বহুতো শিশুৱে এনেকুৱা কিছুমান সমস্যাত ভোগে যে সেই বিষয়ে আমি পিতৃ-মাতৃ আৰু অভিভাৱকসকল সজাগ নোহোৱাৰ বাবেই শিশু এটিক আমাৰ অনুপযুক্ত আচৰণেৰে আমি যথেষ্ট মনোকষ্ট দিওঁ আৰু শিশুটিক কৰি পেলাওঁ সংকুচিত। গতিকে আজি ক’ব খুজিছো শিশু এটিয়ে ভুগিব পৰা গুৰুত্বপুৰ্ণ যেন নলগা কিন্তু যথেষ্ট গুৰুত্বপুৰ্ণ একধৰনৰ সমস্যাৰ বিষয়ে, যি সমস্যাক চিকিৎসা-বিজ্ঞানত কোৱা হৈছে এলিমিনেচন ডিছঅৰ্ডাৰ। এলিমিনেচন ডিছঅৰ্ডাৰ বুলি ক’লে সাধাৰনতে দুই ধৰনৰ সমস্যাক ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়। একধৰনৰ সমস্যা হ’ল এনোৰেছিছ আৰু আনটো সমস্যা হ’ল এনক’প্ৰেছিছ।

এনোৰেছিছ হ’ল এনে এক সমস্যা, যি সমস্যাত শিশু এটিয়ে বাৰে বাৰে দিনতে হওক বা ৰাতি বিছনা বা কাপোৰতে প্ৰস্ৰাৱ কৰি দিয়ে। সাধাৰণতে শিশুটিয়ে এই কাম কৰে অনিচ্ছাকৃতভাৱে। কিন্তু মাজে মাজে বা কেতিয়াবা ইচ্ছা কৰিও শিশুটিয়ে এনে কৰিব পাৰে। আমি আমাৰ নিজৰ বংশ-পৰিয়াল নাইবা ওচৰ-চুবুৰীয়াৰ ঘৰতে হয়তো কেতিয়াবা প্ৰত্যক্ষ কৰিছো বা অভিযোগ শুনো যে অলপ ডাঙৰ হোৱা কোনো শিশু এটিয়ে ৰাতি বিছনাতে প্ৰস্ৰাৱ কৰে। বহুতে এনে শিশু এটিক পাটীমুতুৰা বুলি জোকোৱাও নিশ্চয় শুনিছো। শিশু এটিয়ে কেতিয়াবা এবাৰ বা দুবাৰ কাপোৰতে হওক বা বিছনাতে হওক প্ৰস্ৰাৱ কৰিলেই শিশুটিৰ এনোৰেছিছৰ সমস্যা হৈ আছে বুলি ক’ব নোৱাৰি। শিশু এটিৰ এনোৰেছিছ সমস্যা হৈ আছে বুলি ক’বলৈ হ’লে শিশুটিয়ে অন্তত: সপ্তাহত দুবাৰকৈ হ’লেও একেৰাহে তিনি মাহ ধৰি বিছনাত বা কাপোৰত প্ৰস্ৰাৱ কৰা প্ৰত্যক্ষ কৰিব লাগিব। তদুপৰি শিশুটিৰ বয়স হ’ব লাগিব অন্তত: পাঁচ বছৰ। বিছনা বা কাপোৰত প্ৰস্ৰাৱ কৰা এই কাৰ্যই শিশুটিৰ জীৱনৰ কিছুমান গুৰুত্বপুৰ্ন দিশ যেনে-সামাজিক, বিদ্যায়তনিক আদি দিশত চকুত পৰাকৈ যন্ত্ৰণা বা অসুবিধাৰ সৃষ্টি কৰিব লাগিব। ইয়াৰ উপৰি শিশুটিৰ এই আচৰনক এনোৰেছিছ হৈছে বুলি ক’ব পৰা নহয়, যদিহে এই আচৰন কোনো শাৰীৰিক অসুস্থতা, চিজাৰ ডিছঅৰ্ডাৰ , এণ্টিছাইক’টিক দৰব আদিৰ কাৰণেহে হৈছে।

