কেঁচুৱাৰ আদৰ্শ খাদ্য হ’ল ৬ মাহলৈ কেৱল মাকৰ গাখীৰ। মাকৰ গাখীৰেই কেঁচুৱাৰ বাবে সৰ্বোত্তম। কেঁচুৱাৰ লাভ স্তনৰ পৰা ওলোৱা প্ৰথম হালধীয়া গাখীৰখিনিক colostrum বোলে। ইয়াত বেমাৰ প্ৰতিৰোধী কাৰক (এণ্ডি বডি) থাকে। মাকৰ গাখীৰত উপযুক্ত পৰিমাণত প্ৰ’টিন আৰু চৰ্বি থাকে। তদুপৰি ইয়াত দুগ্ধ শৰ্কৰা (lactose), খাদ্যপ্ৰাণ, লৌহ পদাৰ্থ, খনিজ পদাৰ্থ, পানী, উৎসেচক (enzyme) উপযুক্ত পৰিমাণত থাকে। মাতৃদুগ্ধ পৰিষ্কাৰ আৰু বীজাণুমুক্ত। ইয়াত বীজাণু প্ৰতিৰোধকাৰী কাৰক থাকে। মাতৃদুগ্ধ সকলো সময়তে কেঁচুৱাই গ্ৰহণ কৰিব পৰাকৈ প্ৰস্তুত হৈ থাকে। ইয়াক প্ৰস্তুত কৰাৰ প্ৰয়োজন নহয়। স্তন্যপানে কেঁচুৱা আৰু মাকৰ মাজত এক আৱেগিক সম্বন্ধ গঢ়ি তোলে। মাতৃদুগ্ধই কেঁচুৱাক কিছুমান সংক্ৰামক ৰোগ, যেনে – পেট চলা, শ্বাসতন্ত্ৰৰ ৰোগ আদিৰ পৰা ৰক্ষা কৰে। মাতৃদুগ্ধ পান কৰা কেঁচুৱাই অন্য কেঁচুৱাতকৈ কম সংবেদনশীল (allergic) ৰোগত ভোগে। মাতৃদুগ্ধ পান কৰা কেঁচুৱাই পাছৰ জীৱনত অন্য শিশুতকৈ সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱায়। মাতৃৰ লাভ স্তন্যপান কৰোৱা মাতৃসকলৰ ৪ ৰ পৰা ৬ মাহলৈ গৰ্ভধাৰণৰ ভয় নাথাকে। কেঁচুৱা জন্মৰ পাছত হোৱা ৰক্তক্ষৰণৰ সম্ভাৱনা কম। স্তন আৰু গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সুৰক্ষা গঢ়ি উঠে। স্তন্যপানে মাতৃৰ গৰ্ভধাৰণৰ পূৰ্বাৱস্থাৰ অৱয়ব ঘূৰাই অনাত সহায় কৰে। কৃত্ৰিম গাখীৰৰ অসুবিধাসমূহ উপযুক্ত পৰিমাণত প্ৰ’টিন, চৰ্বি, খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ আৰু পানী নাথাকে। এই গাখীৰবোৰে কেঁচুৱাক উপযুক্ত পৰিপুষ্টিৰ যোগান নধৰে। বিভিন্ন সংক্ৰামক ৰোগৰ পৰা শৰীৰক ৰক্ষা নকৰে। কৃত্ৰিম গাখীৰে বদহজম, এলাৰ্জি আদি কৰে। খৰচ বেছি। কৃত্ৰিম গাখীৰ বটলেৰে দিয়া হয়। বটলটো বাজীণুৰ দ্বাৰা সোনকালে সংক্ৰমিত হয়। বটলবোৰ পৰিষ্কাৰ কৰিবলৈ কঠিন আৰু প্ৰতিবাৰ খুওৱাৰ পাছত উতলাব লাগে। কৃত্ৰিম গাখীৰ খুওৱা কেঁচুৱাবোৰক বীজাণুৱে সহজে আক্ৰমণ কৰে। ডায়েৰিয়া আৰু অপৰিপুষ্টিত ভোগে। পেটৰ অসুখ হয় বুলি আৰু খৰচ কমাবৰ বাবে গাখীৰত মাকে পানী বেছিকৈ মিহলায়। কেতিয়া স্তনপান আৰম্ভ কৰিব? জন্মৰ পাছত যিমান সোনকালে পাৰি কেঁচুৱাক স্তনপান কৰাব লাগে। কেঁচুৱাক প্ৰথম খাদ্ঠ মাকৰ গাখীৰ হোৱা উচিত। কিমান সময় স্তনপান কৰাব? কেঁচুৱাক কিমান সময় স্তনপান কৰাব তাৰ কোনো ধৰা-বন্ধা সময় নাই। এটা স্তন সম্পূৰ্ণকৈ খুওৱাৰ পাছত আনটো স্তন খুৱাব লাগে। কেঁচুৱাই উপযুক্ত পৰিমাণৰ গাখীৰ পাইছে নে নাই কেনেকৈ জানিব? মাতৃসকলে চিকিৎসকক সাধাৰণতে সোধা প্ৰশ্ন হ’ল – তেওঁলোকে কেনেকৈ জানিব কেঁচুৱাই উপযুক্ত পৰিমাণৰ গাখীৰ পাইছেনে না। প্ৰথমকেইদিনত যেতিয়া কেঁচুৱাই ক’ল’ষ্ট্ৰাম (colostrum) খাই থাকে, তেতিয়া এখন বা দুখন কাপোৰ তিনিতলেই হ’ল। যেতিয়া গাখীৰ ওলায় (তৃতীয় বা চতুৰ্থ দিনত) ৬ – ৰ পৰা ৮ খন কাপোৰ দিনে তিতিব লাগে। প্ৰথম কেইমাহত কেঁচুৱাই দিনটোত ২ ৰ পৰা ৫ বাৰ পায়খানা কৰে। পৰ্যাপ্ত পৰিমাণৰ গাখীৰ পোৱা কেঁচুৱা প্ৰাণৱন্ত আৰু স্বাস্থ্যৱান হয়। ছালৰ ৰং উজ্জ্বল হয়, ছাল দৃঢ় (Firm)হয়, শৰীৰৰ দৈৰ্ঘ্য বাঢ়ে। মূৰৰ পৰিধি বাঢ়ে আৰু সুন্দৰকৈ টোপনি যায়। আপোনাৰ সন্তানক স্তন্যপানৰ পৰা বঞ্চিত নকৰিব। লেখিকা: ডাঃ দুলুমণি কলিতা।