এগৰাকী জীয়ৰী, পত্নী অথবা মাতৃৰূপে দায়িত্বভাৰ ভিন্ন হয় আৰু সেই অনুপাতে শাৰীৰিক পৰিৱৰ্তন হোৱাটোও স্বাভাৱিক। ৰজঃপ্ৰাপ্তি অথবা মাতৃ হোৱাৰ সময়ছোৱাত শৰীৰৰ প্ৰতি সচেতনতাৰ প্ৰয়োজন হয়, ঠিক সেইদৰে ৰজোনিবৃদ্ধি কালতো শৰীৰৰ যত্ন লোৱাটো জৰুৰী হৈ পৰে।

বয়স অনুপাতে ডিম্বাশয়ৰ ক্ৰিয়া কমি অহাৰ লগে লগে স্থায়ীৰূপে মাহেকীয়া বন্ধ হোৱা প্ৰক্ৰিয়াকে ঋতুনিবৃত্তি না ৰজঃনাশ বুলি কোৱা হয়। বাৰ মাহ একেলগে মাহেকীয়া বন্ধ হোৱা প্ৰক্ৰিয়াকে চিকিৎসা বিজ্ঞানত ৰজোনিবৃত্তি বুলি গণ্য কৰা হয়।

সাধাৰণতে ৪০-৪৫ বছৰ সময়ছোৱা নিবৃত্তিকাল বুলি মনা হয়। প্ৰাক-নিবৃত্তি(pre-menopausal period) কালত, পিটুইটেৰী হৰম’নৰ প্ৰতি ডিম্বাশয়ৰ প্ৰতিক্ৰিয়া কমি অহা দেখা যায়। ইয়াৰ জৰিয়তে শৰীৰত ইষ্ট্ৰ’ডিয়ল হৰম’নৰ পৰিমাণ কমি যায়।

ইষ্ট্ৰ’জেন নাৰীৰ জীৱনচক্ৰৰ এক গুৰুত্বপূৰ্ণ হৰ’মন, যিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমতা বৰ্তাই ৰাখে। আৰু ইয়াক স্বাস্থ্যৱান কৰি ৰাখিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰাটো জৰুৰী। হৰম’নৰ ক্ৰিয়া তথা প্ৰতিক্ৰিয়া খুব খৰতকীয়া আৰু ইয়াৰ প্ৰভাৱ শৰীৰৰ একাধিক অংগ-প্ৰত্যংগত হোৱা দেখা যায়।

ইষ্ট্ৰ’জেন হৰম’নে স্নায়ুক্ৰিয়া নিয়ন্ত্ৰণ কৰে, ফলস্বৰূপে বয়স বাগৰাৰ লগে লগে মহিলাসকল ডিমেনছিয়া ৰোগত অৰ্থাৎ লাহে লাহে স্মৃতিশক্তি কমি অহা ৰোগত ভোগা দেখা যায়। প্ৰত্যেক ঘৰতে, এটা সময়ত ঘৰৰ গৃহিণীগৰাকীক খুব খিংখিঙীয়া, সঘনাই ভাগৰ লগা, সৰু সৰু কথা পাহৰা, ঘামি যোৱা, অলপ কথাতে খং উঠা আদি স্বভাৱৰ সন্মুখীন হোৱা দেখা যায়। শান্ত-সৰল গৃহিণীগৰাকীৰ লাহে লাহে গঢ়ি উঠা এই ধৰণৰ ব্যৱহাৰ ঘৰৰ প্ৰত্যেক সদস্যৰ বাবে লক্ষণীয় হোৱাটো উচিত।

মাহেকীয়া বন্ধ হোৱাৰ এইসমূহ ব্যৱহাৰৰ প্ৰতি কিছুসংখ্যক লোক পৰিচিত তথা বহুসংখ্যক লোক অপৰিচিতও। কিন্তু প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰাটোহে আৱশ্যক। পিটুইটেৰী হৰম’নৰ ওপৰত পৰা প্ৰভাৱৰ লগে লগে, আন এক কেন্দ্ৰও প্ৰভাৱিত হয়। তাপ নিয়ন্ত্ৰণ কেন্দ্ৰটি পিটুইটেৰী গ্ৰন্থিৰ ওচৰত থাকে। ইষ্ট্ৰ’জেনৰ মাত্ৰা কমাৰ ফলত হঠাতে গৰম অনুভৱ হোৱা আৰু ঘামি যোৱা দেখা যায়, যাক hot flush বুলি কোৱা হয়। আনহাতে, ইষ্ট্ৰ’জেন বান্ধি ৰাখিবৰ বাবে বিভিন্ন ৰিচেপ্টৰ থাকে। এইবোৰ শৰীৰৰ মূত্ৰাশয়, যোনি আৰু মূত্ৰনলীত থাকে।

