জৰায়ুৰ নিম্ন অংশত হোৱা বা চাৰ্ভাইকেল কেন্সাৰ (cervical cancer)আৰু স্তন কেন্সাৰ খুউব সঘনাই উচ্চাৰিত হোৱা বিষয়। এই দুইবিধ কেন্সাৰ ভাৰতবৰ্ষত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে মহিলাৰ কেন্সাৰৰ ক্ষেত্ৰত। পশ্চিমীয়া দেশত স্তন কেন্সাৰ সবাতোকৈ বেছি । যেনে প্ৰতি ৮ গৰাকী মহিলাৰ বিপৰীতে এগৰাকী স্তন কেন্সাৰত আক্ৰান্ত হয়। ভাৰতত প্ৰথম অৱস্থাত জৰায়ুৰ নিম্নাংশৰ কেন্সাৰ ১ ম স্থানত আছিল আৰু লাহে লাহে স্তন কেন্সাৰে এই স্থান অধিকাৰ কৰিলে। দিল্লী, মুম্বাই, চেন্নাই আদি চহৰত আনকি ২০১০ চনৰ পৰা প্ৰকাশ পোৱা সমীক্ষাত ডিব্ৰুগড়ৰ দৰে জিলাতো স্তন কেন্সাৰ ৰোগীৰ সংখ্যা যথেষ্ট বুলি জানিব পৰা গ’ল। ২০১৪ চনৰ সমীক্ষাত উত্তৰ-উৰ্বাঞ্চলত সৰ্বাধিক কেন্সাৰৰ তথ্য ধৰা পৰিছে।

কিয় জানিব লাগে এই কেন্সাৰৰ বিষয়ে?

আপোনালোকৰ মনলৈ আহিব পাৰে যে মোৰ বা মোৰ ঘৰত দেখোন কাৰো একো হোৱা নাই, কিনো দৰকাৰ এইবোৰ কথা জানিবলৈ? যিটো হাৰত এই বেমাৰ বৃদ্ধি পাবলৈ ধৰিছে, প্ৰকৃততে কেতিয়া আক্ৰান্ত হয় কোনেও নাজানে।

কেন্সাৰ কি?

আমাৰ শীৰ বিভিন্ন কলাকোষেৰে গঠিত আৰু নিৰ্দিষ্ট নিয়মৰ মাজেৰে জৈৱিক প্ৰক্ৰিয়াবোৰ (biological processes) চলি থাকে। কোনো কাৰণত যদি জিনৰ কেইবাটাও বিচ্যুতি হয়, তেতিয়া কোষটোৰ অস্বাভাৱিকভাৱে বাঢ়িবলৈ আৰু বিভাজন হ’বলৈ আৰম্ভ কৰে আৰু টেমুনাৰ (tumour) সৃষ্টি কৰে। কোষবোৰে অতিমাত্ৰা শক্তি আহৰণ কৰে আৰু শৰীৰৰ নিয়মমতে সৃষ্টি আৰু ধ্বংস প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। তাৰোপৰি ক্ৰমশ: কোষবোৰ দুৰলৈ বিয়পি যায় (metastasis) আৰু দেহৰ অন্যান্য অংগৰ ক্ষতিসাধন কৰে। এনে অৱস্থা পালে কেন্সাৰৰ চিকিৎসাই বাধা দিব নোৱাৰা হয় আৰু সুফল নেপায়।

কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি?