বিশ্বাস কৰা হয় যে শিশু এটিয়ে এনোৰেছিছত ভোগাৰ বহুতো কাৰণৰ ভিতৰত এটা হৈছে বংশগত কাৰণ। কিছুমান গৱেষণাই দেখুৱাইছে যে এনোৰেছিছত ভোগা বহু শিশুৰ পিতৃ-মাতৃও এই একে সমস্যাতে ভোগাৰ হিষ্ট্ৰী থাকে। বিভিন্ন ধৰনৰ মনো-সামাজিক ষ্ট্ৰেছেও শিশুৰ এনোৰেছিছ হোৱাৰ কাৰন হ’ব পাৰে। উদাহৰণস্বৰুপে সহোদৰৰ জন্ম, প্ৰায় দুই-চাৰি বছৰ বয়সতে যদি হাস্পতালত ভৰ্তি হ’ব লগা হৈছিল, স্কুলৰ আৰম্ভণি , বিভিন্ন পাৰিবাৰিক বিশৃংখলতা আৰু ভাঙোন, পিতৃ-মাতৃৰ ডিভোৰ্ছ বা মৃত্যু ,সদায় থকা পৰিৱেশৰ পৰা ঘৰ সলনি কৰি নতুন ঘৰত থাকিবলৈ আৰম্ভ কৰা ইত্যাদি।

সময়মতে পাবলগীয়া উপযুক্ত টয়লেট ট্ৰেইনিঙৰ অভাৱৰ বাবেও শিশু এটিয়ে এনোৰেছিছৰ সমস্যাত ভুগিব পাৰে। এনক’প্ৰেছিছ হ’ল এলিমিনেচন ডিছঅৰ্ডাৰৰ অন্তৰ্ভুক্ত আন এক সমস্যা, যি সমস্যাত শিশু এটিয়ে বাৰেপতি অনুপযুক্ত ঠাইতে, যেনে-কাপোৰত, মজিয়া বা যিকোনো ঠাইতে মল ত্যাগ কৰে। এই আচৰণো শিশুটিয়ে অনিচ্ছাকৃতভাৱে কৰে যদিও কেতিয়াবা বা মাজে-সময়ে কিন্তু ইচ্ছাকৃতভাৱে কৰিব পাৰে। এনক’প্ৰেছিছ হৈছে বুলি ক’বলৈ হ’লে শিশুটিয়ে অন্তত:প্ৰতিমাহতে এবাৰকৈ হ’লেও একেৰাহে তিনি মাহ ধৰি এই আচৰণ দেখুৱাব লাগিব। সেইদৰে শিশু এটিৰ বয়সো হ’ব লাগিব অন্তত: ৪ বছৰ। তদুপৰি শিশুটিৰ এনে আচৰণৰ কাৰণ কোনো দৰব বা আন কোনো মেডিকেল কণ্ডিচন হ’লে এই সমস্যাক এনক’প্ৰেছিছ বুলি ক’ব পৰা নাযায়।

এনক’প্ৰেছিছৰ সমস্যাত ভোগা শিশু এটিৰ ক্ষেত্ৰত আৰু কিছুমান সহযোগী লক্ষণ বা সমস্যাও প্ৰত্যক্ষ কৰা হয়। এনে শিশু এটিয়ে নিজৰ এই সমস্যাৰ বাবে লাজ অনুভৱ কৰে আৰু কিছুমান পৰিৱেশ যেনে-স্কুল, বহুতো ছাত্ৰ-ছাত্ৰী একেলগে কেম্প কৰি থাকিব লগা পৰিৱেশ, সম্পৰ্কীয় কাৰোবাৰ ঘৰত থকাকৈ যাবলগীয়া হোৱা আদি পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰে। সিহঁতৰ এই কাৰ্যক সিহঁত কিবা প্ৰকাৰে হ’লেও লুকুৱাব বিচাৰে। এই সমস্যা দীঘলীয়া হৈ থাকিলে শিশুটিৰ আত্মগৌৰৱতো ই নেতিবাচক প্ৰভাৱ পেলায়। এনক’প্ৰেছিছৰ সমস্যা থকা বহুতো শিশুৰ একে সময়তে এনোৰেছিছৰ সমস্যাও থাকিব পাৰে।

