স্বাভাৱিকতে শিশুসকলৰ মন-মস্তিস্ক বৰ কোমল তথা স্পৰ্শকাতঁৰ। শিশু মন এটুকুৰা কুমলীয়া বাঁহৰ দৰে। যিফালেই ইচ্ছা সেই ফালেই ভাঁজ দি মন:পুত আকাৰ দিব পৰা যায়; কিয়নো ভূমিস্থ হোৱাৰে পৰা এক ডেৰ বা দুবছৰলৈকে শিশুৰ মন-মগজু সক্ৰিয় অৱস্থাত নাথাকে কাৰণে সিহঁতৰ নিজস্ব ধ্যান-ধাৰণাও নাথাকে। গতিকে ঘৰখনত অভিভাৱক অথবা জ্যেষ্ঠসকলে যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰে, সেই পৰিৱেশকে অনুসৰণ কৰিবলৈ লয় আৰু তেনেদৰেই তাৰ মানসিক বিকাশ আৰম্ভ হয়। অৱশ্যে এই কথা ঠিক যে প্ৰতিজন শিশুৰে বিকাশৰ ক্ষেত্ৰত পাৰ্থক্য আছে। কোনোটিৰ লেহেম গতিত আৰু কোনোটিৰ বিকাশ হয় তীব্ৰগতিত। সি যিয়েই নহওক, বিকাশৰ এই কালছোৱাত পিতৃ-মাতৃসকলে শিশুটিক অনুশাসনবদ্ধ কৰা অতি প্ৰয়োজন। পিছে অনুশাসন মানি চলিবলৈ বাধ্য কৰোৱাৰ সময়ত অভিভাৱকসকলে মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা হৈছে, শিশুটিয়ে কোনো বস্তুৰ অভাৱত হীনমন্যতাত ভুগিছে নেকি অথবা তাৰ চেহেৰাত তেনে কিবা লক্ষণ প্ৰকাশ পাইছে নেকি, যাৰ অভাৱত সি অবাটে যোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিব পাৰে। গতিকে আহক- শিশু-মনৰ অস্থিৰতা তথা অবাটে যোৱা শিশুৰ আচৰণসমূহ কেনে ধৰণৰ হ’ব পাৰে, সেই বিষয়ে জানি লওঁ। প্ৰথম অৱস্থাত আপোনাৰ সন্তানটি পঢ়া-শুনাত যথেষ্ট ভাল আছিল। কিন্তু লাহে লাহে তাৰ অধ্যয়নৰ প্ৰতি স্পৃহা কমি আহিব ধৰিছে। সি আপোনাক দেখা মাত্ৰকে কিতাপ-পত্ৰ, স্কুলবেগ সামৰি থ’ব বিচাৰে। দিনটোৰ বেছিভাগ সময় সি ঘৰতকৈ বাহিৰত থাকিবলৈ ভাল হয়। আপোনাৰ সন্তানে আগেয়ে কু-সংগৰ প্ৰভাৱৰ পৰা আঁতৰি ফুৰিছিল। কিন্তু এতিয়া তেওঁলোকৰ সংগতহে আত্মীয়তা গঢ়ি তুলিছে। সন্তানটিয়ে টিভি চোৱাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব বিচাৰিছে। লুকাই-চুৰকৈ হ’লেও টিভি চায় আৰু অভিভাৱকৰ উপস্থিতিৰ উমান পালেই ছুইছটো বন্ধ কৰি থৈ আতঁৰি যায়। শিষ্টাচাৰ পাহৰি সি আজিকালি অশ্লীল শব্দ তথা গালি-শপনি বৰ্ষণ কৰিব ধৰিছে। পকেট খৰছ বাঢ়িছে। নিচাযুক্ত দ্ৰব্য সেৱনৰ অভ্যাস গঢ়ি উঠিছে অথবা তাৰ চোলাৰ জেপৰ পৰা বিড়ি, চিগাৰেট বা ধঁপাত আদিৰ গোন্ধ ভাঁহি আহিছে। সন্তানটি দিনে দিনে উচ্ছৃংশল হৈ পৰিছে, নতুবা ওচৰ-চুবুৰীয়া, বন্ধ-বান্ধৱৰ সৈতে কাজিয়া-পেচাল, মাৰ-পিট কৰাৰ অভিযোগ শুনিবলৈ পাইছে। লক্ষ্যণীয় দিশ পঢ়া-শুনাত আগ্ৰহী ল’ৰা এজনৰ যদি হঠাৎ অধ্যয়নৰ প্ৰতি অনীহা জন্মে, ইয়াৰ অৰ্থ এইটো হ’ব পাৰে যে সি মানসিকভাৱে অন্য কোনো বিষয় বা বস্তুৰ প্ৰতি অধিক আসক্ত