সেইবাবে ইষ্ট্ৰ’জেন কমি যোৱাৰ লগে লগে উক্ত স্থানত হোৱা সমস্যা, যেনে-

*বগাস্ৰাৱ,

*খজুৱতি,

*যোনিৰ শুকান অৱস্থা,

*বেক্টেৰিয়া-ফাংগাছ(fungus-ভেঁকুৰ)ৰ দ্বাৰা উদ্ভৱ হোৱা ৰোগ দেখা যায়।

আন এক ধৰণৰ উল্লেখনীয় সমস্যাই মহিলাক আমনি দিয়ে- ছালৰ সমস্যা। ছালৰ সুষম অৱস্থা(elasticity) অটুট ৰাখে হৰম’নে। ছালৰ শুকান-শুকান লগা, মুখমণ্ডলত ক’লা দাগ পৰা, বলয়ৰ(wrinkles) উৎপত্তিৰ উপৰি চুলি সৰা আৰু শুকাই হোৱাৰ সমস্যাই দেখা দিয়ে। এইক্ষেত্ৰত ছালখনক স্বাস্থ্যৱান কৰাৰ লগতে শৰীৰৰ পুষ্টিৰো খুব আৱশ্যক। ইষ্ট্ৰ’জেনে তাৰ এন্টিঅ’ক্সিডেন্ট ক্ষমতাৰ জৰিয়তে সিৰাত জমা হ’বলগীয়া চৰ্বিৰ পৰিমাণ কমাই ৰাখে। গতিকে ইয়াৰ কাৰ্য শৰীৰত চলি থকাটো খুব দৰকাৰী হৈ পৰে, বিশেষকৈ ৰক্তচাপ, হৃদয়ৰ ক্ৰিয়া, বৃক্কৰ ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখিবলৈ।

মাহেকীয়া বন্ধ হোৱাৰ ধৰণ দুই প্ৰকাৰৰ:

হঠাতে হোৱা বন্ধ, যিটো খুব কমসংখ্যকৰ ক্ষেত্ৰত দেখা যায় আৰু লাহে লাহে বন্ধ হোৱা প্ৰক্ৰিয়া। এইক্ষেত্ৰত কম পৰিমাণে ৰক্তস্ৰাৱ হয় নতুবা ৩৫-৪৫ দিনৰ মূৰত হোৱা দেখা যায়। ৪০ বছৰ বয়সৰ পূৰ্বে বন্ধ হোৱা বা ৫৫ বছৰৰ পিছলৈকে ঋতুস্ৰাৱ চলি থকাটো স্বাভাৱিক নহয়। কৃত্ৰিমভাৱে বন্ধ কৰা পদ্ধতিসমূহৰ প্ৰতিক্ৰিয়া দেখা যায় যদিও ব্যৱহৃত হয়। অস্ত্ৰোপচাৰ বা ৰেডিয়েচনৰ যোগেদিও ডিম্বাশয় আঁতৰ কৰোৱা হয়।

সঘনাই শুনিবলৈ পোৱা আন এক সমস্যা হ’ল ৩৫ৰ পৰা ৬৫ বছৰ বয়সৰ মহিলাৰ গাঁঠি বা হাত-ভৰিৰ বিষ। ইষ্ট্ৰ’জেনৰ যোগেদি শৰীৰত হাড়ৰ ঘনত্ব সুষম কৰি ৰখা হয়। হাড়ৰ ঘনত্ব কমি যোৱাৰ ফলত তাক অ’ষ্টিঅ’পেনিয়া(osteopenia) বুলি কোৱা হয়। BMD(Bone Mineral Density) যদি ১-২.৪ থাকে, তাক অ’ষ্টিঅ’পেনিয়া অথবা ২.৫ বা তাতকৈ বেছি থাকিলে অ’ষ্টিঅ’প’ৰ’ছিছ বুলি কোৱা হয়। ইয়াৰ ফলস্বৰূপে আঁঠু, কঁকালৰ বিষ, ডিঙিৰ পাছফালৰ বিষ, উচ্চতা কমি যোৱা, আগফালে হাউলি যোৱা আদি দেখা যায়।

