যোগ চৰ্চাৰ লগতে যোগ চিকিৎসাৰ লগত জড়িত হোৱাৰে পৰা বহুসংখ্যক মহিলাক আমি যোগ শিবিৰত বা অন্য সজাগতা সভাবোৰত লগ পাওঁ। তেওঁলোকৰ শাৰীৰিক সমস্যাৰ বিষয়ে যেতিয়া আমি আলোচনা কৰো তেতিয়া আমি জানিব পাৰো যে বেছিভাগ মহিলাৰ খাদ্য খোৱাৰ ৰুটিন, চলন-ফুৰণৰ ক্ষেত্ৰত অনিয়মীয়া হয়। তাৰোপৰি স্বাস্থ্যৰ প্ৰতি কোনো সচেতন নহয় আৰু সময়ৰ বান্ধোন নামানি কামতে ব্যস্ত থকা দেখা যায়। ফলত স্বাস্থ্য ভাগি পৰে আৰু শেষত চিকিৎসকৰ ওচৰ চপা দেখা যায়। আচলতে মহিলাসকলে চল্লিছ বছৰত ভৰি দিলেই স্বাস্থ্যৰ প্ৰতি বেছি সচেতন হোৱা উচিত।

যুৱতীকালত স্বাস্থ্যৰ প্ৰতি কিছু সজাগ দেখা যায় যদিও বিবাহৰ পিছত কিছুমান মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটে। সেই সময়খিনিতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো বেছি প্ৰয়োজন। দেখা যায়, প্ৰায়ভাগ মহিলাই আগফালে হাউলি কিছুমান কাম-কাজ কৰিব লগা হোৱা হেতুকে বহুতৰে কঁকালৰ বিষ, পিঠিৰ বিষ, স্নায়ু দুৰ্বলতা আদি কিছুমান ৰোগে আক্ৰমণ কৰে। যদি এবাৰ সোঁফাল, এবাৰ বাওঁফালে হালি যোৱা কিছুমান সূক্ষ্ম ব্যায়াম আৰু আসন কৰে, তেতিয়া শৰীৰটোত এই বিষ জাতীয় কিছুমান উপসৰ্গই দেখা দিব নোৱাৰে।

চল্লিচ বছৰ পাৰ হোৱাৰ পিছত সকলোৰে, বিশেষকৈ মহিলাসকলৰ শৰীৰৰ পেশীসমূহ দুৰ্বল হৈ পৰিবলৈ ধৰে। এই সময়খিনিত পেশীসমূহক ধৰি ৰাখিবলৈ সঠিক পৰিমাণৰ প্ৰোটিনযুক্ত আহাৰ গ্ৰহণ কৰা প্ৰয়োজন। তাৰোপৰি পেশীসমূহক সবল, সক্ৰিয় কৰাৰ বাবে সঠিক যোগ ব্যায়ামৰ প্ৰয়োজন। এই বয়সত মহিলাসকলৰ মেটাবলিজম প্ৰক্ৰিয়া কমি আহে। ফলত শৰীৰত ওজন বাঢ়িবলৈ লয়। ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাবে কিছুমান মহিলা এলেহুৱা হয়। কাম-কাজৰ প্ৰতি অৱহেলা হোৱা দেখা যায়। এই সময়খিনিতে প্ৰথম কৰ্তব্য হোৱা উচিত, শৰীৰটোক সক্ষম কৰি ৰাখিবলৈ দৈনিক কমেও ত্ৰিশ মিনিটকৈ যোগাভ্যাস কৰা উচিত।

