পুৰুষ অথবা নাৰীৰ সকলো বয়সৰ লোকৰে প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ সাধাৰণতে হোৱা এটি যন্ত্ৰণাদায়ক বিসংগতি।

৯৫ শতাংশ ৰোগীৰ ক্ষেত্ৰতে এই ৰোগ ‘ই-কলাই’ নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণে হয়। প্ৰস্ৰাৱ নলীৰ সংক্ৰমণৰ ঘটনা নাৰীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। তাৰ কাৰণ হ’ল- নাৰীৰ শৰীৰৰ গঠনগত পাৰ্থক্য।

নাৰীৰ গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত প্ৰস্ৰাৱ নলীত বেক্ট্ৰিয়াৰ সংক্ৰমণৰ ঘটনা বেছিকৈ হোৱা দেখা যায়। এই সংক্ৰমণৰ ফলত তলত উল্লেখ কৰা অস্বাভাৱিকতা বা জটিলতাই দেখা দিয়ে-

১)ভ্ৰূণৰ বৃদ্ধি প্ৰক্ৰিয়া ব্যাহত হয়।

২)জন্ম হোৱা শিশুটিৰ দৈহিক ওজন কম হয়।

৩)অপৈণত অৱস্থাতে প্ৰসৱ হ’ব পাৰে।

৪)কিডনিত তীব্ৰ সংক্ৰমণ(পায়েল’নেফ্ৰাইটিছ)।

সেয়ে গৰ্ভধাৰণ কৰা প্ৰতিগৰাকী মহিলাই বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰীক্ষা গৰ্ভধাৰণৰ প্ৰথম তিনি মাহতে কৰাব লাগে আৰু লগে লগে চিকিৎসাও কৰাব লাগে।

৭ ৰ পৰা ১৪ দিনৰ ঔষধ সেৱনৰ পৰামৰ্শ দিয়া হয়। যদি এই সংক্ৰমণ পুনৰ ধৰা পৰে, তেনেহ’লে পুনৰ ইয়াৰ চিকিৎসা কৰোৱা দৰকাৰ হ’ব পাৰে।

প্ৰস্ৰাৱ নলীৰ সংক্ৰমণৰ কেইটিমান সাধাৰণ লক্ষণ:

প্ৰস্ৰাৱ নলীৰ সংক্ৰমণৰ কোনো লক্ষণ দেখা পোৱা নেযায় যদিও তলত দিয়া ধৰণৰ কিছু লক্ষণ প্ৰকাশ পায়:

১)প্ৰস্ৰাৱ কৰাৰ প্ৰচণ্ড প্ৰৱণতাই দেখা দিয়ে।

২)প্ৰস্ৰাৱ কৰোতে জলা-পোৰা অনুভৱ হয়।

৩)সঘনাই কম পৰিমাণে প্ৰস্ৰাৱ হৈ থাকে।

৪)প্ৰস্ৰাৱ ঘোলা বা ধোঁৱা বৰণীয়া হয়।

৫)প্ৰস্ৰৱৰ ৰং কেতিয়াবা ৰঙা, উজ্বল গুলপীয়া বা ৰঙচুৱা পানীয়ৰ দৰে হ’ব পাৰে। এইবিলাক প্ৰস্ৰাৱত তেজ মিহলি থকাৰ লক্ষণ।

৬)প্ৰচণ্ড দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱ হয়।

৭)মহিলাৰ ক্ষেত্ৰত শ্ৰোণী মণ্ডলৰ বিষ থাকে। বিশেষভাৱে শ্ৰোণী মণ্ডলৰ সোঁমাজত আৰু শ্ৰোণী অস্থিৰ চাৰিওফালে এই বিষ থাকে।

প্ৰস্ৰাৱ নলীৰ সংক্ৰমণৰ ক্ষতিৰ আশংকাৰ কাৰকবোৰ:

বিশেষভাৱে মহিলাৰ প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ আশংকাৰ কাৰকবোৰ এনেধৰণৰ:

১)নাৰীৰ শৰীৰৰ গঠন বৈশিষ্ট্য:

এগৰাকী মহিলাৰ পুৰুষতকৈ নাতিদৈৰ্ঘ প্ৰস্ৰাৱ নলী আৰু ইয়াৰ ফলত বেক্টেৰিয়াই মূত্ৰস্থলী পাবলৈ কম দূৰত্ব অতিক্ৰম কৰিব লাগে।

২)যৌন সক্ৰিয়তা:

যৌন সক্ৰিয় মহিলাসকলে যৌন সক্ৰিয়তা নথকা মহিলাতকৈ প্ৰস্ৰাৱ নলীৰ সংক্ৰমণত বেছিকৈ ভোগে। নতুন যৌগ সংগীৰ সংস্পৰ্শতো সংক্ৰমণৰ আশংকা বৃদ্ধি হ’ব পাৰে।

৩)ৰজোনিবৃত্তি:

এষ্ট্ৰোজেন হৰমোন সঞ্চালন কমি গ’লে প্ৰস্ৰাৱ তন্ত্ৰৰ কিছু পৰিৱৰ্তন সাধন হয় আৰু পৰিৱৰ্তনৰ ফলতো সংক্ৰমণ সুচল কৰি তুলিব পাৰে।

অন্য আশংকাৰ কাৰকবিলাক:

১)প্ৰস্ৰাৱতন্ত্ৰৰ অস্বাভাৱিকতা।

২)প্ৰস্ৰাৱ নলীত থকা বাধাবিলাক:

কিডনিৰ পাথৰ বা বৃদ্ধি পোৱা প্ৰোষ্টেট গ্ৰন্থিয়ে মূত্ৰস্থলীত প্ৰস্ৰাৱ আৱদ্ধ কৰি ৰাখিব পাৰে আৰু তাৰ ফলতো বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

