চুলি সৰা বা এল’পেচিয়া কেৱল প্ৰাপ্তবয়স্কৰ সমস্যা নহয়।বিভিন্ন কাৰণত শিশুৰ চুলি সৰিব পাৰে।বেছিভাগ শিশুৰ ক্ষেত্ৰত ২৬ মাহ বা তাতকৈ বেছি সময়ত চুলি সৰিব পাৰে।আপোনাৰ শিশুৰ চৰ্মৰোগ বিশেষজ্ঞই এই সমস্যাৰ কাৰণ উদ্ভাৱন কৰিব পাৰে- শিশুৰ চুলিৰ গুৰিত হোৱা খৰ-খজুৱতিৰ বাবে চুলি সৰিব পাৰে।ছালৰ পৃষ্ঠভাগত চুলি ছিগি যাব পাৰে আৰু তালু অংশত ক’লা ফুট ফুটৰ দৰে দেখা যায়।আপোনাৰ শিশুৰ অনুবীক্ষণিক পৰীক্ষা কৰাৰ প্ৰয়োজন হ’ব পাৰে।আপোনাৰ শিশুৰ বাবে এণ্টিফাংগাল ছেম্পু ব্যৱহাৰ কৰিব পাৰে চিকিৎসকৰ পৰামৰ্শ মতে। শিশুৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ব্যাহত হ’লেও চুলি সৰিব পাৰে। শিশুৱে নিজে নিজৰ চুলি টনা বা জোৰকৈ মোহৰাৰ বাবেও চুলি সৰিব পাৰে। শিশু উদ্বিগ্নতাত ভুগিলেও চুলি সৰিব পাৰে।ককাক-আইতাকৰ মৃত্যু,সহোদৰৰ জন্ম,বিদ্যালয়ৰ হেঁচা অথবা অভিভাৱকৰ ডিভোৰ্চ এনে কিছুমান কাৰক।যদি আপোনাৰ শিশুৱে চুলি টনা দেখে,তেন্তে তেওঁক গালি নাপাৰিব।কাউঞ্চেলৰৰ কাষলৈ শিশুটো লৈ যাওক। শিশুৰ চুলি বহু অভিভাৱকে পনীটেইল কৰে।টানকৈ চুলি বান্ধিলে চুলিৰ গুৰিত খজুৱতি হৈ চুলি সৰিব পাৰে। উৎস: দেওবৰীয়া সুকন্যা