আপোনাৰ শিশুটিক অনবৰত ধমকি দি ভয় নুখুৱাব। শিশুটি যাতে খঙাল, পেনপেনীয়া হ’বলৈ সুযোগ নাপায়, তাৰ ব্যৱস্থা কৰিব। তাৰ কিটিপ নিজৰ হাততে। সিহঁতক দৈত্য-দানৱ্য-ভূত আদিৰ সাধু কৈ ভয় নুখুৱাব। ভুল কথা শিকাৰ সুবিধা নাপায় যাতে তালৈ লক্ষ্য ৰাখিব। শিশুটিৰ গাৰ ক’লা-বগা বৰণৰ কথা শিশুটিৰ আগত পতা নহয় যাতে। ঘৰৰ ডাঙৰৰ মাজত কাজিয়া লাগি সৰুবোৰক কেতিয়াও অবাবত মাৰকিল কৰা নহয় যাতে। ই সাংঘাতিক অমানৱীয়-অন্যায় ঘটনা। শিশু সন্মুখত আন লোক বা পৰিয়ালৰ লোকে শিশুৰ পিতৃ-মাতৃৰ সমালোচনা নকৰে যাতে। কন্যা-সন্তান-পুত্ৰ সন্তান দুয়োৰে প্ৰতি একেই মৰম, একেই দায়িত্ব পালন কৰা হয় যাতে। তেতিয়াহে তেনে পৰিৱেশত ডাঙৰ হোৱা পুত্ৰ-কন্যা সমানে উপযুক্ত, আত্মবিশ্বাসী হৈ উঠিব। পিতৃ-মাতৃ কামলৈ ওলাই যোৱাৰ পাছত যিসকল শিশু ককাক-আইতাকৰ লগত থাকে, সেইসকল ককাক-আইতাকৰ মৰম যাতে অন্ধ নহয়। আজিকালি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কণমানি ছাত্ৰ-ছাত্ৰীৰ বহু ওজৰ আপত্তি পিতৃ-মাতৃক দিয়ে। তাৰ বাবে শিশুটিৰ ওপৰত ঘৰত জপিয়াই নপৰিব। আপোনাৰ সন্তানটিক আপুনিয়েই বুজে। সেই কথা মনত ৰাখিব। লেখিকা: ৰাণু দাস চৌধুৰী।