৩)ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষম হ’লে:

ডায়েবেটিছ আৰু অন্যান্য ৰোগে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অকামিলা কৰি পেলায় আৰু তাৰ ফলতো প্ৰস্ৰাৱ তন্ত্ৰৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

৪)কেথেটাৰৰ ব্যৱহাৰ:

যিসকল ৰোগীয়ে নিজে প্ৰস্ৰাৱ কৰিব নোৱাৰে আৰু প্ৰস্ৰাৱ কৰাৰ কাৰণে এডাল নলী(কেথেটাৰ) ব্যৱহাৰ কৰে, তেনে ৰোগীৰো সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

এনে ধৰণৰ ৰোগীৰ ভিতৰত আছে হস্পিতালত ভৰ্তি হৈ থকা ৰোগী, স্নায়বিক সমস্যাত ভোগা ৰোগী- যিসকলে প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা বা সক্ষমতা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে আৰু পক্ষাঘাতত ভুগি থকা ৰোগী।

প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ প্ৰতিৰোধ-জীৱন শৈলী আৰু ঘৰৰ চিকিৎসা:

১)যথেষ্ট পৰিমাণে তৰল দ্ৰব্য, বিশেষভাৱে পানী খাওক:

পাৰ্যমানে পানী সেৱন(দিনে ৬ ৰ পৰা ৮ গিলাছ) প্ৰস্ৰাৱৰ গাঢ়তা হ্ৰাস কৰে আৰু সঘনাই(প্ৰতি ২-৩ ঘন্টাৰ মূৰে মূৰে) মূত্ৰস্থলী খালী কৰাটো নিশ্চিত কৰে আৰু এই প্ৰক্ৰিয়াই প্ৰস্ৰাৱ নলীৰ পৰা বেক্টেৰিয়া উলিয়াই পঠিয়াব।

এনে ধৰণৰ পানীৰ সহযোগত প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰিলে প্ৰস্ৰাৱত বেক্টেৰিয়াৰ সংখ্যা হ্ৰাস পায়। তাৰোপৰি প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণৰ কাৰক ই-কলাই বেক্টেৰিয়াৰ বৃদ্ধি অতি পাতল প্ৰস্ৰাৱৰ যোগেদি কমাই আনে। ফলস্বৰূপে সংক্ৰমণৰ আশংকাও হ্ৰাস পায়।

২)সন্মুখৰ পৰা পিছ ফাললৈ মচি দিয়ক:

গা ধোৱাৰ পিছত প্ৰস্ৰাৱ আৰু পায়খানা কৰিলে গুহ্যদ্বাৰ মণ্ডলত যোনি গহ্বৰ আৰু মূত্ৰস্থলীলৈ বেক্টেৰিয়াৰ সংক্ৰমণ আৰু বিস্তৃতি বাধা দিয়াত সহায়ক হয়।

৩)ক্ৰেণবেৰীৰ ৰস খাওক:

যদিও ক্ৰেণবেৰীৰ ৰসে মূত্ৰতন্ত্ৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰা নকৰা সম্পৰ্কে অধ্যয়ন শেষ হোৱা নাই, তথাপি এই ফলৰ ৰসৰ সেৱন অপকাৰী বুলিও প্ৰমাণিত হোৱা নাই।

৪)সহবাসৰ পিছত তৎকালে মূত্ৰস্থলী খালী কৰক:

মূত্ৰতন্ত্ৰৰ পৰা বেক্টেৰিয়া বাহিৰলৈ উলিয়াই পঠাবলৈ সহবাসৰ ১৫ মিনিটৰ ভিতৰত প্ৰস্ৰাৱ কৰাৰ কাৰণে পূৰা এগিলাছ পানী খাওক। সহবাসৰ আগতে প্ৰস্ৰাৱ কৰাটোও সমানেই উপযোগী।

৫)অস্বস্তিৰ সম্ভাৱনা নথকা মহিলাৰ ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আঁতৰি থাকক:

গাৰ দুৰ্গন্ধ নিৰাময়ক স্প্ৰে’, বা ‘ডুচ’ আৰু জননাংগ অংশত ব্যৱহাৰ কৰা পাউডাৰ আদিয়ে মূত্ৰদ্বাৰত অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।

৬)জন্ম নিয়ন্ত্ৰণ পদ্ধতি সলনি কৰক:

ডায়াফ্ৰাম বা পিচল আৱৰণবিহীন বা শুক্ৰাণুনাশক ঔষধযুক্ত কণ্ডোম আদিয়ে বেক্টেৰিয়াৰ বংশবৃদ্ধিত সহযোগ কৰে।

৭)আপুনি যেতিয়াই অনুভৱ কৰে প্ৰস্ৰাৱ কৰক।

৮)মূত্ৰতন্ত্ৰ সুস্থ কৰি ৰাখিবৰ কাৰণে ভিটামিন ‘চি’ সেৱন কৰক।

৯)ভাল গুণবিশিষ্ট প্ৰোবায়’টিক আৰু কিন্বণকৃত খাদ্য খাওক।

১০)নাৰিকলৰ পানী প্ৰাকৃতিক মূত্ৰবৰ্ধক দ্ৰব্য। ই প্ৰস্ৰাৱ তন্ত্ৰৰ পৰা বেক্টেৰিয়া নিৰ্গমন কৰাত সহায় কৰে।

এইবিলাক প্ৰতিৰোধ ব্যৱস্থাৰ লগতে চিকিৎসকৰ পৰামৰ্শ দিয়া ঔষধ আদি প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণ নিৰাময় আৰু মুক্ত কৰাৰ বাবে প্ৰয়োজনীয়।

লেখক: শ্যামন্ত হালৈ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)