কেন্সাৰ লক্ষণসমুহে শৰীৰত দেখা দিয়াৰ আগতেই কিছুমান পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা অস্বাভাৱিক কোষৰ অৱস্থিতি স্থাৱৰ বা সন্দেহ কৰিব পাৰি। তেতিয়া তাৰ উপযুক্ত চিকিৎসাৰ দ্বাৰা সম্পুৰ্ণ আৰোগ্য কৰা সম্ভৱ হৈ পৰে। গৱেষণাৰ দ্বাৰা প্ৰমাণ হ’ল যে এই দুইবিধ কেন্সাৰ, স্তন আৰু চাৰ্ভাইকেল- স্ক্ৰীনিং পৰীক্ষাৰ (screening tests) দ্বাৰা ধৰা পেলাই চিকিৎসাৰ দ্বাৰা আৰোগ্য সম্ভৱ হৈছে আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায় কৰিছে।

স্তন কেন্সাৰত মেম’গ্ৰাফি (mammography) নামৰ ৰেডিঅ’লজিকেল পৰীক্ষাৰ পিছত বায়’পচি পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। এই পৰীক্ষাৰ জৰিয়তে অতি প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰাৰ ফলত চিকিৎসা সহজ হৈ পৰে। সজাগ হৈ থাকি, চিকিৎসা বিগানৰ পৰীক্ষাৰ সহায় লৈ প্ৰাৰম্ভিক অৱস্থাতে (early stage) বেমাৰটো ধৰা পেলাই সম্পুৰ্ণ আৰোগ্য কৰাটো সম্ভৱ হয়।

উদাহৰণস্বৰুপে মোৰ সহকৰ্মীৰ মাতৃৰ কেন্সাৰ ধৰা পৰিছিল শুন্য স্তৰত (stage 0) ফলত তেওঁ সম্পুৰ্ণ সুস্থ হৈছিল। চিকিৎসাৰ সুবিধা আৰু ৰোগৰ গুৰুত্ব বুজাবলৈ স্তৰ বা ষ্টেজ হিচাপত শ্ৰেণীবিভক্ত কৰা হয়। যেনে স্তৰ ০,১,২,৩,৪ আৰু উপ-বিভাজন আছে। উল্লিখিত মহিলাগৰাকীৰ পিছত মৃত্যু হ’ল বৃক্কৰ বেমাৰত, স্তন কেন্সাৰত নহয়।

মেম’গ্ৰাফি স্ক্ৰীনিং কৰিবলৈ যি আমেৰিকান কেন্সাৰ চছাইটিৰ নিৰ্দেশনাৱলী আছে, সেয়া প্ৰস্তুত হৈছে তেওঁলোকৰ দেশৰ মহিলাৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি। কিন্তু তাত কেন্সাৰ আক্ৰান্ত হোৱা গড় বয়স ৬০ বছৰ উৰ্দ্ধত, গতিকে ৪০ বছৰৰ পৰা সম্ভৱ হ’লে আৰম্ভ কৰিবলৈ বুলি নিৰ্দেশ দিছে আৰু ৪৫ বছৰৰ পৰা ৫৫ বছৰলৈ বছৰত এবাৰকৈ মেম’গ্ৰাফি কৰাৰ বাবে পৰামৰ্শ দিছে। আমাৰ ভাৰত তথা উত্তৰ-পুবত ৩৫-৪৫ বছৰৰ ভিতৰত সৰ্বাধিক এই ৰোগত আক্ৰান্ত হয়। গতিকে আমাৰ দেশত মেম’গ্ৰাফিৰ বয়স ৩০ বছৰৰ পৰাই আৰম্ভ কৰিব পাৰি আৰু যিসকলৰ পৰিয়ালত স্তন বা ডিম্বকোষৰ কেন্সাৰ হৈছে, তেখেতসকলে তাতোকৈ কম বয়সতে সজাগ হোৱাটো প্ৰয়োজন।