হৈছে। তেনে পৰিস্থিতিত পিতৃ-মাতৃসকলে সময়ৰ শৰ সময়ত মাৰিব জানিলে অৰ্থাৎ তাৰ মনক অৱস্থাক নিয়ন্ত্ৰণত আনিব পাৰিলে ভৱিষ্যতৰ বাট নিষ্কন্টক হৈ পৰে। কিন্তু ইয়াৰ বিপৰীতে অভিভাৱকৰ সামান্য অৱহেলাৰ হেতু ল’ৰাজনে এটা অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হ’ব পাৰে। সেয়েহে মাতৃ হিচাপে বিশেষভাৱে তাৰ পাঠ্যপুথি আৰু স্কুলৰ মোনাটোৰ ওপৰত কাঢ়া নজৰ ৰখা উচিত; কাৰণ বহু সময়ত শিশুসকলে পাঠ্যপুথিসমূহৰ আঁৰত লুকুৱাই অশ্লীল সাহিত্যৰ সোৱাদ লোৱা দেখা যায়। ইয়াৰ পৰিণামস্বৰূপে প্ৰকৃত জ্ঞান আয়ত্ত কৰাত ব্যাঘাত জন্মে আৰু অশ্লীল গ্ৰন্থৰ অধ্যয়নৰ ফলত সি অনাৱশ্যক উত্তেজনাৰ বশৱৰ্তী হ’ব পাৰে, যাৰ প্ৰতিকূল প্ৰভাৱে তাৰ শাৰিৰীক অৱস্থাও বিঘ্নিত কৰিব পাৰে। যেতিয়া শিশুৱে ঘৰৰ তুলনাত বাহ্যিক পৰিৱেশত অধিক সময় অতিবাহিত কৰিবলৈ মন কৰে, তেতিয়া সিনো সেই সময়ত কি কৰে, ক’লৈ যায়, কি চায়, কাৰ স’তে কথা-বতৰা হয়, এনেবোৰ বিষয়ৰ প্ৰতি লক্ষ্য ৰখা প্ৰয়োজন; কাৰণ ঘৰৰ চাৰিবেৰ পাৰ হোৱাৰ পাছত বাহিৰৰ পৃথিৱীখনত হয়তো এনে এগৰাকী শুভাকাংক্ষী পোৱা নাযায়, যিয়ে শিশুটিক সৎ পথে বাট বুলিবলৈ অনুপ্ৰেৰণা যোগাব। সেয়েহে সদায় নিজৰ সন্তানৰ ওপৰত দৃষ্টি ৰাখিব লাগে। যিসকল শিশুৱে একাধিক বন্ধুৰ সৈতে বন্ধুত্ব গঢ়ে, তেনে শিশুৰ আচাৰ-ব্যৱহাৰ, চাল-চলনৰ দিশত নজৰ ৰখা ভাল এই কাৰণেই যে ভিন্ন ৰুচিসম্পন্ন শিশুৰ সংগ লাভ কৰি কোনো সময়ত তাৰ মনলৈও নিত্য-নতুন পৰিৱৰ্তন ৰচনাত্মক নে বিনাশাত্মক তাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা উচিত। অতি মাত্ৰাত টিভি চাবলৈ হেঁপাহ কৰাটোও শিশুৰ বাবে হানিকাৰক হ’ব পাৰে। তদুপৰি স্কুললৈ অহা-যোৱা কৰা শিশুটিক পকেট খৰচ সিমানখিনিহে দিব লাগে, যাৰ সহায়ত সি নিজৰ মৌলিক তথা অত্যাৱশ্যকীয় অভাৱখিনি মাথোন পূৰণ কৰিব পাৰে। অসীমিত পকেট খৰচ পোৱাৰ ফলত সেইখিনি ব্যয় কৰাৰ হেতু সি কোনো হানিকাৰক বস্তুলৈ হাত মেলিব, যাৰ ফলত তাৰ নৈতিক স্খলন হ’ব পাৰে। গতিকে সময় থাকোতেই অবাটে যোৱা শিশুটিক সৎ পথে ঘূৰাই আনি তাক এনে এটি পৰিৱেশ গঢ়ি দিবলৈ পিতৃ-মাতৃসকল যত্নপৰ হ’ব লাগে, যাৰ প্ৰভাৱত তাৰ এটা সুনিৰ্দিষ্ট কেৰিয়াৰ গঢ় লৈ উঠে আৰু ভৱিষ্যতৰ জীৱন-বাটত সফলতাই তাৰ চৰণ চুব পাৰে। এষাৰ কথা সদায় মনত ৰাখিব- এটি আদৰ্শৱান শিশু এটি পৰিয়াল, এখন সমাজ তথা এখন দেশৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক হ’ব পাৰে। লগতে তেনে শিশুৰ বাবে অভিভাৱক হিচাপে আপুনিও গৌৰৱ অনুভৱ কৰিব পাৰে। লেখিকা: ৰীণা দেৱী, অসম বাণী।