বিভিন্ন কাৰণত মহিলাৰ জৰায়ূ বাহিৰলৈ ওলাই ওলমি অহা ৰোগক জৰায়ূ বিচ্যুতি (Uterine Prolapsed) বোলা হয় । এই ৰোগৰ বিষয়ে পোন প্ৰথম প্ৰখ্যাত আয়ুৰ্বেদিক চিকিৎসক চৰকে " চৰক সংহিতা" নামৰ গ্ৰন্থত যোনি ব্যাপদ ৰোগ অধ্যায়ত " দু:স্থিত যোনি " ৰোগ বুলি উল্লেখ কৰাৰ উপৰিও চিকিৎসা বিধান দিছে। ( যোনি ব্যাপদ ৰোগ অধ্যায় , শ্লোক- ৪৩)। উল্লেখযোগ্য যে মহিলা সকলৰ যিমান অস্ত্ৰোপচাৰ কৰা হয় তাৰ প্ৰায় ২৫% কেৱল জৰায়ু বিচ্যুতিৰ অস্ত্ৰোপচাৰ । কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা বিনা অস্ত্ৰোপচাৰে এই ৰোগ ভাল কৰিব পাৰি। সেয়েহে মহিলা সকলে এই ৰোগ হলে লুকুৱাই নাৰাখি আৰম্ভণিতে চিকিৎসা কৰিলে আৰু প্ৰসবোত্তৰ কালত কিছুমান নীতি-নিয়ম পালন কৰিলে জৰায়ু বিচ্যুতি ৰোগৰ অস্ত্ৰোপচাৰ সৰ্বাধিক ৩-৪%ৰ ভিতৰতে সীমাবদ্ধ থাকিব ।

ৰোগৰ কাৰণ -

(১) জৰায়ুক সঠিক স্থানত শ্ৰোণী গহ্বৰত থকা মাংসপেশী আৰু কোষ্ঠধৰা কলাই ধৰি ৰাখিব নোৱাৰা।
(২) পুৰণি কাহ , কোষ্ঠকাঠিনতা ইত্যাদি কাৰণত তলপেটত তথা জৰায়ুত বহুত দিন ধৰি আভ্যন্তৰীণ চাপ পৰা।
(৩) সঘনাই কেবাটাও সন্তান জন্ম দিয়া।
(৪) স্ত্ৰীহৰমন তাৰতম্যতা ।
(৫) জৰায়ু ধৰি ৰখা ব্ৰডলিগামেন্ট শিথিল হোৱাটো এটা মুখ্য কাৰণ।
(৬) অনভিজ্ঞ ব্যক্তিৰ দ্বাৰা সন্তান প্ৰসৱ কৰোৱা , প্ৰসৱৰ সময়ত জৰায়ূৰ তলৰ অংশ ফটা বা ক্ষত হোৱা ইত্যাদি কাৰণ ।
(৭) কঠোৰ শাৰীৰিক পৰিশ্ৰম , সদায় ওজনদঙা কাম কৰা , ভাৰোত্তোলন কৰা মহিলাৰ জৰায়ুত বেছিকৈ ঢাপ পৰাৰ বাবে জৰায়ু বিচ্যুতি হয় ।
ওপৰোক্ত কাৰণত মহিলাৰ জৰায়ু বাহিৰলৈ ওলাই অহা ৰোগক জৰায়ু বিচ্যুতি বোলা হয । উল্লেখ যোগ্য যে বেছিভাগ মহিলাই আৰম্ভণি অৱস্থাত এই ৰোগটো লুকুৱাই ৰাখিব বিছৰাৰ ফলতেই বিচ্যুতি দিনক দিনে বেছি হয় । মই পোৱা ৰোগীৰ অধিক সংখ্যক ১৫-২০ বছৰ পুৰণি ৰোগী । ৰোগৰ গভীৰতা অনুসৰি ইয়াক চাৰিটা পৰ্যায়ত ভাগ কৰা হৈছে:-

(১) প্ৰথম ডিগ্ৰী

(২) দ্বিতীয় ডিগ্ৰী

(৩) তৃতীয় ডিগ্ৰী আৰু

(৪) চতুৰ্থ ডিগ্ৰী
আচাৰ্য্য চৰকে ত্ৰিদোশ বিকাৰৰ বাবে এই ৰোগ হয় বুলি উল্লেখ কৰিছে।

(১)বাতদোষৰ কাৰণে জৰায়ু ধৰি ৰখা লিগামেন্ট , কোষ্ঠধৰা কলা শিথিল হয় , শুকায় ,দূৰ্বল হয় , পেট বিষায় , আৰু দীঘলীয়া আকাৰ ধাৰণ কৰে , বিচ্যুতি জৰায়ুৰ পৰা কোনো ধৰণৰ ৰস নিৰ্গত নহয় ।

