নিয়মীয়াকৈ মালিচ কৰা শিশু এটাৰ দেহৰ গঠন সুদৃঢ় হোৱাৰ লগতে শিশুটো সতেজ আৰু স্বাস্থ্যবান হোৱা দেখা যায়। মালিচ কাৰ্যৰ জৰিয়তে মাতৃ আৰু শিশুটোৰ সম্বন্ধ দৃঢ় হয়, মৰম বাঢ়ে। শিশু এটাক মালিচ কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই। শিশুটো আৰু মাতৃগৰকীৰ সুবিধামতে মালিচ কৰাৰ সময় ঠিক কৰি লব লাগে। সাধাৰণতে দিনত দুবাৰ আহাৰ খোৱাৰ ঠিক মাজৰ সময়খিনিত শিশু এটা সতেজ হৈ থাকে আৰু এই সময়ত শিশুটোৱেও মালিচ কাৰ্যত সহযোগিতা আগবঢ়ায়। প্ৰথমে গা ধুৱাই তাৰ পিছত মালিচ দিয়াটো নিয়ম। মালিচ কৰোঁতে তেল ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। ভাৰতীয় মহিলাসকলে গৰমৰ দিনত নাৰিকলৰ তেল আৰু ঠাণ্ডাত সৰিয়হৰ তেলৰে মালিচ কৰা দেখা যায়। সৰিয়হৰ তেল মালিচৰ তেল হিচাপে আমাৰ সমাজত ব্যৱহৰ কৰা দেখা যায় যদিও ই শিশুৰ কোমল ছালৰ কাৰণে আচলতে উপযোগী নহয় আৰু ইয়াক ব্যৱহাৰ কৰা অনুচিত। তাৰ পৰিৱৰ্তে নাৰিকলৰ তেল বা বজাৰত পোৱা উৎকৃষ্ট মানৰ গোন্ধবিহীন অলিভ অইল ব্যৱহাৰ কৰিব পাৰি। মাতৃসকলে শিশুৰ মালিচৰ বাবে বিশেষভাৱে তৈয়াৰী তেল ব্যৱহাৰ কৰিব পাৰে। বজাৰত পোৱা যিকোনো তেল জধে-মধে ব্যৱহাৰ কৰিলে শিশুটোৰ ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। বৈজ্ঞানিক গৱেষণাৰ পৰা গম পোৱা গৈছে যে শিশুৰ বাবে নাৰিকলৰ তেল মালিচৰ বাবে বিশেষ উপযোগী। কিন্তু সাধাৰণতে সকলোৱে ব্যৱহাৰ কৰা মিঠাতেল শিশুৰ মালিচৰ বাবে একেবাৰে অনুপযোগী। মালিচ কৰোঁতে প্ৰথমতে ভৰিৰ পৰা আৰম্ভ কৰিব লাগে। ভৰিৰ পিছত ক্ৰমে পেট, পিঠি, হাত, বাহু আৰু একেবাৰে শেষত মুখত মালিচ কৰিব লাগে। বহুতো শিশুক মালিচ দি উঠিহে গা ধুৱায়। শিশুক গা ধুওৱাটো, অৰ্থাৎ চাফ-চিকুণকৈ ৰখাটো যিমান দৰকাৰী, সেইদৰে গা ধুওৱাৰ সময়কণ শিশুক উপভোগ কৰিব দিব লাগে। সাধাৰণতে এটি শিশুৰ গা প্ৰতিদিনে ধুব লগাকৈ লেতেৰা নহয় যদিও ছালৰ উপৰিভাগত জমা হোৱা পুৰণা নিৰ্জীৱ কোষবোৰ আঁতৰাৱলৈ দৈনিক গা ধুওৱাটো দৰকাৰ। সাধাৰণতে কাণৰ পিছৰফাল, ডিঙি, কাষলতিৰ তল আৰু ভৰি দুখনৰ ভাজবোৰত অধিক মলি গোট খোৱা বাবে গা ধুওৱাৰ সময়ত সেই ঠাইবোৰত মন দিয়াটো আৱশ্যক। এগৰাকী মতৃয়েও শিশুটিক গা ধুওৱাৰ সময়ত শিশুৰ গা ঘঁহি, পিটিকি দিয়াৰ কাৰণে সেই সময়কণ মাতৃ-শিশু দুয়োয়ে উপভোগ কৰে। গা ধুওৱাৰ সময়ত শিশুৰ বাবে উপযোগী চাবোনহে ব্যৱহাৰ কৰিব লাগে। শিশুক বাহিৰত, অৰ্থাৎ চোতালত গা ধুওৱা অনুচিত। কিয়নো শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম বাবে সামান্য বতাহ লাগিলেও কেতিয়াবা ৰোগত আক্ৰান্ত হ’ব পাৰে। সেয়ে কুহুমীয়া গৰম পানী লৈ কোঠাৰ ভিতৰত শিশুক গা ধুৱাব পাৰিলে ভাল। শিশুক গা ধুৱাওঁতে ব্যৱহাৰ কৰা গামলাটো এনে হোৱা উচিত, যাতে মূৰটো ডুব নাযায়। পানীৰ পৰা দাঙিয়েই ততালিকে কপাহী গামোচাৰে মোহাৰি শুকুৱাই পেলাব লাগে। কেঁচুৱাক পিন্ধাব লগা কাপোৰ গা ধুওৱাৰ আগতেই যতনাই ৰাখিব লগে। গৰমৰ দিনত কেঁছুৱাক পিছবেলাও তিতা কাপোৰেৰে গাটো চাফা কৰি দিয়াটো উচিত। পৰাপক্ষত কেচুৱাক কোমল কপাহী কাপোৰ পিন্ধাব লাগে। এটি কেচুৱা জন্ম হোৱাৰ আগতে মাক-দেউতাক বা পৰিয়ালৰ আপোনসকলে কেইযোৰমান পোচাক চিলাই পৰিস্কাৰকৈ ৰাখি থোৱাটো উচিত। কেঁচুৱাৰ কাপোৰ কপাহী হ’লে শৰীৰৰ তাপমাত্ৰা ধৰি ৰখাত সহায় হয়। কিয়নো, শৰীৰ চেঁচা হ’লে কেঁচুৱাৰ বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে। সাধাৰণতে ডাঙৰ মানুহতকৈ কেঁচুৱাৰ নিজৰ গা গৰম কৰি ৰখাৰ ক্ষমতা কম। সেয়েহে কাপোৰ নিপিন্ধালে বা কমকৈ পিন্ধালে কেঁচুৱাৰ গা ততালিকে চেঁচা পৰি অথন্তৰ ঘটিব পাৰে। মাকে পিন্ধাতকৈ এতৰপ বেছি কাপোৰ কেঁচুৱাক পিন্ধাব লাগে। শীতকালত কেঁচুৱাক টুপী আৰু মোজা পিন্ধাই থ’লে পানীলগা অসুখৰ পৰা বচাই ৰাখিব পাৰি। কেঁচুৱাক বজাৰত উপলব্ধ নেপকিন নিপিন্ধাই ঘৰতে কপাহী কাপোৰেৰে তৈয়াৰ কৰা নেপকিন পিন্ধোৱাটো বেছি স্বাস্থ্যসন্মত। শিশু এটাৰ ভৰি দুখন উষ্ণ আৰু ৰঙচুৱা হৈ থাকিলে আমি বুজিব লাগিব যে শিশুটিৰ দেহৰ উত্তপ সঠিক হৈ আছে। ভৰি দুখন ঠাণ্ডা, কিন্তু পেটটো হাতেৰে স্পৰ্শ কৰিলে গৰম পালে ঠাণ্ডাত আক্ৰান্ত হোৱা বুলি বুজিব্ লাগিব। যিমান দূৰ সম্ভৱ ৰাতিয়ে-দিনে শীতকালৰ শিশুক গাত গা লগাই বোকোচাত বান্ধি ল’ব পাৰিলে ভাল। গৰাকীৰ দেহৰ উত্তাপেও শিশুটিক বহু ৰোগৰ পৰা বচাই ৰখাৰ লগতে সঠিক মাত্ৰাত উত্তপ দিয়ে। শিশুৰ গাত ডাঙৰে ব্যৱহাৰ কৰা ক্ৰীম লগোৱাটো উচিত নহয়। কেৱল শিশুৰ উপযোগীহে ক্ৰীম লগাব লাগে। স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।