নিয়মিতভাৱে যোগাসন কৰিলে মনৰ পৰা হতাশা ভাব আতঁৰাব পাৰি। নিজৰ ভাল লগা কিতাপ, টিভি, ৰেডিঅ’ৰ অনুষ্ঠান আদি মন দি চাবলৈ যত্ন কৰক। সেইবোৰৰ মাজত হেৰাই যোৱাৰ প্ৰয়াস কৰিলে হতাশাক নিয়ন্ত্ৰণ কৰিব পাৰি। নি:সংগতাক বেছিকৈ প্ৰাধান্য দিলে হতাশাৰ জন্ম হয়। লগতে বিচ্ছিন্নত বোধেও হতাশাৰ সৃষ্টি হোৱাৰ অৰিহণা যোগায়। পৰাপক্ষত নি:সংগতা আৰু বিছিন্নতাবোধৰ পৰা নিজক আতঁৰাই ৰখাৰ চেষ্টা কৰিব লাগে। অন্যথাই শাৰীৰিক মালিচেও হতাশা দূৰ কৰিব পাৰে। সতেজ শাক-পাচলি, পানী খোৱা, সুনিদ্ৰা আৰু শাৰীৰিক ব্যায়াম- জগিং কৰা, সাতোঁৰা, চাইকেল চলোৱা আদিৰ জৰিয়তে হতাশা কমাব পাৰি। হতাশাত ভোগা চিন্তাবোৰক লৈ যদি যোগাত্মক দিশৰ কথা ভবা হয় তেন্তে হতাশা বহু পৰিমাণে কমিব। নিজৰ আবেগিক সমস্যাবোৰৰ বিষয়ে ভাল লগা নতুবা ভাল বন্ধুজনৰ সৈতে আলোচনা কৰক। এই আলোচনাই হতাশা কমোৱাত সহায়ক হ’ব। এজন অভিজ্ঞ হোমিঅ’পেথিক চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিও হতাশা কমোৱাৰ উপায় উলিয়াব পৰা যায়। হোমিঅ’পেথিক চিকিৎসকৰ দ্বাৰা হতাশাক নিয়ন্ত্ৰণ কৰিব পৰা যায়। নিজৰ কল্পনা শক্তিৰ জৰিয়তেও হতাশাক মনৰ মজাৰ পৰা আতৰাই ৰাখিব পাৰি। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।