আপোনি বাৰু বগাস্ৰাবৰ সমস্যাত ভূগিছে নেকি? বগাস্ৰাব জনিত সমস্যাৰ বাবে আপোনাৰ স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটিছে নেকি? আপোনাৰ ছোৱালী জনীৰ এই সমস্যা বাবে মনৰ উদ্যম নাইকীয়া হৈ গৈছে নেকি? দীৰ্ঘ সময় ধৰি চিকিৎস্যা গ্ৰহণ কৰাৰ পাছতো এই সমস্যাৰ পৰা পৰিত্ৰান পোৱা নাই নেকি? যদি আপোনি এই সমস্যাত ভোক্তভোগী আপোনি আমাৰ এই লিখাটো প্ৰথমৰ পৰা শেষলৈকে এবাৰ পঢ়ক।

Leucorrhea বা বগাস্ৰাবৰ সমস্য -

leucorrhea বা বগাস্ৰাবৰ সমস্যা বিশ্ব ব্যাপি মহিলা সকলৰ মাজত হুৱা এক গুৰুত্ব পুৰ্ণ সমস্যা ৰুপে পৰিগনিত হৈছে। এগৰাকী মহীলা প্ৰথম ঋতু হোৱাৰ পৰা ঋতুস্ৰাব বন্ধ হোৱা লৈকে এই দীঘলীয়া সময় ছোৱাত এবাৰ হলেও এই বগাস্ৰাব জনিত সমস্যাত ভোগা দেখিবল পোৱা যায়। স্বাভাৱিক অৱস্থাত মহিলা এগৰাকী যৌনাংগ সিক্ত কৰি ৰাখিবলৈ জৰায়ু মূখ যৌনাংগৰ বিভিন্ন গ্ৰন্থিৰ পৰা পাতল বীজলোৱা পদাৰ্থ নিসৰন হয়। এই পাতল বৰনীয়া বগাস্ৰাবে যৌনাংগক সুৰক্ষা প্ৰদান কৰাৰ লগতে ভিতৰৰ পৰা বিশাক্ত জীবানু আৰু মৃত কোষ বোৰ আতৰাই পেলাই। ঋতু স্ৰাবৰ আগত আৰু কেতিয়াবা ঋতুস্ৰাবৰ পিছত গৰ্ভাৱস্থা সময়ত আৰু যৌন ওত্তেজনা সময়ত এই স্ৰাব বেছিকৈ হয়। সৰ্বসাধাৰণতে হোৱা এই বগাস্ৰাব নোগোন্ধাই আৰু ই পৰীস্কাৰ হয়। যেতিয়া বোক্টেৰিয়াৰ ইনফেকচন বা বিভিন্ন ধৰনৰ সংক্ৰমনৰ কাৰণে দূৰগন্ধ যুক্ত হব আৰু স্ৰাব হালধীয়া, মটিয়া, সেউজীয়া বা ৰঙচুৱা ৰঙৰ হব তেতিয়া ততকালিন ভাৱে চিকিৎসকৰ পৰামৰ্স লব লাগে। এই উপসৰ্গ যদি সময় মতে চিকিৎসা কৰা নহয় গুৰুতৰ ৰোগৰ কাৰণ হব পাৰে আৰু মহিলাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰো সম্ভাৱনা থাকে।

