চমু বিৱৰণ

১৭৯৬ খ্ৰীষ্টাব্দত আৱিস্কৃত হোমিঅ’পেথিক চিকিত্সা বিজ্ঞানৰ আৱিষ্কাৰক হ’ল জাৰ্মানীৰ ওঠৰ-ঊনৈশ শতিকাৰ চিকিত্সা বিজ্ঞানৰ উচ্চ শিক্ষাসম্পন্ন চিকিত্সক, ৰসায়নবিদ তথা গ্ৰীক, লেটিন, ইংৰাজীকে আদি কৰি ১৪ টা ভাষাত জ্ঞান থকা ভাষাবিদ ডাঃ খ্ৰীষ্টিয়ান ফেড্ৰিক চেমুৱেল হেনিমেন (১৭৫৫-১৮৪৩)। হোমিঅ’পেথিক চিকিত্সাত সদৃশ লক্ষণক সদৃশ লক্ষণৰ দ্বাৰা চিকিত্সা বা আৰোগ্য কৰা হয়। হোমিঅ’পেথিক চিকিত্সা বিজ্ঞানৰ মতে মানৱ স্বাস্থ্যৰ ধাৰণাটো বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সূত্ৰৰ দৰে শাৰীৰিক, মানসিক আৰু সামাজিক তথা পাৰিপাৰ্শ্বিক এই আটাইকেইটা দিশেই সামৰি লোৱা হয়। এই চিকিত্সাৰ এটি প্ৰধান তত্ত্ব হ’ল কোনো কাৰণত জীৱনী শক্তিৰ হীনদেঢ়ি ঘটিলেই মানৱ শৰীৰক ৰোগে আক্ৰমণ কৰে। জীৱনী শক্তিয়ে আমাৰ স্বাস্থ্যক নিয়ন্ত্ৰণ কৰে। হোমিঅ’পেথিক মুখ্যতঃ তিনিবিধ ৰোগ সৃষ্টিকাৰী শক্তি বা মায়াজামৰ দ্বাৰা ৰোগ উত্পন্ন হয়। আমাৰ জীৱনী শক্তি এই মায়াজামৰ দ্বাৰা আক্ৰান্ত হ’লেই শৰীৰত ৰোগে দেখা দিয়ে।

এই চিকিৎসা পদ্ধতিৰ ঔষধসমূহ মুখ্যতঃ

ছয়বিধ বিভিন্ন উপাদানেৰে তৈয়াৰ কৰা হয়। যেনে- ভেষজ, ৰাসায়নিক দ্ৰব্য, বিভিন্ন ৰোগৰ বীজাণু আৰু উত্পাদিত দ্ৰব্য, কীট-পতংগ আৰু জীৱ-জন্তু, বিদ্যুত্ চুম্বক আদিৰ ৰশ্মি আৰু তৰংগ আদিৰ পৰা। এই চিকিত্সাৰ এক নিজস্ব পৰিসৰ আছ। প্ৰকৃতিৰ পৰা উত্পন্ন হোৱা সকলো ধৰণৰ ৰোগীকে চিকিত্সা কৰাৰ লগতে আন কিছুমান অস্ত্ৰোপচাৰৰ আৱশ্যক হোৱা ৰোগীকো হোমিঅ’পেথিক চিকিত্সাৰ দ্বাৰা আৰোগ্য কৰিব পাৰি। যেনে- টনচিলাইটিছ, বৃক্কৰ পাথৰ, গেষ্ট্ৰিক আলচাৰ, পাইল্ছ, পেপটিক আলচাৰ, ইনফ্লুয়েঞ্জা, সৰু আই, মাজু আই, মেলেৰিয়া, চাইক’চমেটিক, মাইগ্ৰেন, মৃগী, এলাৰ্জীজনিত বিসংগতি, বিভিন্ন চৰ্মৰোগ, মহিলাৰ বিভিন্ন ৰোগ, শিশুৰোগ আদি এই চিকিত্সাৰে নিৰাময় কৰিব পাৰি।

হোমিঅ’পেথিক ঔষধৰ সংৰক্ষণ

হোমিঅ’পেথিক ঔষধ এলক’হলত সংৰক্ষিত হৈ থাকে। ইয়াৰ ম্যাদ উকলাৰ সময়সীমা দীঘলীয়া। উচিত উপায়েৰে সংৰক্ষণ কৰিলে ঔষধৰ গুণাগুণৰ পৰিৱৰ্তন নহয়। যেনে- তীব্ৰ গোন্ধ, সূৰ্যৰ ৰশ্মি, জেকা ঠাই আদিৰ পৰা আঁতৰাই ৰাখিব লাগে। হোমিঅ’পেথিক ঔষধসমূহ সাধাৰণতে পাউডাৰৰ জৰিয়তে দিয়া হয় আৰু ই তুলনামূকভাৱে সুলভ, ইয়াক সমাজৰ সকলো শ্ৰেণীৰ আৰু সকলো বয়সৰ ৰোগীয়েও গ্ৰহণ কৰিব পাৰে। বিভিন্ন সংক্ৰামক আৰু ৰোগৰ ক্ষেত্ৰত হোমিঅ’পেথিক ঔষধৰ কাৰ্যকাৰিতা দেখা যায় লগতে প্ৰতিষেধক হিচাপেও প্ৰয়োগ কৰা হয়। হোমিঅ’পেথিক ঔষধ পৰিমিত আৰু নিয়মানুযায়ী প্ৰয়োগ কৰিলে পাৰ্শ্বক্ৰিয়া দেখা নাযায়। শিশুৰ পৰা বৃদ্ধ যিকোনো লোককে এই ঔষধ প্ৰয়োগ কৰি সুফল লাভ কৰিব পাৰি। এই ঔষধসমূহ খোৱাৰ কমেও আধা ঘণ্টা পিছলৈ আন বস্তু খাব নালাগে।

হোমিঅ’পেথিক ঔষধৰ গুণাগুণ অতি ফলপ্ৰসু, ব্যৱহাৰ কৰিবলৈ সহজ, কম খৰচী, পাৰ্শ্বক্ৰিয়াহীন। সেয়ে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে হোমিঅ’পেথিক ঔষধবোৰ ৰোগীক চিকিত্সা কৰা শেহতীয়া আৰু বিশুদ্ধ পদ্ধতি।

লেখিকাঃ নন্দিতা দাস

উৎসঃ অসমীয়া খবৰ