শীতকালি সৰু সৰু ল’ৰা-ছোৱালীৰ চৰ্দি-কাহ আদি হয় ঠিকেই, কিন্তু গৰমকাল পৰাৰ লগে লগেও শিশুহঁতে এনে ধৰণৰ অসুখবোৰত ভোগা দেখা যায়। ফলত মাকবোৰৰ চিন্তা-ব্যস্ততাই দেখা দিয়ে। বতৰৰ পৰিৱৰ্তনৰ ফলত এই অসুখবোৰ হয়। কিন্তু কিয় হয়, কিদৰে যত্ন ল’ব লাগে, তাকে আলোচনা কৰা আহক।

কিয় হয়?

*যিবিলাক ভাইৰাছৰ বাবে চৰ্দি-কাহ-জ্বৰ আদি হয়, সেই ভাইৰাছবোৰ গৰম পৰিলে সক্ৰিয় হৈ উঠে আৰু সহজেই শিশুহঁতক আক্ৰমণ কৰে।

*প্ৰথমে গৰম কালি যেতিয়া তাপমাত্ৰা বাঢ়ে, তেতিয়া বতৰ পৰিৱৰ্তনৰ ফলত ল’ৰা-ছোৱালীয়ে ভুগিবলগীয়া হয়।

*গৰম যেতিয়া ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে, তেতিয়া নানা কাৰণত গৰমৰ আকৌ তাৰতম্যও ঘটি থাকে। যেনে- তীব্ৰ গৰম আকৌ বৰষুণ, ঘৰৰ ভিতৰ আৰু বাহিৰ, এয়াৰ কণ্ডিচন ৰূপৰ ভিতৰ আৰু বাহিৰৰ তাপমাত্ৰাৰ পাৰ্থক্য, ঠাণ্ডা পানী খোৱা বা গা ধোৱা আদি নানা কাৰণত অসুখত ভুগিবলগীয়া হয়।

*আনৰ চৰ্দি-কাহৰ পৰাও অসুখ বিয়পে।

এনে সমস্যাবোৰৰ পৰা বাচিবলৈ হ’লে-

*চৰ্দি-কাহত শিশুটি ভুগি থাকিলে চিকিৎসকৰ কাষ চাপিব আৰু চিকিৎসকৰ পৰামৰ্শ মতে দৰৱ সেৱন কৰিব।

*গৰম পৰিলে উত্তাপৰ তাৰতম্য যিমান পাৰে এৰাই পৰিৱেশ একে কৰি ৰাখিবলৈ যত্ন কৰিব লাগে।

*বাহিৰলৈ গ’লে ছাতি ব্যৱহাৰ কৰিব লাগে।

*গৰমৰ পৰা আহি শৰীৰ ভিতৰৰ বাতাবৰণলৈ নহালৈকে শিশুক ঠাণ্ডা পানী খাবলৈকো দিব নালাগে। গা ধুৱাবও নালাগে। তাৰ বাবে কিছু পৰ অপেক্ষা কৰক।

*সেইবুলি ঘামিব কাৰণে শিশুক খেলা-ধূলা কৰিবলৈ নিদিয়াকৈ নাথাকিব। শৰীৰৰ অংগ সঞ্চালন শিশুৰ বাবে অত্যন্ত জৰুৰী। অংগ সঞ্চালনে শিশুৰ বাঢ়নত সহায় কৰে, শৰীৰ আটিল কৰে, কিন্তু শৰীৰৰ ঘাম যেন শৰীৰৰ ভিতৰলৈ নোসোমায় বা ঘাম শৰীৰতে নুশুকায়। শিশুৰ শৰীৰৰ ঘাম মচি দিয়া উচিত।

গৰমত শিশুৰ প্ৰতি খেয়াল -

*গৰম দিনত শিশুৰ চৰ্দি হৈ জ্বৰ উঠিলে বেছিকৈ কাপোৰ দি ঢাকি নাৰাখিব। তেতিয়া শৰীৰৰ তাপমাত্ৰা কমিবলৈ বেছি সময় লাগে।

*ঠাণ্ডা লাগিব বুলি শিশুক সৰহকৈও কাপোৰ পিন্ধাই নথ’ব। পাতল পোছাকহে পিন্ধাব।

*কোঠাৰ দুৱাৰ-খিৰিকী খোলা ৰাখিব যাতে মুক্ত বতাহৰ চলাচল হৈ থাকে।

*কম স্পীডত ফেন চলাই ৰাখিব পাৰে যদি প্ৰয়োজন হয়।

*জ্বৰ থাকিলে বহুতে গা ধোৱা বন্ধ কৰি দিয়ে। এইটো ভুল চিন্তা। গা নুধুৱালে শৰীৰৰ উত্তাপ নকমে। গা ধুওৱাৰ ফলত শৰীৰৰ উত্তাপ কিছু হ’লেও কমাত সহায় হয়। জ্বৰ খুব বেছি নহ’লেও গা ধুওৱাৰ ক্ষেত্ৰত ভয় কৰাৰ কোনো কাৰণ নাই। খুব চিন্তা হ’লে তিতা টাৱেল বা গামোচাৰে গা মচি দিব। পানী গৰম কৰিব পাৰে বা অলপ কুহুমীয়া কৰি ল’ব।

*চৰ্দি-কাহ হোৱা ব্যক্তি বা আন শিশুৰ পৰা এই সোঁচৰা ভাইৰাছ আন এটি শিশুলৈ গৈ আক্ৰান্ত কৰে। গতিকে শিশুক তেনে লোকৰ পৰা দূৰত ৰাখিব।

*শিশুক দুগ্ধ পান কৰোৱা মাকসকলো এনে অসুখৰ পৰা নিজক ৰক্ষা কৰিবলৈ সাৱধানে থকা উচিত।

গৰমত যিবোৰ বেছিকৈ খাব লাগে -

*গৰমত শৰীৰৰ পৰা ঘামৰ লগত যথেষ্ট পানী আৰু লৱণ বাহিৰ হৈ যায়। তাক পূৰাবৰ বাবে শিশুক মাজে মাজে পানী খুৱাই থাকিব। সিহঁতে ভাল পোৱা ফল-মূল খুৱাই থাকিব।

*বিশেষকৈ তিয়হ আৰু তৰমুজ খুৱাব। এই দুবিধৰ পৰা যথেষ্ট পানী শৰীৰলৈ যায়।

*নেমুৰ চৰবত আৰু নিমখ আৰু চেনি মিহলি পানী খুৱাব যেতিয়া খুব গৰম পৰে। নিমখ চেনি মিহলি পানীয়ে ঘৰতে তৈয়াৰ কৰা ‘অ’ আৰ এছ’ৰ কাম কৰে।

*ঘৰত তৈয়াৰী বেলৰ চৰ্বত, ডাবৰ পানী খুৱাব।

*এবাৰত সৰহকৈ নুখুৱাই অলপ অলপকৈ খুৱাব।

লেখিকা: ৰাণু দাস চৌধুৰী(অসম বাণী)