জন্মৰ পৰা ৪ মাহ বয়সলৈ মনত ৰাখিব ৪-৬ মাহ বয়সলৈ একমাত্ৰ মাকৰ গাখীৰহে দিব। পানী বা আন একো পানীয় নিদিব। একমাত্ৰ স্তনপান কৰিব। জন্মৰ এঘণ্টাৰ ভিতৰতেই স্তনপান আৰম্ভ কৰাব। হালধীয়া, ডাঠ প্ৰথমেই ওলোৱা স্তন গাখীৰ (ক’লষ্ট্ৰাম) খুৱাওক-ইয়াত অত্যাৱশ্যকীয় ৰোগ প্ৰতিৰোধক শক্তি থাকে। শিশুৱে যেতিয়াই বিচাৰে তেতিয়াই খাবলৈ দিয়ক। পানী, ফলমূল, গ্লুকোজ পানী বা আন কোনো পানীয় খাবলৈ নিদিব। ৰুগীয়া অৱস্থাতো একমাত্ৰ মাকৰ গাখীৰকেই খুৱাই থাকিব। ৪-৬ মাহ বয়সত এই সময়ৰ পৰা শিশুৱে কাতি হব পাৰে, বহিবলৈ আৰম্ভ কৰা বয়সটোৱে হৈছে, পৰিপঊৰক আহাৰ আৰম্ভ কৰাৰ সময়। শিশুৰ বাঢ়নৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি এই বিষয়ে সিদ্ধান্ত লোৱা হয়। এই খিনি সময়ৰ ভিতৰতেই শিশুক বি চি জি বেজি আৰু তিবনিপালি ডি পি টি আৰু পলিও প্ৰতিৰোধকৰ দ্বাৰা সুৰক্ষিত কৰা উচিত। মনত ৰাখিব ৰুগীয়া অৱস্থাতো মাকৰ গাখীৰ আৰু আন আহাৰ খুৱাই থাকক। শিশুৰ আহাৰ তৈয়াৰ কৰা আৰু খুওৱাৰ আগত্ৰে হাত ধুই লওক। পাৰ্যমানে নতুনকৈ তৈয়াৰী আহাৰ শিশুক খুৱাওক। মাকৰ গাখীৰ খুৱাই থাকক। প্ৰয়োজনীয় ওজন বৃদ্ধি নোহোৱা হেতুকে যদি শিশুৰ বাঢ়ন যথোপযুক্ত নহয়, তেনেহ’লে এচামুচ বা দুচামুচ কোমল পিটিকা আহাৰ, কমেও নিতৌ চাৰিবাৰকৈ খুৱাবলৈ আৰম্ভ কৰক। শাক-পাচলি আৰু ফলমূলো সিজাই মিহলাই খুৱাওক। প্ৰতিবাৰেই দিয় খাদ্যৰ পৰিমাণ লাহে লাহে বঢ়াই ৬ মাহ নহ্যসত আধা বা এচামু৮চ তেল বা ঘিউ সহ আহাৰ আধাবাতিলৈ বঢ়াওক। ৬-৯ বয়সত এই বয়সত আশ্ৰয় নোলোৱাকৈ শিশুৱে বহিব পাৰে। ওখ ঠাইৰ পৰা ইটো সিটো টানি আনিব পাৰে। অধিকাংশ শিশুৰ ৬ মাহ বয়সতেই পৰিপূৰক আহাৰ আৰম্ভ কৰা উচিত। মনত ৰাখিব নিয়মীয়া আহাৰ খুৱাবলৈ আয়োদিনযুক্ত নিমখে ব্যৱহাৰ কৰিব। ৰুগীয়া অৱস্থাতো মাকৰ গাখীৰ আৰু আন আহাৰ খুৱাই থাকিব। আহাৰ তৈয়াৰ কৰা আৰু খুওৱাৰ আগেয়ে হাত ধুই ল’ব। পাৰ্যমানে নতুনকৈ তৈয়াৰী আহাৰ শিশুক খুৱাব। পৰিপূৰক আহাৰ যদি আগেয়ে আৰম্ভ কৰা নাই, আগৰ বয়সৰ নিৰ্দেশনা পালন কৰক। কমেও নিতৌ ৪ বাৰকৈ ভাত, দাইল আৰু মিশ্ৰিত শাক-পাচলিৰ পিটিকা খুৱাওক। প্ৰতিবাৰেই দিয়া খাদ্যৰ পৰিমাণ লহে লাহে বঢ়াই ৯ মাহ্ বয়সত ১\২ বাতি আহাৰ নিতৌ কমেও ৪ৰ বাৰকৈ শিশুক খুৱাওক। শিশুৰ বাঢ়ন ভাল হব’লৈ আহাৰৰ লগত এচামুচ তেল বা ঘিউ মিহলাই দিয়ক। ৯-১২ মাহ বয়সত এই সময়ত শিশুৱে আঁঠু কাঢ়িবলৈ আৰম্ভ কৰে। মাকৰ গাখীৰৰ উপৰিও, নিতৌ কমেও চাৰিবাৰকৈ শিশুক পৰিপূৰক আহাৰ দিয়াটো নিশ্চিত কৰক। এই সময়তে শিশুক সৰু আইঅৰ প্ৰতিষেধক বেজী আৰু ভিটামিন ‘এ’ৰ প্ৰথম পলি দিব লাগে। মনত ৰাখিব নিমখীয়া আহাৰ খুৱাবলৈ আয়োডিনযুক্ত নিমখহে ব্যৱহাৰ কৰিব। ৰুগীয়া অৱস্থাতো মাকৰ গাখীৰ আৰু আন আহাৰ খুৱাই থাকিব। আহাৰ তৈয়াৰ কৰা আৰুখুওৱাৰ আগতে হাত ধুই ল’ব। পাৰ্যমানে নতুনকৈ তৈয়াৰী আহাৰ শিশুক খুৱাব। মাকৰ গাখীৰ খুৱাই থাকক। শিশুক নিতৌ কমেও চাৰিবাৰ আধা বাতিকৈ আহাৰ(ভাত, ৰুটি, পাত শাক-পাচলি, দাইল) খুওৱা উচিত সপ্তাহত কমেও আধাবাতি দুবাৰকৈ অথবা নিতৌ ভাত খোৱা চামুচেৰে এচামুচকৈ সিজোৱা সেইউজীয়া পাত শাক এই আহাৰৰ লগত দিব লাগে। শিশুৰ বাঢ়ন ভাল হবলৈ আহাৰৰ লগত এচামুচ তেল বা ঘিউ মিহলাই দিয়ক। প্ৰতিবাৰেই দিয়া খাদ্যৰ পৰিমাণ লাহে লাহে বঢ়াই ১২ মাহ বয়সত আধবাতি সিজোৱা আহাৰ নিতৌ কমেও পাঁচবাৰকৈ শিশুক খুৱাওক। ১ বছৰৰ পৰা ১৮ মাহ বয়সত এই সময়ছোৱাত শিশুৱে খোজ কাঢ়িবলৈ আৰম্ভ কৰে। এই বয়সত ভিটামিন’ই’ৰ প্ৰথম পালি আৰু আটাইকেইপালি প্ৰতিষেধক ছিটাৰ দ্বাৰা শিশুটিক সুৰক্ষিত কৰ উচিত। মনত ৰাখিব নিমখীয়া আহাৰ খুৱাবলৈ আয়োডিনযুক্ত নিমখহে ব্যৱহাৰ কৰিব। ৰুগীয়া অৱস্থাতো মাকৰ গাখিৰ আৰু আন আহাৰ খুৱাই থাকিব। আহাৰ তৈয়াৰী কৰা আৰু খুওৱাৰ আগেয়ে হাত ধুই ল’ব। নতুনকৈ তৈয়ৰী আহাৰহে শিশুক খুওৱাটো বাঞ্চনীয়। শিশুটিয়ে পৰিয়ালৰ বাবে ৰন্ধা আহাৰ খোৱা উচিত। নিতৌ কমেও আধাবাতিকৈ পাঁচবাৰ ভাত, ৰুটি, দাইল, শাক-পাচলিৰ মিশ্ৰণ শিশুটিয়ে খোৱা উচিত। এই আহাৰৰ লগতে আধাবাতি সেউজীয়া শাক-পচলি সপ্তাহত কমেও দুবাৰকৈ অথবা নিতৌ ভাত খোৱা চামুচেৰে এচামুচকৈ সেউজীয়া পাত শাক সিজাই দিব লাগে। শিশুৰ বাঢ়ন ভাল হ’বলৈ আহাৰৰ লগত এচামুচ তেল বা ঘিউ মিহলাই দিয়ক। প্ৰতিবাৰেই দিয়া খাদ্যৰ পৰিমাণ লাহে লাহে বঢ়াই ১৮ মাহৰ পৰা ২ বছৰ বয়সত শিশুক প্ৰাপ্তবয়স্কই খোৱা আহাৰৰ পৰিমাণৰ আধা খাবলৈ দিব লাগে। ১৮ মাহৰ পৰা ২ বছৰ বয়সত এই বয়সত শিশুৱে আশ্ৰয় নোলোৱাকৈ খোজ কাঢ়িব পাৰে। ডি পি টি আৰু পলিওৰ ‘বুষ্টাৰ’ পালিৰে শিশুটিক সুৰক্ষা দিয়ক। মনত ৰাখিব ৰুগীয়া অৱস্থাতো আহাৰ খুৱাই থাকিব। নিমখীয়া আহাৰ খুৱাবলৈ আয়োডিনযুক্ত নিমখহে ব্যৱহাৰ কৰিব। আহাৰ তৈয়াৰ কৰা আৰু খুওৱাৰ আগতে হাত ধুই লব। নতুনকৈ তৈয়াৰী আহাৰ শিশুক খুৱাটোহে উচিত। ১৮ মাহৰ পৰা ২ বছৰ বয়সত শিশুটিয়ে প্ৰাপ্তবয়স্কই খোৱা আহাৰৰ পৰিমাণৰ আধা খোৱা উচিত। ক্ৰমাগতভাবে শিশুটিয়ে খোৱা আহাৰৰ পৰিমাণ বঢ়াওক। স্বাস্থ্য আৰু দীৰ্ঘ জীৱন