বগাস্ৰাৱৰ কাৰণ -

ইয়াৰ কাৰণ হল বেক্টেৰিয়াৰ সংক্ৰমণ যেনে- বেক্টেৰিয়েল ভেজিনচিছ, টাইকমনিয়েচিছ, কেনডিদাইচিছ আদিয়েই প্ৰধান। একাধিক যৌন সংগী থকা মহিলাৰ এই বেক্টেৰিয়া ভেজিনাইচিছ সংক্ৰমন ঘটাৰ সম্ভাৱনা থাকে। এই বেক্টেৰিয়া সংক্ৰমন ঘটিলে মহিলা এগৰাকীৰ প্ৰস্ৰাব অত্যাধিক হব বা দূৰ্গন্ধ যুক্ত হব, স্ৰাৱৰ ৰং মতীয়া বা বগা হয় আৰু স্ৰাৱ পনীয়া হয়। ইয়াৰ প্ৰধান বৈশিষ্ট হল স্ৰাৱ কেঁচামাছৰ দৰে গোন্ধ হব। অসুৰক্ষীত যৌন সম্পৰ্কৰ দ্বাৰা পটযোৱাৰ পৰা ট্ৰাইকমনয়েচিছ হয়। ইয়াত লিউকৰীয়াত পীড়িত মহিলা গৰাকীৰ দূৰ্গন্ধযুক্ত ঘোলা প্ৰস্ৰাৱ হয়। প্ৰস্ৰাৱ ঘনাই ঘনাই হয় আৰু সৰহ পৰিমানে হয়। প্ৰস্ৰাৱ কঠিন হোৱা, যৌনাংগত খজুৱতী হোৱা, গুপ্তাংগ ফুলি উঠাৰ দৰে লক্ষণে দেখাদিব পাৰে। কেন্দীদাইচিছ বা ইয়েচ ইনফেচন বাবে বগা দৈ গাখীৰ বা মাখনৰ দৰে বা দীঘল খুতাৰ দৰে প্ৰচুৰ পৰিমানে স্ৰাৱ হয়। যৌনাংগৰ ভিতৰত অত্যাধিক অসহ্যকৰ খজুৱতী হয়, যৌনাংগ ৰঙাপৰে, উখহি উঠে আৰু বিষ হব পাৰে। মধুমেহত আক্ৰান্ত মহিলা, গৰ্ভাৱতী মহিলা, মানসিক চাপত ভোগা মহিলা বা অত্যাধিক এন্টিবায়টিক ব্যৱহাৰ কৰা মহিলা এই সংক্ৰমনৰ সহজে চীকাৰ হোৱা দেখিবলৈ পোৱা যায়। দীৰ্ঘ সময় ধৰি গুৰুতৰ সমস্যাত ভূগি থকা মহিলা, মানসিক অশান্তিত ভূগি থকা মহিলা আৰু এলেহুৱা জীৱন শৈলী বাবেও এই বগাস্ৰাৱৰ সমস্যাত ভূগিব পৰে। যৌনাংগ চাৰভিক্স বা অভাৰীত হোৱা আঘাটৰ বাবেও এই বগা স্ৰাৱৰ সমস্যাত ভূগিব পাৰে। যৌনাংগ বা অন্তাঃবাস সদাই অপৰিস্কাৰ থাকিলে, যৌনাংগত স্পে, জেল বা লুব্ৰিকেন বেছিকৈ ব্যৱহাৰ কৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। খাদ্যত পৰিপুষ্টিৰ অভব হলে, সময়মতে খোৱালোৱা নকৰিলে বা বহুসময় ধৰি খালী পেটে থাকিলে, পণষ্টৰী বা প্ৰণ মোভি বেছিকৈ চালে এনে সমস্যাৰ সৃষ্টি হব পাৰে।

লক্ষণ -

এই বগা স্ৰাৱৰ সমস্যাত ভূগিলে মহিলা গৰাকীৰ কি কি লক্ষণ প্ৰকাশ পাব পাৰে? এই বা স্ৰাৱ হলে দেখা দিয়া অনুসাংগ্ৰিক লক্ষণ সমূহ হল-

*তল পেটত অত্যন্ত বিষ হোৱা।

*যৌন সংগমৰ সময়ত বিষ অনুভৱ কৰা লগতে কঁকালত বহু কষ্টকৰ বিষ হোৱা। কেতিয়াবা ইমান বেছি বিষ হয় যে কোনো ধৰণৰ ঔষধৰ দ্বাৰাই এই বিষৰ উপষম পাবলৈ সক্ষম নহয়।

*চক্ৰৰ আহে বহু বেছি দূৰ্বল হয়, এনেকুৱা হয় যেন দূৰ্বলতাৰ কাৰণে পৰি যাব।

*চকুৰ তলত দাৰ্ক চাৰ্কল বা কলা দাগ পৰে আৰু এনে অৱস্থাত বিভিন্ন ধৰণৰ ঔষধ খোৱাৰ পাছতো এই বগাস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ সক্ষম নহয়। সাধাৰণতে কিছুমান ঔষধে এই ৰোগত কামেই নকৰে আৰু এনে কিছুমান মহিলা আছে যি নেকি ডাক্তৰৰ পৰামৰ্শ মানি নচলে আৰু জীৱনশৈলী পৰিৱৰ্তন কৰিব নিবিছাৰে অৰু খোৱালোৱা বাছি খাব নিবিছাৰে। তাৰ কাৰণে এই ৰোগত বছৰ বছৰ ধৰি ভূগি থকা দেখিবলৈ পোৱা যায়।