ৰজঃনাশৰ পিছত কেতিয়াবা ৰক্তস্ৰাৱ দেখা পোৱা যায়। যাক post-menopausal bleeding বুলি কোৱা হয়। ইয়াৰ কাৰণসমূহ হ’ল-

*জৰায়ুৰ কিছু দোষ(Senile Endometritis, Atrophic Entromentrium, Hyperplasia etc)

*কৰ্কট ৰোগ

*প’লিঅ

*যোনি ৰোগ(Vaginitis)

*টিউবাৰকুল’ছিছ ইত্যাদি।

প্ৰাক-নিবৃত্তি সময়ছোৱাতো খুব বেছি তথা বহুদিনীয়া ৰক্তস্ৰাৱৰ সন্মুখীন হোৱা দেখা যায়। ইয়াৰ কাৰণ হ’ল ইষ্ট্ৰ’জেন আৰু FSH হৰম’নৰ মাজত সামঞ্জস্য নথকা।

দৈনন্দিন জীৱনত মুখামুখি হোৱা শৰীৰৰ সমস্যাসমূহে মহিলাসকলৰ মানসিক পৰিৱৰ্তনো ঘটায় তথা শৰীৰৰ পুষ্টি কমাই আনে। গতিকে, সঠিক চিকিৎসা-ব্যৱস্থাপনা গ্ৰহণ কৰাটো আৱশ্যক।

*জীৱন প্ৰণালী নিয়মীয়া কৰা, সঠিক ব্যায়াম কৰা, শৰীৰত হিম’গ্ল’বিন আৰু প্ৰ’টিনৰ মাত্ৰা ঠিক কৰি ৰখা আৰু দৈনিক কেলছিয়াম-ভিটামিন ‘ডি’ গ্ৰহণ কৰা।

*ফ্ল’ৰাইডৰ সেৱন জৰুৰী হয়, ইয়ে হাড়ৰ মুখ্য উপাদান(Bone matrix) সমূহ বঢ়োৱাত সহায় কৰে।

*Hormone Replacement Therapy(HRT)ৰ জৰিয়তে শৰীৰত হৰম’নৰ প্ৰভাৱ বৰ্তাই ৰখা হয় যদিও দীৰ্ঘকালীন ব্যৱহাৰৰ ফলস্বৰূপে প্ৰতিক্ৰিয়া তথা সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। HTRৰ সহায়ত মহিলাৰ নিবৃত্তিজনিত সকলোধৰণৰ সমস্যা সমাধান কৰা হয় যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ কিছু প্ৰতিক্ৰিয়া দেখা দিয়ে HTRৰ দীঘলীয়া ব্যৱহাৰৰ জৰিয়তে-

*জৰায়ু আৰু স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। হঠাতে হোৱা হৰম’নৰ অসমতাৰ বাবে স্তন বা জৰায়ুত কোষৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায়।

*হৃদৰোগ, উচ্চ ৰক্তচাপ, যকৃত-পিত্তাশয়ৰ ৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

*ক’লা দাগ পৰা বা মুখমণ্ডলৰ ছালৰ পৰিৱৰ্তন।

*ভৰি ফুলা।

*বুকুৰ ধপধপনি।

*স্তনৰ অস্বাভাৱিক বৃদ্ধিৰ অনুভৱ বা স্ৰাৱ।

*দৃষ্টিশক্তি হ্ৰাস।

*পেটৰ অনিয়ম হোৱা ইত্যাদি।

HTR সম্পূৰ্ণৰূপে অকাৰ্যকৰী হয় কিছুক্ষেত্ৰত, যেনে- জৰায়ুৰ ৰক্তস্ৰাৱজনিত সমস্যা, টিউমাৰজনিত ৰোগ, যকৃত-পিত্তাশয়ৰ ৰোগ আদি। বিশেষকৈ দুটি কথা খুব জৰুৰী হৈ পৰে HTR প্ৰয়োগৰ সময়ছোৱাত- প্ৰথমতে নিয়মিতভাৱে ৰক্তচাপ, স্তন, জৰায়ু আদি পৰীক্ষা কৰোৱা আৰু দ্বিতীয়তে ই কেৱল কম সময়ছোৱাৰ বাবেহে উপযোগী হয়।

