গৰ্ভৱতী অৱস্থাত হৃদযন্ত্ৰৰ পৰিবৰ্তন -

গৰ্ভধাৰণ কৰাৰ লগে লগে মহিলাগৰাকীৰ শৰীৰৰ পৰিবহণকাৰী নলিকাবোৰত নানা পৰিবৰ্তনে দেখা দিয়ে । গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰত তেজৰ পনীয়া অংশৰ পৰিমাণ ৩০-৩৫% বৃদ্ধি পায় । গতিকে সেই অনুপাতে হৃদযন্ত্ৰই এটা ধপধপনিত প্ৰায় ৩০-৫০% অতিৰিক্ত তেজ পাম্প কৰিবলগীয়া হয় । সেয়েহে মহিলাগৰাকীৰ হৃদস্পন্দনৰ হাৰ ১০-২০% বৃদ্ধি হয় আৰু সাধাৰণতে ৰক্তচাপ (বিশেষকৈ ডায়েষ্টলিক ৰক্তচাপ) প্ৰায় ১০ মি:মি: হ্ৰাস পায় । যিকোনো মহিলাই এই পৰিবৰ্তনবোৰৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব বা সামান্য শ্বাস-প্ৰশ্বাসৰ অসুবিধা হ’ব পাৰে । বুকুৰ ধপধপনি বৃদ্ধি হ’ব পাৰে বা ভৰিও ফুলিব পাৰে ।

গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ সম্ভাৱনা -

গৰ্ভৱতী অৱস্থাত দুটা কাৰণত মানুহৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে । গৰ্ভধাৰণৰ পূৰ্বে যিসকল মহিলাই উচ্চ ৰক্তচাপত ভোগে তেওঁলোকৰ ক্ষেত্ৰত ৰক্তচাপ পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে । যাক ‘ক্ৰনিক হাইপাৰটেনছন’ বুলি কোৱা হয় । আকৌ কিছুমান মহিলাৰ গৰ্ভধাৰণৰ ২০ সপ্তাহ পিচতহে উচ্চ ৰক্তচাপে দেখা দিয়ে । ইয়াক ‘প্ৰেগনেন্সি ইনছিউডে হাইপাৰটেনছন’ বুলি কোৱা হয় । দুয়োটা ক্ষেত্ৰতে ৰক্তচাপ ১৪০/৯০ তকৈ বেছি হ’লেহে বা আগতকৈ ৩০/১৫ মি:মি: বৃদ্ধি হ’লেহে ঔষধ ব্যৱহাৰ কৰিব লাগে ।

উচ্চ ৰক্তচাপত কৰণীয় -

গৰ্ভৱতী অৱস্থাত উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে দৰব ব্যৱহাৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে । কাৰণ কিছুমান দৰবে হ’ব লগা সন্তানৰ শাৰীৰিক বা মানসিক বিকৃতি ঘটাব পাৰে । বিশেষকৈ প্ৰথম তিনি মাহত দৰব ব্যৱহাৰত যথেষ্ট সাৱধান হ’ব লাগে । অৱশ্যে লেবিটেলোল, আলফা, ডোপা, হাইড্ৰালাজিন আৰু নিফেডেপিন আদি দৰব ব্যৱহাৰ কৰিলে সন্তানৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে যদিও চিকিৎসকৰ পৰামৰ্শ লৈহে এনে দৰব ব্যৱহাৰ কৰিব লাগে । কিন্তু ৰক্তচাপ খুব বেছি বৃদ্ধি হ’লে ইনজেকচনেৰে দৰব ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে ।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ নোহোৱাত অসুবিধা -

গৰ্ভৱতী অৱস্থাত ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকিলে মাক আৰু সন্তান দুয়োজনৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকে । সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশৰ গতি স্তিমিত হ’ব পাৰে বা খুব বেছিকৈ ৰক্তচাপ বাঢ়িলে সময়ৰ আগতে গৰ্ভপাত হ’ব পাৰে । আনহাতে মাকৰ উশাহ লোৱাৰ অসুবিধা, ভাগৰ লগা, হৃদস্পন্দন বৃদ্ধি হোৱা ‘হাৰ্টফেইলৰ’ আদিও হ’ব পাৰে । মাকৰ প্ৰস্ৰাৱত কেতিয়াবা ‘প্ৰ’টিন’ নিৰ্গত হ’ব পাৰে আৰু কেতিয়াবা ‘মৃগী’ বেমাৰীৰ নিচিনা লক্ষণে দেখা দিব পাৰে । ইয়াকো ক্ৰমে ‘প্ৰি এক্সোমচিয়া’ আৰু এক্লোমচিয়া বুলি কোৱা হয় ।

উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ সম্ভাৱনা -

প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হোৱা, মাকৰ বা নিজৰ ভনীয়েকৰ এনেকুৱা হোৱাৰ বুৰঞ্জী থাকিলে ২০ বছৰৰ আগত বা ৪০ বছৰৰ পিচত গৰ্ভধাৰণ কৰিলে, একাধিক ভ্ৰূণ থাকিলে, পৰিয়ালত উচ্চ ৰক্তচাপৰ বুৰঞ্জী থাকিলে মহিলাগৰাকীৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে ।

গৰ্ভাৱস্থাত দেখা দিয়া আন সমস্যা -

উচ্চ ৰক্তচাপৰ উপৰি গৰ্ভৱতী অৱস্থাত ‘কাৰ্ডিয়মায়োপেথি’’মায়োকাৰ্ডাইছিছ’ ভালভৰ বেমাৰ, জন্মগত ছিদ্ৰৰ পৰা লক্ষণ আদিয়ে দেখা দিয়ে । কিছুমান মানুহৰ যদি আগতীয়াকৈ মাইট্ৰেল ভালভ বা এওৰটিক ভালভ সংকুচিত হৈ থাকে, তেনেক্ষেত্ৰত গৰ্ভৱতী অৱস্থাত সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে । জন্মগতভাৱে খুব জটিল বেমাৰ থকা মহিলাসকলে গৰ্ভধাৰণ কৰা উচিত নহয় ।

পেৰী পাৰ্টাম কাৰ্ডিঅ’মায়োপেথি কি ?

গৰ্ভৱতী মহিলাৰ ৮-৯ মাহৰ পৰা বা সন্তান প্ৰসৱ হোৱাৰ ৫ মাহমানৰ ভিতৰত এই ৰোগে দেখা দিব পাৰে । এনেক্ষেত্ৰত ৰোগীজনৰ হৃদযন্ত্ৰত পাম্পিং ক্ষমতা যথেষ্ট পৰিমাণে হ্ৰাস পায় । ফলত ৰোগীগৰাকীৰ শ্বাস-প্ৰশ্বাসৰ অসুবিধাই দেখা দিয়ে । উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে এই বেমাৰৰ লক্ষণবোৰ সম্পূৰ্ণ নিৰ্মূল হয় আৰু পাম্পিং ক্ষমতা বৃদ্ধি হয় । অৱশ্যে পৰৱৰ্তী কালত পুনৰ গৰ্ভধাৰণ কৰিলে এই ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে ।

কৃত্ৰিম ভালভ সংযোজিত মহিলাই ল’বলগীয়া সাৱধানতা -

কৃত্ৰিম ভালভ থকা মহিলাসকলে গৰ্ভধাৰণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । যদিহে কোনো মহিলাৰ ধাতুৰে নিৰ্মিত অৰ্থাৎ মেটালিক ভালভ লগোৱা আছে তেনে ক্ষেত্ৰত তেজ পাতল কৰা ‘এচিট্ৰম’ নামৰ মেচিনবিধ গোটেই জীৱন ব্যৱহাৰ কৰিব লাগে । তেনেক্ষেত্ৰত মহিলাই গৰ্ভধাৰণ কৰিলে এই দৰববিধে গৰ্ভৰ শিশুৰ শাৰীৰিক বা মানসিক বিকৃতি ঘটাব পাৰে । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি বেলেগ দৰব ব্যৱহাৰ কৰিব লাগে । লগতে সন্তান জন্মৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে ।

গৰ্ভৱতী অৱস্থাত হৃদযন্ত্ৰৰ বেমাৰ ধৰা পেলোৱাৰ পৰীক্ষা -

গৰ্ভৱতী অৱস্থাত হৃদযন্ত্ৰৰ বেমাৰ হোৱা যেন সন্দেহ উপজিলে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ই চি জি আৰু ইকোকাৰ্ডিঅ’গ্ৰাফী কৰাব লাগে । ইক’কাৰ্ডিঅ’গ্ৰাফীৰ দ্বাৰা প্ৰায়ভাগ বেমাৰ সহজতে ধৰা পেলাব পাৰি আৰু এই পৰীক্ষাৰ দ্বাৰা সম্ভাব্য সন্তানৰ কোনো ক্ষতি নহয় । যিকোনো কাৰণতে বুকুৰ এক্সৰে বা চিটি স্কেন কৰাব নালাগে । কাৰণ ইয়াৰ বিকিৰণৰ ফলত সন্তানৰ জন্মগত বিসংগতিয়ে দেখা দিব পাৰে ।

লেখক :- ডা: বিপ্লৱ পাল

উৎস :- দেওবৰীয়া সম্ভাৰ