(২)কফদোষৰ গুৰুত্ব গুণৰ বাবে জৰায়ু তললৈ নামি বাহিৰ ওলাই আহে । (Rectocele , Cystocele and Enterocele ) ।
(৩) পিত্তদোষৰ কাৰণে ডেকুবিটাচ আলচাৰ হয় , জ্বলনি-পোৰণি , গৰম অনুভৱ , ৰঙচুৱা ৰস নি:সৰণ হয় ।

সাধাৰণ লক্ষণ -

প্ৰথম ডিগ্ৰী জৰায়ূ বিচ্যুতি হলে জৰায়ূ সম্পূৰ্ণ বাহিৰ ওলাই নাহে যদিও মহিলা গৰাকীয়ে জৰায়ু নামি অহা অনুভৱ কৰে । পেচাব-পাইখানা কৰাৰ সময়ত সামান্য ওলাই যদিও পিছত নিজে ভিতৰলৈ সোমাই যায় । দ্বিতীয় আৰু তৃতীয় ডিগ্ৰী ৰোগীৰ জৰায়ূ দিনত তললৈ নামি ওলাই আহে । শোৱাৰ লগে লগে ভিতৰলৈ সোমাই যায়। এই পৰ্যায়ত কিছুমান জৰায়ুৰ ছালখনৰ পৰা ৰস নিৰ্গত হৈ থাকে ।চতুৰ্থ ডিগ্ৰী জৰায়ু বিচ্যুতি হলে জৰায়ুৰ আকাৰ যথেষ্ট বৃদ্ধি হোৱা বাবে অহৰহ বাহিৰত ওলাই থাকে। অন্যহাতে কাপোৰত লাগি ঘহনি খোৱাৰ বাবে বীজাণু সংক্ৰমণিত হয় , দূৰ্গন্ধ ওলায়, ডেকুবিটাচ আলচাৰ হয় , ৰঙচুৱা ৰস ওলাই আৰু বেদনা দায়ক পৰিস্থিতিৰ সন্মুখীন হব লগীয়া হয় ।
ভালদৰ খোজ কাঢ়িব নোৱাৰে। এই পৰ্যায়ক ভল্ট প্ৰলাপৃচ বোলা হয় । ডেকুবিটাচ আলচাৰৰ পৰা কৰ্কট হোৱাৰ সম্ভাৱনা নোহোৱা নহয় ।
আহাৰ-বিহাৰ (Diet and Regimen):-
ৰোগীয়ে গধুৰ বস্তু নাদাঙিব ,ৰাতিপুৱাই কুহুমীয়া গৰম পানী খালে পুৰণি কাহ উপশম হোৱাৰ উপৰিও কোষ্ঠকাঠিনতা আতৰ হয় । আহজাতীয় পাচলি খাব । পূৰণি কাহ হৈ থাকিলে উপযুক্ত চিকিৎসা লব । পুষ্টিকৰ খাদ্য খাব , ভেবেলীলতা জোল এই ৰোগৰ বাবে বৰ উপকাৰী।

