পৰিল এই হাড়ডালত আঘাত পালেও কঁকালৰ বিষ হয়।

কঁকালৰ হাড় কেইডালৰ মাজেৰে কেতবোৰ নাৰ্ভ শৰীৰৰ নিম্ন অংশলৈ গতি কৰি ভৰি সমূহক কৰ্মক্ষম কৰি ৰাখে। মুঠৰ ওপৰত নিম্ন অংশৰ সমবেদনা মস্তিস্কলৈ আৰু মস্তিষ্কৰ পৰা নিম্ন অংশক ক্ৰিয়াশীল কৰিবলৈ যিবোৰ নাৰ্ভৰ প্ৰয়োজন এই আটাইবোৰ নাৰ্ভ কঁকালৰ এই হাৰসমূহৰ মাজেৰে পাৰ হৈ যাব লগাত পৰে।

সেয়েহে এই অংশত আঘাত পালে কঁকালৰ বিষ হয় তাৰোপৰি এই বিষ নিম্ন অংশ অৰ্থাৎ ভৰি দুখনলৈও গতি কৰিব পাৰে।

ৰাজহাড় ডাল দুই ঠাইত দুটা ভাঁজ দেখা যায়। এটি ডিঙিৰ অংশত আৰু আনটো কঁকালৰ অংশত। এই ভাজটোক lordosis বুলি কোৱা হয়।

শৰীৰৰ ভাৰসাম্য বজাই ৰাখিবলৈ তথা শৰীৰত চিধাকৈ ধৰি ৰাখিবলৈ এই দুয়োটা ভাজেই প্ৰয়োজন। কিবা কাৰণত এই ভাজটো পোন হৈ গলেও কঁকালৰ বিষ হয়। কিয়নো নাৰ্ভ সমূহত লগতে ডিস্কত হেঁচা পৰে। কেতিয়াবা নাৰ্ভ সমূহ নষ্টও হব পাৰে।

কঁকালৰ হাঁড়ৰ মাজেৰে ভৰিলৈ গতি কৰা দুডাল দীঘল নাৰ্ভ হৈছে ক্ৰমে femoral নাৰ্ভ আৰু sciatic নাৰ্ভ।

এই দুয়োডাল নাৰ্ভৰেই কৰ্ম সুকীয়া। কঁকালৰ ওপৰ অংশত আঘাত হলে femoral nerve আৰু নিম্ন অংশত আঘাত পালে scietic nerve ৰ কৰ্মত ব্যাঘাত জন্মে।

কঁকালৰ বিষৰ মূল কাৰণ সমূহ -

১)অত্যাধিক ভাৰ বহন কৰা।

২)বেছিকৈ হালি হালি কাম কৰা।

৩)বেকাকৈ থিয় হোৱা।

৪)শৰীৰৰ ওজন বঢ়িলে।

৫)ৰাজহাড়ৰ ক্ষয় হলে।

৬)অত্যাধিক খোজ কাঢ়িলে।

৭)ৰাজহাড়ৰ ভিতৰত টিউমাৰ হলে।

৮)শ্লীপ ডিস্ক হলে।

৯)খাদ্যত কেলচিয়াম আৰু মেগনেছীযামৰ অভাব হলে।

১০)আঘাত পালে।ইত্যাদি।

কঁকালৰ বিষৰ কেতবোৰ আনুসংগীক কাৰণ -

কঁকালৰ বিষৰ ইয়াৰোপৰি আন বহু কাৰণ দেখা যায়।

যেনে:

১)আমি খোৱা খাদ্য যদি ভালদৰে হজম নহয় তেনেহলে ইয়াৰ ফলত পেটত গেছ উদ্ভৱ হয়। যাৰ ফলত আমাৰ ৰাজহাড় ডাল পিছলৈ ঠেলা খায় আৰু আমি বিষ অনুভৱ কৰোঁ।

