সকলো কেচুৱাই কান্দে: ইয়াত ভাৱিবলগীয়া একো নাই । পিছে লালন পালন কৰোতা সকলেহে বুজে নিজৰ কেচুৱাৰ কান্দোনে সময়ে সময়ে কিমান যাতনা দিয়ে।
এটি হাঁহি মাতি কলমলাই থকা শিশুক দেখি কাৰনো বাৰু বেয়া লাগিব ? পিছে কন্দা শিশুৱে আনক আমনি দিয়াই নহয় অস্বাভাৱিক ভাৱে কন্দা শিশুৱে কেতিয়াবা পিতৃ মাতৃকো চিন্তাত পেলায় । কথা বা ভাষা নুবুজা এটি শিশুৰ অশান্তিকৰ যিকোনো অৱস্থাৰ প্ৰকাশ ভংগী হ'ল কান্দোন । অৱশ্যে শিশুৱে স্বাভাৱিক ভাৱে কন্দাটো একধৰনৰ ব্যায়াম যদিও বহু ক্ষেত্ৰত শিশুৰ অস্বাভাৱিক কান্দোনৰ কাৰন নুবুজি পিতৃ মাতৃ বিপাঙত পৰাও দেখা যায়।
শিশুৱে অকাৰণত কেতিয়াও নাকান্দে-

কি কি কাৰনতনো কান্দে জানো আহক:-
১। ভোক লগা:- ভোক পিয়াহ লাগিলে কন্দাটো স্বাভাৱিক কথা । সেয়ে মাতৃ গৰাকীয়ে স্তনপান বা আহাৰাদি নিৰ্দ্ধাৰিত সময় বুজি্(feediing rutine মতে)খুউৱাতো উচিত । মাকৰ গাখীৰ সকলো শিশুৰে প্ৰিয় আৰু জন্মৰে পৰা চিনাকি সুস্বাদু আহাৰ । অন্য আহাৰ খুৱাওতে কেতিয়াবা ভোক থাকিলেও খাব নুখুজা , থুৱাই দিয়া,ওকালি দিয়া বমি কৰা আদি লক্ষন দেখা যায় । সেয়ে অইন তৰল আহাৰ খুৱাওতে শিশুৰ ৰুচিবোধ অধ্যয়ন কৰি খুৱাব । লগতে আহাৰৰ গৰম /ঠাণ্ডা/সোৱাদ পৰীক্ষা কৰিব ।
২। ভয় লগা বা অস্বাভাৱিক শব্দ শুনা:--
আকস্মিক ভয়ৰ দৃশ্য দেখা,পৰি যোৱাৰ ভয় ,ডাঙৰ শব্দ , ধমকনি বা আনে ভেঙুচালি কৰা, অচিনাকী লোকৰ সম্পৰ্ক,অচিন পৰিৱেশ আদি নানা কাৰনত কান্দিব পাৰে ।
৩। বিৰক্তিবোধ :- খুৱাওতে ,পিন্ধাওতে,গা ধোৱাওতে, অকলে বহাই বা শুৱাই থওতে , শৌচ প্ৰস্ৰাৱ কৰা লেতেৰা অৱস্থাত, দুষিত পৰিবেশ, অচিনাকী লোকৰ কোলাত , অতি গৰম বা ঠান্ডা পোৱা, বেচিকৈ কাপোৰ উৰাই দিয়া,বিচৰা বস্তু নোপোৱা আদি বিভিন্ন কাৰনত সময়ে সময়ে শিশুৱে বিৰক্তিবোধ কৰিও কান্দিব পাৰে।
৪। ওখ ঠাইৰ পৰা পৰি , পোক পৰুৱা, মহ মাখিয়ে কামোৰা বা অন্য কিবা কাৰনত দেহৰ কৰবাত দুখ পালেও কান্দিব পাৰে ।
৫। ভাগৰ লগা :-শিশুৱে একো অন্য কাম নকৰিলেও খেলা,হঁহা,কন্দা,ইফালে সিফালে যোৱা,মালিচকৰা, আদি কামত ভাগৰি পৰে । সাধাৰনতে ডাঙৰতকৈ শিশুৰ টোপনি বেচি । সেয়ে সময়মতে টোপনিয়াব নোপোৱাতো কান্দোনৰ এটা কাৰন ।
৬। শিশুৰ দেহত হব পৰা ৰোগৰ কাৰনতো কান্দিব পাৰে । চালৰ ৰোগ,জৰ ,কাহ, চৰ্দি, বমি,হাগনি আদি নানা ৰোগ হব পাৰে । সেইবোৰৰ যথোচিত শুশ্ৰুষা কৰাব ।
শিশুৱে আমনি পোৱা কন্দা কেবাটাও ৰোগৰ ভিতৰত সঘনাই হোৱা ৰোগ হ'ল--
পেটত গেছ হোৱা। এই ৰোগে বহুতো মাতৃক চিন্তিত কৰায় । স্তনপান কৰোতে ,বতলৰ গাখীৰ খাওতে নাইবা অন্য আহাৰৰ কাৰনত শিশুৰ পেটত গেছ (বায়ু) জমিব পাৰে, পেট ফুলা,বায়ু ত্যাগ কৰা, শৌচ কচা আদি কাৰনত কান্দিব পাৰে। সেয়ে নিৰ্দিষ্ট বয়সত Gripe water বা চিকিত্সকৰ পৰামৰ্শমতে দৰৱ খুউৱাটো ভাল । অধিক গেছৰ সমস্যাত আকনমান খোৱা হিং পানীত মিহলাই নাভিৰ চাৰিও ফালে ঘহিলে উপসম হয়(নাভীত নলগাব)।গা ধোৱাৰ আগতে লাহে লাহে কিছু ব্যায়াম কৰাই দিলেও আৰাম পাব ।দেখা যায় শিশুৰ বয়স বাঢ়ি অহাৰ লগে লগে কান্দোনৰ কাৰন সমুহো বদলিব ধৰে । ৰাগ, খং, ভেম ,অভিমান ,জিদ কৰা , নকৰিবলগীয়াতো কৰা', দুষ্টামী কৰা , ইটো সিটো বিচৰা আদি কাৰনতো আমনি কৰাব পাৰে ।

সকলো বোজা জন্মদাতা পিতৃ মাতৃ বা পৰিয়ালৰ ওপৰতে পৰে । কেচুৱা বা শিশুৱে কান্দিবই । তথাপি অবুজ শিশুৱে পোৱা আমনি বা কান্দোনৰ ভাষা সমুহ সুক্ষ্মভাৱে অধ্যয়ন কৰি সন্তানক নিৰোগী আৰু হাস্যমুখৰ কৰি ৰাখিব পৰাটো দক্ষ মাতৃৰ দক্ষ পৰিচয় ।

লেখক : যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