চিকিৎসা -

জৰায়ু বিচ্যুতি ৰোগ আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা তৃতীয় ডিগ্ৰী পৰ্যন্ত বিনা অস্ত্ৰোপচাৰে ভাল হয় । আচাৰ্য্য চৰকৰ মতে পঞ্চকৰ্ম , বিশেষকৈ স্নেহন আৰু স্বেদন প্ৰয়োগ কৰিলে সুফল পোৱা যায়।
(১) ASHOKARISTA আৰু ASWAGANDHARISTA - দুয়োবিধৰ প্ৰত্যেকৰে তিনি চামুছকৈ ছয় চামুচ (৩০ মিলি লিটাৰ) আধাকাপ পানীৰ লগত মিহলাই দিনত তিনিবাৰ খাব । এই ঔষধে জৰায়ু ধৰি ৰখা কোষ্ঠধৰা কলা , ব্ৰডলিগামেন্টৰ শিথিলতা দূৰকৰি স্থিতি স্থাপকতা বৃদ্ধি কৰে । তাৰোপৰি জৰায়ু আৰু শ্ৰোণী গহ্বৰৰ মাংসপেশী অধিক শক্তিশালী হয় । ফলস্বৰূপে জৰায়ু ভিতৰলৈ সোমাই যায় আৰু পূৰ্বৰ স্থানত অধিক দৃঢ়তাৰে প্ৰতিস্থিত হয় ।
(2) SARIBADYARISTA -চাৰি চামুচকৈ দিনে তিনিবাৰ আৰু GURUCHYADI LAUHA- দুটাকৈ দিনে তিনিবাৰ খালে ডেকুবিটাচ আলচাৰ ভাল হয় ।
(৩) KANCHANAR GUGULU - দুটাকৈ তিনিবাৰ খালে বাহিৰ ওলাই থকা জৰায়ুৰ আকাৰ কমাৰ উপৰিও কেঞ্চাৰ হোৱাটো ৰোধ কৰে।
(৪) পুৰণি কাহ উপশমৰ কাৰণে KASKUTHAR RAS - দুটাকৈ তিনিবাৰ খাব ।
(৫) পুৰণি কোষ্ঠকাঠিনতা আতৰাবলৈ ৰাতি এচামুচ ত্ৰিফলা চূৰ্ণ খাব । উল্লেখ যোগ্য যে ত্ৰিফলাই কেঞ্চাৰ ৰোগ ভাল কৰিব পাৰে।
ওপৰোক্ত ধৰণৰ ঔষধ খালে দুই - তিনি মাহত তৃতীয় ডিগ্ৰী পৰ্যন্ত জৰায়ূ বিচ্যুতি প্ৰায় ৭০-৮০ % বিনা অস্ত্ৰোপচাৰে ভাল হয় । ইতিমধ্যে এই ঔষধৰ পাছবিধ ঔষধি গছৰে মই এটা ফৰ্মূলা বনাই সুফল পাইছো ।কলিতে মষিমূৰ কৰিব পাৰি জৰায়ু বিচ্যুতি সন্তান জন্মৰ পিছত এগৰাকী মহিলাই ১ নম্বৰত উল্লেখ কৰা ঔষধ ২/৩ মাহ খালে জৰায়ু বিচ্যুতি হোৱাৰ সম্ভাৱনা নাথাকে। কাৰণ ওপৰোক্ত ঔষধে গৰ্ভৱতী অৱস্থাত বৃদ্ধি হোৱা জৰায়ুৰ আকাৰ সংঙ্কুচিত কৰি পূৰ্বৰ আকাৰলৈ নিয়ে। তাৰোপৰি ব্ৰডলিগামেন্ট , কোষ্ঠধৰা কলা আৰু শ্ৰোণী গহ্বৰৰ মাংসপেশী অধিক পৰিমাণে শক্তিশালী কৰি সুদৃঢ়তাৰে জৰায়ু ধৰি ৰাখিব পাৰে। সেয়েহে ভৱিষ্যতে জৰায়ু বিচ্যুতি হোৱাৰ সম্ভাৱনা নাথাকে। ইয়াপৰি প্ৰসবোত্তৰ উপসৰ্গই দেখা নিদিয়ে। সন্তান জন্মৰ পিছত মহিলা গৰাকীক ভেবেলীলতাৰ জোল খুৱাব। ভেবেলীলতাৰ আয়ুৰ্বেদিক নাম গন্ধপ্ৰসাৰণী আৰু ই স্নায়ু , লিগামেন্ট তথা মাংসপেশী শক্তিশালী কৰাৰ এক উৎকৃষ্ট ঔষধ। সেয়েহে প্ৰসবোত্তৰ কালত ভেবেলীলতাৰ জোল খালে জৰায়ু সঙ্কুচিত কৰাৰ উপৰিও সঠিক স্থানত সংস্থাপিত কৰে

কিছুমান আনুসংগিক বিষয় -

(১) মোৰ অভিজ্ঞতাৰ পৰা ফৰ্ঢেপ ডেলিভাৰী হোৱা মহিলা সৰ্বাধিক আক্ৰান্ত হয়। কাৰণ ফৰ্চেপ ডেলিভাৰী কৰোতে জৰায়ুৱে যথেষ্ঠ কষ্ট পায়।
(২) নৰ্মেল ডেলিভাৰী হোৱাৰ দৰেই ছিজাৰিয়ান ডেলিভাৰী হোৱ মহিলাৰো জৰায়ু বিচ্যুতি হয়। কাৰণ গৰ্ভৱতী অৱস্থাত গৰ্ভস্থ সন্তান বাঢ়ি অহাৰ লগেই জৰায়ুৰ আকাৰো বাঢ়িব ধৰে । তাৰোপৰি ব্ৰডলিগামেন্ট আৰু কোষ্ঠধৰা কলা অধিক শিথিল হয় । সেয়েহে নৰ্মেল ডেলিভাৰীৰ দৰে ছিজাৰিয়াণ ডেলিভাৰী মহিলা সকলৰো জৰায়ু বিচ্যুতি হয় ।

(৩) যি সকল মহিলাৰ সন্তান নায় অথচ বহুত বাৰ গৰ্ভৱতী হৈছে , তেনে মহিলাৰো জৰায়ু বিচ্যুতি হয় ।
সেয়েহে এই সকল মহিলাই ১ নম্বৰত উল্লেখ কৰা ঔষধ খাব
(৪) যিসকল মহিলাৰ সন্তান জন্ম হোৱা কেবা মাহ অথবা কেবা বছৰ হৈছে , সেই সকল মহিলায়ো ১ নম্বৰত উল্লেখ কৰা ঔষধ খোৱাটো ভাল।

লেখক :- ড:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনচ