হিমোফিলাছ ইন্ফ্লুৱেঞ্জী-বি এবিধ গ্ৰাম-ঋণাত্মক বেক্টেৰিয়া। কেঁচুৱা আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মাৰাত্মক ৰোগ এইবিধ অণুজীৱই কৰিব পাৰে। সেয়ে ইয়াক জনস্বাস্থ্য সমস্যা হিচাপে ঘোষণা কৰা হৈছে। ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ মগজু আৰু স্নায়ুতন্ত্ৰ আৱৰি থকা আৱৰণখনৰ সংক্ৰমণ (মেনিনজাইটিছ) আৰু হাঁওফাঁওৰ কলাৰ সংক্ৰমণ (নিউমোনিয়া)ৰ এটা মূখ্য কাৰণ এই হিমোফিলাছ ইনফ্লুৱেঞ্জী-বি বা চমুকৈ ‘হিব’ সংক্ৰমণ। লব্ধ তথ্যানুসৰি ৪০-৫০ শতাংশ মেনিনজাইটিছ আৰু ২০-৩০ শতাংশ নিউমোনিয়াৰ কাৰণ হ’ল ‘হিব’। হিব জনিত মেনিনজাইটিছ আৰু নিউমোনিয়াত আক্ৰান্ত শিশুসকলৰ ১০ ৰ পৰা ৩০ শতাংশই মৃত্যুমুখত পৰে। যিসকল শিশু মৃত্যুমুখত পৰে। যিসকল শিশু মৃত্যু নোহোৱাকৈ বাচি যায়, তাৰো এক বৃহৎ সংখ্যকে (২৫-৩০ শতাংশ) পিছলৈ শৰীৰৰ বিশেষ কোনো অংশ লৰাব-চৰাব নোৱাৰা কাণেৰে নুশুনা হোৱা, মগজুৰ কাৰ্য্যকুশলতা হ্ৰাস পোৱা আদি স্নায়ুতন্ত্ৰৰ স্থায়ী বিকলতাত ভুগিব লগা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যানুসৰি ভাৰতত বছৰি প্ৰায় ২৪-৩০ লাখ শিশু হিবৰ দ্বাৰা আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় ৭২,০০০ টি শিশু মৃত্যুমুখত পৰে। এয়া ভাৰতৰ পাঁচ বছৰৰ তলৰ শিশুৰ মুঠ মৃত্যুৰ চাৰি শতাংশ। আনহাতে সমগ্ৰ বিশ্বতে বছৰি প্ৰায় ৮১ লাখ শিশু হিবৰ দ্বাৰা আক্ৰান্ত হয় আৰু ইয়াৰে তিনি লাখ ৭১ হাজাৰ শিশু মৃত্যুমুখত পৰে। হিব বেক্টেৰিয়াই কেৱল মানুহৰহে ৰোগ কৰে। ইয়াৰ ছটা উপজাতিৰ ভিতৰত ‘বি’ উপজাতি আটাইতকৈ মাৰাত্মক আৰু অইন শিশুৰ হিমোফিলাছ ইন্ফ্লুৱেঞ্জীজনিত গুৰুতৰ ৰোগৰ ৯০ শতাংশই এই উপজাতিৰ বাবে হয়। এইবিধ বেক্টেৰিয়াৰ নামটোত যদিও ‘ইন্ফ্লুৱেঞ্জী’ শব্দটো আছে, ‘ইন্ফ্লুৱেঞ্জী’ বুলিলে যি সাধাৰণ চৰ্দি বা পানীলগাৰ কথা আমি বুজো-তাৰ স’তে ইয়াৰ কোনো সম্পৰ্ক নাই। বৰঞ্চ আগতে কৈ অহা ধৰণে মেনিন্জাইটিছ, নিউমোনিয়া অন্যান্য অন্তৰ্গামী গুৰুতৰ ৰোগৰহে সৃষ্টি কৰে। হিব এবিধ সংক্ৰামক বীজাণু। ৰোগাক্ৰান্ত শিশু এটাই হাঁচি মাৰিলে বা কাঁহিলে লেলাৱতি বা কাহত ওলোৱা বতাহৰ সৰু সৰু শ্বাসতান্ত্ৰিক নি:সৰণ তথা খেকাৰত এই বীজাণু অইনৰ গালৈ যাব পাৰে। শিশুৱে পুতলা বা খেলনা আদি প্ৰায়ে মুখত লয়, গতিকে এনে পুতলা বা খেলনাৰ জৰিয়তেও ই আনলৈ বিয়পিব পাৰে। যিমান বেছি শিশুৰ স’তে বেছি সময় থাকে সিমানে সংক্ৰমণৰ সম্ভাৱনাও বাঢ়ে। আজিকালি চাকৰিজীৱি বা অইন জীৱিকাত ব্যস্ত মাতৃসকলে ওমলা-ঘৰ আদিত কেঁচুৱা বা শিশুটিক থৈ ব্যক্তিগতভাৱে সিহঁতৰ হিব আক্ৰান্ত হোৱাৰ আশংকা আৰু সামগ্ৰিকভাৱে সমস্যাৰ বোজা বৃদ্ধি কৰিছে। হিব আক্ৰান্ত হ’লে বিভিন্ন জ্বৰ উঠাৰ উপৰি আক্ৰান্ত অংগানুসৰি লক্ষণসমূহ দেখা যায়। মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৱৰি থকা আৱৰণখন সংক্ৰমিত হ’লে শিশুটি অস্থিৰ হৈ পৰে, মূৰটো পেলাই থাকে, টোপনি নাযায়, নেৰানেপেৰাকৈ কান্দি থাকে আৰু কোনোপধ্যেই তাক শান্ত কৰিব নোৱাৰি। উন্নয়নশীল দেশসমূহৰ এনে শিশুৰ ৪০ শতাংশই মৃত্যুমুখত পৰে। হাঁওফাঁও সংক্ৰমিত হ’লে কাহ উঠে, উশাহ-নিশাহত শব্দ হয় বুকুৰ কামিহাড় ওলোৱা সোমোৱা কৰে। হাড় সংক্ৰমিত হ’লে বিষৰ বাবে শিশুটিয়ে কান্দি থাকিব। ভৰি বা হাতৰ গাঁঠিবোৰ বিষাব পাৰে। মুখৰ ভিতৰৰ স্বৰযন্ত্ৰ বা টেঁটু অঞ্চল সংক্ৰমিত হ’লে কথা ক’বলৈ বা খোৱা-বোৱা কৰিবলৈ এৰি দিব পাৰে। কিছুমান আক্ৰান্ত শিশুৱে কোনো লক্ষণ নেদেখুৱাব আৰু তেনেদৰেই ই অইন সুস্থ শিশুৰ গালৈ বীজাণু বিয়পাই থাকিব পাৰে। সাধাৰণতে পাঁচ বছৰৰ তলৰ শিশুৱেই আক্ৰান্ত হয় যদিও চাৰি মাহৰ পৰা ১৮ মাহ বয়সৰ ভিতৰত হিব আক্ৰান্ত হোৱাৰ আশংকা আটাইতকৈ বেছি। জন্মৰ সময়ত মাকৰ পৰা লাভ কৰা এন্টিব’ডীয়ে কিছুদিনলৈ শিশুটিক সুৰক্ষা দি থাকে যদিও ২-৩ মাহ বয়সৰ পৰা এই এন্টি’বডী কমিবলৈ ধৰে আৰু শিশুটি আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়িবলৈ ধৰে। হিব সংক্ৰমণ প্ৰাণনাশক আৰু স্থায়ী শাৰীৰিক ক্ষতি কৰিব পৰা হোৱাৰ উপৰি ইয়াৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা সহজসাধ্য নহয়। হিব বেক্টেৰিয়া চিনাক্তকৰণৰ বাবে জটিল পৰীক্ষা আৰু অতি উন্নত শ্ৰেণীৰ পৰীক্ষাগাৰৰ প্ৰয়োজন হয়। তেজ বা স্নায়ুৰসত বীজাণু কৰ্ষণ, লেটেক্স টুকুৰাৰ এগ্লুটিনেচন পৰীক্ষা বা প’লিমাৰেজ শৃংখল বিক্ৰিয়া আদি যিবোৰ অত্যাধুনিক ৰোগ নিৰ্ণায়ক পদ্ধতিৰে ইয়াকে চিনাক্ত কৰা সম্ভৱ- তেনেবোৰ পৰীক্ষাৰ সুবিধা গ্ৰামাঞ্চলৰ কথা বাদেই বেছিভাগ নগৰাঞ্চলতো উপলব্ধ নহয়। আনহাতে শুদ্ধ চিনাক্তকৰণৰ পিছতো হিব বীজাণু ধ্বংস কৰিব পৰা উপযুক্ত প্ৰতিজৈৱিক ঔষধৰ অভাৱ। দেখা গৈছে যে সম্প্ৰতি উপলব্ধ সৰ্বশ্ৰেষ্ঠ ঔষধ আৰু চিকিৎসা সেৱা প্ৰদানৰ পিছতো হিব মেনিনজাইটিছত আক্ৰান্ত ৩ ৰ পৰা ৫ শতাংশ ৰোগীৰ মৃত্যু ঘটে। এনেবোৰ দিশে ইয়াক আৰু অধিক ভয়াৱহ কৰি তুলিছে। এনেহেন হতাশাজনক পৰিৱেশৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে হিব প্ৰতিষেধক ছিটাই। ১৯৯০ দশকৰ আৰম্ভণি ভাগত আৱিস্কৃত এই হিব প্ৰতিৰোধী ছিটাই পৰৱৰ্তী কালৰ গৱেষণা আৰু উন্নীতকৰণৰ ফলত বৰ্তমানে ৯০ শতাংশৰো অধিক সুৰক্ষা প্ৰদানৰ সক্ষমতা অৰ্জন কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ঘোঁৰাশলখা, ধনুষ্টংকাৰ, হুপিং কাহ আৰু হেপাটাইটিছ- বি ছিটাৰ স’তে হিব প্ৰতিৰোধী ছিটাকো একত্ৰিত কৰি ‘পঞ্চগুণী’ ছিটা প্ৰদানৰ পৰামৰ্শ কৰিছে। পাঁচটাকৈ মাৰাত্মক ৰোগৰ পৰা সুৰক্ষা দিব পৰা এই পঞ্চগুণী বা পেন্টাৱেলেন্ট ছিটা সম্প্ৰতি ভাৰতবৰ্ষতো জাতীয় ছিটাকৰণ আঁচনিত অন্তৰ্ভূক্ত কৰা হৈছে। ইতিমধ্যে আঠখন ৰাজ্যত চৰকাৰীভাৱে এই ছিটা সাৰ্বজনীন ছিটাকৰণ আঁচনিত অন্তৰ্ভূক্ত কৰা হৈছে। এই ছিটা ছয় সপ্তাহৰ পৰা এবছৰলৈ সকলো শিশুকে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। লিখক: ডা: ৰমেন কুমাৰ কাকতি।