গৰ্ভাৱস্থাত নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা অতি আৱশ্যক। শিশুৰ লগত খোৱা-বোৱা, খেলা-ধূলা আৰু কথা-বতৰা পাতিলে তেওঁলোকৰ গঠন আৰু বিকাশত সহায়ক হয়। অসুখৰ সময়তো স্তনপান কৰাই থাকক। পৰিয়ালটোৰ বাবে সদায় যথোপযুক্তভাৱে আয়’ডিন থকা নিমখ ব্যৱহাৰ কৰক। অসুখৰ পাছত শিশুটোক অতিৰিক্ত খাদ্য লাগে। যদি শিশুটিৰ বিকাশ মন্থৰ হয়, তাৰ খোৱা, খেলা-ধূলা বঢ়াই যাব লাগে। যদি তাৰ পাছতো বিকাশ মন্থৰ হয়, শিশুটিক চিকিৎসকৰ ওচৰলৈ নিব লাগে। ০-৬ মাহ ০-৩ মাহ ৩-৬ মাহ আহাৰ আপুনি কি কৰিব পাৰে শিশুৱে কি কৰিব পাৰে আপুনি কি কৰিব পাৰে শিশুৱে কি কৰিব পাৰে জন্মৰ লগে লগে (আধাঘণ্টাৰ ভিতৰত) সন্তানক স্তনপান কৰাওক। শিশুটেৰ চকুলৈ চাই হাঁহক আৰু কথা পাতক। তিনিমহীয়া প্ৰায় শিশুৱেই হাঁহিৰে সঁহাৰি জনাব পাৰে। ৰঙীণ ডাঙৰ বস্তু এটা লওক যাতে শিশুটোৱে দেখে আৰু চুবলৈ চেষ্টা কৰে। ছমহীয়া প্ৰায় সকলো শিশুৱেই- দাঙি ধৰা অৱস্থাত মূৰটো স্থিৰ কৰি ৰাখিব পাৰে। ছমাহলৈ কেৱল মাত্ৰ মাকৰ গাখীৰ খুৱাওক- মাকৰ গাখীৰৰ বাহিৰে অন্য একো খাদ্য, পানীয় বা পানীও নিদিব। শিশুটিক দেখা, শুনা, অনুভৱ কৰা আৰু ইফাল-সিফাল কৰাত সহায় কৰক। শিশুটোৱে ৰঙীণ বস্তু অনুসৰণ কৰিব পাৰে। শিশুটোৰ লগত কথা পাতি সঁহাৰি দিয়ক। শব্দ বা ইংগিতেৰে বাৰ্তালাপ কৰি থাকিব। শব্দ শুনিলে ঘূৰি চাব পাৰে। শিশুটোৱে যিমানবাৰেই বিচাৰে সিমানবাৰ স্তনপান কৰাব। শব্দ কৰিবলৈ আৰম্ভ কৰে। সন্মুখৰ বস্তু ধৰিবলৈ হাত মেলে। দিনত তথা ৰাতিও স্তনপান কৰাব। ৬-১২ মাহ আপুনি কৰি কৰিব পাৰে শিশুৱে কি কৰিব পাৰে আহাৰ নমহীয়া প্ৰায় শিশুৱেই- ১ বছৰৰ প্ৰায় শিশুৱেই- ছমহীয়া শিশুক কোমলকৈ সিজোৱা পাচলি, দাইল বা লুথুৰি কম পৰিমাণে খুৱাবলৈ আৰম্ভ কৰিব লাগে। শিশুটোৰ হাতত ধৰিব পৰাকৈ আৰু শব্দৰ সৃষ্টি কৰিব পৰাকৈ পৰিষ্কাৰ আৰু সুৰক্ষিত বস্তু দিয়ক। শুই থকাৰ পৰা বহিব পাৰে। সহায় নোলোৱাকৈ থিয় হ’ব পাৰে। লাহে লাহে খাদ্যৰ পৰামাণ, খোৱা সময়ৰ ব্যৱধান আৰু আহাৰৰ ঘনত্ব বৃদ্ধি কৰক। শিশুটোৰ লগত চকুৰে লুকা-ভাকু খেলক। হাত আৰু আঙুলিৰে সৰু সৰু বস্তু বুটলিব পাৰে। হাত