স্বাভাবিক গৰ্ভাৱস্থাত কমেও দুবাৰ আলট্ৰাচাউণ্ড চনোগ্ৰাফি কৰা উচিত। গৰ্ভাৱস্থাত আলট্ৰাচাউণ্ড কিয় কৰিব লাগে তাকে জানিব খোজা হৈছে ।

গৰ্ভাৱস্থাত চনোগ্রাফি (আলট্ৰাচাউণ্ড ) পৰীক্ষাৰ প্রয়োজনীয়তা আছে নে নাই বা থাকিলেও সেইটো কেতিয়া কৰা উচিত তাকে লৈ বহুতৰ মনত সংশয় থাকে । কিছুমান চিকিৎসকৰ মতে, ক্লিনিকেলি স্বাভাবিক গৰ্ভাৱস্থাৰ বাবে এই পৰীক্ষা জৰুৰী নহয় । আকৌ বহুজনৰ মতে, এনে কিছুমান জটিলতা আছে, যিবোৰ সঠিকভাবে নিৰূপণ কৰিবৰ বাবে চনোগ্রাফি এটা অন্যতম মাধ্যম, যিবিলাক মাত্ৰ শাৰীৰিক পৰীক্ষাৰ দ্বাৰা নির্ণয় কৰা দুৰূহ ।

বিশেষজ্ঞসকলৰ মতে, স্বাভাবিক গৰ্ভাৱস্থাত নুন্যতম দুবাৰ এই পৰীক্ষাটো কৰা উচিত। কিন্তু সেয়া নির্দিষ্ট সময়ত কৰা হলে যেনেকৈ তথ্যবহুল হয়, তেনেকৈ অসময়ত বাৰে বাৰে নকৰি বহুখিনি খৰচো কমাব পৰা যায়। নিৰ্ধাৰিত সময়সীমা দুটা হ'ল : গৰ্ভাৱস্থাৰ ১৮-২২ সপ্তাহৰ ভিতৰত ( মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ দিনৰ পৰা সপ্তাহ গণনা কৰা হয়) আৰু গৰ্ভাৱস্থাৰ ৩২-৩৬ সপ্তাহৰ ভিতৰত। ইয়াৰোপৰি ১৮ সপ্তাহৰ আগতো আলট্রাচনোগ্রাফি কৰিবলৈ বিশেষ কিছুমান কাৰণত দিয়া হয় ।

১৮-২২ সপ্তাহ

১) ভ্রূণৰ সঠিক বয়স নির্ণয় হয়।

২)জৰায়ুত বিষঙ্গতিপূৰ্ণ ভ্রূণৰ অবস্থান আছে নেকি জনা যায়।

৩) শিশুৰ শাৰীৰিক জটিলতা বা বিকলাঙ্গতা নির্ণয় কৰা যায়।

৪)জৰায়ুত ফুলৰ অৱস্থান নির্ণয় কৰা যায় আৰু মাকজনীৰ বাবে সেয়া কিবা অসুবিধাৰ সৃষ্টি কৰিব নেকি জনা যায়।

৫) জৰায়ুত টিউমাৰ বা অন্য কিবা জটিলতা আছে নেকি না অথবা থাকিলেও সি প্ৰসৱৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিব নেকি জনা যায়।

৩২-৩৬ সপ্তাহত

৬) শিশুৰ বৃদ্ধিৰ জটিলতা আছে নেকি জনা যায়।

৭) শিশুৰ বিকলাঙ্গতা নিৰূপণ কৰিব পাৰি , যিখিনি প্রথম আল্ট্রাচনোগ্রাফিত নির্ণয় কৰিব নোৱাৰি ।

৮)গৰ্ভত শিশুৰ প্রকৃত অবস্থান নির্ণয় কৰা হয় ।

৯)জৰায়ুত সঠিক অবস্থান জনা যায়।

১০) জৰায়ুৰ পানীৰ পৰিমাণ মাপ কৰা যায়।

১১)অন্যান্য জটিলতা, যেনে ফাইব্রয়ড, ওভাৰিয়ান টিউমাৰ ইত্যাদি নিৰূপণ কৰা হয় ।

১৮ সপ্তাহৰ আগত

১৮ সপ্তাহৰ আগেয়ে আলট্রাচনোগ্রাফি কৰাৰ প্রয়োজনীয়তা বিশেষ কিছুমান ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ । যেনে :

১)প্ৰস্ৰাৱৰ পজিটিভ স্টিক টেস্ট সকলো সময়তে গ্রহণযোগ্য নহয়। কিছুমান হৰমোন সংক্রান্ত জটিলতাৰ বাবেও ই পজিটিভ (দুটা দাগ) হব পাৰে । অর্থাৎ স্বাভাবিক গর্ভাবস্থা প্ৰমাণ কৰাৰ বাবে পজিটিভ টেস্ট যথেষ্ট নহয়।

২)গৰ্ভৰ সঠিক বয়স নির্ণয় কৰা যায়।

৩) ভ্রূণৰ সঠিক অবস্থান নির্ণয় কৰা যায়। যেনে —জৰায়ুৰ ভিতৰত নে বাহিৰত (এক্টোপিক প্রেগনেন্সি)।

৪) ভ্রূণৰ সংখ্যা নির্ণয় হয় (এক বা একাধিক)।

৫) মোলাৰ প্রেগন্যান্সি নেকি সেইটো নিশ্চিত কৰা যায়।

৬) তলপেটৰ কোনো টিউমাৰ যিবিলাকৰ গৰ্ভধাৰণৰ নিচিনা লক্ষণ দেখা যায়, সেইটো নিৰ্ণয় কৰা হয়।

৭) ইয়াৰোপৰি কোনো জৰায়ু বা ওভাৰিয়ান টিউমাৰ আছে নেকি বা শিশুৰ সঠিক বৃদ্ধি বা স্বাভাবিক প্রসবৰ অন্তৰাল ইত্যাদি চিহ্নিত কৰা ।

মূলতঃ আল্ট্রাচনোগ্রাফি এনে এটি পৰীক্ষা , যি সঠিক সময়ত , উৎকৃষ্ট পদ্ধতি অৱলম্বনৰ মাধ্যমেৰে এটি সুস্থ শিশু জন্ম দিয়া যায়। এই পৰীক্ষাটো সঠিক সময়ত , সঠিক পদ্ধতিৰে কৰাৰ দ্বাৰা শিশুমৃত্যু আৰু মাতৃমৃত্যুৰ হাৰ কমোৱা সম্ভব।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