*এই লিউকৰিয়াত পেটৰ বিষ থাকে যেনে মাহেকীয়া আৰম্ভ হোৱাৰ আগত বা পাছত বহুত বেছি বিষ হয়। মনত সদায় বিষন্ন ভাব থাকে, শৰীৰ দূৰ্বল থাকে, কামত ভালদে মন দিব নোৱাৰে, মনত সদায় নিগেটিভ চিন্তা ধাৰাই ক্ৰীয়া কৰি থাকে আৰু মনৰ উদ্যম হেৰুৱাই পেলাই।

*স্কুলীয়া ছাত্ৰী পঢ়াশোনাত মনযোগ দিব নোৱাৰে। লগৰীয়াৰ সতে মিলা মিছাত বিৰক্তি প্ৰকাশ কৰে। অকলে থাকিব বিছাৰে। এনে ধৰণৰ কিছুমান মানসিক পৰিৱৰ্তনো এই ৰোগ হলে আহিব পাৰে।

*এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰান পাবঃ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভোক্ত ভোগী মহিলা গৰাকীয়েও কিছুমান নিয়ম নীতি মানি চলাটো প্ৰয়োজন হয়।

*স্বাস্থ্য ভালে বাখিবৰ বাবে সময়মতে খোৱালোৱা কৰিব লাগে। প্ৰচুৰ পৰিমানে পানী, ফলৰ ৰস, সুষম আহাৰ খাব লাগে। এই বোৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে অপৰৰি হাৰ্য্য হয়। স্বাস্থ্য ভালে থাকিলে বগাস্ৰাৱত ভোগা সম্ভাৱনা কম হয়।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মনৰ পৰা দূঃচিন্তা আতৰাই ৰখাটো অতি জৰুৰী।
১)যৌনাংগ শুকান বা পৰিস্কাৰ কৰি ৰাখিব লাগে।

২)নিকাৰক কোনো সামগ্ৰী যোনাংগ পৰিস্কাৰ কৰাত ব্যৱহাৰ কৰিব নালাগে।

৩)অপৰিস্কাৰ কাপোৰ কানি ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব নালাগে।

৪)ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা পেড ২\৩ ঘন্টাৰ মূৰে মূৰে সলাব লাগে যাতে তাত বেক্টেৰিয়াৰ সংক্ৰমন ঘটিব নোৱাৰে।

৫)চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ এন্টিবায়টিকচ বা স্টেৰইড অদি ঔষধ ব্যৱহাৰ কৰিব নালাগে।

৬)যৌন সংক্ৰমনৰ পৰা বাছি থাকিবৰ বাবে যৌন সস্পৰ্শৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে যাতে বেক্টেৰিয়াৰ সংক্ৰমন বা বিভিন্ন ধৰণৰ বেমাৰৰ সংক্ৰমন ঘটিব নোৱাৰে তাৰ বাবে নিযেই সাৱধান হোৱা উচিত।

৭)পৰা পক্ষত কোমল কপাহী কাপোৰৰ অন্তাঃবাস ব্যৱহাৰ কৰিব লাগে। এনে ধৰণৰ কিছুমান নিয়ম পালন কৰিলে এই বগাস্ৰাৱৰ সমস্যাৰ পৰা বাছি থাকিব পৰা হয়।

৮)বহু চিকিৎসা কৰাৰ পাছতো যদি আপোনি এই সমস্যাৰ পৰা উপশম পাবলৈ সক্ষম হোৱা নাই তেনেহলে হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক, মই এতিয়ালৈকে এই সমস্যাত ভূগা শ শ মহিলাক চিকিৎসা কৰি আৰোগ্য কৰিবলৈ সক্ষম হৈছো। আপোনালোককো পৰামৰ্শ আগবঢ়াম- এবাৰ মাত্ৰ এই চিকিৎসা গ্ৰহণ কৰক আৰু আজীৱন সুস্থহৈ জীৱন যাপন কৰক। আপোনালোকক স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন কৰি সু-স্বাস্থ্যৰ অধিকাৰী কৰাটোৱেই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102