এনক’প্ৰেছিছ এই সমস্যাৰো বহু কাৰণৰ ভিতৰত এক উল্লেখযোগ্য কাৰণ হিচাপে ক’ব পাৰি বিভিন্ন মনো-সামাজিক কাৰণৰ কথা। কিছুমান গৱেষণাই কৈছে যে কেতিয়াবা শিশু এনক’প্ৰেছিছৰ সমস্যা হয়তো খুব শাস্তি প্ৰদান কৰা বা কাজিয়া কৰি থকা পিতৃ-মাতৃৰ প্ৰতি থকা শিশুটিৰ ক্ষোভ আৰু খঙৰ বাবেও এনেধৰণৰ আচৰণৰ প্ৰকাশ হ’ব পাৰে বুলি আৰোপ কৰিব পৰা যায়। শিশু এনক’প্ৰেছিছৰ সমস্যাৰ লগত শিশু এটি যৌন নিৰ্যাতনৰ বলি হোৱা কথাটোও জড়িত হৈ থাকিব পাৰে। দেখা যায় যে তুলনামুলকভাৱে যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ ক্ষেত্ৰত আন শিশুটোতকৈ এই সমস্যা বহুগুণে বেছি হয়। অৱশ্যে এটা কথা কৈ থোৱা উচিত হ’ব যে শিশু এটিৰ এনক’প্ৰেছিছৰ সমস্যা মানেই ই কিন্তু শিশুটি যৌন নিৰ্যাতিত হোৱাৰ নিৰ্দিষ্ট সুচক বা নিৰ্দেশ নহয়। কাৰণ এই সমস্যা যৌন নিৰ্যাতনৰ সমস্যাত নোভোগা শিশু এটিৰো হ’ব পাৰে। আকৌ কিছুমান গৱেষণাই এটা কথা কৈছে যে পিতৃ-মাতৃৰ সন্তানৰ লগত শত্ৰুতা, খঙাল আৰু কঠোৰ পেৰেণ্টিঙো কিন্তু এই সমস্যাৰ এক উল্লেখযোগ্য কাৰণ।

এনোৰেছিছ বা এনক’প্ৰেছিছ যি সমস্যাতে নোভোগক কিয় ভুক্তভোগী শিশুটিক তেওঁলোকৰ পিতৃ-মাতৃ বা প্ৰথমিক তত্ত্বাৱধায়কে কিন্তু কোনো পৰিস্থিতিতে ঠাট্টা বা বিদ্ৰুপ কৰা বা কঠোৰ শাস্তি দিয়া অনুচিত। তদুপৰি কোনোধৰণৰ বিশেষণৰ, যেনে পাটমুতুৰা আদি শব্দও প্ৰয়োগ কৰি শিশুটিক মনোকষ্ট দিয়া উচিত নহয়। বিভিন্ন ধৰণৰ আচৰণ উন্নীতকৰণ বা আচৰণ সংশোধন পদ্ধতিৰ জৰিয়তে সঠিক সময়ত সঠিকভাৱে প্ৰস্ৰাৱ-পাইখানা কৰাৰ কৌশল আয়ত্ত কৰিবলৈ শিশুটিক শিকাব পৰা যায়। একে সময়তে এনেধৰণৰ পদ্ধতিৰ দ্বাৰা শিশুটিৰ এই প্ৰস্ৰাৱ-পাইখানা কৰা কাৰ্যৰ লগত জড়িত থকা উদ্বিগ্নতাও হ্ৰাস কৰিব পৰা যায়। পিতৃ-মাতৃ বা অভিভাৱকসকলে শিশুটিৰ এই সমস্যাক লৈ কেতিয়াও উদ্বিগ্ন হৈ দেখুওৱা উচিত নহয়। শিশুটিৰ উদ্বিগ্নতা কমাতকৈ বঢ়াৰহে সম্ভাৱনা বেছি। তদুপৰি পিতৃ-মাতৃৰ উদ্বিগ্নতা দেখি শিশুটি বিমোৰত পৰিব পাৰে।

