মহিলাৰ জননেন্দ্ৰিয় বা যৌনাঙ্গৰ পথেৰে বগা বৰণৰ ৰক্তবিহীন স্ব্ৰাৱ ওলাই থকা উপসৰ্গটোকে শ্বেত প্ৰদ বুলি কোৱা হয়। স্ত্ৰীৰোগ বিজ্ঞানত ইয়াকেই লিউকোৰিয়া (Leucorrhoea) বুলি অভিহিত কৰা হৈছে। ইয়াক সাধাৰণ উপসৰ্গ বুলি ধৰা হয় যদিও বহু মহিলাই এই বিৰক্তিজনক সমস্যাত ভওগে য’ত যুৱতীৰ স্ংখ্যাই বেছি। ইয়াক যৌনাঙ্গৰ কোনো ৰোগ বুলি নধৰি ৰোগৰ এবিধ বাহ্যিক লক্ষণ বা উপসৰ্গ বুলিহে গণ্য কৰিব লাগে । সেয়েহে স্ত্ৰীৰোগৰ শাস্ত্ৰত ইংৰাজীতে ইয়াক ‘নৰ্মেল ফিজিঅ’লজিকেল ছিমটম’ বুলি কোৱা হয় । কিন্ত অত্যাধিক হ;লেই তাক ‘লিউকোৰিয়া’ বুলি কোৱা হয়। সাধাৰণতে স্বাভাৱিক শ্বেতপদ বিধৰ লগত যৌনাংগত কোনো ধৰণৰ পীড়া, যন্ত্ৰ্ণা বা খজুৱতিৰ উদ্ভৱ নহয়। অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰি চালে কোনো অস্বাভাৱিক কোষ বা চেল দেখা পোৱ নাযায় ।অৱশ্যে অধিক মাত্ৰাত শ্বেত প্ৰদৰ গৈ থকিলে মহিলাগৰাকী মানসিক উদ্বেগ আৰু অস্বস্তিত ভোগা দেখা যায় । এনে হোৱাৰ কাৰণটোৱেই হ’ল ছাৰ্ভিস্ক বা জৰায়ুৰ মুখৰ অংশত থকা গ্ৰন্থি বা গ্লেণ্ডবোৰ কেতিয়াবা কেতিয়াবা অতিৰিক্ত ক্ৰিয়াশীল হৈ অত্যাধিক শ্বেতৰস বা ধাতু নিৰ্গত কৰে । সধৰণতে বহু যুৱতীৰ ক্ষেত্ৰত মাহেকীয়া হোৱাৰ ঠিক আগত বা পিছত বা অত্যাধিক যৌন উত্তেজনাৰ বাবেও এনেধৰণৰ স্বাৱ বাহিৱ পাৰে । ই মহিলাগৰাকীৰ পক্ষে অস্বস্তিকৰ হৈ উথিলে ততাতৈয়াকৈ চিকিয়ৎসকৰ ওচৰ চপাৰ প্ৰয়োজন হয়। কিয়নো, দিৰ্চাজ বা প্ৰ্দৰ স্বাভাৱিক কাৰৰণো ধৰা পৰা দেখা যায় । অস্বাভাৱিক কাৰণসমূহ দুভাগত ভাগ কৰিব পাৰি। (ক) সাধাৰণ স্বাস্থ্যজনিত আৰু (খ) যৌনাংগৰ বিভিন্ন ধৰণৰ স্ংক্ৰমণ আৰু দৈহিক ৰোগ। স্বাস্থ্যজনিত কাৰণসমূহৰ ভিতৰত দুৰ্বল, ৰুগীয়া দেহ, পুষ্টিৰ অভাৱ, ৰক্তাল্পতা (Anaemia) জীৱনৰ বিড়ম্বনা, মানসিক কাৰণেই প্ৰধান । ডায়েবেতিছ আৰু অন্যান্য এণ্ডোক্ৰেইন গ্ৰন্থিৰ ৰোগৰ বাবেও শ্বেত প্ৰদৰ হ’ব পাৰে । ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছ্ন্নতা (Personal Hygiene)ৰ অভাৱো এক কাৰণ হ’ব পাৰে । যৌনাঙ্গৰ বিভিন্ন স্ংক্ৰমণৰ ভিতৰত জননেন্দ্ৰিয় ‘ট্ৰাইকোমোলান’,’কেণ্ডিডিয়েল’ আৰু ‘বেকটেৰিয়েল’ এনফিকচন । ক্ৰনিক যৌনৰোগ বা যৌনাঙ্গৰ গণোৰিয়া ইনফেকচন । যৌনাঙ্গৰ ভিতৰত সোমাই থকিব পৰা কপাহৰ টোপোলাৰ, ছেনিটাৰী পেদ, বাহিৰা বস্ত, ৰবৰৰ ৰিং পেচৰী,জৰায়ু গহ্বৰত কনট্ৰাচিপ্টিভ ডিভাইছ যেনে- প্লাষ্টিক লুড, কপাৰ আহিলা ইত্যাদিৰ ম্যাদ পাৰ হোৱা অৱস্থা । জৰায়ুৰ স্থানচ্যুতি । জৰায়ু বা জৰায়ুৰ মুখত হোৱা পলিপ বা টিউমাৰ । যৌনাঙ্গ বা জৰায়ুৰ কোনো অংশৰ টিবি বা কৰ্কট ৰোগ । চাৰ্ভিস্কৰ ইৰোছন (Erosion) বা ঘা, পুৰণি প্ৰদাহ বা ইনফেকচন । যৌনাঙ্গৰ পথত সঘনাই ‘দুচ’ৰ ব্যৱহাৰ । সূতা পেলু, এমিবিক ডিচেণ্ট্ৰি আৰু জিয়াৰ্ডিয়াৰ্ছিৰ দৰে পেটৰ পুৰণি সংক্ৰমণ থাকিলেও তাৰ ফলত শ্বেত প্ৰদৰ হ’ব পাৰে । লক্ষণ যৌনাঙ্গৰপৰা অনিয়মিতভাৱে বগা স্ৰাৱ ওলাই থাকিব পাৰে । ইয়াৰ প্ৰকৃতি কেইবা প্ৰকাৰৰো হ’ব পাৰে । যেনে- চাউলধোৱা বগা পানীৰ দৰী, চাবোনৰ ফেনৰ দৰে, দৈ গাখীৰৰ দৰে, বিজলুৱা ভাতৰ পাতল মাৰৰ দৰে ইত্যাদি । ভালভা (vulva) বা যৌনাঙ্গৰ মুখত খজুৱতি হ’ব পাৰে । লক্ষণসমুহৰ কাৰণ নিৰ্দ্ধাৰণ তেজ, শৌচ, প্ৰস্ৰাৱৰ পৰীক্ষা জননেন্দ্ৰিয় আৰু তলপেট বা পেলভিচৰ শাৰীৰিক পৰীক্ষা, তলপেটৰ ছ’ন’গ্ৰাফী পৰীক্ষা আৰু হিষ্টেৰোস্কোপী পৰীক্ষা আৰু যৌনাঙ্গৰপৰা নিৰ্গত স্ৰাৱৰ অনুবীক্ষণ পৰীক্ষা, কৰ্কট ৰোগৰ বাবে বেলেগে পেপস্মিয়েৰ পৰীক্ষা ইত্যাদি । চিকিৎসা চিকিৎসাৰ মূল লক্ষ্য হ’ল উপসৰ্গবিধৰ কাৰণ নিৰ্ধাৰণ কৰি উলিওৱা । স্ত্ৰীৰোগ বিষয়ত অৰ্হতাসম্পন্ন অভিজ্ঞ চিকিৎসাকৰপৰা চিকিৎসা গ্ৰহণ কৰা উচিত। শ্বেত-প্ৰদৰ বাবে পৰীক্ষাৰ অন্তত যি কাৰণেই ধৰা পৰে, তাক উপযুক্ত্ভাৱে নিৰাময় কৰিবলৈ অভিজ্ঞ চিকিৎসকজনেহে ব্যৱস্থা ল’ব। পৰজীৱী, ভেঁকুৰ, বেক্টেৰিয়া যি বিধৰে স্ংক্ৰমণ নহওক উপযুক্তভাৱে এণ্টি ইনফেক্অটিভ বা এণ্টিবায়টিক উপযুক্ত মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগীয়ে সুফল নোপোৱাৰ কোনো কাৰণ নাই । কিন্ত দৰৱ নিৰ্বাচনৰ দায়িত্ব চিকিৎসকজনেহে গ্ৰহণ কৰিব। অৱশ্যে কাৰণজনিত দৰৱসমুহ ব্যৱহাৰৰ উপৰি সাধাৰণ স্বাস্থ্য যদি দুৰ্বল হয়, দেহত যদি ৰক্তাল্পতা ধৰা পৰে, পুষ্টিৰ যদি অভাৱ থাকে- তেনেহ’লে তেনে ৰোগীক আয়ৰণ বড়ি বা বেজী, মাল্টিভিটামিনৰ বড়ি, পুষ্টিকৰ সুষম পথ্যৰ যোগান ধৰিবও লাগিব। সেউজীয়া শাক – পাচলি, প্ৰ’টিন জাতীয় খাদ্য গ্ৰহণ কৰাত অৱহেলা নকৰিব । লিখক: ডা: দীনেশ শৰ্মা