‘পলিচিষ্টিটিক অভাৰী ছিনড্ৰ’ম’ হ’ল মহিলাৰ প্ৰজনন বয়সত হোৱা এণ্ড’ক্ৰাইন বা হৰম’ন প্ৰণালীৰ বিশৃংখলৰ পৰিণাম। পি চি অ’ এছ হ’ল মহিলাৰ অণ্ডকোষত হোৱা জুলীয়া পদাৰ্থৰে ভৰ্তি কিছুমান সৰু সৰু গুটি, যাক ফলিকল বুলি কোৱা হয়। আলট্ৰা ছাউণ্ড কৰিলে অতি সহজেই ইয়াক ধৰা পেলাব পাৰি। কাৰণ পি চি অ’ এছ-ৰ কাৰণ এতিয়াও সম্পূৰ্ণকৈ বুজিব পৰা হোৱা নাই। কিন্তু অনুসন্ধানৰ পৰা পোৱা গৈছে যে পি চি অ’ এছ হ’লে শৰীৰৰ হৰম’নৰ মাজত থকা সমতা নোহোৱা হোৱা। শৰীৰত থকা হৰম’নবোৰৰ এটাৰ ক্ৰিয়াৰ লগত আন এটাৰ ক্ৰিয়াৰ গভীৰ সম্পৰ্ক থাকে। উদাহৰণস্বৰূপে অভাৰী বা মহিলাৰ অণ্ডকোষে অতি কম পৰিমাণৰ পুৰুষ হৰম’ন, এনড্ৰ’জেন প্ৰস্তুত কৰে। কিন্তু পি চি অ’ এছ হ’লে অণ্ডকোষ স্বাভাৱিকতেই অলপ বেছি পুৰুষ হৰম’ন প্ৰস্তুত কৰে, যাৰ ফলত মহিলাৰ অনিয়মীয়া মাহেকীয়া, গৰ্ভধাৰণ নকৰা, মুখত শালমইনা, মুখত বা গাত অতিৰিক্ত চুলি হোৱা দেখা যায়। বংশগত বা জেনেটিক কাৰণতো পি চি অ’ এছ হ’ব পাৰে। পৰীক্ষাৰ পৰা ধাৰণা কৰা হৈছে যে যিবোৰ পৰিয়ালৰ মহিলাৰ অনিয়মীয়া মাহেকীয়া আৰু মধুমেহ আছে সেই পৰিয়ালৰ আন আন মহিলাৰ পি চি অ’ এছ হোৱাৰ সম্ভাৱনা বেছি। পি চি অ’ এছ পিতৃ বা মাতৃৰ দিশৰ পৰা হ’ব পাৰে। কি কি লক্ষণ থাকিব পাৰে প্ৰথম অৱস্থাত কোনো ধৰণৰ শাৰীৰিক লক্ষণ দেখা নাযায় যদিও সময় যোৱাৰ লগে লগে তলত আলোচনা কৰা লক্ষণবোৰ দেখা যায়। একনি বা শালমইনা। শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়ি যোৱা। মুখত আৰু গাত অতিৰিক্তভাৱে চুলি গজি উঠা পি চি অ’ এছ-ৰ আন এক লক্ষণ। মহিলাৰ মুখত থকা পাতল চুলিবোৰ ঘন হয় আৰু বুকু, পেট বা পিঠিতো চুলি হোৱা দেখা যায়। মহিলাৰ মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত পুৰুষসদৃশ তপা হোৱা দেখা যায় বা চুলি অতি পাতল হয়। অনিয়মীয়া মাহেকীয়া হ’ল পি চি অ’ এছ-ৰ অন্যতম লক্ষণ। পি চি অ’ এছ হোৱা মহিলাৰ মাহেকীয়াৰ সংখ্যা বছৰত ন বা তাতকৈ কম হয়। কিছুমান মহিলাৰ মাহেকীয়া একেবাৰে বন্ধ হৈ যায়। আন কিছুমানৰ মাহেকীয়াৰ সময়ত খুব বেছি তেজ যোৱা দেখা যায়। পি চি অ’ এছ থকা প্ৰায়ভাগ মহিলাই গৰ্ভধাৰণত অক্ষম হয় বা অতি সহজে গৰ্ভধাৰণ কৰিব নোৱাৰে। মানসিকভাৱে ভাগি পৰা বা দুশ্চিন্তাত ভোগা দেখা যায়। পি চি অ’ এছ-ৰ পৰা হ’ব পৰা জটিলতা ইয়াৰ পৰা কেইবা প্ৰকাৰৰ জটিলতা বা