বৰ্তমান সময়ত ফাইট’ইষ্ট্ৰ’জেনৰ প্ৰয়োগ খুব বেছি হয়। (Phyto=Plants) অৰ্থাৎ উদ্ভিদৰপৰা গ্ৰহণ কৰিব পৰা ইষ্ট্ৰ’জেন, যাৰ ব্যৱহাৰ প্ৰতিদিনে হয় মহিলাৰ বিভিন্ন ৰোগৰ ক্ষেত্ৰত।

ফাইট’ইষ্ট্ৰ’জেন থকা নানা ঔষধ প্ৰস্তুত কৰা হৈছে ভাৰতীয় বিভিন্ন ঔষধ কোম্পানীৰদ্বাৰা। কোনো ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি নকৰোৱাকৈ মহিলাৰ ৰোগৰ লক্ষণসমূহক নাশ কৰা ফাইট’ইষ্ট্ৰ’জেন এই সময়ত খুব উপযোগী।

ইয়াৰ গাঁথনি ইষ্ট্ৰ’জেন লেখীয়া হয়, যাৰ বাবে ই হৰম’ন সদৃশ কাৰ্য সম্পন্ন কৰে। গ্ৰীক শব্দ ‘ফাইট’ইষ্ট্ৰ’জেন’ৰ অৰ্থ হ’ল মহিলাৰ প্ৰজনন ক্ষমতা বঢ়োৱাত সহায় কৰে বা প্ৰজননজনিত সমস্যা সমাধান কৰে। ই হাড়ৰ ঘনত্ব অটুট ৰাখে, কলেষ্টেৰ’ল কমোৱাত সহায় কৰে।

তদুপৰি ক্ষুদ্ৰান্ত, স্তন আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ(পুৰুষৰ) কাৰ্য নিয়ন্ত্ৰণত সহায় কৰে। তদুপৰি মগজু-স্নায়ুৰ বিকৃতি, হৃদৰোগ আৰু হাড় ঠুনুকা হোৱা প্ৰক্ৰিয়া(Osteoporosis) হ্ৰাস কৰে।

নিবৃত্তিজনিত সমস্যাৰ বাবে বিশেষকৈ এইবিধ পদাৰ্থ উদ্ভিদৰপৰা লোৱা হয় আৰু ঔষধি তথা আহাৰৰূপে ব্যৱহৃত হয়।

ফাইট’ইষ্ট্ৰ’জেন থকা তথা বেছি পৰিমাণে ব্যৱহাৰ হোৱা খাদ্যসমূহ হ’ল-

*চয়াবিন,

*ফ্লেক্স(flax seed),

*ৱালনাট,

*যষ্টিমধু,

*প্ৰিমৰ’জ(Evening Primrose),

*অ’টছ(Oats),

*বাৰ্লি,

*মগু,

*আপেল,

*গাজৰ,

*ডালিম,

*গজালি ওলোৱা মগু,

*কফি,

*তিলৰ তেল,

*গোটা তিল,

*শতমূল(Satavari),

*অশোক গছৰ ছাল,

*বলা(Side cordifolia),

*মানিমুনি,

*নাহৰফুল,

*গুডুচী,

*পিপ্পলী,

*জটামাংসি,

*জিৰা,

*খদিৰ,

*শিমলু,

*অশ্বগন্ধা,

*জামু ইত্যাদি।

ইয়াৰ ভিতৰত বহুকেইটি উপাদানেৰে ৰোগ অনুযায়ী ঔষধসমূহ প্ৰস্তুত কৰা হয় আৰু কিছু উপাদান আহাৰৰূপে গ্ৰহণ কৰিবলৈও উপদেশ দিয়া হয়। সমস্যাসমূহ আঁতৰাই ৰাখিবলৈ তথা ৰোগ নাশ কৰিবলৈ, ফাইট’ইষ্ট্ৰ’জেন প্ৰাক-নিবৃত্তিকালত সেৱন কৰি থাকিলে অনাগত সময়ত শৰীৰত হ’বলগীয়া হৰম’নৰ সমস্যাৰপৰা দূৰত থাকিব পৰা যায়।

লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য(দৈনিক অসম)