২)মহিলাসকলৰ যদি বগা শ্ৰাৱ হয় নতুবা গৰ্ভাশয় আৰু ইয়াৰ আশে পাশে থকা অংশ সমূহৰ কোনো ৰোগ হয় তেতিয়াও কঁকালৰ বিষ হোৱা দেখা যায়।

৩)মেৰুদণ্ডত হোৱা ৰোগ কিছুমান যেনে-

-হাড়ৰ যক্ষ্মা ৰোগ,

-কেন্সাৰ ৰোগ,

-multiple myeloma নামৰ অন্য এবিধ ৰোগ,

-ৰাজহাৰ ভঙা, ইত্যাদিত ও কঁকালৰ বিষ হব পাৰে।

৪) অৰ্শ ৰোগ,

-পেটৰ ডিচেণ্টৰী ৰোগ,

-ৰক্তহীনতাত আদি ৰোগটো সময় সাপেক্ষে কঁকালৰ বিষ হোৱা দেখা যায়

৫)বৃক্কত হোৱা পাথৰ (kidney stone)ৰোগত কঁকালৰ বিষ হোৱা প্ৰায়েই দেখা যায়।

৬)বৃক্কত হোৱা বিভিন্ন ধৰণৰ টিউমাৰ ৰোগত কঁকালৰ বিষ হয়।

মনত ৰাখা উচিত যে মানসিক দুৰ্বলতা আৰু অত্যাধিক মানসিক চাপত ও কঁকালৰ বিষ অনুভৱ কৰা যায়।

উপৰিউক্ত কাৰণ সমূহৰ ফলত-

*কঁকালৰ হাঁড়ৰ বিশংগতি,

*ডিস্ক শ্লীপ হোৱা,

*নাৰ্ভত হেঁচা পৰা,

*ৰাজহাৰডালৰ ভাজটো নোহোৱা হোৱা যাক চিকিৎসা বিজ্ঞানৰ ভাষাত loss of lordosis বুলি কোৱা হয়, ইত্যাদি হব পাৰে।

সেয়েহে কেতবোৰ ৰোগীৰ কঁকালৰ বিষ হোৱাৰ উপৰিও এই বিষ ভৰিলৈ গতি কৰে আৰু কেটবোৰৰ ভৰি অচল অথবা পেৰালাইছিছ ও হব পাৰে।

আৰোগ্যৰ বাবে আমি কি কৰো -

আয়ুৰ্বেদিক চিকিৎসা ৰোগী আৰু ৰোগৰ বালাবল অনুসৰি প্ৰাৰম্ভ কৰা হয়। তলৰ চিকিৎসা পদ্ধতি সমূহৰ প্ৰয়োগত এনে ৰোগৰ পৰা মুক্তি পোৱা দেখা যায়।

১)কটি বস্তি চিকিৎসা।

২)নাদি স্বেদ চিকিৎসা।

৩)গুড বস্তি চিকিৎসা।

৪)ঔষধিৰ দ্বাৰা চিকিৎসা।

৫)কেতবোৰ ব্যায়াম।

৬)অগ্নি কৰ্ম চিকিৎসা।

একৰ পৰা তিনি নং চিকিৎসা আমি ৰোগী অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰাই কৰাও।চতুৰ্থবিধ ৰোগী পৰীক্ষা কৰি ঔষধি নিৰ্বাচন কৰো।

পঞ্চমবিধ চিকিৎসা -

*MRI,

*XRAY,

*CT SCAN আদিৰ লগতে ৰোগী চাই কেতবোৰ ফলপ্ৰসু ব্যায়াম কৰিব উপদেশ দিওঁ।

ষষ্ঠ বিধ চিকিৎসা ৰোগী অনুসৰি কেতবোৰ যন্ত্ৰৰ দ্বাৰা কেতবোৰ বিশেষ অংশত দগ্ধ কৰা হয় যাক চিকিৎসা বিজ্ঞান নাৰ্ভ burning বুলি অভিহিত কৰিছে।

ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711