অধিক সময় শুই থকা নৱজাতক সাধাৰণতে নৱজাতকে দিনটোৰ ষোল্ল ঘন্টা সময় শুই কটায়। কিন্তু সকলো শিশু ইমান সময় ধৰি নুশুৱে। যদি এনে শিশু হঠাতে অধিক সময় শুই থকা হয়, তেন্তে শিশু-বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। ছাল এৰাই গ’লে জন্মতে যিবোৰ শিশুৰ ওজন হয় সিহঁতৰ ছাল এৰাই যায় আৰু ছালখনো খহতা হোৱা দেখা যায়। এনে ক্ষেত্ৰত নাৰিকল তেল লগাব লাগে। প্ৰস্ৰাৱ কৰোঁতে দেৰি হ’লে জন্মৰ ৪৮ ঘন্টাৰ ভিতৰত প্ৰস্ৰাৱ নকৰা শিশুৰ পক্ষে ভাল নহয়। এটি নৱজাতকে দিনটোত পাঁচবাৰৰ পৰা বিশবাৰলৈ প্ৰস্ৰাৱ কৰিব পাৰে। গতিকে ৪৮ ঘন্টাৰ ভিতৰত প্ৰস্ৰাৱ নকৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। হিকটি আহিলে মাকে স্তনপান কৰোৱাই থাকোতে যোৱা বায়ুৰ বাবে নৱজাতকৰ পেটতো ফুলি উঠে। ফলত শিশুটিৰ হিকটি আহে। এনে ক্ষেত্ৰত শিশুটিৰ বুকু আৰু পিঠি ওপৰৰ পৰা তললৈ আলফুলে মালিচ কৰি দিব লাগে। শিশুটিয়ে আৰাম পাব। মুখেৰে গাখীৰ ওলাই অহা মাকৰ গাখীৰ শিশুটিয়ে যদি ভালকৈ চুপিব নোৱাৰে, তেন্তে শিশুটিয়ে অলপ বতাহো খাবলগীয়া হয়। বায়ুখিনি বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াটোত কিছু গাখীৰ বাহিৰলৈ ওলাই আহে। এই ক্ষেত্ৰত মাকগৰাকীয়ে শিশুটিক সঠিক অৱস্থানত লৈ গাখীৰ খুৱাব লাগে। গাখীৰ খাই উঠাৰ পিছত চিধাকৈ লৈ কান্ধৰ ওপৰত হেঁচা দি থাকিলে দহ মিনিটৰ ভিতৰত মুখেৰে বায়ু ওলাই আহে। নাক বন্ধ হ'লে শিশুটিৰ নাক বন্ধ হৈ থাকিলে কুহুমীয়া লৱণ পানী তৈয়াৰ কৰি নাকৰ তিনি টোপালমান দিব লাগে। এনে কৰিলে শিশুটিয়ে নাক বন্ধৰ পৰা ৰক্ষা পৰিব। পেটৰ বিষ হ’লে শিশুটিৰ পেট বিষালে ভৰি দুখন কোঁচাই লৈ কিছু সময়ৰ ব্যৱধানত কান্দিবলৈ লয়। এনে ক্ষেত্ৰত শিশুটিক উবুৰিয়াই শুৱাই দিলে পেটৰ বিষৰ উপশম ঘটে। জিকাৰ খাই উঠিলে শিশুটিয়ে কোনো শব্দ নাইবা স্পৰ্শত জিকাৰ খাই উঠে। এনেকুৱা ঘটাটো চিন্তনীয় নহয়। মাকে শিশুটিক আলফুলে সাৱটি মৰম কৰিলে শিশুটিয়ে নিৰাপদ অনুভৱ কৰে। নেপকিনৰ দ্বাৰা ঘা হ’লে শিশুটিক কেতিয়াও লিপিট খা ধৰা নেপকিন পিন্ধা নালাগে। নেপকিনখন পিন্ধোৱা অংশখিনি সদায় শুকান আৰু মুকলি কৰি ৰখা উচিত। মুখৰ ভিতৰত বগা ঘা হ’লে শিশুটিৰ মুখখন ভালদৰে পৰিষ্কাৰ নকৰিলে আৰু মাকৰ গাখীৰ নাখালে মুখৰ ভিতৰত বগা ঘা হয়। এনে ক্ষেত্ৰত মাকে পৰিষ্কাৰ আঙুলিয়ে শিশুটিৰ মুখখন ০.৫% জেন্ছিয়ান ভায়োলেট বা কিটকপাজন দ্ৰব্যৰে পৰিষ্কাৰ কৰি দিয়া উচিত। সঘনাই হাঁচিয়াই থাকিলে সঘনাই হাঁচিয়াই থকাটো কোনো ৰোগৰ লক্ষণ নহয় তথাপিও যদি অধিক হাঁচিয়াই থাকে, তেন্তে শিশুটিৰ নাকৰ ফুটা দুটা পৰিষ্কাৰ কপাহেৰে চাফা কৰি দিব লাগে। শিশুটিয়ে আৰাম পাব। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।