শিশু এটিক যদি উপযুক্ত সময়ত সঠিকভাৱে প্ৰস্ৰাৱ-পাইখানা কৰাৰ প্ৰশিক্ষণ দিয়া হোৱা নাই, তেন্তে পিতৃ-মাতৃয়ে এই ক্ষেত্ৰত কষ্ট কৰি হ’লেও বাৰে বাৰে শিশুটিক এই প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিব লাগিব আৰু নিজে যদি চেষ্টা কৰি সফল হ’ব নোৱাৰে, তেন্তে মেণ্টেল হেলথ প্ৰেফেছনেল এজনৰ লগত যোগাযোগ কৰা উচিত। শিশু এটিক পৰিস্থিতি সাপেক্ষে প্ৰস্ৰাৱ-পাইখানা কিছু সময়ৰ কাৰণে হ’লেও ধৰি ৰাখিবলৈ শিকোৱা উচিত। শিশুটিয়ে যদি এয়া শিকিব পাৰিছে, তেন্তে তাক পুৰস্কাৰ দি বা আন উপায়েৰে ভৱিষ্যতেও তেনে কৰিবলৈ প্ৰেৰণা যোগোৱা উচিত। সদায় ৰাতি শুবৰ বাবে বিছনালৈ যোৱাৰ আগতে শিশুটিক প্ৰস্ৰাৱগাৰলৈ লৈ গৈ প্ৰস্ৰাৱ কৰোৱা নাইবা শিশুটিয়ে নিজে গৈ প্ৰস্ৰাৱ কৰি অহাৰ অভ্যাস গঢ়ি তোলাটো খুব দৰকাৰী কথা। তদুপৰি ৰাতি মাজতে এবাৰ হ’লেও উঠাই শিশুটিক প্ৰস্ৰাৱ কৰোৱাৰ অভ্যাস কৰিব পাৰে। এনে কৰিলে লাহে লাহে অভ্যাসবশত: শিশুটি নিজে ৰাতি উঠি প্ৰস্ৰাৱ কৰিবলৈ বিচাৰিব। এনোৰেছিছত ভোগা শিশু এটিক সাধাৰণতে ৰাতি শুবলৈ যোৱাৰ আগতে পানী খাবলৈ দিয়াৰ পৰা বিৰত ৰখা উচিত। কিয়নো, শিশুৰ এই সমস্যা নিৰাময়ত ই হৈ পৰে যথেষ্ট সহায়ক।

যিহেতু সঠিক কিছুমান পদ্ধতিৰ জৰিয়তে শিশু এটিৰ এই সমস্যাবোৰৰ নিৰাময় কৰিব পাৰি, গতিকে পিতৃ-মাতৃ বা অভিভাৱসকলেও এই পদ্ধতিবোৰ শিকি লোৱা আৱশ্যক। তদুপৰি শিশু এটিৰ এনেধৰণৰ সমস্যাত বিশেষ উদ্বিগ্ন হৈ নপৰি পিতৃ-মাতৃ, শিক্ষক আৰু অভিভাৱকসকলে প্ৰথমতে সঠিক ডায়েগ্নছিছৰ বাবে উপযুক্ত ব্যৱস্থা কৰি লৈ শিশুটিক এই সমস্যাবোৰ নিৰাময় কৰাৰ যিবোৰ উপায় সেইবোৰ প্ৰয়োগ কৰি শিশুটিক সকলো ধৰণেৰে সহায় কৰা উচিত। তেতিয়াহে শিশুটিয়ে এনেধৰনৰ সমস্যাৰ পৰা মুক্ত হৈ জীৱনৰ গুৰুত্বপুৰ্ণ দিশবোৰত সফলতা প্ৰদৰ্শন কৰিব পাৰিব।

লেখিকা: জয়শ্ৰী বুঢ়াগোহাঁই (জি এনআৰচি স্বাস্থ্য)