গাটো অনবৰতে ইছাট-বিছাট লাগি থকা। শৰীৰত কেতবোৰ সমস্যাই দেখা দিয়ে- দৃষ্টিশক্তি অস্পষ্ট হৈ পৰে, কষ্টদায়ক প্ৰস্ৰাৱ হোৱা মূৰ, ডিঙি পিঠিফালে বিষ হোৱা, অজীৰ্ণ, মাংসপেশী টানি ধৰা। অনবৰতে বিষণ্ণতাই আগুৰি ধৰা। মনলৈ আত্মহত্যা বা নিজে কোনো দুৰ্ঘটনাগ্ৰস্ত হোৱা- এনে ধৰণৰ চিন্তা হোৱা। টোপনি নহা নতুবা আহিলেও সাৰ পাই যোৱা। নানা ধৰণৰ দুশ্চিন্তাই মনটো জুৰুলা কৰি পেলোৱা। কোনো কথাতে আনন্দ নলগা, হাঁহিবলৈ মন নোযোৱা হৈ অহা। জৈৱিক প্ৰেৰণা কমি অহা। নিজৰ চিন্তা শক্তিৰ স্থিৰতা নোহোৱা। কেতিয়াবা একেৰাহে ভোক নলগা, কেতিয়াবা অসময়ত কিবা কিবি খাই থাকিবলৈ মন যোৱা। কোনো কামতে মন নবহা। কথা পাতিবলৈ, ফুৰিবলৈ মন নোযোৱা। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰিতু গগৈ।