ডিম্ববাহী নলী প্ৰবাহিত হোৱাৰ লক্ষণসমূহ হ’ল উৰু, পিঠি, তলপেট বিষ হয়। ঋতুস্ৰাৱ দহ দিনমানলৈকে হয়। মাহত দুবাৰ হ’ব পাৰে। স্ৰাৱৰ লগত গোটমৰা ক’লা তেজো ওলাব পাৰে। ডিম্ববাহী নলী ফুলি বিষ, জ্বালা-যন্ত্ৰণা হয়, জ্বৰো উঠে। ঋতুস্ৰাৱত দুৰ্গন্ধ থাকে। ঋতুস্ৰাৱ অনিয়মিয়া, বমি বমি ভাব হয়। ঋতুস্ৰাৱৰ পিছত বগাস্ৰাৱ যায়। কেতিয়াবা ঋতুস্ৰাৱ বেছি হয় আৰু কেতিয়াবা কম হয়। চিকিৎসা তলপেটত গৰম পানীৰ বেগ বা বটলেৰে সেক দিলে উপকাৰ পোৱা যায়। টোপনি ক্ষতি কৰা অনুচিত। শোৱা-খোৱা সময়মতে কৰি বিশ্ৰামত থকা উচিত। চিকিৎসা সুপৰামৰ্শ লৈ চিকিৎসা কৰোৱা উচিত। সহজে হজম হোৱা পুষ্টিকৰ আহাৰ খাব লাগে। আৰোগ্য নোহোৱা পৰ্যন্ত যৌন ক্ৰিয়াৰ পৰা আঁতৰি থকা উচিত। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।