জোকাৰিব পাৰে। শিশুৰ ভোক লগাৰ লক্ষণ বুজিবলৈ চেষ্টা কৰক আৰু তাৰ প্ৰতি সঁহাৰি জনাওক। শিশুটোক মানুহ আৰু বস্তুবোৰৰ নাম কওক। সহায় নোহোৱাকৈ বহিব পাৰে। মা-দেউতা আদি শব্দ ক’ব পাৰে। দিনে ৪-৫ বাৰ শিশুটোক আহাৰ খুউৱাৰ লগতে স্তনপান কৰোৱাই থাকক। ১-২ বছৰৰ আপুনি কি কৰিব পাৰে শিশুৱে কি কৰিব পাৰে আহাৰ ১১/২ বছৰৰ প্ৰায় শিশুৱেই যিকোনো বস্তু খুজিব পাৰে। ২ বছৰৰ প্ৰায় শিশুৱেই এটা ভৰিৰ ওপৰত সহায় লৈ থিয় হ’ব পাৰে। বিভিন্ন খাদ্য, যেনে- ভাত, ৰুটী, পাচলি, হালধীয়া ফল আৰু দাইল জাতীয় আৰু গাখীৰ বা গাখীৰ জাতীয় আহাৰ দি থাকিব লাগে। শিশুটোক এনে বস্তু দিব লাগে যাতে সি তাৰে সজাব পাৰে আৰু টেমাৰ ভিতৰত থ’ব আৰু বাহিৰলৈ উলিয়াব পাৰে। প্ৰয়োজন প্ৰকাশ কৰিব পাৰে। এটা শব্দ ক’ব পাৰে। শিশুটিক দিনে ৫ বাৰ মানকৈ আহাৰ খুৱাওক। শিশুটোক সৰল প্ৰশ্ন কৰক। এটা বাটিত ২-৩টামান শিলগুটি থ’ব পাৰে। ঘৰুৱা কামবোৰ অনুসৰণ কৰিব পাৰে। এটা সুকীয়া বাটিত আহাৰ দিয়ক যাতে খাদ্যৰ পৰিমাণ চোৱা-চিতা কৰি থাকিব পাৰি। শিশুটোৱে কথা পাতিবলৈ চেষ্টা কৰাটোত সঁহাৰি জনাওক। ভালকৈ খোজকাঢ়িব পাৰে। শিশুটোৰ লগতে বহি খোৱাত সহায় কৰক। ২ বছৰ বা ততোধিক সময়লৈ স্তনপান কৰাই থাকিব। ২-৩ বছৰৰ আপুনি কি কৰিব পাৰে শিশুটোৱে কি কৰিব পাৰে আহাৰ বস্তু গণনা আৰু তুলনা কৰাত শিশুটোক সহায় কৰক। শিশুটোৰ বাবে সাধাৰণ পুতলা তৈয়াৰ কৰক। ২১/২ বছৰৰ প্ৰায় শিশুৱেই দেহৰ চাৰিটা অংগ চিনাক্ত কৰিব পাৰে। ৩ বছৰৰ প্ৰায় শিশুৱেই- সৰল ৰেখা এডাল চাই চাই আঁকিব পাৰে। শিশুটোক ঘৰতে তৈয়াৰী আহাৰ দিনে ৫ বাৰকৈ দিয়ক। শিশুটোক কথা কবলৈ অনুপ্ৰাণিত কৰক আৰু তাৰ প্ৰশ্নৰ সঁহাৰি দিয়ক। অলপ পেলাই হ’লেও নিজে আহাৰ খাব পাৰে। নিজেই নিজৰ হাত ধুব পাৰে। শিশুটোৱে নিজে খাব পৰাকৈ সহায় কৰক। শিশুটোক গান গোৱা আৰু খেলা শিকাওক। যিকোনো এটা ৰঙৰ নাম শুদ্ধকৈ কব পাৰে। চাৰিটা বস্তুৰ মাজত কমেও ৩টাৰ নাম কব পাৰে। শিশুটোৱে খাদ্য খোৱা নিৰীক্ষণ কৰক। খোৱাৰ আগতে চাবোনেৰে হাত ধোৱাটো নিশ্চিত কৰক। (উৎসঃ সংহত শিশু বিকাশ সেৱা, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান)।