যোগাভ্যাসৰ অন্তৰ্গত আসন, প্ৰাণায়াম, কিছুমান সূক্ষ্ম ব্যায়াম কৰা উচিত। এই বয়সত মহিলাসকলৰ শাৰীৰিক শক্তিও কিছু পৰিমাণে কমিবলৈ ধৰে। ইয়াৰ বাবে নিয়মিত ব্যায়ামৰ প্ৰয়োজন। নিয়মিত যোগ-ব্যায়ামে হৃদপিণ্ড ভালে ৰখাত সহায় কৰে আৰু শৰীৰৰ অতিৰিক্ত চৰ্বিও কমি যায়। লগতে এলাহ দূৰ হয়। তাৰোপৰি পেশী গঠনত সহায় কৰাৰ লগতে শৰীৰৰ হাড়ৰ জোৰাবোৰে সক্ৰিয় হৈ উঠে। মানসিক চাপৰ পৰাও মুক্ত হোৱাত সহায় কৰে। ইয়াৰ বাবে আপুনি ‘সূৰ্য্য নমস্কাৰ’ ক্ৰিয়াকেইটাও যদি দৈনিক ৩/৪ বাৰকৈ কৰিব পাৰে, তেনেহ’লে শৰীৰটোক যথেষ্ট নমনীয় কৰি ৰাখিব। মন কৰিবলগা কথা হ’ল যে আসন, প্ৰাণায়ামৰ লগতে দৈনিক ধ্যান অভ্যাসো কৰিব লাগে। ধ্যানৰ জৰিয়তে মানসিক চাপ দূৰ হোৱাত সহায় হয়। এই চৰ্চা যদি নিয়মিতভাৱে চলি থাকে, দেখিব কিছুদিনৰ পিছত আপোনাৰ শৰীৰৰ কিছু পৰিৱৰ্তন চকুত পৰিব। যেনে এলাহ দূৰ হ’ব, চৰ্বি কমি আহিব। শৰীৰৰ নমনীয়তাও আহিব। মনৰ প্ৰফুল্লতাও আহিব।

তাৰাসন -

প্ৰণালী:

পোন হৈ থিয় হওক। এতিয়া শ্বাস গ্ৰহণৰ তালে তালে দুই হাত মূৰৰ ওপৰলৈ উঠাই ভৰিৰ গোৰোহা ওপৰলৈ উঠাই দিয়ক। ভৰিৰ আঙুলিয়েহে কেৱল মাটি চুই থাকিব, ভৰিৰ আঙুলিৰ ওপৰত ভৰ দি উঠিব। মূৰৰ ওপৰত হাত নমস্কাৰৰ ভংগীত লগ লগাব। এতিয়া শ্বাস এৰি হাত দুখন পোনভাৱেই তললৈ নমাই অনাৰ লগে লগে ভৰিৰো গোৰোহা নমাই আনক। এনেদৰে ৫/৬ বাৰ আসনটো কৰক।

উপকাৰিতা -

ভৰি, হাতৰ স্নায়ুপেশীসমূহক সবল কৰে।

যষ্টিকাসন -

প্ৰণালী:

ওপৰমুৱাকৈ পোনভাৱে শুই লওক। এতিয়া মূৰৰ ফালে দুয়োখন হাত আনি মূৰৰ ওপৰফালে নমস্কাৰৰ ভংগীত লওক। ইফালে শ্বাস লৈ লৈ দুখনো পোনকৈ ৰাখি ভৰি আৰু হাতৰ দুইফালে বিপৰীত মুখী টান দিয়ক। (যেন আপোনাৰ হাতৰ ফালে থকা এখন বেৰ আৰু ভৰিৰ ফালে থকা এখন বেৰহে চুবলৈ চেষ্টা কৰিছে) তাৰ পিছত শ্বাস এৰি এৰি হাত-ভৰি ঢিলা বা শিথিল কৰি দিয়ক। এনেদৰে ৪/৫ বাৰ আসনটো অভ্যাস কৰক।

উপকাৰিতা:

এই আসনটো কৰিলে ৰাজহাড়ৰ স্নায়ু মণ্ডলী, মাংসপেশী, হাত-ভৰিৰ মাংসপেশী, স্নায়ুমণ্ডলীত দীঘলকৈ টান পৰে। ফলত স্নায়ুপেশীসমূহ সবল, সজীৱ হয়।