স্তন কেন্সাৰৰ লক্ষণসমুহৰ ভিতৰত হ’ল এটা সৰু খহটা টান, তললৈ শিপা গজি থকাৰ দৰে টেমুনা জাতীয় মাংসপিণ্ডৰ আৱিষ্কাৰ। ই স্তনৰ কোমল কোষকলাৰ মাজত বা কেতিয়াবা কাষলতিৰ তলৰ ফাললৈ হ’ব পাৰে। কেতিয়াবা স্তনৰ সমুখভাগৰ পৰা তেজ বা জুলীয়া পদাৰ্থৰ নি:সৰণ হয় (nipple discharge)। স্তনৰ আকৃতি বেলেগ হয় আৰু বহুত বেছি উগ্ৰ পৰিস্থিতিত ঘা হয়। বেছিভাগে বিষ অনুভৱ নকৰে- কিন্তু কিবা অস্বাভাৱিক অনুভুতি হ’ব পাৰে। কাপোৰ সলাওঁতে, গা ধোওঁতে, চাবোন লগাওঁতে টেমুনাটো ভালেমান সময়ত আৱিষ্কাৰ কৰে।

স্তন বা জৰায়ুৰ কেন্সাৰ কিয় হয় এইবিষয়ে কিছুমান সম্ভাৱনীয়তাৰ কাৰক (possible factors) পৰিসংখ্যাগত আৰ্হিৰ দ্বাৰা বিচাৰি উলিয়াইছে। যেনে পুষ্পিতা নোহোৱা, সন্তান জন্ম নহ’লে বা দেৰিকৈ জন্ম হ’লে, স্তন পান নকৰালে ইত্যাদি। পৰিয়ালত কোনো নিকটাত্মীয় লোকৰ কেন্সাৰ হ’লে বা বংশগত কাৰণত ৫-১০ শতাংশ মহিলাৰ হ’ব কেন্সাৰ পাৰে।

চাৰভাইকেল কেন্সাৰ -

চাৰভাইকেল কেন্সাৰৰ বাছনি পৰীক্ষা (cervical cancer screening tests) সমুহক কোৱা হয় পেপস্মিয়েৰ (pap smear)। এই পৰীক্ষাৰ যোগেদি কেন্সাৰ কোষক প্ৰাথমিক অৱস্থাত চিনাক্ত কৰিব পাৰি। এই কেন্সাৰৰ বিশেষত্ব হ’ল যে সম্পুৰ্ণ কেন্সাৰৰ ৰুপ লোৱাৰ বহু বছৰৰ আগতেই কোষসমুহত অস্বাভাৱিকতা দেখা পোৱা যায়। আমেৰিকাৰ দৰে দেশত যোৱা ৩০ বছৰত চাৰ্ভাইকেল কেন্সাৰত হোৱা মৃত্যুৰ সংখ্যা আগতকৈ ৫০ শতাংশ কমিছে। তেনে দেশত একৈশ বছৰৰ পৰা ৬৫ বছৰলৈকে প্ৰতি ৩ বছৰৰ মুৰে মুৰে পৰীক্ষা কৰোৱাৰ আছে। আকৌ ৩০ বছৰৰ পৰা ৬৫ বছৰলৈ ৫ বছৰৰ ব্যৱধানত কৰিলেও হ’ব যদিহে হিউমেন পেপিলমা ভাইৰাছৰ পৰীক্ষা এই পৰীক্ষাৰ স’তে সংযুক্ত কৰা হয়। আকৌ ২১ বছৰৰ তলত আৰু ৬৫ বছৰৰ উৰ্দ্ধৰ যিসকল মহিলাৰ কোনো কাৰণত জৰায়ু সম্পুৰ্ণৰুপে উঠাই দিছে, সেই ক্ষেত্ৰত এই পৰীক্ষাসমুহ কৰোৱাৰ প্ৰয়োজন নাই বুলি কোৱা হৈছে। কিন্তু যি মহিলা এইচ আই ভি ৰোগত আক্ৰান্ত হৈছে আৰু অংগ সংস্থাপন হৈছে, কাৰোবাৰ ইতিমধ্যে স্ক্ৰীনিং পৰীক্ষাত কিবা ধৰা পৰিছে, তেন্তে তেওঁলোকৰ নিৰ্দেশনাবোৰ একে নহয়।

চাৰ্ভাইকেল কেন্সাৰ কিয় হয়?

