শিশুৱে খেলি থকা অৱস্থাত যিকোনো পোক-পতংগই বা পৰুৱাই কামুৰিব পাৰে। এনে অৱস্থাত হঠাতে হোৱা বিষৰ বাবে শিশুৱে জোৰেৰে কান্দি উঠে। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে কামোৰা অংশখিনি ৰঙা পৰি উঠে। কেতিয়াবা আকৌ একেবাৰে সোঁমাজৰ অংশটো বগা পৰি সৰু ফুটা হৈ কাষত দাগ ওলাই পৰে। মৌ মাখিয়ে কামুৰিলে কামোৰা অংশত শুংডাল সোমাই থাকে। এনে পৰিস্থিতিত অভিভাৱকসকলে বিতত হৈ পৰে। কি কৰিব, কি নকৰিব উৱাদিহ নোপোৱা হয়। কি কৰা উচিত - সাধাৰণতে পোক-পতংগই কামুৰিলে শিশুটি অধিক উত্তেজিত হৈ উঠে। সেয়ে প্ৰথমে শিশুক শান্ত কৰিবলৈ চেষ্টা কৰা উচিত। ভালদৰে লক্ষ্য কৰি যদিহে শুং সোমাই থকা দেখে, সেইডাল নখেৰে টানি উলিয়াই পেলাব লাগে। কামোৰা ঠাইটুকুৰা বেছিকৈ বিষালে সেই ঠাইত চাফা কাপোৰত এটুকুৰা বৰফ বান্ধি লগাই থ’ব লাগে। কিছু সময় লগাই থ’লে বিষৰ পৰা বহুখিনি উপশম হোৱা দেখা যায়। বৰফৰ টুকুৰাটো এখন কাপোৰত বান্ধি কামোৰা অংশটোত লগাই বান্ধি থ’বও পাৰে। ইয়াৰ পিছতো যদি দুই- তিনি ঘণ্টালৈকে বিষৰ উপশম নহয়, তেন্তে চিকিৎসকৰ কাষ চাপিব। শিশুটিৰ যদি মুখত পোকে কামোৰে তাক ঠাণ্ডা পানী খাবলৈ দি পোনে পোনে চিকিৎসালয়লৈ লৈ যাব লাগে। যদিহে উশাহ লোৱাত কষ্ট হয় তেতিয়া কোনো বস্তুত খাবলৈ জোৰ কৰিব নালাগে। বিষাক্ত পোকে কামুৰিলে শিশুৱে লগে লগে অৱশ হৈ পৰে। সেয়ে তৎক্ষণাৎ চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা কিছুমান পোকৰ কাৰণে শিশুৰ শৰীৰত এলাৰ্জী হৈ ডবলা ডবল উঠিব পাৰে। এই এলাৰ্জী দংশনৰ কেইমিনিটমানৰ ভিতৰতে স্পষ্ট হৈ উঠিব। এনে এলাৰ্জীয়ে কেতিয়াবা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে শিশুটিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যিমান পাৰি সোনকালে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। উৎস: জি এনআৰচি স্বাস্থ্য