মাৰ্জাৰাসন -

প্ৰণালী:

ওপৰমুৱাকৈ শুই লৈ দুই হাত বুকুৰ ওপৰত ৰাখি কিলাকুটি দুটা মাটিত লগাই ৰাখিব। তাৰ পিছত দুই ভৰি কোচাই আনি তপিনাৰ ওচৰত অলপ ফাঁকত ৰাখিব। এতিয়া স্বাভাৱিক শ্বাস লোৱাৰ পিছতেই শ্বাস এৰি এৰি মূৰটো। সোঁফালে আৰু দুই ভৰিৰ আঁঠু বাওঁফালে হলাই দি মাটিত লগাই দিয়ক। আকৌ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহক। এইবাৰ আকৌ শ্বাস এৰি এৰি মূৰটো বাওঁফালে ঘূৰাই দি দুই ভৰিৰ আঁঠু সোঁফালে হলাই দিয়ক। এনেদৰে আসনটো ৫/৬ বাৰ অভ্যাস কৰক।

উপকাৰিতা:

ৰাজহাটৰ সক্ৰিয়তা বৃদ্ধি পায়। কঁকাল অংশৰ পেশীসমূহক সবল কৰাৰ লগতে কঁকালৰ বিষো উপশম হয়। পেটৰ চৰ্বিও কমে।

পৱনমুক্তাসন -

প্ৰণালী:

পোন হৈ ওপৰমূৱাকৈ শুই লওক। এতিয়া সোঁভৰিখন কোচাই আনি আঁঠুৰ অলপ তলত দুই হাতেৰে ধৰি শ্বাস এৰি দি উৰু তলপেটত লগাবলৈ চেষ্টা কৰক আৰু শ্বাস বন্ধ কৰি মূৰ দাঙি কপাল বা নাক আঁঠুত লগাবলৈ চেষ্টা কৰক। সোঁ ভৰিখনক জিৰণি দি বাওঁভৰিখন কোচাই ঠিক তেনেদৰে দুই হাতেৰে ধৰি শ্বাস এৰি এৰি উৰু তলপেটত লগাওক, তাৰ পিছত সেই অৱস্থাতে শ্বাস এৰি মূৰ দাঙি কপাল বা নাক আঁঠুত লগাবলৈ চেষ্টা কৰক। ইয়াৰ পিছত দুয়োখন ভৰি লগ লগাই কোচাই আনি তলপেটত দুই উৰু লগাই নিয়ম অনুযায়ী সোঁভৰি, বাওঁভৰি দুয়োখন একেলগে কোচাই আসনটো অভ্যাস কৰিলে ৰাউণ্ড আসনটো অভ্যাস কৰিব পাৰে।

নিষেধ:

কাৰোবাৰ ডিঙি, কান্ধৰ বিষ থাকিলে মূৰ নদঙাকৈ আসনটো অভ্যাস কৰিব।

উপকাৰিতা:

এই আসনটোৱে অজীৰ্ণ, অম্ল, পেটফুলা, পেটৰ গেছ আদি দূৰ কৰে। পেটৰ স্নায়ু, পেশীবিলাক সবল কৰে।

সেতুবন্ধাসন -

প্ৰণালী:

পোনভাৱে ওপৰমূৱাকৈ শুই লওক। শ্বাস-প্ৰশ্বাস স্বাভাৱিক কৰি ৰাখক। এতিয়া আসনৰ ক্ৰিয়াটো আৰম্ভ কৰক। প্ৰথমে দুয়োখন ভৰি তপিনাৰ ওপৰলৈ কোচাই আনক। ভৰিৰ পতা আৰু আঁঠুৰ মাজত অলপ ফাঁক থাকিব। হাতৰ তলুৱা গাৰ ওচৰত মাটিত লগাই ৰাখক।