আন আন বেমাৰ হ’ব পাৰে। বিশেষকৈ পি চি অ’ এছ-ৰ লগত যদি স্থূলতা থাকে। টাইপ-২ ডায়েবেটিছ। উচ্চ ৰক্তচাপ। বেয়া কলেষ্টেৰল বাঢ়ি যোৱা আৰু ভাল কলেষ্টেৰল কমি যোৱা। হৃদয় বেমাৰৰ আশংকা। যকৃত বেমাৰৰ আশংকা। যকৃত বা লিভাৰত চৰ্বি জমা হোৱা। গৰ্ভধাৰণত অক্ষমতা। ৰাতি টোপনিৰ মাজতে শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ দৰে হোৱা। মনত দুশ্চিন্তা আৰু অশান্তি ভাব। অসময়ত মাহেকীয়াৰ দৰে তেজ যোৱা। এষ্ট্ৰোজেন নামৰ হৰম’ন সদায়েই মাত্ৰাতকৈ বেছি থকাৰ বাবে গৰ্ভাশয়ৰ ভিতৰৰ স্তৰত কেণ্সাৰ হোৱাৰ সম্ভাৱনা আদি। পি চি অ’ এছ-ৰ চিকিৎসা পলিচিষ্টিক অভাৰী ছিনড্ৰমৰ চিকিৎসা আৰম্ভ হয় ইয়াৰ সঠিক অনুসন্ধানৰ পিছত। চিকিৎসা নিৰ্ভৰ কৰে মহিলাগৰাকীৰ লক্ষণ, বয়স আৰু ভৱিষ্যত্ গৰ্ভধাৰণৰ পৰিকল্পনাৰ ওপৰত। তলত উল্লেখ কৰা চিকিৎসাকেইটা কৰা হয়। জন্ম নিয়ন্ত্ৰণ ঔষধ ব্যৱহাৰ কৰা হয় মাহেকীয়া নিয়মীয়া কৰাৰ বাবে। তেজত ইনছুলিনৰ মাত্ৰা সদায় সঠিক কৰি ৰখাৰ বাবে ঔষধ দিয়া হয়। গৰ্ভধাৰণৰ বাবে চিকিৎসা কৰা হয়। এনড্ৰ’জেন (পুৰুষ হৰমন) বাধা দিয়া ঔষধ দিয়া হয়। মহিলাৰ মুখত বা গাত হোৱা অতিৰিক্ত চুলিৰ চিকিৎসা। মূৰৰ চুলি সৰাৰ ওপৰত চিকিৎসা। শালমইনাৰ চিকিৎসা। আন কিবা চৰ্ম বেমাৰ থাকিলে তাৰ চিকিৎসা। পি চি অ’ এছ নিয়ন্ত্ৰণ কৰিব পাৰিনে ? পি চি অ’ এছ-ৰ আটাইতকৈ ভাল চিকিৎসা হ’ল সঠিক আৰু স্বাস্থ্যৱান জীৱন ধাৰণ। তাৰ বাবে আমি দৈনন্দিন জীৱনত অলপ পৰিৱৰ্তন আনি লাভৱান হ’ব পাৰো। মহিলাসকলে সদায় এনে আহাৰ খাব লাগে, যত পৰিশ্ৰুত শ্বেতসাৰৰ মাত্ৰা কম থাকে। কিয়নো, এনে আহাৰে তেজত চেনিৰ মাত্ৰা সঠিক কৰি ৰাখে। নিয়মীয়া শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিলে ইনছুলিন সঠিকভাৱে পৰিফলিত হয় আৰু শৰীৰৰ ওজন অতিৰিক্তভাৱে বাঢ়ি নাযায়। পি চি অ’ এছ থাকিলে মহিলাৰ নিজৰ ওজন কমোৱাটো এক প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। কিন্তু ওজন কমাব পাৰিলে ই দেহত থকা পুৰুষ হৰম’নৰ মাত্ৰা কমাই দিয়ে আৰু মহিলাগৰাকীয়ে স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিব পাৰে। সঠিক ৰোগ নিৰ্ণয়, দৈনন্দিন জীৱনত পৰিৱৰ্তন আৰু পি চি অ’ এছ-ৰ চিকিৎসা কৰিলে ওপৰত উল্লেখ কৰা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। লেখকঃ ডাঃ ৰাজুল আলমজি, এনআৰচি স্বাস্থ্য।