স্বাস্থ্যৱান পিতৃ-মাতৃয়েহে এটি স্বাস্থ্যৱান সন্তান জন্ম দিবলৈ সক্ষম হয়। সেয়েহে সন্তান এটি জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে মাক-দেউতাকে বিশেষ কেইটামান কথাত মন দিয়া উচিত। অত্যধিক কামৰ বোজা কমাই নিজকে টেনছনমুক্ত কৰি তোলক। এটা সুস্থ-সবল সন্তান লাভ কৰিবলৈ গৰ্ভধাৰণ কৰাৰ আগেয়ে স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈ সম্পূৰ্ণ শাৰীৰিক পৰীক্ষা-নিৰীক্ষা কৰাব। ব্যায়াম আৰম্ভ কৰাৰ লগতে খোৱা-লোৱাত চকু দিব লাগে। আপোনাৰ স্বামীয়ে যদিহে ধূমপান কৰে, তেন্তে তাৰ পৰা বিৰত থাকি খোৱা-লোৱাত মন দিবলৈ অনুপ্ৰেৰণা যোগাব। কোনো সাৱধানতা অৱলম্বন নকৰাকৈ এবছৰলৈ গৰ্ভৱতী নহ’লে পৰামৰ্শ ল’ব। আপুনি গৰ্ভধাৰণ কৰা বুলি কেনেদৰে জানিব পাৰিব মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা। দিনটোত কেইবাবাৰো প্ৰস্ৰাৱ লগা। স্তনৰ নিপুলৰ চাৰিওকাষে সৰু সৰু গুটিৰ দৰে উঠা। স্তনৰ সিৰাবোৰ স্পষ্টকৈ প্ৰকট হোৱা। নাভিৰ তলৰ ৰেখা স্পষ্ট হোৱা। প্ৰথম মাহত মহিলাগৰাকীৰ শৰীৰত দেখা দিয়া পৰিৱৰ্তনসমূহ এই সময়ছোৱাত অলপ দুৰ্বলতা অনুভৱ কৰিব। মাহেকীয়া বন্ধ হোৱা মানেই আপুনি দুসপ্তাহৰ গৰ্ভৱতী। প্ৰথম মাহত শিশুটি ভ্ৰূণ আকাৰত থাকে। সাধাৰণ অৱস্থাতকৈ আপুনি নিজকে দুৰ্বল যেন অনুভৱ কৰিব। আপুনি অনুভৱ নকৰাকৈয়ে জৰায়ুটো ডাঙৰ হৈ আহিবলৈ ধৰিব। আপোনাক গৰ্ভধাৰণৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ প্লেচেণ্টাই হৰম’ন উত্পাদন কৰিব। এই মাহত আপোনাৰ অকণো শাৰীৰিক পৰিৱৰ্তন নহয়। প্ৰথম মাহত শিশুটোৰ হ’বলগীয়া পৰিৱৰ্তনবোৰ এই সময়ছোৱাত শিশুটি এটি মটৰমাহৰ সমান হৈ থাকে যদিও ইয়াত এটা মূৰ আৰু এটা শৰীৰ থাকে। শিশুটো এটা পানীৰ মোনাৰ ভিতৰতহে ডাঙৰ হয়। মগজু, চকু, মুখ, কাণ আৰু পাচনতন্ত্ৰ এই সময়ছোৱাৰ পৰাই বাঢ়ি আহিবলৈ আৰম্ভ কৰে। ২৫ দিনৰ পৰাই শিশুটিৰ হাৰ্ট বিট আলট্ৰা-ছাউণ্ড মেচিনৰ জৰিয়তে শুনিবলৈ পোৱা যায়। প্ৰথম মাহত আপুনি ল’বলগীয়া সাৱধানতা গৰ্ভাৱস্থাত এক্সৰে’ নকৰাব। চিগাৰেট আৰু মদ খোৱা বন্ধ কৰিব। কফি, চাহ কম মাত্ৰাত খাব। ফল-মূল, শাক-পাচলি, মাংস, মাছ, গাখীৰ, কণী আদি যথেষ্ট পৰিমাণে খাব। চিকিৎসকে দিয়া ভিটামিন, মিনাৰেল আৰু ফলিক এচিড নিয়মিত ব্যৱহাৰ কৰিব। দ্বিতীয় মাহত শৰীৰত দেখা দিয়া পৰিৱৰ্তনসমূহ শৰীৰটো ভাগৰুৱা আৰু শক্তি কমি যোৱা যেন লাগিব। কিছুমান খাদ্য-সামগ্ৰীৰ গোন্ধ পোৱাৰ লগতে বমি হোৱাৰ সম্ভাৱনা থাকে। স্তন শিথিল হোৱাৰ বাবে মাজে মাজে টনাটনি কৰা যেন অনুমান কৰিব। বেছিকৈ ভোক লগাৰ বাবে আপোনাক অধিক মাত্ৰাত কেল’ৰিৰ প্ৰয়োজন হ’ব। সাধাৰণ অৱস্থাত মাহেকীয়া হোৱাৰ সময়ত অকণমান ব্লিডিং হ’ব পাৰে যদিও বেছিকৈ পেটৰ বিষ নহ’লে কোনো চিন্তাৰ কাৰণ নাই। দ্বিতীয় মাহত শিশুটোৰ মাজত হোৱা পৰিৱৰ্তনসমূহ শিশুটোৰ আভ্যন্তৰীণ অংগ আৰু শৰীৰটো ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰে। আঠ সপ্তাহৰ পাছত শিশুটোৰ শৰীৰৰ প্ৰতিটো অংগই পৰিস্ফূট হয়। মগজু আৰু ৰাজহাড় বাঢ়ি আহে। আঠ সপ্তাহৰ পাছত আপোনাৰ শিশুটি এক ইঞ্চি দীঘল হয়। এই সময়ছোৱাত চকু, কাণ, আৰু দাঁতৰ গঠন আৰম্ভ নহয়। দ্বিতীয় মাহত গৰ্ভৱতী মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা শাক-পাচলি, মাছ-মাংস, ফল-মূল যথেষ্ট পৰিমাণে খাব। দুৰ্বলতা অনুভৱ কৰিলে অকণমান আৰাম কৰি ল’ব। চিকিত্সৰক পৰামৰ্শ অনুসৰি ভিটামিন বা ফলিক এচিড খাই থাকিব। গৰ্ভাৱস্থাৰ বাবে যদিহে আপুনি অকণো অসুবিধা নাপায়, তেন্তে কেইটামান সাধাৰণ ব্যায়াম কৰি থাকিব। তিনি মাহত গৰ্ভস্থ সন্তানটিৰ হ’বলগীয়া পৰিৱৰ্তনসমূহ গৰ্ভৱস্থাত মহিলাগৰাকীৰ শৰীৰৰ ওজন বৃদ্ধি হোৱাটো এটা স্বাভাৱিক ঘটনা। ১২ সপ্তাহৰ শিশুটি তিনি ইঞ্চি দীঘল হয়। শিশুটিৰ চকু সম্পূৰ্ণ হয় আৰু হাতৰ আঙুলিবোৰ বিকশিত হয়। আলট্ৰা-ছন’গ্ৰাফীৰ দ্বাৰা শিশুটিৰ আন আন অংগবোৰৰ লগতে ইয়াৰ কাৰ্যক্ষমতাও স্পষ্টকৈ ধৰিব পাৰি। যিকোনো অসুবিধা পালেই চিকিৎসকৰ পৰামৰ্শ ল’ব। দিনটোত কমেও আঠ গিলাচ পানী খাব। দিনটোত যথেষ্ট পৰিমাণে খোজ কাঢ়িব। চতুৰ্থ মাহত মহিলাগৰাকীৰ পৰিৱৰ্তন চতুৰ্থ মাহত ছালৰ বিভিন্ন পৰিৱৰ্তন হয়। গৰ্ভৱতী মহিলাগৰাকীৰ কোষ্ঠকাঠিন্য হ’ব পাৰে যদিও বিশেষ চিন্তা কৰিবলগীয়া নাই। চতুৰ্থ মাহত কিছুসংখ্যক মহিলাই শিশুটো লৰচৰ হোৱা যেন অনুভৱ কৰে। চতুৰ্থ মাহত শিশুৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন এই সময়ছোৱাত শিশুৰ কাণৰ হাড় শক্তিশালী হয়। শিশুৰ মুখখন পুৰঠ হয়। মূৰৰ আৰু আইব্ৰো চুলিবোৰ গজিবলৈ আৰম্ভ কৰে। এই সময়ত শিশুটোৱে বুঢ়া আঙুলি চুপিব পৰা হয়। ১৬ সপ্তাহৰ পাছত আপোনাৰ শিশুটি ৬.