এদিন হঠাতে চেম্বাৰলৈ আহিল এক সন্তানহীন দম্পতি। কম সময়তে অনুভৱ কৰিলো তেওঁলোকৰ বিষাদভৰা মনোবেদনা । গতানুগতিক ভাৱে আগবঢ়াই দিলে পৰীক্ষা আৰু চিকিৎসাৰ ডাঙৰ ফাইল। চিকিৎসাৰ বাবে মোক প্ৰয়োজনীয় এখন আলট্ৰা চনগ্ৰাফী প্লেট আৰু ৰিপৰ্টত চকু ফুৰালো । মনতে সন্তান সৃষ্টিৰ দায়িত্ব ব্ৰহ্মাক দি মই আৰম্ভ কৰিলো জৰায়ুত হোৱা জটিল ৰোগৰ চিকিৎসা। তলত দুটা আলট্ৰা চনগ্ৰাফী ৰিপৰ্ট আছে। এটা আগৰ আৰু এটা ৪/৮/২০১৮ তাৰিখৰ। তুলনমূলক উপশম তলত উল্লেখ কৰিলো।
(১) চিকিৎসা আৰম্ভ কৰাৰ সময়ত মহিলা গৰাকীৰ জৰায়ু লিপিত খাই লাগি আছিল। ইয়াক কোৱা হয় Pelvic Adhesion , বিভিন্ন শাৰীৰিক ৰোগ আৰু জৰায়ুত সংক্ৰমণ হ'লে এই ৰোগ হয় বাবে গৰ্ভৱতী হ'ব নোৱাৰে। এই ৰোগ হ'লে অস্ত্ৰোপচাৰ কৰি জৰায়ুটো উঠাই দিবলগীয়া হয়। আয়ুৰ্বেদিক চিকিৎসাত এতিয়া লিপিত খোৱা জৰায়ুটো সম্পূৰ্ণ মুক্ত হৈছে।
(২) দ্বিতীয়তে, মহিলা গৰাকীৰ চাৰ্ভিক্সত ১০×৯ মিলি মিটাৰ এটা পলিপ্চ (Endocervical polyps) আছিল আৰু আয়ুৰ্বেদিক চিকিৎসাত বিনা অস্ত্ৰোপচাৰে সম্পূৰ্ণ বিলুপ্ত হ'ল।
(৩) তৃতীয়তে, মহিলা গৰাকীৰ দুয়োটা ডিম্বাশয়ত চিষ্ট আছিল আৰু আয়ুৰ্বেদিক চিকিৎসাৰ ফলত চিষ্ট যথেষ্ঠ সৰু হৈছে। আগতে সোফালৰ ভিম্বাশয়ৰ আকাৰ আছিল ৫৫×৩৫ মিলি মিটাৰ আৰু বৰ্তমান ৪০×২৫ , সেইদৰে বাওঁ ডিম্বাশয়ৰ আকাৰ আছিল ৫৮×৩৮ মিলি মিটাৰ আৰু বৰ্তমান ৪৫×৩৩ মিলি মিটাৰ।
লিপিত খোৱা জৰায়ু পুনৰ মুক্ত হোৱা, চাৰ্ভিক্স চিষ্ট সম্পূৰ্ণ ভাল হোৱা আৰু ডিম্বাশয় চিষ্ট ভাল হোৱা অভিজ্ঞতাই ভৱিষ্যতে হেজাৰ গৰাকী সন্তানহীন মাতৃক উপকৃত কৰিব পাৰিম।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