এই কেন্সাৰৰ সম্ভাৱনীয়তা কিছুমান পৰিস্থিতিত বেছিকৈ দেখা যায়। তেনে পৰিস্থিতি বা কাৰকবোৰ বেছিভাগ ক্ষেত্ৰতে এৰাই চলিব নোৱাৰাৰ ফলস্বৰুপে মহিলাসকলে নিয়মিত পৰীক্ষা কৰাই থকাটোৱেই সকলোতকৈ গুৰুত্বপুৰ্ণ। প্ৰথম আৰু প্ৰধান কাৰক হৈছে হিউমেন পেপিলমা নামৰ ভাইৰাছৰ আক্ৰমণ। ভাইৰাছৰ বহুবোৰ প্ৰকাৰ আছে আৰু তাৰে ১৬,১৮,৩১,৩৩,৪৫ আদিয়ে মুলত: কেন্সাৰ কৰে বুলি প্ৰমাণ হৈছে। এই ভাইৰাছৰ আক্ৰমণৰ সময়ত বেলেগ কোনো লক্ষণ নাথাকে, গতিকে পৰীক্ষা কৰাৰ বাদে আৰু বেলেগ উপায় নাই। তাৰ বাদেও ধঁপাত হোঁপাৰ পৰা আৰম্ভ কৰি গৰ্ভনিৰোধক পিল, বিশেষ এবিধ হৰম’ন ব্যৱহাৰ বা পৰিয়ালত থকা ৰোগীৰ নিকটাত্মীয় মহিলাসকলৰ এনে কেন্সাৰ হোৱা সম্ভাৱনা কিছু অধিক বুলি অধ্যয়নত পোৱা গৈছে। এইখিনিতে কৈ থোৱা ভাল যে পুৰুষৰ ক্ষেত্ৰতো এইবিধ ভাইৰাছে কেন্সাৰ কৰিব পাৰে। এতিয়া পুৰুষ- মহিলা উভয়ৰে বাবে ছিটা আৱিষ্কাৰ হৈছে। তিনি ধৰণৰ ছিটাৰ এবিধ কেৱল ৯-১৪ বয়সৰ ছোৱালীৰ বাবে, দুবিধ ল’ৰা-ছোৱালী উভয়ৰে বাবে।

মাহেকীয়া হৈ নাথাকোতেও ৰক্তক্ষৰণ হোৱা, বেয়া গোন্ধ নিৰ্গত হৈ বগাস্ৰাৱ দেখা দিয়া, তলপেটৰ বিষ আদি কিছুমান অস্বাভাৱিক অৱস্থা হ’ব পাৰে অথবা একো লক্ষণ নহ’বও পাৰে। কিন্তু এই অৱস্থা পাবগৈ যদিহে স্ক্ৰীনিং পৰীক্ষা কৰোৱা নাই। এতিয়া আহো ডিম্বকোষৰ কেন্সাৰ বিষয়টোলৈ। স্তন বা জৰায়ুৰ কেন্সাৰ দৰে আগতে জানিবলৈ উপায় নোহোৱা ইও এক বিধৰ কেন্সাৰ। ৮০ শতাংশই অন্তিম স্তৰত ধৰা পৰে আৰু ফলত আৰোগ্য হোৱা প্ৰায়ে উপায় নোহোৱা হয়। শিশুৰ পৰা বয়োজ্যেষ্ঠ মহিলালৈ ডিম্বকোষত কেন্সাৰ হ’ব পাৰে। ডিম্বকোষ কেন্সাৰৰ ১০-১৫ শতাংশ বংশানুক্ৰমিক কাৰণত আক্ৰান্ত হয় আৰু যাক জেনেটিক পৰীক্ষা কৰি জনা সম্ভৱ। কেৱল কেন্সাৰৰ বাবেই নহয়, নিয়মীয়া স্বাস্থ্যপৰীক্ষা অভ্যাস আমি আটায়ে গঢ়ি তুলিব লাগে।

লেখিকা: ডা: গায়ত্ৰী গগৈ (নন্দিনী)