৫ ইঞ্চি হয়। দৈনিক ব্যায়াম কৰিব। অতিকমেও দিনটোত এক কিলোমিটাৰ খোজ কাঢ়িব। আৰামদায়ক সাজপাৰ পৰিধান কৰিব। পঞ্চম মাহত মহিলাগৰাকীৰ শৰীৰত দেখা দিয়া পৰিৱৰ্তনবোৰ পেটটো ডাঙৰ হৈ অহাৰ বাবে আপুনি যে গৰ্ভৱতী সকলোৱে সহজতে ধৰিব পাৰিব। কিছুমান গৰ্ভৱতী মহিলাৰ এই সময়ছোৱাত মুখত বিভিন্ন ক’লা দাগ পৰা দেখা যায়। বেছিকৈ ভাগৰ লাগিলেও সকলো সময়তে শুই থাকিবলৈ চেষ্টা নকৰিব। নিজকে যিকোনো কামতে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ পেটৰ ভিতৰত শিশুটোৱে লৰচৰ কৰা যেন অনুমান হ’ব। এটা পখিলাই উৰি ফুৰাৰ দৰে শিশুটোৱে পেটৰ ভিতৰতে লৰচৰ কৰি থাকে। মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলোবোৰ টেষ্ট কৰাব। গাখীৰৰ পৰা উত্পাদিত সামগ্ৰী অধিক পৰিমাণে খাব। দিনটোত খোৱা-লোৱা ভালদৰে কৰাৰ লগতে পানী যথেষ্ট পৰিমাণে খাব। প্ৰতিদিনে কিছু সময় জিৰণি ল’ব। শিশুটোৰ মাজত হোৱা পৰিৱৰ্তনবোৰ এই সময়ছোৱাত শিশুটোৱে নিৰ্দিষ্ট সময় অনুযায়ী টোপনি যোৱা, সাৰ পোৱা আদি কৰে। শিশুটোৰ নখবোৰ বাঢ়ি আহিবলৈ ধৰে। ২০ সপ্তাহৰ পাছত শিশুটোৰ কিডনীৰ কাৰ্যপ্ৰণালী আৰম্ভ হয় বাবে প্ৰস্ৰাৱ কৰিব পৰা হয়। ষষ্ঠ মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনবোৰঃ পেটৰ ভিতৰত শিশুটোৱে লৰচৰ কৰা নিজে অনুভৱ কৰিব পাৰিব। স্তনৰ আকাৰ ডাঙৰ হৈ আহিব। স্তনৰ সিৰা-উপসিৰাবোৰ সুন্দৰকৈ প্ৰকট হ’ব। নাভি বাহিৰলৈ ওলাই আহিব। নাভিৰ তলত থকা ক’লা লাইনডাল স্পষ্ট হ’ব। শিশুটোৰ মাজত হোৱা পৰিৱৰ্তনবোৰ এই সময়ছোৱাত শিশুটোৱে চকু মেলিব বা বন্ধ কৰিব পাৰে। শিশুৰ হাত আৰু ভৰিৰ আঙুলিৰ গঠন হয়। এই সময়ছোৱাত শিশুটো ১৫ ইঞ্চি দীঘল হয়। শিশুটোৱে তাৰ আঙুলি চুপিবলৈ চেষ্টা কৰে। মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা চিকিৎসকে দিয়া ভিটামিন, ফলিক এচিড আৰু আইৰনৰ টেবলেটবোৰ ভালদৰে খাব। শৰীৰৰ পৰিৱৰ্তনৰ বাবে আপুনি পৰিধান কৰা সাজপাৰবোৰ ডাঙৰ ছাইজৰ পিন্ধিব। ফ্লেট চেণ্ডেল পিন্ধিব। খোজ কাঢ়োতে সাৱধানে খোজ কাঢ়িব। খোৱা-লোৱাত চকু দিব। কম পৰিমাণে হ’লেও শুকান ফল খাব। সপ্তম মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনবোৰ এই সময়ছোৱাত শিশুটো ক্ষিপ্ৰ গতিত বাঢ়ে বাবে পেটটো ডাঙৰ হৈ আহে। উশাহ লোৱাত অকণমান কষ্ট পাব পাৰে। ঘনকৈ প্ৰস্ৰাৱ লাগিব পাৰে। এই সময়ছোৱাত কিছুমান মহিলাৰ ছাল উজ্জ্বল হয় যদিও কিছুমানৰ মুখত বিভিন্ন দাগ পৰিস্ফুট হয়। কেতিয়াবা আকৌ চুলি সৰাও দেখা যায়। স্তনৰ পৰা গাখীৰ ওলাব পাৰে। ৰাতি শুই থাকোতে ভৰিৰ বিষ হ’ব পাৰে। কেতিয়াবা কেতিয়াবা ঠিক ৰাতিপুৱা শুই উঠাৰ আগে আগে ভৰিৰ গাঁঠি নাইবা কলাফুল ফুলি উঠে। শিশুটোৰ মাজত হোৱা পৰিৱৰ্তন শিশুটোৱে খুব সোনকালে লৰচৰ কৰে। আপোনাৰ পেটত কোনোবাই কাণখন লগাই দিলেও পেটৰ ভিতৰত থকা শিশুটোৰ হৃদস্পন্দন শুনিবলৈ পাব। জৰায়ুৰ ভিতৰত পোহৰ আৰু আন্ধাৰ অংশ শিশুটোৱে অনুমান কৰিব পৰা হয়। শিশুটোৱে আপোনাৰ পেটৰ পাচনতন্ত্ৰ, হাৰ্ট বিট শুনাৰ লগতে মাতটোও শুনিবলৈ পায়। শিশুটিৰ দৈহিক গঠন বাঢ়ি অহাৰ বাবে এই সময়ছোৱাত আপোনাৰ ওজন ক্ষিপ্ৰ গতিত বাঢ়িব। মহিলাগৰাকীয়ে ল’বলগীয়া সাৱধানতা প্ৰতি দুসপ্তাহৰ মূৰে মূৰে চিকিৎসকৰ ওচৰলৈ যাব। হজম শক্তি কমি অহাৰ বাবে এবাৰতে বেছিকৈ নাখাই কম কমকৈ সঘনাই খাব। খুব বেছিকৈ গৰম লাগিল বুলিয়ে বেছিকৈ গা নুধুব। কাৰণ এই অৱস্থাত চৰ্দি লাগিলে যথেষ্ট কষ্ট পায়। জিৰণি ল’ব। দুপৰীয়া আহাৰৰ পিছত দুঘণ্টা আৰু ৰাতি আঠ ঘণ্টাকৈ শুব। আপুনি কষ্ট নোপোৱা কামবোৰ লাহে লাহে কৰিব। হাঁচি আহিলে খোলোচাকৈ মাৰিব। অষ্টম মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনসমূহ শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ বাবে বেছিকৈ খোজ কাঢ়িলে কষ্ট পাব পাৰে। খুব কম সময়ৰ ভিতৰতে ভাগৰুৱা যেন লাগিব। এই সময়ছোৱাত ভৰি ফুলিব পাৰে। সোনকালে হজম হোৱা খাদ্য কম পৰিমাণত কেইবাবাৰো খাব। শিশুটোৰ মাজত হোৱা পৰিৱৰ্তন জন্ম পোৱাৰ বাবে নিজৰ স্থানটো ঠিক কৰি লয়। কেতিয়াবা হঠাৎ পেটটো লৰচৰ কৰা যেন অনুমান হয়। এটি পখিলাৰ দৰে শিশুটোৱে পেটটোত লৰচৰ কৰি ফুৰিব। এই সময়ছোৱাত জন্ম পোৱা শিশুৱেও সুন্দৰকৈ জীয়াই থাকিব পাৰে। প্ৰতি দুসপ্তাহৰ মূৰে মূৰে চিকিৎসকৰ ওচৰলৈ যাব। ল’বলগীয়া সাৱধানতা কম কমকৈ দিনটোত কেইবাবাৰো খাব। দিনটোত পানী বেছিকৈ খাব। দিনটোত বেছি পৰিমাণে খোজ কাঢ়িবলৈ চেষ্টা কৰিব। চিকিৎসকৰ লগত যোগাযোগ ৰাখিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰীক্ষা-নিৰীক্ষা কৰাব। খোৱা-লোৱাত যত্ন ল’ব। নিজৰ শৰীৰটোক লৈ সকলো সময়তে সচেতন হৈ থাকিব। ভ্ৰমণ নকৰাই ভাল। নৱম মাহত মহিলাগৰাকীৰ শৰীৰত হোৱা পৰিৱৰ্তনঃ নিজকে খুব ভাগৰুৱা যেন অনুভৱ কৰিব। এই মাহৰ শেষলৈকে শিশুটি সকলো ফালৰ পৰাই পূৰ্ণ হয়। জন্মৰ সময়ত শিশুটিৰ হাড় কোমল আৰু লেহুকা হয়। হাতৰ আঙুলিৰ নখবোৰ যথেষ্ট দীঘল হয়। লেখকঃ ডাঃ ফটিক কলিতা, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, জিএনআৰচি মেডিকেল, উত্তৰ গুৱাহাটী, জিএনআৰচি, স্বাস্থ্য।