কৈশোৰকাল বৰ কঠিন আৰু সমস্যাবহুল। এই সময়ছোৱাত কিশোৰ-কিশোৰীসকল আনুভূতিকভাৱে বৰ স্পৰ্শকাতৰ হৈ থাকে। মুহুৰ্তে মুহুৰ্তে খং উঠিব পাৰে, যেতিয়াই তেতিয়াই মনটো অশান্ত হৈ থাকিব পাৰে। যেতিয়া এনেকুৱা অনুভূতিবোৰ নিজ আয়ত্তৰ অধীনলৈ আনিব নোৱাৰে, তেতিয়াই যুৱক-যুৱতীগৰাকী হতাশাগ্ৰস্ত হৈ পৰিব পাৰে। কিশোৰ/কিশোৰী হতাশাত ভুগিলে কেনে অনুভৱ কৰে? তেতিয়া তেওঁলোকে এনে অনুভৱ কৰে যে মোক কোনেও বুজি নাপায়। কিশোৰ/কিশোৰীসকল যেতিয়া হতাশগ্ৰস্ত হয়? বৃদ্ধি আৰু বিকাশৰ অন্যতম নীতি ব্যক্তি পাৰ্থক্য কৈশোৰ কালতো প্ৰযোজ্য। সেয়েহে হতাশাগ্ৰস্ত প্ৰতিগৰাকী কিশোৰ বা কিশোৰীৰ লক্ষনসমূহ ভিন্ন হ’ব পাৰে। দৰাচলতে এজনে কেনে অনুভৱ কৰিলে তেওঁক হতাশগ্ৰস্ত বুলি আখ্যা দিব পাৰি সেয়া সঠিককৈ নিৰ্ণয় কৰা বেছ কঠিন। প্ৰত্যেকজনৰ অনুভৱ ভিন্ন হ’ব পাৰে। তথাপি কৈশোৰ অৱস্থাৰ হতাশগ্ৰস্ততাসমূহ সাধাৰণতে এনে হয়- প্ৰায় অনবৰত তেওঁ খঙত খিংখিঙীয়া হৈ বা বেজাৰ মনেৰে থাকে। একো কথাতে আনন্দ নালাগে বা আনন্দ মনেৰে থাকিবলৈ চেষ্টাও নকৰে। যিকোনো কথাতে কান্দিবৰ মন যায়। দেহৰ ওজন বাঢ়ে বা টুটে। নিজৰ প্ৰতি অনবৰত ঋণাত্মক ভাব অনুভৱ হয়, নিজকে অলাগতিয়াল, দোষী ভাব হয়। খুব বেছুকৈ শুই থাকে অথবা টোপনিয়েই নাযায়। সঘনাই বুজাব নোৱাৰা অতিপাত মূৰৰ বিষ পঢ়া-শুনা অথবা একোতে মনোযোগ দিব নোৱাৰে। সেয়েহে পূৰ্বতকৈ বিদ্যায়তনিক দিশত সফলতা মন্থৰ হয়। নিজকে অসহায় অনুভৱ কৰে। নিৰাশাত ডুব গৈ থাকে। কেতিয়াবা আত্মহত্যাৰ কথাও মনলৈ আহে। এনে হতাশগ্ৰস্ততা কেতিয়াবা ভয়ানক হ’ব পাৰে: কোনো কিশোৰ/কিশোৰীৰ যদি মনোভাৱ আত্মহত্যাৰ দৰে চূড়ান্ত ভয়ানক পৰিণতিৰ প্ৰতি ধাৱিত হয়, তেন্তে বুজিব লাগিব যে পৰিস্থিতি সংকটপূৰ্ণ অথবা বিপদসংকুল হৈছে। এনে পৰিস্থিতিত তেওঁক/তেওঁলোকক বুজি পোৱা, তেওঁলোকৰ প্ৰতি সহানুভূতিশীল কাৰোবাৰ আগত নিজৰ মনৰ কথা, নিজৰ অনুভৱ, নিজৰ সমস্যা আলোচনা কৰিব লাগে। এনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ: তলত উল্লেখ কৰা উপায় সমূহেৰে চেষ্টা কৰিব লাগিব। নিজৰ সন্মুখত অদৃশ্য হৈ থাকিলেও, সমস্যাৰ সদায় সমাধান উলিয়াব পাৰি: বহুতো কিশোৰ/কিশোৰী যিসকলে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল, পৰৱৰ্তী সময়ত তেওঁলোকে জনাইছিল যে তেওঁলোকে এনে চূড়ান্ত সিদ্ধান্ত এই কাৰণেই লৈছিল যে তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহৰ একো সমাধান নাই বুলি ভাবিছিল। আচলতে কৈশোৰ কালত মনৰ যি অস্থিৰতা হয়, সেয়া কেতিয়াও চিৰস্থায়ী নহয়। সময় বাগৰাৰ লগে লগে মনলৈ স্থিৰতা আহে, ঋণাত্মক অনুভূতিবোৰ ক্ৰমান্বয়ে আতঁৰি যায়। গতিকে চূড়ান্ত সিদ্ধান্ত হঠাতে নল’ব। অপেক্ষা কৰা উচিত প্ৰায়বোৰ সমস্যাৰে সমাধান ওলায়। নিজক হত্যা কৰাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’লেই আপোনাক অসৎ বুলিব নোৱাৰি: হতাশগ্ৰস্ততাৰ দ্বাৰা আক্ৰান্ত এজনে যিকোনো সময়ত যিকোনো সিদ্ধান্ত ল’ব পাৰে। তাৰ দ্বাৰা স্ব-আঘাত হ’ব পাৰে বা আনকো আঘাত কৰিব পাৰে। কাৰণ তেনে সময়ত মনোভাৱ নিজৰ আয়ত্তৰ ভিতৰত নাথাকিব পাৰে। নিজকে আয়ত্তৰ ভিতৰত ৰাখিব নোৱাৰিলে কেতিয়াও অকলে নাথাকিব? হয়তো নিৰাশাগ্ৰস্তজনে আনৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰিব নোৱাৰিব পাৰে, কিন্তু অকলে,নীৰৱে কেতিয়াও থাকিব নালাগে। বন্ধু-বান্ধৱীৰ লগত, পৰিয়ালৰ লোকৰ মাজত সময় কটাব লাগে। চিনেমা, থিয়েটাৰ, টিভি কাৰ্য্যসূচী আদি সমনীয়া বা পৰিয়ালৰ লগত চাবলৈ চেষ্টা কৰিব লাগে। হতাশগ্ৰস্ত কিশোৰ-কিশোৰীলৈ কেইটামান টিপছ নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা সুস্থ সুন্দৰ লাইফ ষ্টাইলৈ ধনাত্মক অনুভূতিৰ সৃষ্টি কৰে। তাৰ বাবে সঠিক খাদ্য খাব লাগে। নিয়মিত ব্যায়াম, যোগ আদিৰ অভ্যাস কৰিব লাগে। প্ৰয়োজনীয় সময়ৰ বাবে বিশ্ৰাম ল’ব লাগে। পাৰিলে মুকলি বতাহত খোজকাঢ়িব লাগে। সময় উলিয়াই ভাল কিতাপ, আলোচনী পঢ়িব লাগে। সময়ে সময়ে চিনেমা, নাটক, থিয়েটাৰ চাব পাৰি। টিভি প্ৰগ্ৰেমো উপভোগ কৰিব পাৰি, গান শুনাটো এক ভাল অভ্যাস। নিজৰ প্ৰিয় সংগীত শুনক। আপুনি যদি কিবা বাদ্য যন্ত্ৰ বজাব জানে নিয়মীয়াকৈ বজাওক। মদ বা ড্ৰাগছৰ পৰা আতৰত থাকিব লাগে: হতাশগ্ৰস্তজনে সাধাৰণতে মদ খাই অথবা ড্ৰাগছ সেৱন কৰি এনে ঋণাত্মক অনুভূতিৰ পৰা পলাই থাকিব বিচাৰে; কিন্তু এনে বস্তু সেৱন কৰিলে হতাশাগ্ৰস্ততা কমি নাযায়, বৰং বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি, সেয়ে তাৰ পৰা আঁতৰত থাকক। যদি চাপত ভুগিছে, সহায় বিচাৰক: চাপ আৰু উৎকন্ঠাই কাৰোবাক হতাশগ্ৰস্ত কৰি তুলিব পাৰে। স্কুল কলেজৰ পঢ়াৰ অত্যাধিক বোজা, সঘনাই কোনো বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা আৰু তাৰ বিৰূপ প্ৰভাৱ পঢ়া-শুনা বা অন্যান্য দিশত প্ৰতিফলিত হ’ব পাৰে। এনেবোৰ কাৰণে কিশোৰ-কিশোৰীসকল জীৱনৰ ইস্পিত লক্ষ্যত উপনীত হওঁতে বাৰে বাৰে মুখ থেকেচা খাব লগা হয়। ফলস্বৰূপে হতাশগ্ৰস্ততাই মন আচ্ছন্ন কৰি পেলায়। বন্ধু-বান্ধৱীৰ সহায় লওক কিশোৰ-কিশোৰীসকল বন্ধু সৰ্বস্ব বুলি ক’লেও বেছি কোৱা নহয়। সাধাৰণতে বন্ধু-বান্ধৱীক মনৰ ভাব মুকলিকৈ কোৱা হয়। সেয়েহে বহু সময়ত হতাশগ্ৰস্ততাৰ পৰা পৰিত্ৰাণ পাবলৈ বন্ধু-বান্ধৱীৰ সহায় ল’ব লাগে। বন্ধু-বান্ধৱীসকলেও এনে হতাশগ্ৰস্ত বন্ধু-বান্ধৱীক সহায়ৰ হাত আগবঢ়াব লাগে। বন্ধুৰ লগত কথা পাতক: কোনো বন্ধুৱে ‘তুমি ইমান হতাশ হৈছা কিয়?’ বুলি ক’লে হয়তো ভীতিগ্ৰস্ত হ’ব পাৰে। বৰং ‘তোমাৰ কিবা এটা কথাত মনটো বেয়া হৈ আছে যেন লাগিছে। তুমি মোক বিশ্বাসত লৈ সকলো মুকলিকৈ ক’ব পাৰা। মই তোমাক সহায় কৰিবলৈ সাজু আছো’। এনে আশ্বাসৰহে প্ৰয়োজন। বন্ধুৱেও বুজি পায় যে তোমাৰ ওচৰত সমাধান নাথাকে: অথচ বন্ধুৱে সম্ভৱত: এনেকুৱা এজনক বিচাৰে নেকি তেওঁৰ অনুভূতি বুজি পায় আৰু তেওঁৰ প্ৰতি সহানুভূতিশীল। বন্ধুক সহায় বিচাৰিবলৈ উৎসাহিত কৰা: হতাশাত ভোগা বন্ধুক পিতৃ-মাতৃ, প্ৰিয় শিক্ষক-শিক্ষয়িত্ৰী অথবা পৰিয়ালৰ আন কোনোবা পেছাদাৰী পৰামৰ্শদাতাৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিব লাগিব। আৰম্ভণিতে ভুক্তভোগীয়ে তেওঁৰ অনুভূতি জ্যেষ্ঠজনক অৱগত কৰাবলৈ হয়তো সংশয় কৰিব। কিন্তু আপুনি বন্ধু হিচাবে তেওঁক এনে শংকা অতিক্ৰম কৰিবলৈ সহায় কৰিব লাগিব। বিপদৰ সময়ত বন্ধুৰ লগ নেৰিব: বুজিব লাগিব যে হতাশাত ভোগা বন্ধুৱে, বন্ধু-বান্ধৱী বা আন সকলকো যিকোনো কথা ক’ব পাৰে। কিন্তু সেয়া বন্ধু হিচাবে আপুনি বা কোনেও ব্যক্তিগত হিচাবে নল’ব। মনত ৰাখিব এবাৰ তেওঁ হতাশগ্ৰস্ততাৰ পৰা মুক্ত হ’লেই আগৰ মৰম লগা, অনবৰত সংগ বিচৰা বন্ধুজন বা বান্ধৱীগৰাকী হৈ পৰিব। বন্ধুৱে যদি আত্মহত্যাৰ কথা ভাবিছে, আনকো জনাওক: এনে চৰম সিদ্ধান্তৰ কথা গম পালে, বন্ধু হিচাবে আপুনি মনে মনে শুনি নাথাকিব। বন্ধুৰ পৰিয়ালৰ জ্যেষ্ঠজনক জনাওক। (যাক বিশ্বাসত ল’ব পাৰি)। হতাশগ্ৰস্ত বন্ধুক তেওঁৰ সিদ্ধান্তৰ কথা আনক নকওঁ বুলি কথা দিছিল যদিও, তেওঁৰ জীৱনটো বচাবলৈকে আপুনি এনে কৰিব লাগিব। এয়া বন্ধুৰ প্ৰতি বিশ্বাসঘাটকতা নহয়। বৰং বন্ধুৰ জীৱনটো বচাবলৈ কৰা আপোনাৰ নি:স্বাৰ্থ প্ৰচেষ্টা মাথোন। লেখিকা: ড০ মিনতি ফুকন, প্ৰিয় সখী।