তাৰ পিছত উশাহ লৈ লৈ কঁকালৰ পৰা বুকুৰ অংশ ওপৰলৈ উঠাই দিয়ক । কঁকালৰ বিষ থাকিলে প্ৰথমে দুই হাতেৰে কঁকালৰ তলত ধৰি ওপৰলৈ উঠিব। তাৰ পিছত শ্বাস এৰি এৰি কঁকাল, বুকু অংশ তললৈ নমাই আনক। তেনেদৰে ৪/৫ বাৰ আসনটো কৰিব পাৰে।

উপকাৰিতা:

কঁকালৰ বিষত এই আসনটো ভাল। ৰাজহাড় নমনীয় কৰে।

উত্তানপদাসন -

প্ৰণালী:

পোনভাৱে ওপৰমূৱাকৈ শুই লওক। দুই হাত শৰীৰৰ দুই কাষে ৰাখক। এতিয়া শ্বাস গ্ৰহণ কৰি কৰি সোঁ ভৰিখন ভাজ নলগাকৈ পোনভাৱে ওপৰলৈ দাঙি দিয়ক আৰু শ্বাস এৰি এৰি তললৈ নমাই দিয়ক। এখন এখনকৈ ভৰি উঠোৱাৰ পিছত দুয়োখন ভৰি পোনকৈ ওপৰলৈ উঠাই দিয়ক আৰু নমাই দিয়ক। তেনেদৰে ১ ৰাউণ্ডলৈ ৪/৫ ৰাউণ্ড কৰিব পাৰে।

নিষেধ:

কঁকালৰ বিষ থকা লোকে দুয়োখন ভৰি একেলগে ওপৰলৈ দাঙি নিদিব। সামান্য বিষ থাকিলে অলপ অলপকৈ দাঙিবলৈ চেষ্টা কৰিব পাৰে।

উপকাৰিতা:

এই আসনটোৱে ভৰিৰ স্নায়ু মণ্ডলীসমূহক সবল কৰে।

ভুজঙ্গাসন -

প্ৰণালী:

পেট পেলাই পোনভাৱে শুই লওক। দুই কান্ধৰ সমান্তৰালকৈ দুয়োখন হাতৰ তলুৱা মাটিত ৰাখক। হাতৰ কিলাকুটি শৰীৰৰ দুয়োকাষে ওপৰলৈ উঠি লাগি থাকিব, কপাল মাটিত লাগি থাকিব। ভৰিৰ আঙুলিও মাটিত লাগি থাকিব।

তাৰ পিছত উশাহ লৈ হাতৰ ওপৰত সামান্য ভৰ দি কান্ধ, বুকু, ডিঙি ওপৰলৈ উঠাওক, নাভিৰ ওপৰৰ অংশহে যেন ওপৰলৈ উঠে। তাৰ পিছত উশাহ এৰি এৰি আকৌ বুকু, পিঠি আৰু ডিঙি তললৈ নমাই আগৰ অৱস্থালৈ নিয়ক। এনেদৰে ৪/৫ বাৰ পৰ্যন্ত আসনটো অভ্যাস কৰিব পাৰে।

মন কৰিবলগীয়া যে অভ্যাসৰ পিছত হাতৰ ওপৰত ভৰ নিদিয়াকৈয়ে বুকু, পিঠি, কান্ধ উঠাই দিব পাৰিব।

উপকাৰিতা:

মেৰুদণ্ড নমনীয় কৰাৰ বাবে ই এটা সুন্দৰ আসন। এই আসনত মেৰুদণ্ড সন্মুখ ভাগৰ বক্ৰতা দূৰ হয়। মেৰুদণ্ডৰ সন্মুখভাগৰ পেশী আৰু স্নায়ুবোৰ সবল হয়। পিঠিৰ বিষ নিৰাময় কৰাত সহায় কৰে, পিঠিৰ স্নায়ুপেশী সুদৃঢ় কৰে।

লেখক: বসন্ত মজুমদাৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)