বৰ্ষা ঋতু অহাৰ লগে লগে ছাল আৰু চুলিৰ লগতে উফিৰ বিভিন্ন সমস্যাবোৰেও দেখা দিয়ে। মূৰৰ ছালখনত উফি হোৱাৰ কাৰণো আছে। সেয়া হ’ল- ফাংগাছ আৰু ছালৰ খজুৱতি। আচলতে মূৰৰ ছালত মালাছেজিয়া নামৰ ভেঁকুৰ এবিধ সংক্ৰমণৰ ফলত খুজুৱতিৰ লগতে উফিৰ সৃষ্টি হয়। জানিবলৈ পোৱা গৈছে যে উফিৰ সমস্যা গৰমকালি বেছিকৈ হোৱা দেখা যায়। ইয়াৰ কাৰন হ’ল- উষ্ণতা বেছি হ’লে উফি সৃষ্টিকাৰী ভেঁকুৰবোৰে সোনকালে গঠন হয়। বাৰিষাৰ সেমেকা বতৰ- এই ভেঁকুৰ সৃষ্টি হোৱাৰ আটাইতকৈ উপযুক্ত বতৰ। এই ভেঁকুৰৰ বৃদ্ধিৰ লগে লগে উফি, খজুৱতিৰ সমস্যাও বৃদ্ধি হয়। গতিকে বৰ্ষা ঋতুৱে হওক বা আন বতৰেই হওক মূৰৰ ছালত হোৱা উফিৰ সমস্যাৰ সমাধানৰ লগতে আপোনাৰ চুলিকোছাৰ সুন্দৰভাৱে যত্ন ল’ব পৰাকৈ কেইটিমান উপায় বা টিপছ উল্লেখ কৰা হ’ল- বিভিন্ন কাৰণত হোৱা উফিৰ বাবে: শুকান উফিৰ সমস্যা হ’লে মূৰ ধোৱাৰ আগতে চুলিত তেলেৰে মালিচ কৰিব লাগে। মালিচ কৰাৰ ফলত তেজ চলাচল বৃদ্ধি পায় আৰু ই উফিৰ নিৰাময়ত সহায় কৰিব পাৰে। মূৰত নেমুৰ ৰস ঘঁহাটোও ফলদায়ক। সপ্তাহত তিনিদিন পুৰণি দৈৰে মূৰটো মালিচ কৰক। ইয়াক আধাঘণ্টা ৰাখি পিছত শ্বেম্পু কৰি দিয়ক। বাদামজাতীয় খাদ্য চকলেট, ভজা-পোৰা খাদ্য নাখাব। তাৰ পৰিৱৰ্তে সেউজীয়া শাক-পাচলি, মুৰ্গী মাংস, গাখীৰ আদি খাওক। লগতে ভিটামিন এ, ই আৰু বি কমপ্লেক্সযুক্ত আহাৰ খাওক। ব্ৰাহ্মী তেলেৰে মূৰ মালিচ কৰিলেও উফি নিয়ন্ত্ৰণ কৰিব পাৰি। তৈলাক্ত চুলিৰ উফিৰ বাবে - গোলাপজল দুটোপাল নেমুৰ তেলৰ সৈতে সমান পৰিমাণৰ চাইডাৰ ভিনেগাৰ বা মল্ট ভিনেগাৰ যোগ কৰক আৰু মূৰৰ ছালত লাহে লাহে মালিচ কৰক। ইয়াৰ গোটেই ৰাতিটো ৰখাৰ পিছদিনা ৰাতিপুৱা কোমল শ্বেম্পুৰে ধুই দিব। দুচামুচ মেথীগুটি তিয়াই ৰাখক। ৰাতিপুৱা মেথীখিনি বটি দুটোপাল নেমু মিহলাই মূৰত লগাওক। এঘণ্টাৰ পিছতে হাৰ্বেল শ্বেম্পুৰে ধুই দিয়ক। এয়া সপ্তাহত এবাৰ কৰিব। এমগ পানীত দুই টেবুল চামুচ মল্ট ভিনেগাৰ আৰু দুটোপাল ৰ’জমেৰী দিয়ক। শ্বেম্পু কৰা হোৱাৰ পিছত এই পানীখিনি মূৰত ঢালক। পিচত টাৱেলেৰে মচি চুলিখিনি শুকাওক। শুকান চুলিৰ উফিৰ বাবে - এক চাহচামুচ গৰম কেষ্টৰ অইল, এক চাহচামুচ নাৰিকল তেল, এক চাহচামুচ তিল, তেল আৰু দুটোপাল দেৱদাৰু গছৰ তেল মিহলি কৰি মূৰত মালিচ কৰক। আধাঘণ্টা ৰাখি পিছত শ্বেম্পু কৰক। সপ্তাহত দুদিন কৰক। পাঁচ টেবুল চামুচ দৈ ভালকৈ ফেটি লওক। ইয়াত দুটোপাল দেৱদাৰু তেল আৰু দুই চামুচ বটি লোৱা মগু যোগ কৰক আৰু মূৰত লগাই ১০ মিনিটৰ বাবে ৰাখক। ইয়াৰ পিছত ক্ৰীমযুক্ত শ্বেম্পুৰে ধুই দিয়ক। সপ্তাহত এবাৰহে কৰিব। এনেদৰে কৰাৰ ফলত দেখিব যে আপোনাৰ চুলিকোছা উজ্জ্বল (চিকচিকীয়া) হোৱাৰ লগতে দেখিবলৈও সুন্দৰ হৈ পৰিছে। লেখিকা: ৰঞ্জুশ্ৰী বৰ্মন, (নন্দিনী)